Introduction-"২০২৭ চনৰ মেট্ৰিক পৰীক্ষাৰ বাবে Assamese Book (অসমীয়া সাহিত্য় চয়নিকা) জিকিৰ (Chapter 2) নামৰ পাঠটো অতি দৰকাৰী।ইয়াৰ অনুশীলনী আৰু অতিৰিক্ত সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তলত দিয়া হ'ল।"
Chapter- 2) জিকিৰ
ভাব-বিষয়ক:
১। চমু উত্তৰ দিয়া:
(ক)
জিকিৰৰ ৰচক কোন?
Ans: জিকিৰৰ
ৰচক হ’ল আজান ফকীৰ (তেওঁক ছাহ মীৰান বুলিও জনা যায়) ।
(খ)
কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে?
Ans: টোকাৰী
গীত, দেহবিচাৰৰ গীত ইত্য়াদিৰ সুৰৰ সৈতে জিকিৰগীতৰ সুৰৰ সদৃশ্য় আছে।
(গ) 'জিকিৰ' শব্দটো কি
শব্দৰ পৰা ওলাইছে?
Ans: জিকিৰ
শব্দটো আৰবী ভাষাৰ ‘জিকৰ’ শব্দৰ পৰা
আহিছে।
২। তলৰ শব্দবোৰৰ অৰ্থ লিখা:
ৰচুল,
মোমিন,
ৰহম,
কুটুব,
বান্দা।
Ans: শব্দৰ
অৰ্থ সমূহ তলত আলোচনা কৰা হল-
ৰচুলঃ দেৱদূত, ইশ্বৰ প্ৰেৰিত পুৰুষ,
আল্লাৰ দূত।
মোমিনঃ বিশ্বসী মুছলমান।
ৰহমঃ দয়া।
কুটুবঃ ধ্ৰুৱ নক্ষত্ৰ
বান্দাঃ ভৃত্য়
৩। 'মক্কাৰ
দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ'লৰ লগত
দৰিকাৰ টপালি।।'
-উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা।
Ans: উক্ত জিকিৰফাঁকি আমাৰ পাঠ্যপুথিৰ
অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত 'জিকিৰ' শীৰ্ষক
কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
এই জিকিৰ ফাঁকিৰ জৰিয়তে কবিয়ে বাহ্যিক ধৰ্মীয় আড়ম্বৰতকৈ
অন্তৰৰ শুদ্ধ ভক্তি আৰু আত্মজ্ঞানৰ ওপৰত গুৰুত্ব দিছে। কবিয়ে কৈছে যে মানুহে
ঈশ্বৰক পাবলৈ পবিত্ৰ মক্কাৰ দুৱাৰত গৈ 'তালি'
মাৰে বা প্ৰাৰ্থনা কৰে, কিন্তু
তেওঁলোকৰ অন্তৰত যদি প্ৰকৃত জ্ঞান নাথাকে, তেন্তে সেই প্ৰচেষ্টা বৃথা।
কবিয়ে ইয়াত এটি সুন্দৰ উদাহৰণ দিছে— পানীৰ তলত থকা ডাঙৰ মাছ
যেনে শাল বা শ'লৰ লগত
সৰু দৰিকা মাছে একেলগে জপিয়াই ফুৰিলে বা 'টপালি'
মাৰিলেই সি কেতিয়াও শাল-শ'লৰ সমান হ’ব
নোৱাৰে। ঠিক তেনেকৈ,
অন্তৰত পবিত্ৰতা আৰু আধ্যাত্মিক গভীৰতা নোহোৱাকৈ কেৱল
বাহ্যিক তীৰ্থ ভ্ৰমণ বা লোকদেখুৱা উপাসনাৰে কোনোৱে ঈশ্বৰক লাভ কৰিব নোৱাৰে।
প্ৰকৃততে মানুহে যাক বাহিৰত বিচাৰি ফুৰে, সেই পৰমাত্মা নিজৰ হৃদয়ৰ মাজতেই বিৰাজমান। সেইবাবে নিজক
চিনি পোৱাটো বা আত্মজ্ঞান লাভ কৰাটোৱেই হ’ল ভগৱানক পোৱাৰ প্ৰকৃত পথ।
৪। ব্যাখ্যা কৰা:
(ক)
পানী মৰে পিয়াহত,
অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।
Ans:
(খ)
মক্কাৰ দুৱাৰত চাহাব তিব্বেণীৰ ঘাট।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
Ans:
(গ)
সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ'লে এৰিলে পীৰিতি।।
Ans:
ভাষা-বিষয়ক :
১। সমার্থক শব্দ লিখা:
চিন্তো,
ঘাট,
পীৰিতি,
আচমান,
দৰিয়া,
পিয়াহ,
বাট,
ভেল।
Ans:
চিন্তো: চিন্তা কৰোঁ, স্মৰণ কৰোঁ।
ঘাট: পাৰ, নদীৰ পাৰ।
পীৰিতি: প্ৰেম, ভালপোৱা, স্নেহ।
আচমান: আকাশ, গগন।
দৰিয়া: সাগৰ, নদী।
পিয়াহ: তৃষ্ণা।
বাট: পথ, ৰাস্তা।
ভেল: দেহ, শৰীৰ।
আগতে HSLC পৰীাক্ষাত আহি যোৱা প্ৰশ্ন সমূহ-
অতি চমু প্ৰশ্নোত্তৰঃ
১) ‘মোমিন’ৰ অৰ্থ কি?
