Posts

জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান সমূহ Solution। AHSEC Class 12 Political Science Book Part-B Chapter 1 Textual Question Answers | Class 12 Political Science Book Part-B Chapter 1 (Challenges of Nation Building) Solutions | জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান সমূহ প্ৰথম অধ্যায় পাঠভিত্তিক প্ৰশ্ন উত্তৰ | Challenges of Nation Building Chapter 1 Textual Question Answers|

 Introduction-"২০২৭ চনৰ ফাইনেল পৰীক্ষাৰ বাবে Political Science Part-B (ৰাজনীতি বিজ্ঞান খ- অংশ) ৰ এই জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান সমূহ (Chapter 1) নামৰ পাঠটো অতি দৰকাৰী। ইয়াৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তলত দিয়া হ'ল।"


Chapter-1

জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ


প্ৰশ্ন উত্তৰ সমূহ

১। দেশৰ বিভাজনৰ বাবে তলত দিয়া কোনটো ভাষ্য ভুল:-

(ক) ভাত বিভাজন দ্বিজাতি তত্ত্বৰ ফল আছিল।

(খ) পাঞ্জাৱ আৰু বংগদেশক ধর্মৰ ভিত্তিত বিভক্ত কৰা হৈছিল।

(গ) পূ পাকিস্তান আৰু পশ্চিম পাকিস্তান সংলগ্ন হৈ থকা নাছিল।

(ঘ) দেশ বিভাজনৰ আঁচনিত জনসাধাৰণক দেশান্তৰ কৰাৰ এখন আঁচনি অন্তর্ভুক্ত কৰা হৈছিল।

উত্তৰ-


২। তলত দিয়া নীতিসমূহৰ সৈতে ঘটনাসমূহ সংযুক্ত কৰা:

(ক) ধৰ্মৰ ভিত্তিত সীমা নির্ধাৰণ

(ক) ভাত আৰু বাংলাদেশ

 

(খ) ভাষাৰ ওপৰত ভিত্তি কৰি সীমা নির্ধা

(খ) ভাত আৰু পাকিস্তান।

 

(গ) ভৌগোলিক অৱস্থিতিৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰৰ ভিতৰতে সীমা নির্ধাৰণ কৰা।

(গ) ঝাৰখণ্ড আৰু ছত্তিগড়

 

() ৰাজনৈতিক আৰু প্রশাসনীয় ভিত্তিত ৰাষ্ট্রৰ ভিতৰতে পৃথক সীমা নির্ধাৰণ কৰা

(ঘ) হিমাচল প্রদেশ আৰু উত্তৰাখণ্ড।

 

উত্তৰ-

 

৩। ৰাজ্যসমূহৰ নক্সাসহ বর্তমান ভাৰতৰ ৰাজনৈতিক মানচিত্রখন অংকন কৰি তলত দিয়া দেশীয় ৰাজ্যসমূহৰ অবিস্থিতি দেখুওৱা:

(ক) জুনাগড়,

(খ) মণিপুৰ,

(গ) মহীশু

(ঘ) গোৱালিয়ৰ

উত্তৰ-

 

৪। তলত দুটা ভাষ্য আছে:

বিস্ময়: "দেশীয় ৰাজ্যসমূহ ভাৰতৰ সৈতে চামিল হোৱাৰ লগে লগে গণতান্ত্রিক ব্যস্থা এই ৰাজ্যসমূহলৈ সম্প্ৰসাৰিত হয়।

ইন্দাৰপ্ৰীতঃ "মই বিষয়টোত একমত নহয়। কা, দেশীয় বাজ্যসমূহক ভাৰতৰ লগত চামিলকৰণৰ ক্ষেত্রত শক্তি প্রয়োগ কৰা হৈছিল। গণতন্ত্র স্থাপন কৰা সম্ভব কেবল সহমতৰ যোগেদিহে।" দেশীয় ৰাজ্যসমূহ চামিলকৰণৰ প্রক্রিয়া তথা এই বিষয়ত দেশীয় ৰাজ্যসমূহৰ জনগণৰ প্ৰতিক্রিয়া সন্দৰ্ভত তোমাৰ মতামত কি?

উত্তৰ-

 

৫। নেহৰুৱে ভাবতক ধর্মনিপেক্ষ ৰাষ্ট্র হিচাপে প্রতিষ্ঠা কৰিবলৈ কি কি যুক্তি আগবঢ়াইছিল? এই যুক্তিসমূহ কেৱল নৈতিক আৰু আৱেগসর্বস্ব আছিল বুলি তুমি ভাবানে? নে এই যুক্তিসমূহত কিছু বিজ্ঞতাও আছিল?

উত্তৰ-

 

৬। স্বাধীনতাৰ সময়ত ভাৰতৰ পূৱ আৰু পশ্চিম অঞ্চলত জাতি গঠন প্রক্রিয়াই সম্মুখীন হোৱা দুটা মূল পার্থক্য নির্ণয় কৰা।

উত্তৰ- স্বাধীনতাৰ সময়ত ভাৰতৰ পূৱ আৰু পশ্চিম অঞ্চলত জাতি গঠন প্ৰক্ৰিয়াই সন্মুখীন হোৱা  দুটা মূল পাৰ্থক্য হ’লঃ

(১)  পূৱ অঞ্চল (বংগ) আৰু পশ্চিম অঞ্চল (পঞ্জাৱ) এই দুই প্ৰদেশে মুছলমান ধৰ্মৰ লোকৰ সংখ্যাগৰিষ্ঠ প্ৰান্তৰ লগত সংযুক্ত হ’ব লগা হৈছিল।  সেয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে নতুন ৰাষ্ট্ৰ পাকিস্তানে দুই প্ৰদেশ চামিল কৰিব , সেয়া হ’ল পূৱ আৰু পশ্চিম পাকিস্তান।

(২) ভাৰতৰ পূব আৰু পশ্চিম দুই ফালৰ সীমান্তত সংখ্যালঘু সকলক কেন্দ্ৰ কৰি সমস্যাৰ সৃষ্টি হৈছিল। লাখ লাখ হিন্দু আৰু শিখ লোক পাকিস্তানৰ অঞ্চলসমূহত আৰু পঞ্জাৱ আৰু বংগৰ ভাৰতৰ ফালৰ অংশত মুছলমানসকল আৱদ্ধ হৈ পৰিছিল য’ত তেওঁলোকৰ ঘৰ-সম্পত্তি এৰাৰ বাদে বেলেগ একো উপায় বা গত্যন্তৰ নাছিল।

 

৭। ৰাজ্য পুনৰগঠনত আয়োগৰ কাৰ্য কি আছিল? ইয়াৰ মুখ্য পৰামৰ্শটো কি আছিল?

