Introduction- (2026) Class 9 Social Science Part-I History Book Chapter 5 Solutions Available| Social Science Book Class 9 Chapter 5 Solutions Assamese Medium। অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি।
Chapter- 5
অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি
অনুশীলনী
শুদ্ধ উত্তৰ বাছি উলিওৱা:
১। ব্রিটিছে জয়ন্তীয়া ৰাজ্যৰ বজা বাজেন্দ্র সিংহ/গোবিন্দ
চন্দ্র/ তিবৎ সিঙক চিলেটলৈ নির্বাসন দিছিল।
Ans: ব্রিটিছে
জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্র সিংহক চিলেটলৈ নির্বাসন দিছিল।
২। অসমৰ শেষ আহোম ৰজা আছিল চন্দ্রকান্ত সিংহ / কমলেশ্বৰ
সিংহ/পুৰন্দৰ সিংহ/যোগেশ্বৰ সিংহ।
Ans: অসমৰ
শেষ আহোম ৰজা আছিল পুৰন্দৰ সিংহ।
৩। তিৰৎ সিং খাচী/মণিপুৰী/জয়ন্তীয়া দেশপ্রেমিক আছিল।
Ans: তিৰৎ
সিং খাচী দেশপ্রেমিক আছিল।
চমু উত্তৰৰ প্ৰশ্নঃ
১। গোবিন্দ চন্দ্র কোন ৰাজ্যৰ ৰজা আছিল?
Ans: গোবিন্দ
চন্দ্ৰ কাছাৰ ৰাজ্য়ৰ ৰজা আছিল।
২। ডেভিদ স্কট কোন আছিল?
Ans: ডেভিদ স্কট আছিল ইষ্ট ইণ্ডিয়া
কোম্পানীৰ এজন উচ্চপদস্থ বিষয়া।
৩। ডেভিদ স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল?
Ans: ডেভিদ
স্কটৰ পৰৱৰ্তী কমিছনাৰ ৰবাৰ্টচন আছিল।
8। তিৰৎ
সিং কোন ৰাজ্যৰ চিয়েম আছিল?
Ans: তিৰৎ
সিং খাচী পাহাৰৰ 'নংক্ল' (Nongkhlaw) ৰাজ্যৰ চিয়েম
আছিল।
৫। মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল?
Ans: মটক
ৰাজ্য়ৰ ৰজাৰ উপাধিটো আছিল- বৰসেনাপতি।
৬। জেনকিন্সৰ পৰামর্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল?
Ans: পুৰন্দৰ
সিংহই জেনকিন্সৰ পৰামর্শ অনুসৰি সিংহাসন হেৰুৱাইছিল।
৭। জেনকিন্সে নামনি অসমক কি কি জিলাত ভাগ কৰিছিল?
Ans: জেনকিন্সে
নামনি অসমক গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাওঁ ভাগ কৰিছিল।
৮। ব্রিটিছে কাক পঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল?
Ans: পুৰন্দৰ
সিংহক পঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল।
ৰচনা ধর্মী প্রশ্নঃ
১। ডেভিদ স্কটৰ ৰাজহ নীতি কেনে আছিল?
