Posts

মানৰ অসম আক্ৰমণ Solutions(2026)। Class 9 History Book Chapter 4 Question Answer।(2026) Class 9 Social Science Part-I History Book Chapter 4 Solutions Available

 Introduction- (2026) Class 9 Social Science Part-I History Book Chapter 4 Solutions Available| Social Science Book Class 9 Chapter 4 Solutions Assamese Medium। মানৰ অসম আক্ৰমণ।

Chapter- 4

মানৰ অসম আক্ৰমণ

অনুশীলনী


অতি চমু/চমু উত্তৰৰ প্রশ্ন: 

১। ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মানসকলে কোনখন দেশ জয় কৰিছিল।

Ans: ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মানসকলে আৰাকান দেশ জয় কৰিছিল।


২। মান আৰু ব্রিটিছৰ মাজত কেতিয়াৰ পৰা শত্রুতা সৃষ্টি হৈছিল?
Ans:  ব্ৰিটিছ অধিকৃত অঞ্চল দখলক কেন্দ্ৰ কৰি ১৮২৪ চনৰ পৰা মান আৰু ব্রিটিছৰ মাজত শত্ৰুতাৰ সৃষ্টি হৈছিল।


৩। মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্রীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল?
Ans: মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজন আছিল গোবিন্দচন্দ্ৰ।


8। কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূর্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল।
Ans: ঘিলাধাৰীৰ যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল।


৫। বৈশালী হুকং কি?
Ans: বদনৰ লগত মানৰ সৈন্য়ৰ সৈতে দুজন বিশেষ মান লিপিকাৰো আহিছিল। তেওঁলোক দুয়োজনে বদনৰ নেতৃত্ৱত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে একোটাকৈ টোকা লিখি থৈ গৈছে তাৰে এটা টোকাৰ নাম হল- বৈশালী হুকং।


৬। বৈশালী মুং-ডুন-চুন খাম কি?
Ans: বদনৰ লগত মানৰ সৈন্য়ৰ সৈতে দুজন বিশেষ মান লিপিকাৰো আহিছিল। তেওঁলোক দুয়োজনে বদনৰ নেতৃত্ৱত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে একোটাকৈ টোকা লিখি থৈ গৈছে তাৰে এটা টোকাৰ নাম হল- মুং-ডুন-চুন খাম।

৭। বদনচন্দ্রৰ সৈতে মান সৈন্য আহোতে অসমৰ প্রধানমন্ত্রী কোন আছিল?
Ans: বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই।


৮। বদনচন্দ্রই কিমান মান সৈন্য লগত আনিছিল?
Ans: বদনচন্দ্ৰই মুঠ প্ৰায় ৮,০০০ মান সৈন্য় লগত আনিছিল।


৯। বদনচন্দ্রই অসমত সোমায়েই কিমান অতিৰিক্ত সৈন্য গোটাইছিল?
Ans: বদনচন্দ্ৰই অসমত সোমায়েই প্ৰায় ৮,০০০ সৈন্য় (নগা, চিংফৌ আদিৰ পৰা) গোটাইছিল।


১০। বদনচন্দ্রক চন্দ্রকান্ত সিংহই কি উপাধিৰে প্রধানমন্ত্রী পাতিছিল?
Ans: বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই 'মন্ত্ৰী বৰফুকন' উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল।


১১। মানৰ আক্রমণ কোন কোন চনত হৈছিল?
Ans: মানৰ আক্ৰমণ ১৮১৭, ১৮১৯ আৰু ১৮২১ চনত হৈছিল।


১২। কোন চনত বদনচন্দ্রক হত্যা কৰা হৈছিল।
Ans: ১৮১৮ চনৰ আগষ্ট মাহত বদনচন্দ্ৰক হত্যা কৰা হৈছিল।


শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। ১৮১৬/১৮১৭/১৮১৯ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল।
Ans: ১৮১৭ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল।


