Posts

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ। Class 9 History Book Chapter 2 Solutions Assamese Medium (2026)| Class 9 History Chapter 2 Q&A |

 Introduction- (2026) Class 9 Social Science Part-I History Book Chapter 2 Solutions Available| Social Science Book Class 9 Chapter 2 Solutions Assamese Medium| ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ|


Chapter- 1
ভাৰতবৰ্ষলৈ  ইউৰোপীয়সকলৰ আগমন

অনুশীলনী


অতি চমু/চমু উত্তৰৰ প্ৰশ্ন:

১। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্রধান) কাৰকটো কি? সময় উল্লেখ কৰি লিখা।

Ans: ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্রধান কাৰকটো হ’ল ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ।

 

২। আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন?

Ans: বঙ্কিম চন্দ্ৰ চট্টোপাধ্য়ায় হল আনন্দমঠ উপন্য়াসৰ ৰচয়িতা।

 

৩। 'স্য়াৰে জাহাছে আচ্ছা......' গীতৰ গীতিকাৰ কোন?

Ans: কবি মহম্মদ ইকবালে স্য়াৰে জাহাছে আচ্ছাগীতটিৰ ৰচনা কৰিছিল।

 

৪। ভাৰতত পোন প্রথম ৰেল যাতায়াত কেতিয়া ক'ত সূচনা হৈছিল?

Ans: ভাৰতত পোন প্রথম ৰেল যাতায়াত ১৮৫৩ খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেত সূচনা হৈছিল।

 

৫। ভাৰতত পোন প্রথম টেলিগ্রাফ ব্যৱস্থা কেতিয়া ক'ত সূচনা হৈছিল?

Ans: ভাৰতত পোন প্রথম টেলিগ্রাফ ব্যৱস্থা ১৮৩৯ খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত সূচনা হৈছিল।

 

৬। ভাৰতত পোন প্রথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল?

Ans: ভাৰতত পোন প্রথম ছপাশাল ১৭৯৭ খ্ৰীষ্টাব্দত ইউৰোপীয় মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দশ্য়ে শ্ৰীৰাম পুৰত স্থাপন কৰিছিল।

 

৭। কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্রথমে কি নামেৰে ক'ত প্রতিষ্ঠা হৈছিল?

Ans: কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্রথমে কি নামেৰে ক'ত প্রতিষ্ঠা হৈছিল।

 

৮। লর্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা।

Ans: লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য় সমাজ সংস্কাৰ হল-

ক) স্ত্ৰী শিক্ষাৰ বিস্তাৰত মনোযোগ দিয়া।

খ) নাৰী সকলক সম্পত্তিৰ অধিকাৰ দিয়া।

 

৯। ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি?

Ans: জেমছ অগষ্টাচ হিকিৰ দ্বাৰা সম্পাদিত 'বেঙ্গল গেজেট' (Bengal Gazette)

 

চমু/দীঘল উত্তৰৰ প্রশ্ন:

১। চিপাহী বিদ্রোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা।

Ans: ১৮৫৭ খ্রীষ্টাব্দৰ চিপাহী বিদ্রোহ আছিল একপ্রকাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন। কাৰণ চিপাহী বিদ্রোহৰ যোগেদি বিদ্রোহীসকলে ইংৰাজ শাসন ওফৰাই দেশখনত পুনৰ মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিল। বিদ্রোহৰ উদ্দেশ্য পূৰণ হোৱা নাছিল যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূৰপ্ৰসাৰী। এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয় জীবন গঢ়ি উঠিছিল।

ইংৰাজ প্রশাসনে ভাৰতীয়ক পাশ্চাত্য শিক্ষা-সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াত ভাৰতীয়ৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছিল। তেওঁলোকৰ মনত নতুন চেতনাৰ উন্মেষ ঘটিছিল। যুক্তিৰ মাজেৰে সকলো কথা বিবেচনা কৰাৰ প্রতি তেওঁলোকৰ ধাউতি বাঢ়িছিল। শোষণ, অন্যায় আদিৰ দিশ বিলাক বিচাৰ কৰিবলৈ তেওঁলোকে সক্ষমতা লাভ কৰাব লগতে সমাজ, জাতি তথা মাতৃভূমিব প্রতি দায়বদ্ধতাৰ ভাব জগাই তুলিছিল।