Ans: স্কটৰ প্রশাসনকালত নামনি আৰু উজনি অসমৰ ক্ষেত্ৰত সুকীয়া ৰাজহ ব্যৱস্থা কৰা হৈছিল। নামনি অসমৰ পৰগনাসমূহ তেওঁ উঠাই দিয়া নাছিল। নামনি অসমত আগৰ দৰেই একোজন চৌধুৰীৰ পৰিচালনাৰ একেটা পৰগণা (ৰাজহ অঞ্চল) ৰখা হ'ল। চিৰস্তদাৰ, তহবিলদাৰ, পাটোৱাৰী, ঠাকুৰীয়া আদি খাজনা সংগ্ৰহকাৰী কৰ্মচাৰী নিয়োগ কৰা হয়। নগাঁও আৰু বহা অঞ্চলক সামৰি কৰ আদায়ৰ কাৰণে এটা বেলেগ গোট তৈয়াৰ কৰা হৈছিল। এই গোটটো গুৱাহাটীৰ অধীনত ৰখা হৈছিল। মাটিৰ খাজনাৰ উপৰি বেলেগ বেলেগ বৃত্তিৰ লোকৰ ওপৰতো স্কটে বিত্তীয় কৰ বহুৱাইছিল। তাঁতী, সোণাৰী, মাছমৰীয়া, কঁহাৰ আদি বিভিন্ন বৃত্তিত নিয়োজিত লোকসকলে এই কৰ দিব লাগিছিল। আহোম শাসনৰ সময়ত কৰ মুক্ত দেবোত্তৰ, ব্রহ্মোত্তৰ, আৰু ধর্মোত্তৰ মাটিৰ ওপৰতো স্কটে খাজনা নিৰূপণ কৰাইছিল। এই মাটিৰ পৰা আধা অংশ কৰ লৈছিল, ইয়াক বৰঙণি বোলা হৈছিল।
স্কটৰ দিনত নামনি অসমৰ মাটিৰ জৰীপ তেওঁৰ শাসনকালৰ সময়তে
সমাধা হৈছিল। কেপ্তেইন মেথিউজৰ তত্ত্বাৱধানত এই কার্য সমাধা হৈছিল। মাটিসমূহ বস্তী
অঞ্চল, ৰূপিত
তথা শালিখেতি অঞ্চল, ফৰিঙতি
তথা আহু ধান, সৰিয়হ
খেতি প্রধান আদি অঞ্চলত ভাগ কৰা হৈছিল
২। ডেভিদ স্কটৰ প্রশাসনৰ কালত বিচাৰৰ ক্ষেত্রত কেনে ব্যৱস্থা
গ্রহণ কৰা হৈছিল?
Ans: ডেভিদ
স্কট ব্রহ্মপুত্র উপত্যকাৰ এটা বিৰাট অঞ্চলৰ প্ৰশাসনিক দায়িত্বত আছিল। স্কটৰ
শাসনকালত স্থানীয় সাধাৰণ দেৱানী আৰু ফৌজদাৰী গোচৰসমূহ নিষ্পত্তিৰ বাবে স্থানীয়
লোকেৰে গঠিত কেতবোৰ পঞ্চায়ত গঠন কৰা হৈছিল। গুৰুতৰ অপৰাধসমূহ কমিছনাৰৰ সহকাৰী
বিষয়াসকলে পঞ্চায়তৰ সহায়ত বিচাৰ কৰিছিল। পঞ্চায়তৰ বিচাৰত সন্তুষ্ট নোহোৱাসকলে এই
বিষয়াসকলৰ ওচৰত আপীল কৰিব পাৰিছিল। ইয়াৰ পিছত সন্তুষ্ট নহ'লে কমিছনাৰক আপীল কৰিব পাৰিছিল আৰু কমিছনাৰে আপীল শুনি ৰায়দান কৰিছিল।
স্কটে বিচাৰৰ ক্ষেত্ৰত উজনি অসমত লম্বোদৰ বৰফুকনক দেৱানী
বিচাৰৰ ভাৰ দিছিল। ফৌজদাৰী গোচৰ সুধিছিল ব্রিটিছ বিষয়াই। নামনি অসমত দেৱানী গোচৰৰ
বাবে দুখন আৰু ফৌজদাৰী গোচৰৰ বাবে এখন আদালত আছিল। পুলিচ বিভাগৰ ব্যৱস্থাও তেওঁ
কটকটীয়া কৰিছিল। স্কটৰ প্ৰশাসন কালত মোৱামৰীয়া, চিংফৌ আৰু
খামতিসকলৰ সৈতে সম্ভাব স্থাপন কৰা হৈছিল। সকলো কাম ডেভিদ স্কটে নিজে তদাৰক কৰিছিল।
