Posts

এক মেৰু বিশ্বত আন্তৰ্জাতিক সংগঠন Solution। AHSEC Class 12 Political Science Book Part-A Chapter 4 Textual Question Answers | Class 12 Political Science Book Part-A Chapter 4 (International Organisation) Solutions |এক মেৰু বিশ্বত আন্তৰ্জাতিক সংগঠন চতুৰ্থ অধ্যায় পাঠভিত্তিক প্ৰশ্ন উত্তৰ | International Organisation Chapter 4 Textual Question Answers|

  Introduction-"২০২৭ চনৰ ফাইনেল পৰীক্ষাৰ বাবে Political Science Part-A (ৰাজনীতি বিজ্ঞান ক- অংশ) ৰ এই এক মেৰু বিশ্বত আন্তৰ্জাতিক সংগঠন (Chapter 4) পাঠটো অতি দৰকাৰী। ইয়াৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তলত দিয়া হ'ল।"

Chapter- 4

এক মেৰু বিশ্বত আন্তৰ্জাতিক সংগঠন

প্রশ্নঃ উত্তৰ দিয়াঃ

১। তলত উল্লেখ কৰা উক্তিবোৰ 'ভেটো' (Veto) ক্ষমতা সম্বন্ধে শুদ্ধনে অশুদ্ধ চিহ্নিত কৰা:

(ক) নিৰাপত্তা পৰিষদৰ কেৱল স্থায়ী সদস্যসকলহে ভেটো ক্ষমতা আছে।

উত্তৰ:- শুদ্ধ।

(খ) ভেটো ক্ষমতা হ'ল ঋণাত্মক বা নেতিবাচক ক্ষমতা।

উত্তৰ:- শুদ্ধ।

(গ) ৰাষ্ট্ৰসংঘৰ সচিবপ্রধানে ভেটো ক্ষমতা প্রয়োগ কৰে যেতিয়া নিৰাপত্তা পৰিষদৰ কোনো সিদ্ধান্তত সন্তুষ্ট নহয়।

উত্তৰ:- অশুদ্ধ।

(ঘ) এটা 'ভেটো' ক্ষমতাই নিৰাপত্তা পৰিষদৰ প্রস্তাৱ বাতিল কৰিব পাৰে।

উত্তৰ:- শুদ্ধ।

২। ৰাষ্ট্ৰসংঘৰ কাৰ্যবোৰৰ ধৰণ সম্পর্কে তলত উল্লেখ কৰা উক্তিবোৰ শুদ্ধনে অশুদ্ধ চিহ্নিত কৰা:

(ক) নিৰাপত্তা পৰিষদে সকলোধৰণৰ নিৰাপত্তা আৰু শান্তি সম্পর্কীয় বিষয়বিলাকৰ ওপৰত ব্যৱস্থা গ্রহণ কৰে।

উত্তৰ:- শুদ্ধ।

(খ) বিশ্বৰ চাৰিওফালে সিঁচৰতি হৈ থকা ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ আৰু বিশেষ সংস্থাবোৰে সকলোধৰণৰ মানবীয় নীতিবোৰ কাৰ্যকৰী কৰে।

উত্তৰ:- শুদ্ধ।

(গ) নিৰাপত্তা পৰিষদৰ পাঁচখন স্থায়ী সদস্য বাষ্ট্রই একমত হৈ নিৰাপত্তাজনিত সিদ্ধান্ত কাৰ্যকৰী কৰা অতি আৱশ্যক।

উত্তৰ:- অশুদ্ধ।

(ঘ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সকলো সদস্যই স্বতঃস্ফূর্তভাবে বাষ্ট্রসংঘৰ সকলো প্রধান অংগ আৰু বিশেষ সংস্থাসমূহৰ সদস্য।

উত্তৰ:- শুদ্ধ।

৩। ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে আগবঢ়োৱা প্রস্তাৱৰ ক্ষেত্ৰত তলত দিয়া কোনটোৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰা উচিত:

(ক) পাৰমাণৱিক শক্তিৰ অধিকাৰী;

