Introduction- (2026) Class 9 Social Science Part-II Geography Book Chapter 1 Solutions Available| Social Science Book Class 9 Chapter 1 Solutions Assamese Medium। ভূ-পৃষ্ঠৰ পৰিৱৰ্তন ।
Chapter- 1
ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
অনুশীলনী
১। ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া।
Ans: পৃথিৱীৰ উপৰিভাগ মহাদেশ (স্থলভাগ) আৰু
মহাসাগৰ (জলভাগ)ৰে গঠিত। ইয়াৰে ৭১ শতাংশ
জলভাগে আৰু বাকী ২৯ শতাংশ স্থলভাগে আগুৰি আছে। মহাদেশকেইখনৰ ভিতৰ ভাগত সমভূমি, মালভূমি, পাহাৰ-পর্বত, নদী-উপত্যকা, মরুভূমি, উপকূলীয় সমতল
আদি দেখা যায়। সেইদৰে মহাসাগৰ কেইখনতো পানীত বুৰ গৈ থকা অৱস্থাত আছে মালভূমি, সমতল, পাহাৰৰ লানি, গভীৰ খাদ, প্রবাল প্রাচীৰ
আদি অবয়ব। তদুপৰি মহাসাগৰত সৰু-ডাঙৰ বহুতো দ্বীপো দেখা যায়।
ভূ-পৃষ্ঠ আৰু মহাসাগৰৰ তলিব এইবোৰ অৱয়ব যুগ যুগ ধৰি চলি অহা
কিছুমান প্রক্রিয়া বা ক্ৰিয়াৰ ফলত সৃষ্টি হৈছে। পৃথিৱীৰ
অন্তর্ভাগত ক্ৰিয়া কৰি থাকে। আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে
মহাসাগৰৰ তলিৰ অন্তর্ভাগতো ক্রিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভুপৃষ্ঠৰ লগতে
মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হ'লে মহাদেশৰ বা
মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাবে।
২। ভূ-পৃষ্ঠৰ পৰিবর্তন কিয় ঘটে ব্যাখ্যা কৰা।
Ans: ভূ-পৃষ্ঠৰ
পৰিবৰ্তন ঘাইকৈ দুটা কাৰণত পৰিবৰ্তন হয়। এটা হল বাহ্য়িক কাৰক আৰু আনটো আভ্যন্তৰীণ
কাৰক। মন কৰিবলগীয়া কথা যে পৃথিৱীৰ স্থলভাগ আৰু জলভাগত ক্রিয়া কৰি থকা কাৰকসমূহৰ
কিছুমান বাহ্যিক (Exogenic) আৰু কিছুমান আভ্যন্তৰীণ (Endogenic)। বাহ্যিক
কাৰকবোৰে আমি দেখিব পৰাকৈ বাহিৰৰ পৰা ক্রিয়া কৰে আৰু আভ্যন্তৰীণ কাৰকবোৰে আমি
নেদেখাকৈ পৃথিৱীৰ অন্তৰ্ভাগত ক্ৰিয়া কৰি থাকে। বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ
উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি
প্রধান। আনহাতে, আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু
আগ্নেয় উদ্গীৰণ প্ৰধান। আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ
তলিৰ অন্তৰ্ভাগতো ক্রিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভূপৃষ্ঠৰ লগতে মহাসাগৰৰ
তলি ভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হ'লে
মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে।
৩। বাহ্যিক কাৰক মানে কি? কেইটামান
বাহ্যিক কাৰকৰ নাম লিখা।
Ans: যিবোৰ
কাৰকে ভৃ-পৃষ্ঠৰ ওপৰত আমি দেখাকৈ ক্ৰিয়া কৰি থাকে তাকে বাহ্য়িক কাৰক বোলে। বাহ্যিক
কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি
প্রধান।
৪। ভূমিকম্প আৰু আগ্নেয় উদ্গীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি
কোৱা হয়?
Ans: ভূমিকম্প
আৰু আগ্নেয় উদ্গীৰণৰ উৎপত্তি পৃথিৱীৰ ভিতৰভাগত (Internal part)
হয় সেয়েহে ইহঁতক আভ্যন্তৰীণ কাৰক বোলা হয়।
৫। নদী অববাহিকা বুলিলে কি বুজায়? নদী অৱবাহিকাৰ
এটি চিত্র আঁকা।
Ans:
৬। উপনদী কি?