 

২। 'উডৰ প্ৰেৰণপত্ৰ'ৰ মূল উদ্দেশ্য কি কি আছিল লিখা।

Ans: 'উডৰ প্ৰেৰণপত্ৰ'ৰ মূল আছিল-

ক) প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ শিক্ষাৰ এক সুশৃংখল গাঁথনি তৈয়াৰ কৰা।

খ) মেধাবী ছাত্ৰক বৃত্তি দিয়া।

গ) শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্য়ৱস্থা কৰা।

ঘ) প্ৰতিখন শিক্ষা বিভাগ খুলা।

 

৩। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬ টা কাৰকৰ বিষয়ে লিখা।

Ans:  ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬ টা কাৰক হল-

ক. ১৮৫৭ চনৰ বিদ্ৰোহ-

১৮৫৭ খ্রীষ্টাব্দৰ চিপাহী বিদ্রোহ আছিল একপ্রকাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন। কাৰণ চিপাহী বিদ্রোহৰ যোগেদি বিদ্রোহীসকলে ইংৰাজ শাসন ওফৰাই দেশখনত পুনৰ মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিল। বিদ্রোহৰ উদ্দেশ্য পূৰণ হোৱা নাছিল যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূৰপ্ৰসাৰী। এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয় জীবন গঢ়ি উঠিছিল।

 

খ. পাশ্চাত্য শিক্ষাৰ প্ৰসাৰ-

উনবিংশ শতিকাৰ প্রথমার্ধত ইংৰাজ মিছনেৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যবস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয়। প্রথমে বংগদেশত আৰু পিছলৈ ভাৰতৰ আন আন ঠাইসমূহত আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিভিন্ন অনুষ্ঠান গঢ়ি উঠে। একে সময়তে ব্রিটিছ চৰকাৰেও আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিশেষ ব্যবস্থা হাতত লৈছিল। ১৮৩৫ খ্রীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল পৰিষদৰ আইনৰ সদস্য তথা শিক্ষা সমিতিৰ সভাপতি লর্ড মেক'লেই ইংৰাজী ভাষাৰ মাধ্যমেবে পশ্চিমীয়া শিক্ষা ব্যৱস্থা প্রবর্তনৰ পৰামৰ্শ আগবঢ়াইছিল।

 

গ. যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি (ৰেল, ডাক, টেলিগ্ৰাফ)-

কোম্পানিৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিবৰ্তন সাধন হয়। ভাৰতবৰ্ষৰ কেঁচা সামগ্রী ক্ৰয় কৰিবলৈ আৰু ইংলেণ্ডত প্রস্তুত কৰা শিল্পজাত সামগ্রী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ ভাৰতবৰ্ষৰ যাতায়াত ব্যবস্থা উন্নত কৰাৰ প্ৰয়োজন হৈছিল। ১৮৩৯ খ্রীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্রেণ্ড ট্রাঙ্ক বোড নির্মাণ কৰিছিল। দুটা বছৰৰ ভিতৰতে এই পথছোৱাৰ নিৰ্মাণ সম্পূর্ণ হোৱাৰ লগে লগে ভাৰতৰ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱর্তন হয়। লর্ড ডেলহাউচীৰ কাৰ্যকালত (১৮৪৮-৫৬) এই পথ পেচোৱাৰলৈকে সম্প্ৰসাৰিত হৈছিল। প্ৰধান চহৰ, বন্দৰ, বজাৰসমূহ এই পথছোৱাৰ সৈতে সংযোগ ঘটোৱা হৈছিল। ইংলেণ্ডৰ আর্হিত ভাৰতবৰ্ষতো ১৮৩২ খ্রীষ্টাব্দত ভাপ কলেবে বেল যোগাযোগ আৰম্ভ কৰাৰ প্রস্তাৱ লোৱা হৈছিল। ১৮৫৩ খ্রীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত ২১ কিলোমিটাৰ পথত ৰেল চলাচলেৰে ভাৰতবৰ্ষত প্রথম ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হয়।

