Introduction- (2026) Class 9 Social Science Part-I History Book Chapter 1 Solutions Available| Social Science Book Class 9 Chapter 1 Solutions Assamese Medium| ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন |
Chapter- 1
ভাৰতবৰ্ষলৈ
ইউৰোপীয়সকলৰ আগমন
অনুশীলনী
অতি চমু/চমু উত্তৰৰ প্ৰশ্ন:
১। ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্রথম
পর্তুগীজ নাৱিকজন কোন? তেওঁ
কেতিয়া আৰু ভাৰতৰ ক'ত পোন
প্রথমে উপস্থিত হৈছিল?
Ans: ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্রথম
পর্তুগীজ নাৱিকজন হল- ভাস্ক’-ডা-গামা। তেওঁ ১৪৯৮ চনত আৰু ভাৰতৰ কালিকট বন্দৰত পোন প্রথমে উপস্থিত
হৈছিল।
২। জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমর্থ হোৱা ইংৰাজ নাৱিকজন
কোন আছিল?
Ans: ১৫৮০ খ্ৰীষ্টাব্দত ফান্সিছ ড্ৰেক নামৰ এজন ইংৰাজ নাৱিকে
জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থনৱান হৈছিল।
৩। ভাৰত ভূমিত পোন প্রথমে কোন ইংৰাজ নাৱিকে অনুমতিপত্র লৈ
কেতিয়া প্রৱেশ কৰিছিল?
Ans: ভাৰত ভূমিত পোন প্রথমে জন মিলডেন হল (John
Mildenhall) ইংৰাজ নাৱিকে অনুমতিপত্র লৈ ১৫৯৯
চনত প্রৱেশ কৰিছিল।
8। ইংলিছ
ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া ক'ত গঠন
হৈছিল?
Ans: ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি ১৬০০ খ্ৰীষ্টাব্দত লণ্ডনত গঠন
হৈছিল।
৫। ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা
উদ্দেশ্য লিখা।
Ans: ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য
হল-
ক) বেহা বেপাৰ কৰিবলৈ।
খ) লাহে লাহে ভাৰতৰ থলুৱা শাসকসকলৰ দুৰ্বলতাৰ সুযোগ লৈ
ৰাজনৈতিক ক্ষমতা দখল কৰা।
৬। ইংৰাজৰ প্রথম বাণিজ্য কেন্দ্রটো ভাৰতৰ ক'ত কেতিয়া
স্থাপিত হৈছিল?
Ans: ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ১৬১১ খ্ৰীষ্টাব্দত
গোলকুণ্ডা ৰাজ্য়ত স্থাপিত হৈছিল।
৭। 'ফর্ট
উইলিয়াম' কি?
Ans: ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য
কেন্দ্ৰটোৰ নাম ‘ফৰ্ট উইলিয়াম’ ৰখা হৈছিল।
৮। পৰাধীন ভাৰতৰ ব্রিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত
ভগাব পাৰি সময় উল্লেখ কৰি লিখা।
Ans: পৰাধীন ভাৰতৰ সুদীর্ঘ কালজুৰি ব্রিটিছ শাসনৰ সময়ছোৱাক দুটা
ভাগত ভগাব পাৰি-
ক) প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি ১৮৫৭
খ্রীষ্টাব্দৰ চিপাহী বিদ্রোহলৈকে। আৰু
খ) দ্বিতীয়টো হৈছে ১৮৫৮ খ্রীষ্টাব্দৰ পৰা ১৯৪৭ খ্রীষ্টাব্দত
ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে।
৯। 'ভাৰত
চৰকাৰ আইন' কোনে
কেতিয়া কি উদ্দেশ্যত প্রণয়ন কৰিছিল?
Ans: ১৮৫৮ চনত ব্ৰিটিছ সংসদে এই আইন প্ৰণয়ন কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল ১৮৫৭ চনৰ
চিপাহী বিদ্ৰোহৰ দৰে ঘটনা পুনৰ নহ’বলৈ শাসনভাৰ কোম্পানিৰ হাতৰ পৰা ব্ৰিটিছ
ৰাজমুকুটৰ হাতলৈ নিয়া আৰু ভাৰতত সুস্থ প্ৰশাসন স্থাপন কৰা।
১০। 'ভাৰতীয়
পৰিষদ আইন' কেতিয়া
আৰু কি উদ্দেশ্যত প্রণয়ন কৰা হৈছিল?