ব্রহ্মপুত্রৰ দুখন প্রধান উপনদীৰ নাম লিখা।
Ans: যিবোৰ
সৰু সৰু নদী বা নিজৰা আহি এখন ডাঙৰ নদীত লগ লাগে, সেইবোৰক উপনদী বোলে। ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদী হ’ল— লুইত (বা
সোৱণশিৰি) আৰু মানস।
৭। নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া।
Ans: নদীয়ে
যেতিয়া তীব্ৰ বেগেৰে বৈ আহে,
তেতিয়া ইয়াৰ সোঁতে মাটি, শিল, বালিবোৰ ক্ষয়
কৰি কাটি লৈ যায়। ইয়াকে নদীৰ খনন কাৰ্য বোলে। যেতিয়া নদী এখন উচ্চভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰে
তেতিয়া নদীৰ খনন শক্তিৰ পৰিৱৰ্তন ঘটে। উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ (Velocity) প্রবল, গতিপথ ঠিক
কিন্তু গভীৰ হোৱা দেখা যায়। ভৈয়ামলৈ ক্রমে ঢাল কমি অহাৰ ফলত উচ্চ ভূমিৰপৰা সোঁতে
কঢ়িয়াই অনা গেদবোৰ (Sediment)
ভৈয়ামত জমা হ'বলৈ
ধৰে। ফলস্বৰূপে ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্রমে হ্রাস পায়। গভীৰতা কমি আহিলে
পানীভাগ বোৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি
পানীভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে। নদীৰ এনে ধৰণৰ খনন কাৰ্যক পাৰ খনন (Bank Erosion) বা
পার্শ্ব খনন (Lateral
Ero-sion) বোলা হয়। গৰাখহনীয়া নদীৰ পার্শ্বখননৰে পৰিণতি।
৮। নদীৰ পার্শ্বখনন বুলিলে কি বুজায়।
Ans: নদীৰ
সোঁতে নদীৰ তলিখন ক্ষয় কৰাৰ পৰিৱৰ্তে যেতিয়া নদীৰ পাৰ বা দুই কাষ ক্ষয় কৰে, তাকে পাৰ্শ্বখনন বোলে। ইয়াৰ ফলত নদীখন বহল হৈ পৰে।
৯। অশ্বখুৰা হ্রদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা।
Ans: সমতল
অঞ্চলত নদীৰ গতিপথ একা-বেঁকা হ’লে তাক 'সৰ্পিল গতি'
বোলে। কালক্ৰমত এই বেঁকা অংশ বেছি ঘূৰণীয়া হৈ পৰে আৰু নদীৰ সোঁতে
সেই বেঁকা অংশটো এৰি পোনে পোনে ববলৈ লয়। তেতিয়া এৰি যোৱা ঘূৰণীয়া অংশটো এটা
হ্ৰদৰ বী বিলৰ দৰে ৰৈ যায়। দেখাত ঘোঁৰাৰ খুৰাৰ দৰে বাবে ইয়াক অশ্বখুৰা হ্ৰদ বোলে।
১০। প্লাবনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।
Ans:
সাধাৰণতে নদীৰ উচ্চগতি (upper course) অংশত খনন কাৰযচলি থাকে। ইয়াৰ
বিপৰীতে মধ্য়গতি (Middle course) আৰু নিম্নগতি (Lower
course) অংশত গতিপথৰ লগতে দুয়োপাৰে গেদ জমা হয়। বিশেষকৈ দুয়োপাৰে
যুগ যুগ ধৰি গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয়। ইয়াকে প্লাৱন ভূমি
বোলে।
সাধাৰণতে বানপানীৰ সময়ত শোঁতে কঢ়িয়াই অনা বালি, বোকা, পলস
আদি দ্ৱাৰা সৃষ্টি হয়।
১১। নদীৰ গতিপথৰ ক'ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা।
Ans: নদীৰ
সোঁত কমি গ’লে ই কঢ়িয়াই অনা বালি, পলস আদি কঢ়িয়াব নোৱাৰা হয়। বিশেষকৈ নদীৰ
মাজভাগত বা ভাঁজ থকা ঠাইত এই বালি-পলসবোৰ জমা হৈ বালিচৰৰ সৃষ্টি কৰে।
১২। ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা।
Ans:
উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত, য’ত নৈ গৈ পৰে, তাতেই নৈয়ে কঢ়িয়াই অহা গেদ
জমা হৈ দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰৰ আকৃতি অসমীয়া ‘ব’
বা ইংৰাজী (Delta)ৰ দৰে। সেয়ে এই দ্বীপবোৰক
ব-দ্বীপ বোলে।
১৩। মৰুভূমিত বতাহৰ ক্রিয়া কিয় প্রবল লিখা।
Ans: মৰুভূমিত
উদ্ভিদৰ আৱৰণ কম বাবে বতাহৰ গতিত কোনো বাধা নাথাকে। লগতে তাত শিল-বালিবোৰ খোল খোৱা
অৱস্থাত থাকে, যাৰ
ফলত বতাহে সহজে এইবোৰ উৰুৱাই নিব পাৰে।
১৪। অৱনমন বুলিলে কি বুজায়?