 

ঘ. ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলনসমূহ-

কেইগৰাকীমান মহান ব্যক্তিয়ে সমাজত প্রচলিত ধর্মীয় অন্ধবিশ্বাস, অশুভ পৰম্পৰা আৰু কু-সংস্কাৰৰ বিৰুদ্ধে জনমত গঠন কবি নিকা সমাজ গঠনৰ প্রয়োজনেবে সামাজিক আন্দোলন গঢ়ি তুলিছিল। সমাজত নাৰীৰ প্রতি কৰি অহা অবজ্ঞা, অন্যায় আৰু বঞ্চনাব মনোভাবক ভেটা দি এখন যুক্তিবাদী সু-শৃংখলিত সমাজ গঠন কৰিবলৈ তেওঁলোকে আগভাগ লৈছিল। আধুনিক শিক্ষাক আলম হিচাপে লৈ ভাৰতৰ গৌৰৱময় ঐতিহ্যক সকলোবে মাজত পৰিচয় কৰাব প্রয়াস এই সংস্কাৰ আন্দোলনৰ মাজেৰে ফুটি উঠিছিল।

ঙ. দেশীয় বাতৰি কাকত ভূমিকা-

চ. ব্ৰিটিছৰ অৰ্থনৈতিক শোষণ-

 

8 ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্রভাৱৰ বিষয়ে লিখা।

Ans: ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্রভাৱ হল-

ক) ই ভাৰতীয়সকলক স্বাধীনতা, সমতা আৰু গণতন্ত্ৰৰ দৰে আধুনিক ধাৰণাৰ সৈতে চিনাকি কৰাই দিছিল।

খ) ই শিক্ষিত ভাৰতীয়সকলৰ মাজত এটা উমৈহতীয়া মাধ্যম (ইংৰাজী ভাষা) গঢ়ি তুলিছিল।

গ) ই কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰি যুক্তিবাদী চিন্তাৰ বিকাশ ঘটাইছিল।

ঘ) শিক্ষিত সমাজখনে ব্ৰিটিছৰ বৈষম্যমূলক নীতিবোৰ বুজি পাই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ শিকিছিল।

 

৫। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্রভাৱ পেলাইছিল লিখা।

Ans:

 

৬। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা।

Ans:

 

৭। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা।

Ans:

 

৮। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্র সেনৰ অৱদানৰ বিষয়ে লিখা।

Ans:

 

৯। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা।

Ans:

 

১০। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেছান্টৰ অৱদানৰ বিষয়ে লিখা।

Ans:

 

১১। 'আলিগড় আন্দোলন' কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা-চৰ্চাৰ পথ দেখুৱাইছিল লিখা।

Ans:

 

১২। 'বাতৰি কাকত'ৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্রেক ঘটাইছিল বর্ণনা কৰা।

Ans:

 

১৩। ভাৰতীয় জাতীয় কংগ্রেছৰ জন্মৰ ইতিহাস সম্পর্কে এটি চমু টোকা লিখা।

Ans:

 

১৪। ভাবতীয় জাতীয় কংগ্রেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পর্কে চমুকৈ লিখা।

Ans:

 

 


 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত নৱম শ্ৰেণীৰ  (Class 9 History Book) সমাজ বিজ্ঞান পাঠ্যপুথিৰ  ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ  দ্বিতীয় অধ্যায়ৰ (Chapter 2) অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া SEBA নৱম শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!


Written By Bhaskar Jyoti Nath





Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey.

Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষা গাইড উপলব্ধ।

আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰে।)


Post a Comment

Previous Post Next Post