উত্তৰ- ৰাজ্য পুনৰ গঠন আয়োগৰ  কাৰ্য আছিল ৰাজ্য পুনৰ গঠন বিষয়টো তথা পৰ্যালোচনা কৰা আৰু ৰাজ্যসমূহৰ চাৰিসীমা নিৰ্ধাৰণৰ প্ৰশ্ন তথা বিষয়সমূহ চোৱাচিতা কৰা।  

       এই আয়োগৰ মূল পৰামৰ্শটো আছিল যে ৰাজ্যৰ চাৰিসীমাসমূহ ভাষাৰ ভিত্তিত পুনৰ নিৰ্ধাৰণ হোৱা উচিত বা  চাৰিসীমাবোৰে ভিন্ন ভাষাৰ চাৰিসীমাক প্ৰতিফলিত কৰাটো উচিত।

 

৮। জাতি বুলিলে বহুলাংশে এক 'কল্পনাপ্রসূত সম্প্রদায়'ক বুজায়- যি এক সামুহিক ইতিহাস, বিশ্বাস তথা বাজনৈতিক আশা-আকাংক্ষাৰ দ্বাৰা ঐক্যবদ্ধ হৈ থাকে। ভাৰতক জাতি হিচাপে প্রতিষ্ঠা কৰা বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰ-

 

৯। বস্তুনিষ্ঠ প্রশ্নালী:

(ক) কোন চনত ৰাজ্য পুনৰ গঠন আয়োগ কাৰ্যকাৰী কৰা হৈছিল?

উত্তৰ- ১৯৫৬ চনত ৰাজ্য পুনৰ গঠন আয়োগ কাৰ্যকৰী কৰা হৈছিল।


(খ) গোষ্ঠীনিৰপেক্ষ নীতিৰ জন্মদাতা কোন আছিল?

উত্তৰ- গোষ্ঠীনিৰপেক্ষ নীতিৰ জন্মদাতা আছিল পণ্ডিত জৱাহৰলাল নেহৰু।


(গ) পণ্ডিত নেহৰুৰ লক্ষ্য কি আছিল?

উত্তৰ- পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰধান লক্ষ্য আছিল এখন আধুনিক, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষ গঢ়ি তোলা।

 

(ঘ) ভাতে কেতিয়া স্বাধীনতা লাভ কৰিছিল?

উত্তৰ- ১৯৪৭চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰিছিল।

 

(ঙ) কোন চনৰ কোন মাহত ভাৰতক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল।

 উত্তৰ- ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল

 

(চ) কোনটো সংবিধানৰ অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰা হৈছিল।

উত্তৰ- ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল।

 

(ছ) কোন চনৰ কোন মাহত জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ সৈতে চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল?

উত্তৰ- ১৯৪৭ চনৰ ২৬ অক্টোবৰত জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ সৈতে চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল।

 

(জ) কোনখন দেশীয় ৰাজ্যই পোন প্রথম সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নির্বাচন অনুষ্ঠিত কৰিছিল?

উত্তৰ- মনিপুৰৰ দেশীয় ৰাজ্যই পোন প্রথম সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নির্বাচন অনুষ্ঠিত কৰিছিল

 

(ঝ) ১৯৪৭ চনত ভাৰত বিভাজনৰ আঁৰত থকা তত্ত্বটো কি আছিল? এইটো কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ- ১৯৪৭ চনত ভাৰত বিভাজনৰ আঁৰত থকা তত্ত্বটো আছিল- "দ্বি-জাতি" তত্ত্ব।

এই তত্ত্বটো উদ্ভাৱন কৰিছিল মুছলীম লীগৰ নেতা- মহম্মদ আলী জিন্নাই।


 (ঞ) সংবিধান সমিতিৰ সভাপতি কোন আছিল?

উত্তৰ- ৰাজেন্দ্ৰ প্ৰসাদ।

 

(ট) সংবিধান সমিতিৰ খচৰা সমিতিৰ সভাপতিজনৰ নাম লিখা।

উত্তৰ- সংবিধান সমিতিৰ খচৰা সমিতিৰ সভাপতিজনৰ নাম হৈছে- ভীমৰাও আম্বেদকাৰ।

 

(ঠ) ৰাজ্য পুনৰগঠন আইন কেতিয়া গ্রহণ কৰা হৈছিল। (উঃ মাঃ ২০১৬)

উত্তৰ- ৰাজ্য পুনৰগঠন আইন ১৯৫৬ চনত গ্রহণ কৰা হৈছিল

 

(ড) সংবিধান পৰিষদৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ কোন আছিল? (উঃ মাঃ ২০২০)

উত্তৰ-  সংবিধান পৰিষদৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ আছিল- ভীমৰাও আম্বেদকা

 

১০। শুদ্ধ নে অশুদ্ধ লিখা:

 (ক) স্বাধীন ভাৰতৰ প্ৰথমজন প্রধানমন্ত্রী আছিল চৰ্দাৰ বল্লভ ভাই পেটেল।

উত্তৰ- অশুদ্ধ।

 

(খ) ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল।

উত্তৰ- শুদ্ধ।

 

(গ) ১৯৪৭ চনৰ ১৪-১৫ আগষ্টৰ মাজনিশা জৱাহৰলাল নেহৰুৱে সংবিধান মহাসভাএখন বৈঠক আহবান কৰিছিল।

উত্তৰ- শুদ্ধ।

 (ঘ) স্বাধীনতাৰ পিছত চর্দা বল্লভ ভাই পেটেল ভাতৰ প্রথমজন উপ-প্রধানমন্ত্রী আৰু গৃহমন্ত্রী আছিল।

উত্তৰ- শুদ্ধ।

 

(ঙ) ৰাজ্য পুনগঠন আইনে ১৪ খন বাজ্য আৰু ৬ খন কেন্দ্রীয় শাসিত অঞ্চলৰ সৃষ্টি কৰিছিল

উত্তৰ- শুদ্ধ।

 

(চ) ১৯৫২ চনত অনুষ্ঠিত প্রথম সাধাৰণ নির্বাচনৰ সময়ত ১৪টা বাষ্ট্ৰীয় ৰাজনৈতিক দল আছিল(উঃ মাঃ ২০১৩)

উত্তৰ- শুদ্ধ।

 

(ছ) ভাৰতত বহুদলীয় ব্যবস্থা আছে। (উঃ মাঃ ২০১৩)

উত্তৰ- শুদ্ধ।

 

১১। খালী ঠাই পূৰ কৰা:

(ক) জনপ্রিয় আন্দোলনৰ পিছত ১৯৬০ চনত মহাৰাষ্ট্ৰ আৰু গুজৰাট সৃষ্টি কৰা হৈছিল।

উত্তৰ- গুজৰাট।

 

(খ) ১৯৭২ চনৰ ২১ জানুৱাৰী পৰা মেঘালয়ক ৰাজ্য হিচাপে ঘোষিত কৰা হৈছিল।

উত্তৰ- ২১ জানুৱাৰী।


১২। চমু প্রশ্নঃ

(ক) দেশ বিভাজনে ক্ষতিগ্রস্ত কৰা ৰাজ্য দুখনৰ নাম লিখা।

উত্তৰ- ক) পাঞ্জাৱ , খ) বংগ (পশ্চিমবংগ)

 

(খ) দেশ বিভাজনৰ সময়ত কোন দুখন ৰাজ্য ভাগ কৰা হৈছিল?