Ans: 'ভাৰতীয় পৰিষদ আইন' ১৮৬১ খ্ৰীষ্টাব্দত প্রণয়ন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য় আছিল- আধুনিক প্ৰশাসন
ব্য়ৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া।
চমু/দীঘল উত্তৰৰ প্ৰশ্ন:
১। ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্রচেষ্টা
কেতিয়া সম্পূর্ণ হৈছিল,
তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা।
Ans: ১৬০৮ খ্রীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্রথম জেমচে ভাৰতৰ সৈতে
বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স (Hawkins) নামৰ এজন
ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্রাট জাহাংগীৰলৈ (১৬০৫-১৬২৭) এখন আবেদন-পত্ৰ প্ৰেৰণ
কৰিছিল। হকিন্সে তাপ্তী নদীৰ মোহনাবে চুৰাট বন্দৰত উপস্থিত হৈছিল।
কেপ্টেইন হকিন্সে প্রায় দুই বছৰ কাল মোগল সাম্রাজ্যত থাকি
সম্ৰাটৰ পৰা বেহা-বেপাৰৰ কিছু সা-সুবিধা আদায়ৰ চেষ্টা চলাইছিল। কেপ্টেইন হকিন্সে
আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদন সম্রাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল। ১৬১৫
খ্রীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্রথম জেমছে ছাৰ টমাচ ৰ' (Sir Thomas Roe) নামৰ আন এজন
ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্রেৰণ কৰিছিল। টমাচ ৰ'বে আজমীৰত উপস্থিত হৈ সম্রাটক দেখা কৰিছিল। টমাচ ৰ'বে কোনোধৰণৰ
বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্রাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত
বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি প্রদান কৰিছিল। ইয়াৰ পিছতো ইংৰাজ সদাগৰসকলে ভাৰতৰ
সৈতে বাণিজ্যিক চুক্তি কৰিবৰ প্রচেষ্টা চলাই থাকিল আৰু ভিন ভিন ঠাইত বাণিজ্যক
সম্প্ৰসাৰণ ঘটাবলৈও সক্ষম হৈছিল।
১৭১৫ খ্রীষ্টাব্দত জন ছাৰমানৰ (John Surman) নেতৃত্বত ইংৰাজ
লোকৰ এটা সঁজাতী দলে মোগল সম্রাট ফাকখছিয়াৰক (১৭১৩-১৭১৯) সাক্ষাৎ কৰি পুনৰ
বাণিজ্যিক চুক্তিৰ প্রস্তাৱ আগবঢ়াইছিল। সেই সময়ত সম্রাট ফাৰুখছিয়াৰ কঠিন ৰোগত
ভুগি আছিল। ৰোগাক্রান্ত সম্রাট ফাৰুখছিয়াৰক সঁজাতী দলটোৰ চিকিৎসক ডাঃ
হেমিলটনে (Hamilton) চিকিৎসা
আগবঢ়াই তেওঁৰ ব্যাধি নিৰাময় কৰিছিল। সঁজাতী দলটোৰ প্ৰতি সম্রাটে সদয়ৰ ভাব
দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে তিনিখন ফৰমান -আদায় কৰে আৰু
ইষ্ট ইণ্ডিয়া কোম্পানিয়ে সমগ্ৰ ভাৰতবৰ্ষত নির্বিঘ্নে বেহা-বেপাৰ কৰাৰ ৰাজকীয়
অনুমতি লাভ কৰে। ইয়াৰ লগতে ভাৰতৰ মাটিত কোম্পানিয়ে নিজৰ ভবিষ্যৎ সুদৃঢ় কৰাৰ ফালে
অগ্ৰসৰ হৈছিল।
২। ইষ্ট ইন্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত
বাণিজ্য কেন্দ্র স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পর্কে লিখা।
Ans: ১৬১১ খ্রীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ
কোম্পানিয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্র স্থাপন কৰিছিল। ১৬৩৬ খ্রীষ্টাব্দত
কোম্পানিয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্র মুকলি কৰিছিল। ১৬৩৯ খ্রীষ্টাব্দত
চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্রাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰমাগাঁৱৰ
বাণিজ্য কেন্দ্রটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হৈছিল ফর্ট ছেন্ট জর্জ।
তেতিয়াৰ পৰা বোম্বাই কোম্পানিৰ প্ৰধান কাৰ্যালয়ত পৰিণত
হৈছিল। ১৬৯০ খ্রীষ্টাব্দত জব চার্ণক (Job
Charnock) নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ
যোগেদি বছৰি বাৰশ টকাৰ খাজনাৰ বিনিময়ত কালী ঘাট (কলিকতা), সুতানুটি আৰু
গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ত্ব কোম্পানিয়ে লাভ কৰি ইয়াত এটা
বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। তিনিখন ঠাইৰ সমষ্টিয়েই পিছলৈ কলিকতা নগৰৰ ভেটিলৈ
ৰূপান্তৰিত হৈছিল।
ইষ্ট ইণ্ডিয়া কোম্পানিৰ সাধাৰণ কৰ্মচাৰী ৰবাৰ্ট ক্লাইৱে
ভাৰতত ঔপনিৱেশিক সাম্রাজ্য গঢ়ি তোলাৰ কূটনৈতিক কলা-কৌশল অতি কম দিনৰ ভিতৰতে আয়ত্ত
কৰিবলৈ সক্ষম হৈছিল। ক্লাইবে নিজৰ কোম্পানিৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান
কোম্পানিক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে
দেশীয় ৰজাসকলক কোম্পানিৰ ফলীয়া কৰিবলৈ,
প্রচেষ্টা চলাইছিল। বংগৰ নবাব,
হায়দৰাবাদৰ নিজাম, আৱাধৰ
নবাব, ৰাজপুতনাৰ
ৰজা আদিয়ে কোম্পানিৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কর্তৃত্ব বিসর্জন দিব
লগা হৈছিল।
৩। ভাৰতত ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তোলা
ইষ্ট ইন্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কি
কৌশলেৰে ব্রিটিছ সাম্রাজ্যৰ লাইখুঁটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা।
Ans: ভাৰতত ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তোলা
ইষ্ট ইন্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন হল- ৰবাৰ্ট ক্লাইৱ।
তেওঁ এই কৌশলেৰে ব্রিটিছ সাম্রাজ্যৰ লাইখুঁটা স্থাপন কৰিছিল-
ক) পলাচীৰ যুদ্ধ আৰু কূটনীতি: ১৭৫৭ চনত
পলাচীৰ যুদ্ধত ক্লাইভে বংগৰ নবাব চিৰাজ-উদ-দৌল্লাৰ সেনাপতি মীৰ জাফৰক নিজৰ পক্ষলৈ
আনি এক গোপন ষড়যন্ত্ৰ ৰচনা কৰিছিল। ইয়াৰ ফলত যুদ্ধত নবাবৰ পৰাজয় ঘটে আৰু বংগত
ইংৰাজৰ আধিপত্য আৰম্ভ হয়।
খ) দ্বৈত শাসন ব্যৱস্থা (Dual Government): ১৭৬৫ চনত
ক্লাইভে বংগত 'দ্বৈত
শাসন' প্ৰৱৰ্তন
কৰিছিল। এই ব্যৱস্থাৰ জৰিয়তে কোম্পানীয়ে ৰাজহ সংগ্ৰহৰ ক্ষমতা (দেৱানী) লাভ কৰে, আনহাতে
প্ৰশাসনৰ দায়িত্ব নবাবৰ ওপৰত এৰি দিয়ে। ইয়াৰ ফলত দায়িত্ব অবিহনে কোম্পানীয়ে প্ৰচুৰ
ক্ষমতা আৰু ধন লাভ কৰিছিল।
গ) ইলাহাবাদ সন্ধি আৰু দেৱানী লাভ: বক্সাৰৰ
যুদ্ধৰ পাছত ১৭৬৫ চনত মোগল সম্ৰাট দ্বিতীয় শ্বাহ আলমৰ সৈতে 'ইলাহাবাদ সন্ধি' কৰি ক্লাইভে
বংগ, বিহাৰ
আৰু উৰিষ্যাৰ দেৱানী বা ৰাজহ সংগ্ৰহৰ আইনী অধিকাৰ লাভ কৰে। ই কোম্পানীক এক
শক্তিশালী অর্থনৈতিক ভেটি প্ৰদান কৰিছিল।
ঘ)সামৰিক সংস্কাৰ আৰু সুশাসন: ক্লাইভে
কোম্পানীৰ সৈন্যবাহিনীক এক অনুশাসিত শক্তিলৈ ৰূপান্তৰ কৰিছিল। তেওঁ দুৰ্নীতি বন্ধ
কৰিবলৈ কৰ্মচাৰীসকলৰ ব্যক্তিগত ব্যৱসায় নিষিদ্ধ কৰিছিল আৰু তেওঁলোকৰ দৰমহা বৃদ্ধি
কৰি সামৰিক তথা প্ৰশাসনিক ভেটিটো শক্তিশালী কৰিছিল।
8।
চিপাহী বিদ্রোহ সৃষ্টিৰ কাৰণবোৰ লিখা।
Ans: চিপাহী বিদ্ৰোহ সৃষ্টিৰ চাৰিটা কাৰণ তলত উল্লেখ কৰা হ'লঃ
১) ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশ
সৃষ্টি কৰিছিল।
২) ১৮৩৫ খ্ৰীষ্টাব্দত কোম্পানিৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ
নামটো আঁতৰাই দিয়া হৈছিল।
৩) একে সময়তে ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসনযন্ত্ৰত
ইংৰাজী ভাষা প্ৰচলন কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয়ৰ মনত অশান্তি-অসন্তুষ্টিৰ
পৰিমাণ বাঢ়ি গৈছিল।
৪) লৰ্ড ডেলহাউছীৰ প্ৰতিক্ৰিয়াশীল শাসনে সকলো ধৰ্মাৱলম্বী
ভাৰতীয়ৰ মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিছিল।
৫। চিপাহী বিদ্রোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা।
Ans: চিপাহী বিদ্রোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল হল-
১) ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত: বিদ্ৰোহৰ আটাইতকৈ