২। জগন্নাথ ঢেকিয়াল ফুকন/বদন চন্দ্র বৰফুকন/চন্দ্রকান্ত বুঢ়াগোহাঁই কচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল।
Ans: জগন্নাথ ঢেকিয়াল ফুকন বদন চন্দ্ৰ বৰফুকনৰ ভাতৃ আছিল।


৩। বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৬/১৮১৭/১৮১৮ চনৰ আগষ্ট মাহত।
Ans: বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৮ চনৰ আগষ্ট মাহত।


৪। ৰাজমাও নুমলী চন্দ্রকান্ত সিংহ/পূর্ণানন্দ বুঢ়াগোহাঁই/ব্রজনাথ গোহাঁইৰ মাতৃ আছিল।
Ans: ৰাজমাও নুমলী চন্দ্রকান্ত সিংহৰ মাতৃ আছিল।


৫। য়াণ্ডাবু সন্ধি ১৮১৪/১৮২৬/১৮২৮ চনৰ ২৪ ফেব্রুৱাৰি তাৰিখে স্বাক্ষৰ কৰা হৈছিল।
Ans: য়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্রুৱাৰি তাৰিখে স্বাক্ষৰ কৰা হৈছিল।



ৰচনা ধর্মী প্রশ্নঃ

১। মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পর্কে চমুকৈ উল্লেখ কৰা।
Ans: মান ৰজা আলং পায়াৰ দিনৰে পৰা ব্ৰহ্মদেশে ৰাজ্য সম্প্ৰসাৰণৰ বাবে অধিক যত্নপৰ হৈছিল। মান ৰজাৰ সাম্রাজ্যবাদী প্রচেষ্টা সীমামুৰীয়া মণিপুৰ আৰু কাছাৰলৈও বিস্তাৰিত হৈছিল। তেওঁৰ ৰাজ্যৰ পশ্চিমফালে ৰাজ্য বিস্তাৰ নীতি গ্রহণ কৰিছিল। ব্রহ্মদেশে আৰাকান দখল কৰি লাহে লাহে মণিপুৰৰ ওপৰত কেইবাবাৰো আক্ৰমণ কৰিছিল। মান ৰজাই পশ্চিম দিশে সম্প্ৰসাৰণ আঁচনি লৈ ব্ৰিটিছৰ বিৰুদ্ধে অসমক প্রধান সৈন্য শিবিৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল। মান ৰজা বদৌপায়াৰ আমোলত মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান বজাইমাৰণ্ডই দীপপুঞ্জৰ পৰা চট্টগ্রাম বন্দৰলৈ সমগ্র বঙ্গোপসাগৰীয় উপকূল ৰেখাত প্রধান ৰাজনৈতিক শক্তিত পৰিণত হয়। প্রায় চল্লিশ হেজাৰ আৰাকানী লোক ব্ৰহ্মদেশৰ কঠোৰ শাসন আৰু শোষণত অতিষ্ঠ হৈ ইংৰাজ অধিকৃত বঙ্গদেশত আশ্রয় লৈছিল। এই শৰণাৰ্থীসকলক ব্ৰহ্মৰজা বদৌপায়াই ওভতাই পঠাবৰ বাবে ইংৰাজ চৰকাৰক হেঁচা দিছিল। কিন্তু ব্ৰিটিছ চৰকাৰ মাস্তি নোহোৱাত শৰণাৰ্থীসকলক লৈ মান আৰু ইংৰাজৰ মাজত মনোমালিন্যই দেখা দিছিল।