খ) আৰম্ভণিৰ পৰা ই ৰাষ্ট্রসংঘৰ সদস্য,

(গ) ই এহিয়া মহাদেশত অৱস্থিত,

(ঘ) ভাৰতৰ বর্ধিত অর্থনৈতিক ক্ষমতা আৰু স্থায়ী বাজনৈতিক ব্যবস্থা।

উত্তৰ:- খ) আৰম্ভণিৰ পৰা ই ৰাষ্ট্রসংঘৰ সদস্য

৪। ৰাষ্ট্রসংঘৰ কোনটো এজেন্সি পাৰমাণৱিক প্রযুক্তিবিদ্যাৰ নিৰাপত্তা আৰু শান্তিৰ বাবে প্রয়োগ কৰাৰ সৈতে জড়িত:

(ক) ৰাষ্ট্রসংঘৰ নিৰাষ্ট্ৰীকৰণ কমিটী;

(খ) আন্তর্জাতিক পাৰমাণৱিক শক্তি এজেন্সি,

(গ) ৰাষ্ট্ৰসংঘৰ আন্তর্জাতিক নিৰাপদ সমিতি;

(ঘ) ওপৰত উল্লেখ কৰা এটাও নহয়।

উত্তৰ:- (খ) আন্তর্জাতিক পাৰমাণৱিক শক্তি এজেন্সি

৫। বিশ্ব বাণিজ্য সস্থা তলত উল্লেখ কৰা কোনটো সংগঠনৰ উত্তৰাধিকাৰী:

(ক) বাণিজ্য আৰু শুল্কৰ সাধাৰণ চুক্তি ('গেট'),

(খ) বাণিজ্য আৰু শুল্কৰ বন্দৱস্ত,

(গ) বিশ্বস্বাস্থ্য সন্থা,

(ঘ) ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি।

উত্তৰ:- ক) বাণিজ্য় আৰু শুল্কৰ সাধাৰণ চুক্তি (গেট)।

৬। খালী ঠাই পূৰণ কৰা:

(ক) ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হ'____________

উত্তৰ:- আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা 

(খ) ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূর্ণ কার্যকৰী সন্থাটোক কোৱা হয়____________

উত্তৰ:- নিৰাপত্তা পৰিষদ।

(গ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত____________জন স্থায়ী সদস্য আৰু____________ জন অস্থায়ী সদস্য আছে। (উঃ মাঃ ২০১৭)

উত্তৰ:- পাঁচ জন স্থায়ী সদস্য আৰু দহ জন অস্থায়ী সদশ্য আছে।

(ঘ) ____________ বর্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান।

উত্তৰ:- এন্টনিঅগুটেৰছ।

৭। নিম্নলিখিত ৰাষ্ট্ৰসংঘৰ কোনটো সংস্থাই পাৰমাণৱিক প্রযুক্তিবিদ্যাৰ নিৰাপদ আৰু শান্তিপূর্ণ ব্যৱহাৰৰ দিশটো চোৱা-চিতা কৰে?

(ক) নিৰস্ত্রীকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ সমিতি।

(খ) আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক ইন্ধন এজেন্সি

(গ) ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় নিৰাপদ সমিতি

(ঘ) ওপৰত উল্লেখ কৰা এটাও নহয়।       (উঃ মাঃ ২০১৮)

উত্তৰ:- (খ) আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক ইন্ধন এজেন্সি

৮। ভাৰতৰ নাগৰিক হিচাপে তুমি নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্রার্থিত্ব সমর্থন কৰানে? তোমাৰ দাবী প্রতিপন্ন কৰা।        (উঃ মাঃ ২০১৬)

উত্তৰ:- ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হোৱা দিনৰ পৰাই ইয়াৰ বিকাশ সম্পর্কীয় কাম-কাজত অংশগ্ৰহণ কৰাৰ উপৰি ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্যসূচীত ভাৰতে যথেষ্ট বৰঙণি আগবঢ়াই আহিছে।

ভাৰতবর্ষই তলত উল্লেখিত যুক্তিত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ দাবীদাৰ হৈছে:-

(ক) ভাৰতবৰ্ষ হ'ল বিশ্বৰ দ্বিতীয় স্থান দখল কৰা জনবহুল ৰাষ্ট্র।

(খ) ভাৰতবৰ্ষ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্র।

(গ) ভাৰতবৰ্ষই বিশ্বত শান্তি প্রতিষ্ঠা কৰাৰ বাবে সদায় বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

ঘ) ভাৰতবৰ্ষই নিৰস্ত্ৰীকৰণৰ সমর্থনত আৰু বর্ণবাদৰ বিৰুদ্ধে সদায় ৰাষ্ট্ৰসংঘৰ মজিয়াত নিজৰ মত প্রকাশ কৰি আহিছে।