গুৰুত্বপূৰ্ণ ফল আছিল ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সমাপ্তি। ১৮৫৮ চনৰ 'ভাৰত চৰকাৰ আইন' (Government of India Act 1858)
অনুসৰি ভাৰতৰ শাসনভাৰ কোম্পানীৰ হাতৰ পৰা পোনপটীয়াকৈ বৃটিছ ৰাজমুকুট বা ব্ৰিটিছ
সংসদৰ হাতলৈ হস্তান্তৰ কৰা হয়।
২) মহাৰাণীৰ ঘোষণা পত্ৰ (১৮৫৮): ব্ৰিটিছ মহাৰাণী
ভিক্টোৰিয়াই এক ঘোষণা পত্ৰৰ জৰিয়তে ভাৰতীয়সকলক আশ্বাস দিছিল যে ইয়াৰ পিছত
থলুৱা ৰজাসকলৰ ৰাজ্য অধিকাৰ কৰা নহ’ব। লগতে ধৰ্মীয় স্বাধীনতা প্ৰদান আৰু
জাতি-বৰ্ণ নিৰ্বিশেষে যোগ্যতাসম্পন্ন ভাৰতীয়ক চৰকাৰী চাকৰিত নিযুক্তিৰ
প্ৰতিশ্ৰুতি দিয়া হৈছিল।
৩) সামৰিক বাহিনীৰ পুনৰ্গঠন: ভৱিষ্যতে যাতে পুনৰ এনে
বিদ্ৰোহ নহয়, তাৰ
বাবে ব্ৰিটিছ চৰকাৰে সামৰিক বাহিনীত আমূল পৰিৱৰ্তন আনিছিল। সৈন্য বাহিনীত ইউৰোপীয়
সৈনিকৰ সংখ্যা বৃদ্ধি কৰা হৈছিল আৰু গোলন্দাজ বাহিনীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগবোৰ
কেৱল ইংৰাজৰ হাতত ৰখা হৈছিল।
৪) জাতীয়তাবাদৰ উন্মেষ: যদিও এই বিদ্ৰোহ সফল হোৱা নাছিল, তথাপিও ই
ভাৰতীয়সকলৰ মনত দেশপ্ৰেম আৰু একতাৰ ভাব জগাই তুলিছিল। চিপাহী বিদ্ৰোহে পৰৱৰ্তী
কালৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ বাবে এক অনুপ্ৰেৰণা হিচাপে কাম কৰিছিল আৰু ইয়াৰ
ফলতেই ভাৰতত আধুনিক জাতীয়তাবাদৰ সূচনা হৈছিল।
৬। 'ভাৰত
চৰকাৰ আইন'ৰ
জৰিয়তে হোৱা চাৰিটা প্রশাসনীয় পৰিবর্তন উল্লেখ কৰা।
Ans:
৭। লর্ড কেনিঙৰ দুটা প্রধান সংস্কাৰৰ বিষয়ে লিখা।
Ans:
৮। 'ভাৰতীয়
পরিষদ আইন'ৰ দুটা
গুণ আৰু দুটা দোষ লিখা।
Ans:
৯। ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা
পৰিৱৰ্তনসমূহ আলোচনা কৰা।
Ans:
১০। অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তর্ভুক্ত হৈছিল? এই সেৱাৰ বিকাশ
সম্পর্কে আলোচনা কৰা।
Ans:
১১। ব্রিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা
সম্পর্কে তিনিটা পার্থক্য উল্লেখ কৰা।
Ans:
মূল সাৰাংশ (Chapter Summary) Click to See...
ইয়াত নৱম শ্ৰেণীৰ (Class 9 History Book) সমাজ বিজ্ঞান পাঠ্যপুথিৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন প্ৰথম অধ্যায়ৰ (Chapter 1) অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।
সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...
প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া SEBA নৱম শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।
প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম।
প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।
সামৰণি (Conclusion) Click to See...
আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!
মূল সাৰাংশ (Chapter Summary) Click to See...
ইয়াত নৱম শ্ৰেণীৰ (Class 9 History Book) সমাজ বিজ্ঞান পাঠ্যপুথিৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন প্ৰথম অধ্যায়ৰ (Chapter 1) অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।
সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...
প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া SEBA নৱম শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।
প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম।
প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।
সামৰণি (Conclusion) Click to See...
আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!
Written By Bhaskar Jyoti Nath
Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey.
Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষা গাইড উপলব্ধ।
আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰে।)
Post a Comment