২। পূর্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্রৰ জন্ম দিছিল আলোচনা কৰা।
Ans: পূর্ণানন্দ বৰগোহাঁইৰ জীৱিতকালত প্ৰশাসনৰ সকলো কথাতে তেওঁৰ প্ৰতিপত্তি সাব্যস্ত হৈছিল। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলায়ন কৰা বাবে আহোম সাম্ৰাজ্যৰ বাঘজৰীডাল সম্পূৰ্ণৰূপে পূর্ণানন্দ বুঢ়াগোহাঁইৰ হাতলৈ গৈছিল। পূর্ণানন্দৰ স্বেচ্ছাচাৰী, দাম্ভিক স্বভাৱৰ বাবে দেশৰ লোকে তেওঁক ভাল পোৱা নাছিল। গেইটৰ মতে মোৱামৰীয়া বিদ্ৰোহৰ পিছত মহাপ্রতাপী কাৰ্যদক্ষ বুঢ়াগোঁহাইৰ অক্লান্ত পৰিশ্ৰমৰ ফলত দেশত সুখ-শান্তি স্থাপিত হৈছিল। সুদীর্ঘকাল বুঢ়াগোহাঁয়ে শাসনযন্ত্র কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাত ৰাজ্যৰ কিছুমান বিষয়াই ভাল পোৱা নাছিল যদিও মুকলিভাবে একো ক'ব পৰা নাছিল।
ক্ষমতা লাভৰ এবছৰৰ ভিতৰতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল। পূর্ণানন্দই স্বৰ্গদেৱৰ মৃত্যুৰ সংবাদটো গোপনে ৰাখিছিল আৰু কৌশলেৰে কম বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিছিল। কোমল বয়সীয়া ৰজাজনে বুঢ়াগোহাঁইৰ হাতৰ পুতলা হিচাপেহে কাম কৰিছিল। ১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূর্ণানন্দই চন্দ্রকান্ত সিংহ নামে কণমানি ল'ৰা এজনক আহোম ৰাজপাটত বহুৱায়।। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল। ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্র চলিছিল। দেশৰ ভালেমান মুখিয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্রোহ সংগঠিত কৰিছিল। পানীমুৱা নামৰ এজন বিদ্রোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল, সেইবাবে এই বিদ্রোহ পানীমুৱা বিদ্ৰোহ হিচাপে জনাজাত। এই বিদ্রোহ কঠোৰ হাতেৰে দমন কৰা হৈছিল।
আহোম ৰজা চন্দ্রকান্ত সিংহ ক্রমে সাবালক হৈ অহাৰ লগে লগে বুঢ়াগোহাঁইক ভাল নোপোৱা হৈছিল। সত্ৰাম নামে যুৱক এজনৰ সৈতে তেওঁৰ বৰ বন্ধুত্ব হৈছিল। তেওঁ সত্ৰামক চাৰিঙিয়া ফুকন খিতাপ দি ৰজাৰ ওচৰতে বহিবলৈ আসন দিছিল। সত্ৰামৰ ভেম দিনে দিনে বাঢ়ি গৈছিল আৰু তেওঁ কাকো নমনা হৈছিল। সকলো ক্ষমতা নিজৰ হাতলৈ নিবৰ কাৰণে বুঢ়াগোহাঁইক হত্যা কৰিবলৈ চেষ্টা চলাইছিল।


৩। পূর্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্রৰ শেষ পৰিণতি কি আছিল?
Ans: পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদনচন্দ্ৰ বৰফুকনৰ মাজৰ সম্পৰ্ক দন্দুৱাদ্রোহ আৰু সত্ৰামৰ বিদ্ৰোহত বদনৰ গোপন জড়িত থকাৰ সন্দেহৰ পৰাই অৱনতি ঘটিছিল। যদিও পৰৱৰ্তী সময়ত বৈবাহিক সূত্ৰে তেওঁলোকৰ সম্পৰ্কৰ কিছু উন্নতি হৈছিল, কিন্তু বদনচন্দ্ৰৰ অমানুষিক অত্যাচাৰ, মন্দিৰৰ ধন আত্মসাৎ আৰু কানিৰ প্ৰচলন বন্ধ কৰাৰ নিৰ্দেশ অমান্য কৰা কাৰ্যই বুঢ়াগোহাঁইক অতিষ্ঠ কৰি তুলিছিল। ইয়াৰ পৰিণতিত বুঢ়াগোহাঁয়ে বদনক পদচ্যুত কৰাৰ সিদ্ধান্ত লয়। নিজৰ প্ৰাণৰক্ষাৰ বাবে বদনচন্দ্ৰই পলাই গৈ ব্ৰিটিছৰ সামৰিক সহায় বিচাৰিছিল যদিও ব্ৰিটিছ চৰকাৰে পূৰ্ণানন্দৰ কৰ্তব্যনিষ্ঠাৰ বাবে সহায় কৰিবলৈ অমান্তি হয়। অৱশেষত ব্ৰিটিছৰ সহায় নাপাই বদনচন্দ্ৰই মান ৰজাৰ ওচৰ চপাৰ যি সিদ্ধান্ত লৈছিল, সেয়াই অসমৰ পৰাধীনতা আৰু মানৰ বিভীষিকাময় আক্ৰমণৰ মূল পথ প্ৰশস্ত কৰিছিল।