উত্তৰ- ক) পাঞ্জাৱ , খ) বংগ (পশ্চিমবংগ)

 

(গ) জাতীয় আন্দোলনৰ নেতাসকলে ধর্মনিপেক্ষ নীতি অলম্বন কৰিছিল। ইয়াৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰ- জাতীয় আন্দোলনৰ নেতাসকলে ধর্মনিপেক্ষ নীতি অলম্বন কৰিছিল। ইয়াৰ দুটা কাৰণ তলত উল্লেখ কৰা-

ক) জাতীয় আন্দোলনৰ নেতাসকলে ধৰ্মনিৰপেক্ষ নীতি অৱলম্বন কৰাৰ এটা কাৰণ হ- ভাৰতত প্ৰায় সকলো ধৰ্মৰ লোকে বসবাস কৰিছিল। সেয়েহে জাতীয় আন্দোলনৰ নেতাসকলে ভাবিছিল যে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিলে অন্য ধৰ্মাৱলম্ৱী লোকসকল ভাৰত বিৰোধী হয় পৰিব।

খ) জাতীয় আন্দোলনৰ নেতাসকলে ধৰ্মনিৰপেক্ষ নীতি অৱলম্বন কৰাৰ আন এটা কাৰণ হ- তেওঁলোকে দেশবিভাজনৰ সময়ত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ ভয়াৱহতা প্ৰত্যক্ষ কৰিছিল। সেয়ে ভৱিষ্যতে যাতে তেনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ধৰ্মনিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল।

 

(ঘ) ৰাজ্য পুনৰগঠন আয়োগৰ দুটা প্রধান পৰামৰ্শ উল্লেখ কৰা।

উত্তৰ- ৰাজ্য পুনৰগঠন আয়োগৰ দুটা প্রধান পৰামৰ্শ তলত উল্লেখ কৰা-

            ক) ৰাজ্য পুনৰ গঠন আয়োগৰ প্ৰধান পৰামৰ্শ আছিল ৰাজ্যৰ চাৰিসীমাসমূহ পুনৰগঠন কৰা

            খ) ৰাজ্য পুনৰ গঠন আয়োগে ১৪খন ৰাজ্য আৰু ৬খন কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ পৰামৰ্শ আগবঢ়াইছিল।

 

(ঙ) কিমানখন ৰাজ্য আৰু কিমানখন কেন্দ্রীয়শাসিত অঞ্চল গঠনৰ পৰামর্শ ৰাজ্য পুনগঠন আয়োগে আগবঢ়াইছিল?

উত্তৰ- ১৪খন ৰাজ্য আৰু ৬খন কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ পৰামৰ্শ ৰাজ্য পুনৰ গঠন আয়োগে আগবঢ়াইছিল।

 

(চ) এসময়ত কেন্দ্রীয় শাসিত অঞ্চল আৰু বৰ্তমান ৰাজ্যৰ মৰ্যাদা পোৱা দুখন ৰাজ্যৰ নাম লিখা।

উত্তৰ- অৰুণাচল প্ৰদেশ আৰু মিজোৰাম।

 

(ছ) জম্মু আৰু কাশ্মীৰৰ ৰজাজনৰ নাম কি আছিল?

উত্তৰ- হৰি সিং।

 

(জ) দেশ বিভাজনৰ সময়ত সাম্প্রদায়িক মণ্ডলত বিভক্ত হোৱা দুখন চহৰৰ নাম লিখা। (উঃ মাঃ ২০১২)

উত্তৰ- (ক) লাহোৰ, (খ)অমৃতসৰ আৰু (গ) লাহোৰ।

 

(ঝ) স্বাধীনতাৰ পূৰ্বে মুছলীম লীগে 'দ্বি-জাতি তত্ত্ব'ৰ পোষকতা কৰিছিল। এই তত্ত্বত অন্তর্ভুক্ত কৰা ৰাষ্ট্ৰদুখন কি আছিল? (উঃ মাঃ ২০১৪)

উত্তৰ-  ভাৰত আৰু পাকিস্তান।

 

১৩। চমুটোকা:

(ক) জাতি গঠন প্রক্রিয়াটো আলোচনা কৰা।

উত্তৰ- প্ৰথম অধ্যায় 'জাতি গঠনৰ প্ৰত্যাহ্বান' (Challenges of Nation Building) অনুসৰি, ১৯৪৭ চনত স্বাধীনতা লাভৰ পাছত ভাৰতৰ বাবে জাতি গঠনৰ প্ৰক্ৰিয়াটো অতি কঠিন আছিল। পাঠ্যপুথিৰ আধাৰত ইয়াৰ মূল দিশসমূহ তলত দিয়া হল:

১. তিনিটা প্ৰধান প্ৰত্যাহ্বান:

·         একতা আৰু সংহতি: ভাৰতৰ দৰে বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ (বিভিন্ন ভাষা, ধৰ্ম, সংস্কৃতি) দেশ এখনক একগোট কৰি ৰখা।

·         গণতন্ত্ৰ প্ৰতিষ্ঠা: কেৱল সংবিধান লিখাই নহয়, বৰঞ্চ গণতান্ত্ৰিক নীতি-নিয়মসমূহ বাস্তৱত প্ৰয়োগ কৰা।

·         সামগ্ৰিক উন্নয়ন: কোনো এটা বিশেষ শ্ৰেণীৰ নহয়, বৰঞ্চ সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰা।

২. দেশীয় ৰাজ্যসমূহৰ বিলিকৰণ:
জাতি গঠনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল ৫৬৫ খন স্বায়ত্বশাসিত দেশীয় ৰাজ্যক (Princely States) ভাৰতীয় সংঘত অন্তৰ্ভুক্ত কৰা। চৰ্দাৰ বল্লভভাই পেটেলৰ নেতৃত্বত এই জটিল কামটো সম্পন্ন হৈছিল।

 

৩. ৰাজ্য পুনৰ গঠন:
কেৱল ভৌগোলিক সীমা নিৰ্ধাৰণ কৰাই নহয়, দেশৰ ভিতৰত ভাষিক ভিত্তিত ৰাজ্যসমূহৰ সীমা নিৰ্ধাৰণ কৰাটোও জাতি গঠনৰ এক অংশ আছিল। ১৯৫৬ চনৰ 'ৰাজ্য পুনৰ গঠন আইন'ৰ জৰিয়তে ভাষিক আধাৰত ৰাজ্য সৃষ্টি কৰি জনসাধাৰণৰ আশা-আকাংক্ষাক সন্মান জনোৱা হৈছিল।

 

৪. বিভাজনৰ প্ৰত্যাহ্বান:
ধৰ্মৰ ভিত্তিত হোৱা দেশ বিভাজনে (ভাৰত আৰু পাকিস্তান) যি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছিল, তাৰ মাজতে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ভাৰতক গঢ়ি তোলাটোৱেই আছিল জাতি গঠনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা।

 

 

