Introduction-"২০২৭ চনৰ মেট্ৰিক পৰীক্ষাৰ বাবে Assamese Book (অসমীয়া সাহিত্য় চয়নিকা) বৰগীত (Chapter 1) নামৰ পাঠটো অতি দৰকাৰী।ইয়াৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তলত দিয়া হ'ল।"
Chapter- 1) বৰগীত
প্রশ্নাৱলী
ভাব-বিষয়ক:
১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া:
(ক)
"....... নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।"
-কবিয়ে
জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
Ans: কবিয়ে
জীৱনে মৰণে নেৰিবৰ বাবে ভগৱান শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে।
(খ) 'সনক সনন্দ যোগী
যাহাকু ধিয়ায়।'
-সনক, সনন্দ আদি
যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
Ans: সনক,
সনন্দ আদি যোগীসকলে পূৰ্ণব্ৰহ্ম শ্ৰীকৃষণক ধ্যান কৰে বুলি কৈছে।
(গ) কবি
কিহত আতুৰ হোৱা বুলি কৈছে?
Ans: কবি
সাংসাৰিক দুখ-কষ্ট আৰু মায়ামোহত আতুৰ হোৱা বুলি কৈছে।
(ঘ)
তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা?
Ans: বৰগীত
শ্ৰী শ্ৰী মাধৱ দেৱে ৰচনা কৰিছিল।
(ঙ)
বৰগীতটি কি ৰাগত বন্ধা আছে?
Ans: বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।
(চ)
কবিয়ে 'বান্ধৱ' বুলি কাক
সম্বোধন কৰিছে?
Ans: কবিয়ে শ্ৰী
কৃষ্ণক 'বান্ধৱ' বুলি সম্বোধন
কৰিছে।
(ছ) 'মোহ-পাশ' মানে কি?
Ans: মোহ-পাশ
মানে হল মায়া-মোহৰ বান্ধোন।
২ বৰগীতটিৰ মূলভাৱ লিখা।
Ans: বৰগীতটিৰ জৰিয়তে কবিয়ে ভগৱানৰ ওচৰত সম্পূৰ্ণৰূপে
আত্মসমৰ্পণ কৰিছে। সংসাৰৰ মায়া-মোহ আৰু বিষয়-বাসনাত আতুৰ হৈ কবিয়ে অনুভৱ কৰিছে
যে ভগৱানৰ চৰণ-কমলৰ আশ্ৰয় অবিহনে মুক্তি অসম্ভৱ। হৰিৰ মহিমা
অপাৰ। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু
তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো
সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে হৰি চৰণত
আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰে। ভকতৰ বাবে হৰিৰ চৰণযুগল হল পৰমধন
আৰু ভকতৰ বাবে হৰি হ'ল জীৱনস্বৰূপ।
৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
Ans: শ্রীশ্রীমাধৱদেৱঃ নৱ
বৈষ্ণৱ ধৰ্মৰ অন্যতম প্রচাৰক শ্ৰীশ্ৰীমাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু
পুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰী ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ
প্রিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণককু ছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত
ধর্ম প্রচাৰ কৰিছিল। ধর্ম প্রচাৰৰ লগতে সাহিত্য-সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ
সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল 'নামঘোষা'। এহেজাবটা
ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁৰ আন আন ৰচনাসমূহ হ'ল-
-আখ্যানমূলক ৰচনাঃ ৰাজসূয় কাব্য, আদিকাণ্ড
ৰামায়ণ।
-তত্ত্বমূলক ৰচনাঃ জন্মৰহস্য, ভক্তি-ৰত্নাৱলী, নামমালিকা।