৪। বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্রমণ কৰিছিল?
Ans: বদনচন্দ্ৰই পূৰ্ণানন্দৰ অত্যাচাৰ আৰু স্বেচ্ছাচাৰী শাসনত অতিষ্ঠ হৈ ব্ৰিটিছৰ পৰা সহায় নাপাই মান দেশৰ ৰজা বদৌপায়াৰ সহায় বিচাৰিছিল। সেইমতে মান বজাই পোনপটীয়াকৈ অসম জয় কৰাৰ কথা নাভাবি পূর্ণানন্দৰ বিৰুদ্ধে বদনক সামৰিক সাহায্য দিছিল। এই সম্মিলিত সেনাৰ নেতৃত্ব দিছিল বদন বৰফুকনে। মানসকলে সেইবাৰ অসমক মান সাম্ৰাজ্যৰ অন্তর্ভুক্ত কৰিবলৈ অহা নাছিল আৰু স্বৰ্গদেউক কোনো ধৰণৰ নির্দেশো দিয়া নাছিল। মান সেনা অসমলৈ অহাৰ এমাহ পাছতেই নিজ দেশলৈ ঘূৰি গৈছিল। মানসকলৰ ১৮১৭ খ্ৰীষ্টাব্দৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য আছিল পূর্ণানন্দ গোহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকন আৰু স্বৰ্গদেউ চন্দ্রকান্ত সিংহক ৰক্ষা কৰা। সেইবাবে ১৮১৭ চনৰ মানৰ আক্ৰমণক প্ৰকৃতাৰ্থত মানৰ আক্ৰমণ বুলিব নোৱাৰি।


৫। বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পর্কে চমুকৈ আলোচনা কৰা।
Ans: 


৬। মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা।
Ans:


৭। মানৰ অসম আক্রমণৰ পৰিণতিসমূহ ফঁহিয়াই দেখুওৱা।
Ans: মানৰ অসম আক্ৰমণৰ ফলাফল:

১। মানৰ অসম আক্রমণে অসমত আহোমৰ ছশ বছৰীয়া ৰাজত্বৰ অৱসানৰ পথ মুকলি কৰি দিছিল।

২। আহোম স্বৰ্গদেউসকল অস্থায়ীভাবে হ'লেও ব্রহ্মদেশৰ ৰজাৰ তলতীয়া হৈ পৰিছিল।

৩। আহোম ৰজাসকল নামতহে ৰজা হৈ আছিল; তেওঁলোকৰ হাতত যি সামৰিক শক্তিৰ প্ৰয়োজন আছিল সকলোখিনি প্রায় শেষ হৈ আহিছিল। ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছিল। সিংহাসন প্রাপ্তিৰ বাবে চলা আভ্যন্তৰীণ সংঘাতে আহোম ৰাজতন্ত্রক দুর্বল কৰি পেলাইছিল। উপায় নাইকিয়া হৈ চন্দ্রকান্ত সিংহ বঙ্গদেশৰ ব্রিটিছ সাম্রাজ্যলৈ পলাই গৈছিল। পুৰন্দৰ সিংহয়ো ব্রিটিছ ৰাজ্যত আশ্রয় লৈ আছিল। দেশৰ ডা-ডাঙৰীয়াসকলে দেশ ৰক্ষা কৰাত সহায় কৰিব নোৱাৰিলে। মানৰ আক্রমণে অসমৰ উঁৱলি যোৱা শাসন ব্যৱস্থা নিঃশেষ কৰি পেলালে।