(খ) জাতি গঠনৰ যিকোনো চাৰিটা কাৰক ব্যাখ্যা কৰা।

উত্তৰ- জাতি গঠন প্ৰক্ৰিয়াটো শক্তিশালী কৰা চাৰিটা গুৰুত্বপূৰ্ণ কাৰক বা উপাদান হল:-

১. উমৈহতীয়া ইতিহাস আৰু সংস্কৃতি: এটা জাতি গঠনৰ বাবে জনসাধাৰণৰ মাজত একে ধৰণৰ ঐতিহাসিক পটভূমি আৰু সাংস্কৃতিক ঐক্য থকাটো প্ৰয়োজনীয়। ভাৰতৰ দৰে দেশত স্বাধীনতা সংগ্ৰামৰ উমৈহতীয়া স্মৃতিয়ে বিভিন্ন ধৰ্ম আৰু ভাষাৰ লোকক একগোট কৰাত সহায় কৰিছে।

 

২. ভাষিক সংহতি: ভাষা হৈছে যোগাযোগৰ মূল মাধ্যম। কোনো এখন দেশত যদি এটা বা ততোধিক ভাষাক স্বীকৃতি দিয়া হয় আৰু সেই ভাষাসমূহৰ মাজত সমন্বয় থাকে, তেন্তে জাতি গঠন প্ৰক্ৰিয়া সহজ হয়। ভাৰতত 'ৰাজ্য পুনৰ গঠন আইন'ৰ জৰিয়তে ভাষিক আধাৰত ৰাজ্য সৃষ্টি কৰি এই সংহতি ৰক্ষা কৰা হৈছে।

 

৩. ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰ: জাতি গঠনত ধৰ্মনিৰপেক্ষতাই এক ডাঙৰ ভূমিকা পালন কৰে। বিশেষকৈ ভাৰতৰ দৰে বহু ধৰ্মীয় দেশত সকলো ধৰ্মৰ লোকক সমান অধিকাৰ আৰু মৰ্যাদা প্ৰদান কৰিলেহে একতা বৃদ্ধি পায়লগতে গণতান্ত্ৰিক ব্যৱস্থাই জনসাধাৰণক দেশৰ শাসনত অংশগ্ৰহণৰ সুযোগ দিয়ে।

 

৪. অৰ্থনৈতিক সমতা: দেশৰ সকলো অঞ্চল আৰু শ্ৰেণীৰ লোকৰ মাজত সম্পদৰ সম বিতৰণ আৰু সম উন্নয়ন হলেহে বিভেদ দূৰ হয়। যদি কোনো এটা অঞ্চল অৰ্থনৈতিকভাৱে পিছ পৰি থাকে, তেন্তে সেই অঞ্চলৰ লোকৰ মাজত বিচ্ছিন্নতাবাদী মনোভাৱ গঢ়ি উঠিব পাৰে, যিয়ে জাতি গঠনত বাধা দিয়ে।

 

 

(গ) স্বাধীনতাৰ পাছত হায়দৰাবাদ ৰাজ্য ভাৰত সংঘৰ অংগ হ'ল- আলোচনা কৰা।

উত্তৰ- হায়দৰাবাদ ভাৰতৰ বৃহত্তৰ দেশীয় ৰাজ্য আছিল। দেশীয় ৰাজ্যখনৰ জনসংখ্যা আছিল ৬০ নিযুত। পুৰণি হায়দৰাবাদৰ কিছু অংশ বৰ্তমানৰ মহাৰাষ্ট্ৰ, কর্ণাটক আৰু অন্ধ্রপ্রদেশৰ অন্তর্ভুক্ত হৈ আছে। হায়দৰাবাদৰ জনসংখ্যাৰ ৮৫ শতাংশ হিন্দু আছিল যদিও ইয়াৰ শাসক আৰু উচ্চ সামবিক-অসামৰিক বিষয়াসমূহ মুছলমান সম্প্ৰদায়ৰ আছিল। ৰাজ্য গঠনৰ সময়ত হায়দৰাবাদৰ নিজামে স্পষ্টভাৱে ঘোষণা কৰে যে তেওঁ স্বাধীনভাবে থাকিব। নিজামৰ দৃঢ় স্থিতিয়ে স্বাধীন ভাৰতৰ চৰকাৰখনৰ বাবে যথেষ্ট জটিলতাৰ সৃষ্টি কৰে। অৱশেষত ১৯৪৭ চনৰ নৱেম্বৰ মাহত ভাত বিভক্ত হোৱাৰ পূৰ্বৰ অৱস্থা অপৰিবৰ্তিত ৰখাৰ অর্থে নিজাম আৰু ভাৰত চৰকাৰৰ মাজত এখন স্থিতাস্থা চুক্তি (Standstill Agreement) সম্পাদিত হয়। এই চুক্তিমর্মে ভাবত চৰকাৰে এবছৰৰবাবে হায়দৰাবাদৰ বৈদেশিক পৰিক্রমা, প্রতিক্ষা আৰু যোগাযোগ এই তিনিটা বিষয় নিয়ন্ত্রণ কৰাৰ কর্তৃত্ব লাভ কৰে।

নিজামে অৱশ্যে আৰম্ভণিৰ পৰাই এই চুক্তিৰ প্রতি কোনোধৰণৰ সন্মান আৰু আনুগত্য প্ৰদৰ্শন নকৰিলে। ভাৰতৰ সৈতে বন্ধুত্বমূলক সম্পর্ক গঢ়ি তোলাৰ পৰিৰ্তে পাকিস্তানৰ প্রতিহে অধিক মনোযোগ দিয়ে। আনকি নিজামে হায়দৰাবাদত ভাৰতীয় মুদ্ৰাৰ প্ৰচলন বন্ধ কৰাৰ লগতে পাকিস্তানক ২০ কোটি টকাৰ ঋণ প্রদান কৰে। ইতিমধ্যে নিজামৰ বিৰুদ্ধে হায়দবাবাদৰ জনসাধাৰণৰ আন্দোলন ক্ৰমাৎ শক্তিশালী হৈ উঠে। বিশেষকৈ তেলেংগানাৰ কৃষকসকলে নিজামৰ অত্যাচাৰৰ ভুক্তভোগী হৈ তেওঁৰ বিৰুদ্ধে একগোট হৈ থিয় দিয়ে। কৃষকসকলৰ এই আন্দোলনত যথেষ্টসংখ্যক মহিলাই অংশগ্রহণ কৰিছিল। এই সময়ছোৱাত নিজামে মজলিছ-ইতেহাদ-উল-মুছলিমিন নামৰ উগ্র সাম্প্রদায়িকতাবাদী আৰু ভাৰতবিৰোধী সংগঠনৰ নেতা কাছিম ৰাজভিৰ প্ৰৰোচনাত পূৰ্বৰ প্রতিনিধি সভা ভংগ কৰি ৰাজভি আৰু তেওঁৰ অনুগতসকলক লৈ এখন নতুন প্রতিনিধি সভা গঠন কৰে। ৰাজভিৰ নেতৃত্বত উগ্র সাম্প্রদায়িক ৰাজাকাৰচ (Razakar) নামৰ অর্ধসামৰিক বাহিনীয়ে জনসাধাৰণৰ, বিশেষকৈ হিন্দুসকলৰ ওপৰত নিৰ্মম অত্যাচাৰ চলায়। ভাৰত চৰকাৰে হায়দৰাবাদৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ ব্যৱস্থা গ্রহণ কৰে যদিও নিজামৰ মনোভাবৰ পৰিবৰ্তন নহ'ল। বৰং নিজামে ভাবতৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতিহে চলায়।