(2016)
Ans: মোমিনৰ অৰ্থ হল- বিশ্ৱাসী মুছলমান।
2) জিকিৰৰ ৰচক কোন? (2018, 2022)
Ans: জিকিৰৰ ৰচক হল আজান ফকিৰ।
৩) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?
(2019)
Ans: জিকিৰবোৰক দেহবিচাৰৰ গীতৰ লগত তুলনা
কৰিব পাৰি।
৪) আজান ফকিৰৰ আচল নাম কি আছিল? (2020)
Ans: আজান ফকিৰৰ আচল নাম হল- হজৰত শ্বাহ
মিলন।
চমু প্রশ্নাৱলী: মূল্যাংক: ২/৩।
১) চমুটোকা লিখা:
i) আজান ফকীৰ (2016)
Ans: ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা
অসমলৈ অহা ইছলাম ধৰ্মগুৰুসকলৰ ভিতৰত আজান ফকিৰ অন্যতম। আনুমানিক খ্রীষ্টীয় সপ্তদশ
শতিকাৰ মাজ ভাগত গদাধৰ সিংহৰ শাসন কালত অসমলৈ অহা আজান ফকিৰে কম সময়ৰ ভিতৰতে
অসমীয়া মাত-কথা সুন্দৰকৈ শিকি, জিকিৰ আৰু জাৰী গীত ৰচনা কৰে।
তেওঁৰ আচল নাম হজৰত শ্বাহ মিলন। জনশ্রুতি মতে আজান ফকিৰেই পোনপ্ৰথম অসমত 'আজান' (আহ্বান) দি নামাজ পঢ়িবলৈ মুছলমানসকলক
শিকাইছিল বাবে তেওঁৰ নাম আজান ফকিৰ হয়। আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি
পাই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকিৰে
ছকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে। তাতেই তেখেতৰ মৃত্যু হয়।
২) জিকিৰৰ বিষয়ে এটি টোকা লিখা। (2018)
Ans: জিকিৰসমূহ অসমীয়া ভাষাত ৰচিত ইছলাম
ধৰ্মৰ তত্ত্ব, আদৰ্শ আৰু আচাৰ-নীতিৰ মৌলিক ভাব-চিন্তা
প্রকাশক ভক্তিমূলক গীত বিশেষ। অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী-পাচী মূলৰ শব্দও
জিকিৰত অন্তর্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰসমূহ বচনা কৰিছিল বুলি জনা যায়। জিকিৰ
শব্দটো আৰবী 'জিক্ৰ' শব্দৰ অসমীয়া ৰূপ।
ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। আল্লাৰ নাম বাৰম্বাৰ
উচ্চাৰণ কৰি উপাসনাত আত্মনিয়োগ কৰাটো ইছলাম ধৰ্মৰ এক প্রচলিত নীতি। যিবোৰ গীতত
সঘনে পৰম কৰুণাময় আল্লাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ
লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্রকাশ কৰা হৈছে-তাকে জিকিৰ বুলি কোৱা হয়। উজনি
অসমত প্রচলিত বিভিন্ন লোকগীত যেনে- টোকাৰী গীত, দেহবিচাৰৰ
গীত ইত্যাদিৰ সুৰৰ সৈতে জিকিৰ আৰু জাৰী গীতৰ সুৰৰ সাদৃশ্য মন কৰিবলগীয়া। অসমীয়া
গীতি-সাহিত্যৰ ইতিহাসত জিকিৰ আৰু জাৰী গীতসমূহ অমূল্য সম্পদ।
৩) "আচমানৰ কুটুব তৰা আদমৰ জাত। সজাত মইনা
আছে ঘনে লগায় মাত।।"
- অন্তনির্হিত অর্থটি বুজাই লিখা। (2019)
Ans:
৪) মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি। যেনে
শালে শ'লৰ লগত দৰিকাৰ টপালি।।
- কবিতাফাকিৰ অন্তনির্হিত ভাৱটি বিশ্লেষণ কৰা। (2020)
Ans:
5) আজান ফকিৰৰ কবি-পৰিচয় লিখা। (2022)
Ans:
C. ৰচনাধৰ্মী প্রশ্নাবলী: মূল্যাংক: ৪/৫
১) প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:
(ক) পানী মৰে পিয়াহত অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।
(2016)
Ans:
(খ) “মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেহাব নোৱাৰে তাত
মায়াই ভেটে বাট।।” (2017, 2022)
Ans:
(গ) খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ।
মক্কাৰ দুৱাৰত বন্দো মাৰিলা সঞ্চাৰ। (2018)
Ans:
(ঘ) সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ'লে এৰিলে পিৰীতি।।
(2019)
Ans:
(ঙ) দেও মাৰি পাৰ হৈ জীৱই আছে চাই।
চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।। (2020)
Ans:
(চ) সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ'লে এৰিলে পীৰিতি।।
-কবিতাফাঁকিৰ অন্তর্নিহিত ভাবটি বিশ্লেষণ
কৰা। (2022)
Written By Bhaskar Jyoti Nath
মূল সাৰাংশ (Chapter Summary) Click to See...
ইয়াত দশম শ্ৰেণীৰ (Class 10 Assamese Book) অসমীয়া সাহিত্য় চয়নিকা পাঠ্যপুথিৰ জিকিৰ দ্ৱিতীয় অধ্য়ায় (Chapter 2) অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।
সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...
প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া SEBA দশম শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।
প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম।
প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।
সামৰণি (Conclusion) Click to See...
আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!
Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)

Post a Comment