(ঙ) ভাৰতবৰ্ষৰ অর্থনৈতিক অবস্থা বর্তমান বিশ্বৰ আগশাৰীৰ স্তৰত আহিছে।

(চ) ভাৰতবৰ্ষই সদায় নিয়মিতভাবে ৰাষ্ট্রসংঘলৈ বৰঙণি আগবঢ়াই আহিছে আৰু ইয়াৰ পৰা কেতিয়াও বিৰত থকা নাই।

উপৰোক্ত কাৰণত ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ পাৰ্থিত্ব সমৰ্থন কৰোঁ। ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে অন্তর্ভুক্ত হ'লে ই হ'ব ভাৰতবৰ্ষৰ বাবে এটা প্রতীকস্বৰূপ। ইয়াৰ ফলত ভাৰতবৰ্ষৰ গুৰুত্ব বিশ্বৰ ৰাজনীতিত অধিক বৃদ্ধি পাব আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত কেতবোৰ সুবিধা গ্রহণ কৰিবলৈ সক্ষম হ'ব।

৯। ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন সম্পর্কে আগবঢ়োৱা পৰামৰ্শাৱলীক কার্যকৰণত দেখা দিয়া অসুবিধাবোৰ সমালোচনামূলকভাবে মূল্যাংকন কৰা।

উত্তৰ:- ১৯৪৫ চনত প্ৰতিষ্ঠা হোৱা ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ গাঁথনি আৰু কাৰ্যপ্ৰণালীক একবিংশ শতিকাৰ বিশ্বৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খুৱাবলৈ পুনৰ গঠন বা সংস্কাৰৰ প্ৰস্তাৱ অতি প্ৰাসংগিক। ইয়াৰ মূল লক্ষ্য নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণ, সিদ্ধান্ত গ্ৰহণত গণতান্ত্ৰিকীকৰণ আৰু উন্নয়নশীল দেশসমূহৰ অংশগ্ৰহণ বৃদ্ধি কৰা। অৱশ্যে, এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰাত বৃহৎ শক্তিসমূহৰ স্বাৰ্থ, ভেটো ক্ষমতা আৰু মতানৈক্যই প্ৰধান অসুবিধাৰ সৃষ্টি কৰিছে 

ৰাষ্ট্ৰসংঘৰ পুনৰ গঠনৰ পৰামৰ্শসমূহ কাৰ্যকৰণত দেখা দিয়া অসুবিধাসমূহৰ সমালোচনামূলক মূল্যাংকন তলত কৰা হ’ল: 

১. নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণত মতানৈক্য (নিৰাপত্তা পৰিষদৰ সংস্কাৰ):

  • ভেটো ক্ষমতাৰ সমস্যা: স্থায়ী সদস্যপদ লাভ কৰা দেশসমূহে (আমেৰিকা, ৰাছিয়া, চীন, ব্ৰিটেইন, ফ্ৰান্স) তেওঁলোকৰ ভেটো ক্ষমতা এৰিব নিবিচাৰে। ইয়াৰ ফলত নতুন স্থায়ী সদস্য অন্তৰ্ভুক্ত কৰাত বাধাৰ সৃষ্টি হয়
  • আঞ্চলিক প্ৰতিনিধিত্ব: কোনখন দেশক প্ৰতিনিধিত্ব কৰা হ'ব—ভাৰত, ব্ৰাজিল, জাৰ্মানী, নে জাপান—এই লৈ উন্নয়নশীল দেশসমূহৰ মাজতে ঐক্যমতৰ অভাৱ

২. ভৌগোলিক আৰু অৰ্থনৈতিক প্ৰতিনিধিত্ব:

  • ১৯৪৫ চনৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ভিত্তিত গঢ়ি উঠা পৰিষদত এতিয়াও আফ্ৰিকা, লেটিন আমেৰিকা আৰু এছিয়াৰ উন্নয়নশীল দেশসমূহৰ উপযুক্ত প্ৰতিনিধিত্ব নাই, যিটো সংস্কাৰৰ মূল দাবী 

৩. কাৰ্যপ্ৰণালী আৰু সিদ্ধান্ত গ্ৰহণৰ জটিলতা:

  • ৰাষ্ট্ৰসংঘৰ বুনিয়াদী চনদ (Charter) সংশোধন কৰিবলৈ সাধাৰণ সভাৰ দুই-তৃতীয়াংশ ভোট আৰু নিৰাপত্তা পৰিষদৰ সকলো স্থায়ী সদস্যৰ সন্মতি প্ৰয়োজন। এই নিয়ম ইমানেই কঠোৰ যে ইয়াক সলনি কৰাটো এক প্ৰত্যাহ্বান

৪. বৃহৎ শক্তিসমূহৰ স্বাৰ্থ:

  • ৰাষ্ট্ৰসংঘৰ বেছিভাগ বৰঙণি আৰু সম্পদ কেইখনমান উন্নত দেশৰ পৰা আহে, যাৰ বাবে তেওঁলোকে নীতি-নিৰ্ধাৰণত একচেটিয়া প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে 

৫. বিত্তীয় আৰু প্ৰশাসনিক সংস্কাৰ:

  • সচিবালয়ৰ কাম-কাজ আৰু বিত্তীয় ব্যৱস্থাপনাত স্বচ্ছতা অনাৰ বাবে কৰা পৰামৰ্শসমূহো প্ৰায়ে আমোলাতান্ত্ৰিক জটিলতাৰ বাবে স্থবিৰ হৈ পৰে

সামৰণিত ক'ব পাৰি যে, ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন কেৱল প্ৰযুক্তিগত নহয়, ই এক গভীৰ ৰাজনৈতিক প্ৰক্ৰিয়া। বৰ্তমানৰ বিশ্ব শৃংখলাত উন্নয়নশীল দেশসমূহৰ আশা-আকাংক্ষা আৰু বাস্তৱিক শক্তিৰ মাজত সামঞ্জস্য স্থাপন কৰিব নোৱাৰিলে এই সংস্কাৰ প্ৰক্ৰিয়া অসম্ভৱ হৈ পৰিব

১০। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ ঘাইকৈ নিৰাপত্তা পৰিষদৰ পুনৰ গঠন বুজায়। তুমি এই উক্তিটোৰ সৈতে একমতনে? ইয়াৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া।

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ সংস্কাৰ যে ঘাইকৈ নিৰাপত্তা পৰিষদৰ পুনৰ গঠন, এই উক্তিটোৰ সৈতে মই আংশিকভাৱে একমত। বৰ্তমানৰ বিশ্বৰ পৰিস্থিতিৰ সৈতে খাপ খুৱাবলৈ নিৰাপত্তা পৰিষদৰ গাঁথনি সলনি কৰাটো অতি প্ৰয়োজনীয়, কিন্তু সংস্কাৰ কেৱল ইয়াতেই সীমাবদ্ধ নাথাকি প্ৰশাসনীয় আৰু কাৰ্য্যকৰী দিশটো হ'ব লাগে

এই উক্তিটোৰ সপক্ষে আৰু বিপক্ষে যুক্তি তলত দিয়া হ’ল:-

সপক্ষে যুক্তি (নিৰাপত্তা পৰিষদৰ পুনৰ গঠনৰ প্ৰয়োজনীয়তা):-

১. বৰ্তমানৰ বাস্তৱতা: ১৯৪৫ চনৰ পৰিস্থিতিৰ ভিত্তিত গঠিত পৰিষদখনে বৰ্তমানৰ বিশ্বৰ শক্তি সমীকৰণ (যেনে- ভাৰত, ব্ৰাজিল, জাপান, জাৰ্মানীৰ প্ৰভাৱ) প্ৰতিনিধিত্ব নকৰে

২. গণতান্ত্ৰিকীকৰণ: কেৱল ৫খন স্থায়ী সদস্য ৰাষ্ট্ৰৰ (P5) হাতত ভেটো ক্ষমতা থকাটো অগণতান্ত্ৰিক। পৰিষদক অধিক গণতান্ত্ৰিক কৰিবলৈ সদস্য সংখ্যা বৃদ্ধি কৰা প্ৰয়োজন

৩. প্ৰতিনিধিত্ব: এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দৰে মহাদেশসমূহৰ পৰা স্থায়ী প্ৰতিনিধিত্ব নাই, যিটো সংস্কাৰৰ জৰিয়তে সমাধান কৰিব পাৰি