অৱশেষত ১৯৪৮ চনৰ ১৩ ছেপ্টেম্বৰত ভাৰত চৰকাৰে মেজৰ জেনেৰেল জে এন চৌধুৰীৰ নেতৃত্বত হায়দৰাবাদলৈ ভাৰতীয় সেনা প্ৰেৰণ কৰে। মাত্র দুদিনৰ যুদ্ধত ভাৰতীয় সেনা ১৮ ছেপ্টেম্বৰত হায়দৰাবাদ মহানগৰত প্ৰৱেশ কৰে। নৈছ ছেপ্টেম্বৰত ৰাজভিক বন্দী কৰা হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত হায়দৰাবাদ ভাৰতৰ সৈতে সম্পূর্ণৰূপে চামিল হয়। ১৯৫৬ চনৰ ৰাজ্য পুনৰ গঠন আইন অনুসাৰে হায়দৰাবাদ তিনিভাগত বিভক্ত হৈ অন্ধ্রপ্রদেশ, বোম্বাই আৰু মহীশূৰ সৈতে সংযুক্ত হয়।

 

 

(ঘ) ভাৰত বিভাজনৰ সময়ত সমুখীন হোৱা চাৰিটা সমস্যা আলোচনা কৰা।

উত্তৰ- ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত দেশখনে বিভিন্ন প্ৰত্যাহ্বান আৰু সমস্যাৰ সন্মুখীন হৈছিল। ইয়াৰ ভিতৰত চাৰিটা অন্যতম প্রধান সমস্যা তলত আলোচনা কৰা হ-

1.      শৰণাৰ্থী সমস্যা (Refugee Crisis):
বিভাজনৰ ফলত ধৰ্মীয় পৰিচয়ৰ ভিত্তিত প্ৰায় ১২ৰ পৰা ২০ নিযুত লোকে নিজৰ ঘৰ-দুৱাৰ এৰি সীমা অতিক্ৰম কৰিবলৈ বাধ্য হৈছিল। ভাৰতলৈ অহা লাখ লাখ শৰণাৰ্থীক আশ্ৰয় দিয়া, খাদ্য যোগান ধৰা আৰু তেওঁলোকক পুনৰ সংস্থাপন কৰাটো চৰকাৰৰ বাবে এটা অতি কঠিন আৰু ব্যয়বহুল কাৰ্য হৈ পৰিছিল।

2.      সাম্প্রদায়িক সংঘৰ্ষ আৰু হিংসা:
দেশ বিভাজনৰ ঘোষণাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষত বিশেষকৈ পঞ্জাৱ আৰু বংগত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈছিল। হিন্দু, মুছলমান আৰু শিখসকলৰ মাজত হোৱা এই ধৰ্মীয় সংঘৰ্ষত লাখ লাখ লোকে প্ৰাণ হেৰুৱাইছিল আৰু বহুতো মানুহ জখম হৈছিল। এই অমানৱীয় হিংসা নিয়ন্ত্ৰণ কৰাটো চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল।

3.      সম্পত্তি আৰু সম্পদৰ বিভাজন:
অকল দেশখনৰ মাটিভাগেই নহয়, চৰকাৰী সম্পদ যেনেৰেলৱে, কোষাগাৰ, চৰকাৰী কৰ্মচাৰী আৰু আনকি সামৰিক বাহিনীৰো (ব্ৰিটিছ ইণ্ডিয়ান আৰ্মী, ৰয়েল ইণ্ডিয়ান নেভি আদি) ভাৰত আৰু পাকিস্তানৰ মাজত বিভাজন কৰিবলগীয়া হৈছিল। এই সম্পদসমূহৰ বিতৰণৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত যথেষ্ট মতানৈক্যৰ সৃষ্টি হৈছিল।

4.      দেশীয় ৰাজ্য কেন্দ্ৰিক সমস্যা (Integration of Princely States):
স্বাধীনতাৰ সময়ত ভাৰতত প্ৰায় ৫৬৫ খন সৰু-বৰ দেশীয় ৰাজ্য আছিল। ব্ৰিটিছে এই ৰাজ্যসমূহক ভাৰত বা পাকিস্তানত যোগদান কৰা অথবা স্বাধীন হৈ থকাৰ অধিকাৰ দিছিল। হায়দৰাবাদ, জুনাগড় আৰু কাশ্মীৰৰ দৰে ৰাজ্যসমূহক ভাৰতীয় ইউনিয়নৰ অন্তৰ্ভুক্ত কৰাটো এক জটিল ৰাজনৈতিক আৰু নিৰাপত্তাজনিত সমস্যা হৈ দেখা দিছিল।

ভাৰত বিভাজনৰ সময়ত ভাৰতে এই চাৰিটা সমস্যাৰ সন্মুখীন হৈছিল।

 

(ঙ) স্বাধীনতাৰ পিছৰ ছয়টা দশকত জাতীয় সংহতি গঠনৰ চাৰিটা ব্যৱস্থা আলোচনা কৰা।

উত্তৰ-

 

(চ) দেশীয় ৰাজ্য মণিপুৰ, ভাৰতৰ সৈতে কেনেদৰে চামিল হয়।

উত্তৰ- স্বাধীনতাৰ কিছুদিন পূর্বে মণিপুৰৰ মহাৰাজা বোধচন্দ্র সিঙে ভাৰত চৰকাৰৰ মণিপুৰৰ আভ্যন্তৰীণ স্বতন্ত্রতা অক্ষুণ্ণ ৰখাৰ প্রতিশ্রুতিৰ আধাৰত চৰ্তসম্বলিত চুক্তিত স্বাক্ষৰ কৰে। জনসাধাৰণৰ ক্রমাগত হেঁচাত মহাৰাজাই ১৯৪৮ চন জুন মাহত নির্বাচন অনুষ্ঠিত কৰে। এই নির্বাচনৰ জৰিয়তে মণিপুৰ সাংবিধানিক ৰাজতন্ত্র (Constitutional Monarchy)ত পৰিণত হয়। তাৎপর্যপূর্ণভাবে এই নির্বাচনৰ জৰিয়তে মণিপুৰ প্রাপ্তবয়স্ক ভোটাধিকাৰ নীতিৰ আধাৰত নির্বাচন অনুষ্ঠিত কৰা ভাৰতৰ প্রথম অংশৰূপে পৰিগণিত হয়।

 