-নাটঃ অর্জুন-ভঞ্জন বা দধিমথন।
-ঝুমুৰাঃ চোৰধৰা,
পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা, ভোজনবিহাৰ।
৪। ব্যাখ্যা কৰাঃ
(ক)
সহস্র বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।
Ans: ব্যাখ্যা:
এই কথা ফাঁকিৰ দ্বাৰা কবিয়ে ভগৱানৰ অনন্ত মহিমাৰ কথা
প্ৰকাশ কৰিছে। যাৰ গুণৰ কথা হাজাৰ মুখেৰে (অনন্ত নাগে) বৰ্ণনা কৰিও শেষ কৰিব
নোৱাৰি, তেনেজন
পৰমেশ্বৰৰ মহিমা এজন সাধাৰণ 'অধম' মানুহে বুজি
পোৱাটো অসম্ভৱ। কবিয়ে ইয়াত নিজৰ বিনয় আৰু ঈশ্বৰৰ সৰ্বব্যাপ্তিত্ব প্ৰকাশ কৰিছে।
হৰিৰ মহিমা অপাৰ। মহান ঋষি মুনি গনেও তেওঁক ধ্য়ান কৰি তেওক বিচাৰি নাপায় আৰু
তেওঁৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰি। তেনে ঠাইত ভগৱান শ্ৰী কৃষ্ণক উপলব্ধি কৰাটো
ভক্তসকলৰ বাবে অসম্ভৱ। সেই বাবে মাধৱ দেৱে নিজকে অধম বুলি কৈছে। বহু ভক্তই তেওঁক
বছৰ বছৰ ধৰি আৰাধনা কৰিও তেওক সন্তুষ্ট কৰিব নোৱাৰে। সেই বাবে মাধৱদেৱে কৈছে সকলো
বস্তুৰ সৃষ্টি কৰ্তা ভগৱানক মহিমা বুজি পোৱা এজন সাধাৰণ ভক্তৰ বাবে অসম্ভৱ।
(খ)
আতুৰ ভৈলোহো কবি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।
Ans: ব্যাখ্যা: মানুহে সংসাৰৰ কাম-ক্ৰোধ আৰু ইন্দ্ৰিয়সুখৰূপী 'বিষয়'ৰ মায়াত পৰি আতুৰ হৈ পৰে। কবিয়ে অনুভৱ কৰিছে
যে এই দুৰ্বিসহ সংসাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হ’ল ভগৱানৰ চৰণত আশ্ৰয়
লোৱা। একমাত্ৰ ভগৱানৰ শ্ৰীচৰণত আশ্ৰয় ল’লেহে জীৱই মুক্তি লাভ কৰিব পাৰে। মানুহে
নিজৰ মায়া-মোহ আদি ত্যাগ কৰি ভগৱানৰ চৰণত শৰণ ল’লেহে এই সংসাৰ যন্ত্ৰণাৰ পৰা
পৰিত্ৰাণ পাব পাৰি বুলি কবিয়ে উপলব্ধি কৰিছে। সেয়েহে তেওঁ হৰিক কাতৰ প্ৰাৰ্থনা
জনাইছে যাতে তেওঁক চৰণ-কমলৰ ছাঁত স্থান দি এই মায়াৰ বন্ধনৰ পৰা উদ্ধাৰ কৰে।
(গ)
তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীবন।
Ans: এজন প্ৰকৃত ভক্তৰ বাবে পাৰ্থিৱ
সম্পত্তিৰ কোনো মূল্য নাই;
ভগৱানৰ চৰণ যুগলেই তেওঁৰ বাবে আটাইতকৈ ডাঙৰ সম্পদ বা 'মহা ধন'। হৰিৰ
ভক্তসকল ভগৱানৰ প্ৰেমত ইমান গভীৰভাৱে নিমজ্জিত যে হৰিক বাদ দি তেওঁলোকৰ অন্য কোনো
চিন্তা নাই। তেওঁলোকৰ বাবে হৰিৰ চৰণক বাদ দি পৃথিৱীৰ সকলো ধন-বিত, সা-সম্পত্তি
অৰ্থহীন। ভক্তই ভগৱানৰ মাজতেই নিজৰ অস্তিত্ব বিচাৰি পায়, সেয়েহে হৰিৰ
দুই চৰণকমলেই তেওঁলোকৰ বাবে জীৱনস্বৰূপ। প্ৰকৃত ভক্তই হৰিৰ প্ৰেমত এনেদৰে
আপোন-পাহৰা হয় যে তাতোকৈ শ্ৰেষ্ঠ বা আনন্দদায়ক আন একোৱেই থাকিব পাৰে বুলি তেওঁলোকে
ভাবিব নোৱাৰে। এই পবিত্ৰ চৰণ যুগলতেই তেওঁলোকৰ জীৱনৰ প্ৰকৃত সুখ আৰু আধ্যাত্মিক
শান্তি নিহিত হৈ থাকে, যাৰ
বাবে তেওঁলোকে হৰিকে জীৱনৰ একমাত্ৰ আৰু সৰ্বোত্তম সম্বল বুলি গণ্য কৰে।
৫। 'সনক
সনন্দ যোগী যাহাকু ধিয়ায় সকল নিগমে যাক বিচাৰি নপায়।'
-তাৎপর্য
বিচাৰ কৰা।
Ans:
'সনক সনন্দ যোগী
যাহাকু ধিয়ায় সকল নিগমে যাক বিচাৰি নপায়।'
এই বাক্যশাৰীৰ অৰ্থ হ’ল ভগৱান সৰ্বত্ৰ বিদ্যমান যদিও তেওঁক লাভ কৰাটো সহজ