৩। ৰবাৰ্টচনৰ দিনৰ ৰাজহ ব্যৱস্থা কেনে ধৰণৰ আছিল।
Ans: ৰবাৰ্টচনে
অসমত ৰাজহ ব্যৱস্থাৰ সংস্কাৰ কৰি মাটিৰ গুণাগুণ নির্ধাৰণ কৰি খাজনাৰ নিৰিখ ধার্য
কৰিছিল। খাজনা সংগ্ৰহৰ শোষণ বন্ধ কৰিবলৈ মাটিৰ প্ৰকাৰ, পৰিমাণ, কৃষকৰ নাম-ঠিকনা আদি তথ্য লিপিবদ্ধ কৰাৰ
প্ৰথা প্রচলন হৈছিল। এই তথ্যৰ ভিত্তিত কৃষকৰ মাটি আৰু শোধাব লগা খাজনাৰ পৰিমাণ
তেওঁৰ নাম সন্নিবিষ্ট কৰি এখন নথি বা পট্টা দিয়াৰ নিয়ম কৰিছিল। ঘৰ কৰ, কোৰ কৰ, নাঙল কৰ বা জনমূৰি কৰ একেই ৰখা হৈছিল। এই
সংস্কাৰ আৰু কৰ-কাটলৰ হাৰ বৃদ্ধিৰ ফলত ৰাজকোষত জমা হোৱা ধনৰ পৰিমাণ বাঢ়িছিল। ৰাজহ
কৰ্মচাৰীসকলৰ দুর্নীতি ৰোধ কৰিবলৈ ৰবাৰ্টচনে ভূমি, ঘৰ-বাৰী,
বনাঞ্চল আদিৰ বিৱৰণী সংগ্ৰহ কৰি তাৰ কৰ নিৰ্ধাৰণ কৰিছিল। তদুপৰি
ৰায়তক পট্টা আৰু ৰাজহদানৰ ৰচিদ দিয়া হৈছিল। ৰাজহৰ কৰ্মচাৰীসকলে সৰু-সুৰা গোচৰ
সুধিলেও তেওঁলোকে কালেক্টৰক নজনোৱাকৈ জৰিমনা বা শাস্তি বিহিব নোৱাৰিছিল। ৰবাৰ্টচনৰ
এনেবোৰ সংস্কাৰে ৰায়তৰ উপকাৰ সাধিছিল।
৪। মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্রহণ
কৰিছিল?
Ans: মেজৰ
জেনকিন্স অসমৰ বিকাশৰ বাবে আহোপুৰুষাৰ্থ কৰা এজন অন্যতম ইংৰাজ বিষয়া আছিল। স্কটৰ
দৰে এইজন বিষয়ায়ো অসমৰ বাবে ভালেমান আঁচনি লৈছিল। এই ৰাজ্যৰ চাহপাত, কয়লা, তেল উদ্যোগৰ
বিকাশৰ সৈতে তেওঁৰ নাম ওতঃপ্রোতভাবে জড়িত আছিল। অসমৰ সৈতে বংগৰ পোনপটীয়া ব্যৱসায়ৰ
ক্ষেত্রত সীমান্ত চকীসমূহে প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে বুলি স্কটে কান্দাহাৰ চকী
উঠাই দিছিল। পিছত জেনকিন্সে অন্যান্য চকীসমূহো উঠাই দিছিল। এইজন বিষয়াৰ প্ৰচেষ্টাত
ব্ৰহ্মপুত্র নৈত প্রথম ভাপৰ জাহাজৰ প্ৰচলন হৈছিল। বাট-পথৰ উন্নতিৰ প্ৰতিও তেওঁ
যথেষ্ট মনযোগ দিছিল। শিক্ষাৰ ক্ষেত্ৰত অতিশয় আগ্রহী এই বিষয়াজনৰ প্ৰচেষ্টাত
গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপিত হৈছিল।
৫। জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল।
Ans: জেনকিন্সে
সমগ্ৰ অসমক কেইবাখনো জিলাত ভাগ কৰিছিল আৰু প্ৰতিখন জিলাৰ শাসনৰ বাবে এজনকৈ জিলা
উপায়ুক্ত (Collector/Magistrate) নিযুক্ত কৰিছিল।
এই সময়তে ব্রিটিছ অধিকৃত ব্ৰহ্মপুত্র উপত্যকা চাৰিখন জিলাত
বিভক্ত কৰা হৈছিল। সেইকেইখন হ'ল গোৱালপাৰা, কামৰূপ,