মণিপুৰৰ বিধানসভাত মণিপুৰক ভাৰতৰ সৈতে চামিল কৰাৰ বিষয়টোত তীব্ৰ মতানৈক্য ঘটিছিল। ৰাজ্যিক কংগ্ৰেছে ভাৰতৰ সৈতে মণিপুৰৰ সংযুক্তকৰণৰ সমৰ্থন কৰাৰ বিপৰীতে অন্যান্য ৰাজনৈতিক দলসমূহে ইয়াৰ বিৰোধিতা কৰিছিল। ১৯৪৯ চনৰ ছেপ্টেম্বৰ মাহত ভাৰত চৰকাৰে মহাৰাজা বোধচন্দ্র সিঙক চামিলকৰণ চুক্তি (Merger Agreement)ত স্বাক্ষৰকৰোৱাত সফল হয়। মন কৰিবলগীয়া কথাটো হ', এই চুক্তি সম্পাদন কৰাৰ বাবে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত বিধানসভাৰ পৰা কোনোধৰণৰ পৰামৰ্শ বিচৰা নহ'ল। এই কাৰ্যই মণিপুৰত যথেষ্ট খং আৰু অসন্তুষ্টিৰ সৃষ্টি কৰে, যাৰ প্রতিক্রিয়া আজিও অনুভূত হৈ আছে।

 

(ছ) ১৯৫৩ চনত নিযুক্ত কৰা ৰাজ্য পুনৰগঠন আয়োগৰ ফলাফল আলোচনা কৰা।

উত্তৰ- ১৯৫৩ চনৰ ৰাজ্য পুনৰগঠন আয়োগৰ ফলাফলসমূহ তলত আলোচনা কৰা হ'ল:

  • ভাষাগত ভিত্তিত ৰাজ্য গঠন: আয়োগে ভাষাগত আৰু সাংস্কৃতিক ঐক্যক ৰাজ্য পুনৰগঠনৰ মূল ভিত্তি হিচাপে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল, যিয়ে ভাষাৰ ভিত্তিত ৰাজ্যসমূহ পুনৰ গঠন কৰিলে।
  • ৰাজ্য পুনৰগঠন আইন, ১৯৫৬: এই আয়োগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ১৯৫৬ চনত সংসদত ৰাজ্য পুনৰগঠন আইন পাছ কৰা হয়।
  • ১৪খন ৰাজ্য আৰু ৬খন কেন্দ্ৰীয় শাসিত অঞ্চল: এই আইনৰ ফলত ভাৰতৰ পূৰ্বৰ চাৰিটা শ্ৰেণীৰ (A, B, C, D) ৰাজ্য ব্যৱস্থা বিলুপ্ত কৰি ১৪খন ৰাজ্য আৰু ৬খন কেন্দ্ৰীয় শাসিত অঞ্চলত পুনৰ গঠিত কৰা হয়।
  • প্ৰশাসনিক পুনৰ গঠন: ভাষাগত প্ৰশাসনে স্থানীয় শাসন ব্যৱস্থা অধিক ফলপ্ৰসূ আৰু জনমুখী কৰি তুলিলে।
  • জাতীয় সংহতি: ভাষাগত ভিত্তিত ৰাজ্য গঠনৰ ফলত স্থানীয় ভাষা আৰু সংস্কৃতিৰ বিকাশ ঘটিল, যাৰ ফলত দেশৰ জাতীয় সংহতি সুদৃঢ় হ'ল।

     এই সমূহে আছিল ৰাজ্য পুনৰ গঠন আয়োগৰ ফলাফল।


(জ) দেশীয় ৰাজ্য হায়দৰাবাদ ভাৰতৰ সৈতে কেনেদৰে চামিল হয়।

উত্তৰ- হায়দৰাবাদ ভাৰতৰ বৃহত্তৰ দেশীয় ৰাজ্য আছিল। দেশীয় ৰাজ্যখনৰ জনসংখ্যা আছিল ৬০ নিযুত। পুৰণি হায়দৰাবাদৰ কিছু অংশ বৰ্তমানৰ মহাৰাষ্ট্ৰ, কর্ণাটক আৰু অন্ধ্রপ্রদেশৰ অন্তর্ভুক্ত হৈ আছে। হায়দৰাবাদৰ জনসংখ্যাৰ ৮৫ শতাংশ হিন্দু আছিল যদিও ইয়াৰ শাসক আৰু উচ্চ সামবিক-অসামৰিক বিষয়াসমূহ মুছলমান সম্প্ৰদায়ৰ আছিল। ৰাজ্য গঠনৰ সময়ত হায়দৰাবাদৰ নিজামে স্পষ্টভাৱে ঘোষণা কৰে যে তেওঁ স্বাধীনভাবে থাকিব। নিজামৰ দৃঢ় স্থিতিয়ে স্বাধীন ভাৰতৰ চৰকাৰখনৰ বাবে যথেষ্ট জটিলতাৰ সৃষ্টি কৰে। অৱশেষত ১৯৪৭ চনৰ নৱেম্বৰ মাহত ভাত বিভক্ত হোৱাৰ পূৰ্বৰ অৱস্থা অপৰিবৰ্তিত ৰখাৰ অর্থে নিজাম আৰু ভাৰত চৰকাৰৰ মাজত এখন স্থিতাস্থা চুক্তি (Standstill Agreement) সম্পাদিত হয়। এই চুক্তিমর্মে ভাবত চৰকাৰে এবছৰৰবাবে হায়দৰাবাদৰ বৈদেশিক পৰিক্রমা, প্রতিক্ষা আৰু যোগাযোগ এই তিনিটা বিষয় নিয়ন্ত্রণ কৰাৰ কর্তৃত্ব লাভ কৰে।

নিজামে অৱশ্যে আৰম্ভণিৰ পৰাই এই চুক্তিৰ প্রতি কোনোধৰণৰ সন্মান আৰু আনুগত্য প্ৰদৰ্শন নকৰিলে। ভাৰতৰ সৈতে বন্ধুত্বমূলক সম্পর্ক গঢ়ি তোলাৰ পৰিৰ্তে পাকিস্তানৰ প্রতিহে অধিক মনোযোগ দিয়ে। আনকি নিজামে হায়দৰাবাদত ভাৰতীয় মুদ্ৰাৰ প্ৰচলন বন্ধ কৰাৰ লগতে পাকিস্তানক ২০ কোটি টকাৰ ঋণ প্রদান কৰে। ইতিমধ্যে নিজামৰ বিৰুদ্ধে হায়দবাবাদৰ জনসাধাৰণৰ আন্দোলন ক্ৰমাৎ শক্তিশালী হৈ উঠে। বিশেষকৈ তেলেংগানাৰ কৃষকসকলে নিজামৰ অত্যাচাৰৰ ভুক্তভোগী হৈ তেওঁৰ বিৰুদ্ধে একগোট হৈ থিয় দিয়ে। কৃষকসকলৰ এই আন্দোলনত যথেষ্টসংখ্যক মহিলাই অংশগ্রহণ কৰিছিল। এই সময়ছোৱাত নিজামে মজলিছ-ইতেহাদ-উল-মুছলিমিন নামৰ উগ্র সাম্প্রদায়িকতাবাদী আৰু ভাৰতবিৰোধী সংগঠনৰ নেতা কাছিম ৰাজভিৰ প্ৰৰোচনাত পূৰ্বৰ প্রতিনিধি সভা ভংগ কৰি ৰাজভি আৰু তেওঁৰ অনুগতসকলক লৈ এখন নতুন প্রতিনিধি সভা গঠন কৰে। ৰাজভিৰ নেতৃত্বত উগ্র সাম্প্রদায়িক ৰাজাকাৰ (Razakar) নামৰ অর্ধসামৰিক বাহিনীয়ে জনসাধাৰণৰ, বিশেষকৈ হিন্দুসকলৰ ওপৰত নিৰ্মম অত্যাচাৰ চলায়। ভাৰত চৰকাৰে হায়দৰাবাদৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ ব্যৱস্থা গ্রহণ কৰে যদিও নিজামৰ মনোভাবৰ পৰিবৰ্তন নহ'ল। বৰং নিজামে ভাবতৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতিহে চলায়।