Ans:
মৰুভূম্ত ধূলি-বালি বোৰ বতাহে অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে।
এনেদৰে কোনো অংশৰ পৰা ধূলি-বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলে।
১৫। বালিয়াৰি সৃষ্টি কেনেকৈ হয়?
Ans: অৱনমন
প্ৰক্ৰিয়াৰ দ্বাৰা কঢ়িয়াই নিয়া ধূলি-বালিবোৰ যি ঠাইত জমা হয়, তাত মৰু পৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ ল’ব পাৰে। এনে
পাহাৰক বালিৰ পাহাৰ বা বালিয়াৰি বোলে।
১৬। ইনছেলবার্গ কি?
Ans: ইনছেলবাৰ্গ
মানে হল মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ।
১৭। হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পার্থক্য কি
লিখা।
Ans: পৃথিৱীৰ
অতি শীতল অঞ্চলবোৰৰ উপৰিভাগ বৰফে ঢাকি ৰাখিছে। এনে অঞ্চলবোৰৰ ভিতৰত দুই মেৰু অঞ্চল
আৰু অতি ওখ পৰ্বতবোৰৰ উচ্ছংশবোৰ পৰে।
এইবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰপে তৰপে জমা হৈ আছে। সাধাৰণতে
এনেদবে জমা হৈ থকা বৰফবোৰ ভূপৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিবে নামি আহে। এনেদৰে নামি
অহা বৰফকে হিমবাহ (Glacier) বুলি কোৱা হয়।
হিমবাহ আৰু নদীৰ পাৰ্থক্য়-
i) নদীৰ গতিবেগ বহুত বেছি, কিন্তু হিমবাহৰ গতি অতি লেহেম।
ii) নদীৰ পানী তৰল, কিন্তু
হিমবাহ কঠিন বৰফৰ স্তূপ।
১৮। গ্রাব কি?
চিত্র আঁকি বিভিন্ন শ্রেণীৰ প্ৰাৱবোৰ দেখুওৱা।
Ans:
১৯। হিমবাহৰ ক্ৰিয়াৰ ফলত জোড়া শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা।
Ans: পাহাৰৰ
শিখৰত চাৰিওফালৰ পৰা হিমবাহে ক্ষয়কাৰ্য চলালে পৰ্বতৰ ওপৰভাগ ক্ৰমান্বয়ে সংকীৰ্ণ
আৰু চোকা হৈ পৰে। ইয়াৰ ফলত পিৰামিডৰ দৰে জোঙা শৃংগ (Horn) সৃষ্টি হয়।
২০। উপকূল কাক বোলে?
Ans:
২১। বালিয়াতট কি? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা।
Ans:
২২। সাগৰ-মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণে পরিবর্তন সাধন কৰে
চমুকৈ লিখা।
Ans:
২৪। ভূপৃষ্ঠত ভবিষ্যতে কেনে ধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা
কৰি লিখা।
Ans
২৫। তোমাৰ নিজৰ গাঁও বা নগৰখনৰ ভূপৃষ্ঠৰ বৈশিষ্ট্য সম্বন্ধে
এটা টোকা লিখা। এলেকাটিৰ এখন চিত্র
আঁকি প্রধান অবয়ববোৰ (নদী, পাহাৰ, বিল, সমভূমি আদি)
দেখুৱাবলৈ চেষ্টা কৰা।
Written By Bhaskar Jyoti Nath
মূল সাৰাংশ (Chapter Summary) Click to See...
ইয়াত নৱম শ্ৰেণীৰ (Class 9 Geography Book) সমাজ বিজ্ঞান পাঠ্যপুথিৰ ভূ-পৃষ্ঠৰ পৰিবৰ্তন সমাধান (2026) প্ৰথম অধ্য়ায় (Chapter 1) অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।
সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...
প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া SEBA নৱম শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।
প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম।
প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।
সামৰণি (Conclusion) Click to See...
আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!
Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)

Post a Comment