দৰং (বিশ্বনাথ ধৰি) আৰু নগাঁও। পুৰণি নথি-পত্ৰত নগাঁও জিলাক
খাগবিজান বুলিহে উল্লেখ আছে। সেই সময়ত এই জিলাখন পূবে ধনশিৰি নৈলৈকে বিস্তৃত আছিল।
খাগৰিজানৰ সদৰ ঠাই আছিল নগাঁও। ১৮৩৪ চনত এই সদৰ ঠাই ৰঙাগড়ালৈ নিয়া হৈছিল, তাৰ পিছত পুৰণিগুদাম সদৰ হয়। কিছুদিনৰ মূৰত আকৌ পুনৰ নগাঁও চহৰকে সদৰ ঠাই
বুলি ঘোষণা কৰা হয়।
পশ্চিমে মানাহ আৰু পূবে বৰনদীক সীমা হিচাপে লৈ ব্ৰহ্মপুত্ৰৰ
দুয়োপাৰে গঠিত কামৰূপ জিলাৰ সদৰ ঠাই আছিল গুৱাহাটী। গুৱাহাটীত অসমৰ কমিছনাৰৰ সদৰ
কাৰ্যালয় আছিল।
আগেয়ে দৰং ৰজাৰ অধীনত থকা পশ্চিমৰ অঞ্চলটোকে ধৰি সেই অঞ্চলত
নতুনকৈ গঠিত জিলাখনক দৰং জিলা বোলা হৈছিল। ইয়াৰ সদৰ ঠাই প্ৰথমতে মঙলদৈত আছিল।
কিন্তু এই ঠাইখন অস্বাস্থ্যকৰ বুলি বিবেচিত হৈছিল। ই প্রায়ে বানপানীত বুৰ গৈছিল।
সেয়েহে ১৮৩৬ চনত মঙলদৈৰ পৰা তেজপুৰলৈ সদৰ কাৰ্যালয় উঠাই নিয়া হয়।
গাৰো পাহাৰকে ধৰি গোৱালপাৰা আগতে ৰংপুৰৰ দ্বাৰা শাসিত
হৈছিল। বার্মা যুদ্ধৰ পিছত ডেভিদ স্কটৰ দিনত গোৱালপাৰা তেওঁৰ শাসনাধীন হ'ল। গোৱালপাৰাক ৰংপুৰৰ পৰা আঁতৰাই আনি এখন নতুন জিলা গঠন কৰা হ'ল। পিছলৈ গাৰো পাহাৰক গোৱালপাৰাৰ পৰা আঁতৰাই আনি এখন নতুন জিলা গঠন কৰা হ'ল। আকৌ নিয়মীয়াকৈ ভাপ জাহাজ চলিবলৈ লোৱাত গোৱালপাৰাৰ পৰা ধুবুৰীলৈ সদৰ
কাৰ্যালয় উঠাই নিয়া হৈছিল। ধুবুৰী সেই সময়ত জাহাজবোৰৰ শেষ ঘাটি আছিল।
কাছাৰ দখল কৰাৰ পিছত ব্রিটিছে ইয়াক এখন জিলাত পৰিণত কৰিলে।
ইয়াৰ সদৰ ঠাই হ'ল শিলচৰ। ১৮৩৬ চনত কাছাৰক ঢাকা ডিভিজনৰ
অধীনস্থ কৰা হ'ল আৰু জিলাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক ডেপুটি
কমিছনাৰ আখ্যা দিয়া হ'ল। অসমত ইষ্ট ইণ্ডিয়া কোম্পানিৰ হকে
ৰবাৰ্টচনে আহোম ৰজা পুৰন্দৰ সিংহৰ লগত এখন চুক্তি-পত্ৰত স্বাক্ষৰ কৰিছিল। ১৮৩২
খ্রীষ্টাব্দত মটক আৰু শদিয়াৰ বাহিৰে সমগ্র উজনি অসমত পুৰন্দৰ সিংহক বজা পাতি বছৰি
৫০,০০০ টকাকৈ কৰ দিবলৈ কোৱা হৈছিল। তেওঁ কৰ দিব নোৱাৰাৰ বাবে
তেওঁৰ ৰাজ্য ব্ৰিটিছৰ পোনপটীয়া প্ৰশাসনৰ অধীনলৈ গ'ল। তেওঁৰ
ৰাজ্যখন দুখন জিলাত পৰিণত হ'ল- শিৱসাগৰ আৰু লক্ষীমপুৰ। এই
জিলা দুখনৰ সদৰ ঠাই আছিল যথাক্রমে যোৰহাট আৰু লক্ষীমপুৰ।
৬। তিৰৎ সিং কোন আছিল? তেওঁ কিয় ব্রিটিছৰ বিৰোধী হৈছিল?