৪। মানৰ আক্রমণে অসমৰ অর্থনৈতিক অবস্থা মষিমূৰ কৰিছিল। উৎপন্ন বস্তুৰ পৰিমাণ ভীষণভাৱে কমি গৈছিল, সদাগৰ-বেপাৰীসকলে বেপাৰ-বাণিজ্য বন্ধ কৰিছিল। মানৰ আক্ৰমণৰ ফলত অসমৰ সামাজিক জীৱন ছিন্ন-ভিন্ন হৈ পৰে। গাঁওবোৰত জনসংখ্যা কমি গৈছিল। বহুতো প্ৰজাই প্ৰাণৰ ভয়ত ঘৰ-বাৰী এবি পাহাৰে-পর্বতে আশ্রয় লৈছিল। কিছুমানে দেশ এৰি চুবুৰীয়া ৰাজ্যত আশ্রয় গ্রহণ কৰিছিল। ইয়াৰ ফলত গাঁও উছন হৈ আৰু খেতি-বাতি নোহোৱা হৈ ভালেমান ঠাই হাবিলৈ পৰিণত হৈছিল। সকলোতকৈ তাৎপর্যপূর্ণ বিষয়টো হ'ল ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানিব হস্তক্ষেপ। মানসকলে অসম অধিকাৰ কৰা ঘটনাই ব্রিটিছসকলক অসমলৈ আগমনৰ সুযোগ দিছিল। মানসকলে ইতিমধ্যে আৰাকান, মণিপুৰ আৰু কাছাৰ জয় কৰিছিল আৰু অসম জয়ৰ লগে লগে মানসকল ব্ৰিটিছৰ প্রতিদ্বন্দ্বী হিচাপে মূৰ দাঙি উঠে। অসম আৰু ইয়াৰ চুবুৰীয়া অঞ্চলবোৰত মানসকলৰ অস্তিত্বই ব্ৰিটিছসকলৰ শক্তিৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছিল। মানৰ অগ্রগতিক বাধা দিয়াৰ বাবেই ১৮২৪-১৮২৬ চনত প্রথম ইঙ্গ বার্মা যুদ্ধ সংঘটিত হৈছিল।

৫। এই ইঙ্গ বার্মা যুদ্ধৰ পৰিসমাপ্তি হয় বিখ্যাত য়াণ্ডাবু সন্ধিৰ দ্বাৰা। এই চুক্তিৰ পিছত মানসকলে অসম এৰিবলৈ বাধ্য হয় আৰু অসম সম্পূর্ণৰূপে ব্ৰিটিছ চৰকাৰৰ অধীনলৈ যায়।


৮। কোনটো বিদ্রোহক 'পানীমুৱা বিদ্রোহ' বুলি কোৱা হয়?
Ans:


৯। ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা।
Ans:


১০। প্রথম ইংগ-বর্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এই যুদ্ধখন ক'ত সংঘটিত হৈছিল।
Ans:


১১। য়াণ্ডাবু সন্ধিব উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা।
Ans:


১২। য়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পর্কে লিখা।
Ans:


চমুটোকাঃ

(১) বদৌপায়া
Ans:


(২) গম্ভীৰ সিং
Ans:


(৩) গোবিন্দচন্দ্র
Ans:


(৪) দামান গগৈ
Ans:


(৫) হাও বৰা
Ans:


(৬) ঘিলাধাৰীৰ যুদ্ধ
Ans:


(৭) ব্রজনাথ
Ans:


(৮) পুৰন্দৰ সিংহ
Ans:


(৯) লুকু ডেকাফুকন
Ans:


(১০) আলুমিংগি
Ans:


(১১) য়াণ্ডাবু সন্ধি
Ans:




Written By Bhaskar Jyoti Nath

 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত নৱম শ্ৰেণীৰ (Class 9 History Book) সমাজ বিজ্ঞান পাঠ্যপুথিৰ মানৰ অসম আক্ৰমণ চতুৰ্থ অধ্য়ায় (Chapter 4) অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া SEBA নৱম শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!


Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)

Post a Comment

Previous Post Next Post