নহয়। সনক, সনন্দৰ
দৰে মহাযোগীসকলে যাৰ ধ্যান কৰে আৰু নিগম (বেদ-শাস্ত্ৰ) অধ্যয়ন কৰিও যাৰ সীমা পোৱা
নাযায়, তেনেজন
পৰমেশ্বৰক কেৱল আন্তৰিক ভক্তিৰ জৰিয়তেহে অনুভৱ কৰিব পাৰি। ই ভগৱানৰ অগম্য আৰু অপাৰ
মহিমাৰ দিশটো আঙুলিয়াই দিছে।
ব্যাখ্যা: মানুহে সংসাৰৰ কাম-ক্ৰোধ আৰু
ইন্দ্ৰিয়সুখৰূপী 'বিষয়'ৰ মায়াত পৰি
আতুৰ হৈ পৰে। কবিয়ে অনুভৱ কৰিছে যে এই দুৰ্বিসহ সংসাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ
একমাত্ৰ উপায় হ’ল ভগৱানৰ চৰণত আশ্ৰয় লোৱা। একমাত্ৰ ভগৱানৰ শ্ৰীচৰণত আশ্ৰয়
ল’লেহে জীৱই মুক্তি লাভ কৰিব পাৰে। মানুহে নিজৰ মায়া-মোহ আদি ত্যাগ কৰি ভগৱানৰ
চৰণত শৰণ ল’লেহে এই সংসাৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি কবিয়ে উপলব্ধি
কৰিছে। সেয়েহে তেওঁ হৰিক কাতৰ প্ৰাৰ্থনা জনাইছে যাতে তেওঁক চৰণ-কমলৰ ছাঁত স্থান
দি এই মায়াৰ বন্ধনৰ পৰা উদ্ধাৰ কৰে।
৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।
Ans: বৰগীতৰ চাৰিটা লক্ষণ হল-
i) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত।
ii) বৰগীতসমূহ ভাষা ব্ৰজাৱলী।
iii) বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও তাত দাস্য, শান্ত,
বাতসল্য় আদি ৰসৰো সমাৱেশ ঘটিছে।
iv) বৰগীতসমূহ ভক্তিমূলক তথা ইশ্ৱৰৰ মাহাত্ম্য় প্ৰকাশক।
ভাষা-বিষয়ক:
১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ
লিখাঃ
নপাৱন্ত,
কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।
Ans: নপাৱন্ত: নাপায়।
কেনে: কেনেকৈ।
ভৈলোহো: হ'লোঁ।
তুমি সে: তুমিয়েই।
জনেৰ: জনৰ।
কহয়: কয়।
২। ব্রজাবলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
Ans: ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য়সমূহ হল-
i) এই ভাষাত ক্ৰিয়াপদৰ শেষত 'অন্ত', 'ইলো', 'ইল' আদি বিভক্তিৰ
প্ৰয়োগ বেছি।
ii) শব্দবোৰ শ্ৰুতিমধুৰ আৰু গীতৰ উপযোগী কোমল ধ্বনিযুক্ত।
iii) এই ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়।
iv) ব্ৰজাৱলী ভাষাৰ মূল ভেচি মৈথিলী
Written By Bhaskar Jyoti Nath
মূল সাৰাংশ (Chapter Summary) Click to See...
ইয়াত দশম শ্ৰেণীৰ (Class 10 Assamese Book) অসমীয়া সাহিত্য় চয়নিকা পাঠ্যপুথিৰ বৰগীত প্ৰথম অধ্য়ায় (Chapter 1) অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।
সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...
প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া SEBA দশম শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।
প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম।
প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।
সামৰণি (Conclusion) Click to See...
আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!
Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)

Post a Comment