অৱশেষত ১৯৪৮ চনৰ ১৩ ছেপ্টেম্বৰত ভাৰত চৰকাৰে মেজৰ জেনেৰেল জে এন চৌধুৰীৰ নেতৃত্বত হায়দৰাবাদলৈ ভাৰতীয় সেনা প্ৰেৰণ কৰে। মাত্র দুদিনৰ যুদ্ধত ভাৰতীয় সেনা ১৮ ছেপ্টেম্বৰত হায়দৰাবাদ মহানগৰত প্ৰৱেশ কৰে। নৈছ ছেপ্টেম্বৰত ৰাজভিক বন্দী কৰা হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত হায়দৰাবাদ ভাৰতৰ সৈতে সম্পূর্ণৰূপে চামিল হয়। ১৯৫৬ চনৰ ৰাজ্য পুনৰ গঠন আইন অনুসাৰে হায়দৰাবাদ তিনিভাগত বিভক্ত হৈ অন্ধ্রপ্রদেশ, বোম্বাই আৰু মহীশূৰ সৈতে সংযুক্ত হয়।

(ঝ) স্বাধীনতাৰ পাছত ভাৰতে তাৎক্ষণিকভাৱে সম্মুখীন হোৱা দুটা প্রত্যাহ্বানৰ বিষয়ে চমুকৈ আলোচনা কৰা। (উঃ মাঃ ২০১২)

 উত্তৰ-

 

(ঞ) ৰাজ্য, পুনৰ গঠন আইন কেতিয়া গ্রহণ কৰা হৈছিল? এই আইন অধীনত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম উল্লেখ কৰা।। (উঃ মাঃ ২০১৩, ২০১৭)

উত্তৰ-

 

(ট) ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা। (উঃ মাঃ ২০১৮)

উত্তৰ-

 

১৪। ৰচনাধর্মী প্রশ্ন:

(ক) ভাৰত বিভাজনৰ সৈতে সম্পর্ক থকা ঘটনাসমূহ আলোচনা কৰা।

উত্তৰ-

 

(খ) ১৯৪৭ চনত হোৱা ভাৰত বিভাজনৰ ফলাফলবিলাক কি কি?

উত্তৰ-

 

(গ) দেশীয় ৰাজ্যসমূহ ভাৰত সংঘৰ চামিলকৰণৰ প্রধান বিৱেচনাসমূহ কি আছিল? এই কার্যত কোনে ঐতিহাসিক ভূমিকা পালন কৰিছিল?

উত্তৰ-

 

(ঘ) ভাৰতৰ সৈতে কাশ্মীৰ চামিলকৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ-

 

(ঙ) ভাৰত চৰকাৰে কাশ্মীৰ সমস্যা সমাধানৰ কাৰণে কেনে গণতান্ত্রিক পন্থা অনুসৰণ কৰিছিল?

উত্তৰ-

 

(চ) ৰাজ্য পুনৰগঠনৰ আয়োগ কি? ইয়াৰ প্রধান পৰামর্শাৱলী কি কি আছিল?

উত্তৰ-

 

(ছ) স্বাধীনতাৰ সময়ত ভাতে জাতি গঠনৰ ফলত সমুখীন হোৱা তিনিটা প্রত্যাহ্বান আলোচনা কৰা। (উঃ মাঃ ২০১৫)

উত্তৰ- স্বাধীনতাৰ সময়ত ভাৰতে তথা ইয়াৰ জাতীয় নেতৃবৰ্গই জাতি গঠনৰ ফলত প্ৰধানকৈ তিনিটা প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছিল । সেই প্ৰত্যাহ্বান কেইটাৰ বিষয়ে তলত আলোচনা কৰা হ’লঃ-

(১) ভাৰতে জাতি গঠনৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰথম প্ৰত্যাহ্বানটো হ’ল ভাৰতবৰ্ষৰ বিশলতা বা আয়তন আৰু বৈচিত্ৰতা। ভাৰত ভৌগোলিক ক্ষেত্ৰৰ পৰা এখন বৃহৎ আয়তনৰ ৰাষ্ট্ৰ। তদুপৰি ৰাষ্ট্ৰখনৰ বৈচিত্ৰতাও অতি আকৰ্ষণীয়, যিহেতু ইয়াত বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী, জাতি আৰু বৰ্ণৰ লোকে বাস কৰে। সেয়ে ৰাষ্ট্ৰখনৰ বৃহৎ ভৌগোলিক আয়তন আৰু বৈচিত্ৰতাই সদ্য স্বাধীনতাপ্ৰাপ্ত ভাৰতবৰ্ষৰ ভৱিষৎ সন্দৰ্ভে সংশয় তথা ভয়ৰ সৃষ্টি কৰিছিল। 

(২) ভাৰতে স্বাধীনতাৰ সময়ত জাতি গঠনৰ ক্ষেত্ৰত সন্মুখীন হোৱা দ্বিতীয়টো প্ৰত্যাহ্বান আছিল ৰাষ্ট্ৰখনত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰা যি আছিল এক অতি কঠিন কাৰ্য। ভাৰতবৰ্ষই স্বাধীনতা লাভৰ পিছত যি সংবিধান প্ৰস্তুত কৰিছিল সেইখন সংবিধানে ভাৰতত গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ বাবে সম্পূৰ্ণ চেষ্টা চলাইছিল। সংবিধানখনে ভাৰতত সংসদীয় চৰকাৰ ব্যৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ ব্যৱস্থা কৰিছিল যাতে ৰাষ্ট্ৰখনৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক প্ৰতিযোগিতাপূৰ্ণ পৰিৱেশৰ সূচনা হয়, যাৰ দ্বাৰা ভাৰতৰ জনগণে যাতে গণতান্ত্ৰিক শিক্ষা অৰ্জন কৰিব পাৰে।