Ans: তিৰৎ
সিং খাচীৰ চিয়েম আছিল।
ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দখল লাভ কৰাৰ পিছত খাচী
পাহাৰৰ মাজেৰে সুৰমা উপত্যকাৰ সৈতে এটা যোগসূত্র স্থাপনৰ মানস কৰিছিল। ৰাণীৰ
পৰা নংখৌৰ মাজেৰে এই পথ সাজিবলৈ খাচী চিয়েম তিবৎ সিঙে অনুমতি দিছিল। কিন্তু পিছত
পথ নির্মাণ হ'লে
তেওঁলোকৰ স্বাধীনতা খর্ব হোৱাৰ ইংগিত পাইছিল আৰু সেইবাবে খাচীৰ মুখীয়ালসকলে ইয়াৰ
বিৰোধিতা কৰিছিল।
চমুটোকা লিখা:
(১)
তুলাৰাম সেনাপতি
Ans: তুলাৰাম
আছিল কাছাৰ জিলাৰ সেনাপতি। ১৮৩০ খ্ৰীষ্টাব্দত গোবিন্দ চন্দ্ৰৰ মৃত্য়ু হয়। তেওঁ
নিঃসন্তান আছিল বাবে তেওঁ অবিহনে সেনাপতি তুলাৰামে সমগ্ৰ কাছাৰ অঞ্চল ব্ৰিটিছৰ পৰা
দাবী কৰিছিল।
(২)
পুৰন্দৰ সিংহ
Ans: তেওঁ
উজনি অসমৰ ব্ৰিটিছৰ অধীনস্থ ৰজা আছিল।
১৮৩৩ চনত ইষ্ট ইন্ডিয়া কোম্পানিৰ হকে ৰবাৰ্টচনে পুৰন্দৰ
সিংহৰ লগত গুৱাহাটীত এখন চুক্তি-পত্ৰত স্বাক্ষৰ কৰে। এই চুক্তি মতে মটক আৰু শদিয়া
ৰাজ্যৰ বাহিৰে উজনি অসমখন পুৰন্দৰ সিংহক শাসন কৰিবলৈ দিয়া হৈছিল আৰু তাৰ বিনিময়ত
ইংৰাজ কোম্পানিক বছৰি ৫০ হেজাৰ টকা কৰ শোধাবলৈ পুৰন্দৰ সিংহ বাধ্য হয়। তাৰোপৰি
চুক্তি মতে পুৰন্দৰে উজনি অসমৰ ৰাজনৈতিক বিষয়া আৰু গৱৰ্ণৰ জেনেৰেলৰ এজেন্টে দিয়া
উপদেশ মানি চলিব লাগিছিল। কিন্তু এইদৰে ৰাজপাট গ্ৰহণ কৰি পুৰন্দৰ সিংহই বিপদতহে
পৰে পিছত ৰাজহ দিব নোৱাৰাৰ অজুহাতত ১৮৩৮ চনত তেওঁক সিংহাসনচ্যুত কৰা হয়।
(৩) তিৰৎ
সিং
Ans: তিৰৎ
সিং আছিল খাচী পাহাৰৰ চিয়েম।
(৪)
গোমধৰ কোঁৱৰ
Ans:
(৬)
ব্রিটিছৰ জয়ন্তীয়া ৰাজ্য দখল।
Ans:
(৫)
ব্রিটিছৰ চিংফৌ বাজ্য দখল
Ans:
Written By Bhaskar Jyoti Nath
মূল সাৰাংশ (Chapter Summary) Click to See...
ইয়াত নৱম শ্ৰেণীৰ (Class 9 History Book) সমাজ বিজ্ঞান পাঠ্যপুথিৰ অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি সমাধান (2026) পঞ্চম অধ্য়ায় (Chapter 5) অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।
সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...
প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া SEBA নৱম শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।
প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম।
প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।
সামৰণি (Conclusion) Click to See...
আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!
Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)
মূল সাৰাংশ (Chapter Summary) Click to See...
ইয়াত নৱম শ্ৰেণীৰ (Class 9 History Book) সমাজ বিজ্ঞান পাঠ্যপুথিৰ অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি সমাধান (2026) পঞ্চম অধ্য়ায় (Chapter 5) অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।
সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...
প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া SEBA নৱম শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।
প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম।
প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।
সামৰণি (Conclusion) Click to See...
আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!
Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)
Post a Comment