(৩) ভাৰতৰ জাতীয় নেতৃবৰ্গই জাতি গঠনৰ ক্ষেত্ৰত সন্মুখীন হোৱা তৃতীয়টো প্ৰত্যাহ্বান হ’ল ভাৰতবৰ্ষৰ মুষ্টিমেয় জনগণৰ পৰিৱৰ্তে সমগ্ৰ ভাৰতীয় জনগণৰ বিকাশ আৰু কল্যাণ সুনিশ্চিত কৰা। অৱশ্যে এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবৰ বাবে ভাৰতৰ সংবিধানত সমতাৰ নীতি, সামাজিকভাৱে অনগ্ৰসৰ গোষ্ঠী আৰু ধৰ্মীয় তথা সাংস্কৃতিক সম্প্ৰদায়ৰ বাবে বিশেষ সুৰক্ষা আদি বহু ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হয় যাৰ দ্বাৰা সংবিধানে দেশৰ অধিকাংশ জনগণক ন্যায় প্ৰদানৰ চেষ্টা চলাই। তদুপৰি দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিচালনাৰ বাবে আৱশ্যকীয় কল্যাণমূলক লক্ষ্য তথা উদ্দেশ্যসমূহ পূৰণৰ অৰ্থে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিও সংবিধানখনত সন্নিৱিষ্ট কৰা হ’ল।

    এনদৰে সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি আৰু প্ৰত্যাহ্বান নেওচি ভাৰতৰ জাতীয় নেতৃবৰ্গই সংবিধান প্ৰস্তুত তথা জাতি গঠনৰ প্ৰক্ৰিয়াত আগবাঢ়িছিল।

 

(জ) দেশ বিভাজনৰ প্রক্রিয়া আৰু পৰিণাম আলোচনা কৰা।

উত্তৰ-

 

(ঝ) জাতি নিৰ্মাণৰ ক্ষেত্রত নেহৰৰ দৃষ্টিভংগী কি আছিল?

উত্তৰ-

 

(ঞ) স্বাধীনতাৰ সময়ত ভাৰতে গ্রহণ কৰিবলগীয়া হোৱা তিনিটা প্রত্যাহ্বানৰ বিষয়ে বর্ণনা কৰা (উঃ মাঃ ২০১৩)

উত্তৰ-

 

(ট) ভাৰত বিভাজনৰ পৰিণতিসমূহ বিশ্লেষণ কৰা। (উঃ মাঃ ২০১৪)

উত্তৰ-

 

(ঠ) 'দ্বি-জাতি তত্ব' সম্পর্কে চমুকৈ ব্যাখ্যা কৰা(উঃ মাঃ ২০১৬)

উত্তৰ- দ্বি-জাতি তত্ব ১৯৪৭ চনৰ ভাৰত বিভাজনৰ মূল কাৰক আছিল। এই তত্ত্ব মুছলীম লীগৰ নেতা মহম্মদ আলী জিন্নাই আগবঢ়াইছিল। এই তত্ত্ব অনুসৰি মুছলমান আৰু হিন্দু দুটা সম্পূর্ণ সুকীয়া জাতি আৰু সেয়ে মুছলমানসকলৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু সামাজিক অধিকাৰৰসুৰক্ষাৰ বাবে বৃটিছ ভাৰতৰ মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহ সামৰি মুছলমানসকলৰ এক স্বতন্ত্র গৃহভূমি থকা উচিত।

মাউন্টবেটেন আঁচনিৰ জৰিয়তে দ্বি-জাতি তত্ত্ব (Two Nation Theory) আঁচনিয়ে পূর্ণৰূপ ধাৰণ কৰে। ইয়াৰ জৰিয়তে মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহ পাকিস্তানৰ ভৌগোলিক পৰিসীমাৰ অন্তর্ভুক্ত হয়।

বিভাজনৰ বিষয়টো তত্ত্বগত দিশৰ পৰা সহজ যেন ধাৰণা হ'লেও বিভিন্ন কাৰণত এয়া আছিল এক অত্যন্ত কঠিন কার্য। ইয়াৰ মূল কাৰণসমূহ হ'ল-

১। বৃটিছ ভাৰতত এনে কোনো একত্রিত অঞ্চল নাছিল য'ত মুছলমান সংখ্যাগৰিষ্ঠতা আছিল। মুছলমান সম্প্রদায়ৰ লোকসকল ভাৰতৰ পূব আৰু পশ্চিম প্রান্তত কেন্দ্রীভূত হৈ আছিল আৰু এই দুয়োটা অঞ্চলত একত্ৰিত কৰাটো সম্ভ নাছিল।

২। দ্বিতীয়তে সকলোবোৰ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল পাকিস্তানৰ সৈতে চামিল হ'ব বিচৰা নাছিল। উদাহৰণস্বৰূপে উত্তৰ-পশ্চিম সীমান্ত প্রদেশৰ নেতা আৰু 'সীমান্ত গান্ধী' (Frontier Gandhi) নামেৰে পৰিচিত খান আব্দুল গফৰ খানে দ্বি-জাতি তত্ত্বৰ ঘোৰ বিৰোধিতা কৰিছিল।

৩। বৃটিছ ভাৰতৰ মুছলমান সংখ্যাগৰিষ্ঠ প্রদেশ বংগ আৰু পঞ্জাত এনে কিছু বিশাল এলেকা আছিল য'ত অমুছলমান সংখ্যাগৰিষ্ঠতা আছিল। সেয়ে এই দুয়োখন প্রদেশ ধর্মীয় সংখ্যাগৰিষ্ঠতাৰ ওপৰত ভিত্তি কৰি ভাগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। ইয়াৰ ফলস্বৰূপে স্বাধীনতা লাভৰ দিনটোত এই অঞ্চল দুটাৰ জনসাধাৰণে জানিব নোৱাৰিলে তেওঁলোক কোনখন ৰাষ্ট্ৰৰ নাগৰিক। উল্লেখযোগ্য যে এই দুখন প্রদেশৰ বিভাজন ভাৰত বিভাজনৰ সবাতোকৈ গভীৰ যন্ত্রণাময় অনুভ

 

৪। দুয়োখন ৰাষ্ট্ৰৰ সীমান্তবর্তী অঞ্চলৰ 'সংখ্যালঘু সকলক কেন্দ্ৰ কৰি সবাতোকৈ গুৰু সমস্যাটোৰ উদ্ভৱ হৈছিল। এই অঞ্চলসমূহত লাখ লাখ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোক পাকিস্তানৰ চাৰিসীমাৰ ভিতৰত আৰু সমসংখ্যক মুছলমান সম্প্রদায়ৰ লোক পঞ্জা আৰু বংগৰ ভাৰতৰ নিয়ন্ত্রণাধীন অঞ্চলটোত পৰিছিল। বিভাজনৰ সময়ছোৱা আছিল দুয়োটা সীমান্তৰ সংখ্যালঘুসকলৰ বাবে যন্ত্রণাময় আৰু শংকাপূর্ণ সময়।

উত্তৰ-

 

(ড) ভাৰত বিভাজনৰ পৰিণতিসমূহ চমুকৈ বিশ্লেষণ কৰা। (উঃ মাঃ ২০২০)

উত্তৰ-


 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত দ্বাদশ শ্ৰেণীৰ  (Class 12 Political Science Book Part-B) ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ খ-অংশৰ  প্ৰথম অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!



Written By- Ankur Moni Nath



Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)

Post a Comment

Previous Post Next Post