বিপক্ষে যুক্তি (কেৱল নিৰাপত্তা পৰিষদেই নহয়):-

১. কাৰ্য্যকৰী সংস্কাৰৰ অভাৱকেৱল সদস্য বঢ়ালেই কাম নহ', পৰিষদৰ কাম-কাজ, ভেটো ক্ষমতাৰ ব্যৱহাৰ আৰু সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰো সংস্কাৰ দৰকাৰ
২. অন্যান্য অংগৰ সংস্কাৰৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ (ECOSOC) আৰু সাধাৰণ সভাৰো সংস্কাৰ প্ৰয়োজন যাতে তেওঁলোকে বিশ্বৰ সামাজিক-অৰ্থনৈতিক সমস্যাবোৰ বেছি প্ৰভাৱশালীভাৱে সমাধান কৰিব পাৰে
৩. আৰ্থিক দিশৰাষ্ট্ৰসংঘৰ বিত্তীয় গাঁথনি আৰু কৰ্মচাৰীসকলৰ কাম-কাজৰ সংস্কাৰো সমানেই গুৰুত্বপূৰ্ণ 

সামৰণি:
যদিও নিৰাপত্তা পৰিষদৰ পুনৰ গঠন ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ, তথাপিও ইয়াকেই সম্পূৰ্ণ সংস্কাৰ বুলি ক’ব নোৱাৰি। কেৱল পৰিষদৰ সদস্য বঢ়ালেই নহ’ব, ইয়াৰ কাম-কাজৰ স্বচ্ছতা আৰু দায়বদ্ধতাও সুনিশ্চিত কৰিব লাগিব

১১। শীলত যুদ্ধৰ পাছত ৰাষ্ট্ৰসংঘৰ কি কি পৰিৱৰ্তন হৈছে?     (উঃ মাঃ ২০১২)

উত্তৰ:-

১২। ৰাষ্ট্রসংঘ এটা নিখুঁত আন্তঃৰাষ্ট্রীয় সংগঠন বুলি তুমি ভাবানে? কাৰণ দর্শোৱা।  (উঃ মাঃ ২০১৩, ২০২৪)

নাইবা

ৰাষ্ট্ৰসংঘৰ সফলতা আৰু বিফলতা সমূহ উল্লেখ কৰা।

উত্তৰ:- দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে গঠিত হোৱা ৰাষ্ট্ৰসংঘৰ প্ৰধান লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

ৰাষ্ট্ৰসংঘই বহুতো ক্ষেত্ৰত সফল হৈছে।

ইয়াৰে কিছুমান সফলতা হল-

i) ৰাষ্ট্ৰসংঘ সৃষ্টি হোৱা পিছৰে পৰা এতিয়ালৈকে কোনো বিশ্বযুদ্ধ সৃষ্টি হোৱা নাই।

ii) বিশ্বৰ বিভিন্ন দেশসমূহৰ মাজত থকা বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰাত ৰাষ্ট্ৰসংঘই অগ্ৰণী ভূমিকা লৈছে।

iii) ৰাষ্ট্ৰসংঘৰ সক্ৰিয় সহযোগৰ বাবে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ বহুবোৰ দেশে স্বাধীনতা লাভ কৰিছে।

ৰাষ্টসংঘই যদিও বিভিন্ন ক্ষেত্ৰত সফল হৈছে। ইয়াৰ কিছুমান ক্ষেত্ৰত সংস্কাৰৰো প্ৰয়োজন হৈছে। সেইবোৰ হল-

i) ইয়াত বহুবোৰ ৰাষ্ট্ৰ প্ৰতিনিধিত্ব নাই, সেয়েহে বহুবোৰ দেশে নিৰাপত্তা পৰিষদত স্থায়ী আৰু অস্থায়ী সদস্যৰ বৃদ্ধিৰ বাবে দাবী কৰিছে।

ii) ৰাষ্ট্ৰসংঘই নিজৰ কাৰ্যক্ষেত্ৰখন সম্প্ৰসাৰণ কৰাৰ লগতে শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে বুলি বহু দেশে মতপোষণ কৰে।

iii) পাঁচখন ৰাষ্ট্ৰৰ ভেটো ক্ষমতা উঠাই দিয়াৰ বাবেও দাবী উত্থাপন হৈছে। কিয়নো ভেটো ক্ষমতা অ-গণতান্ত্ৰিকৰ লগত ই ৰাষ্ট্ৰসংঘৰ সাৰ্বভৌম সমতা নীতিৰ উলংঘা কৰিছে।

iv) তাৰোপৰি প্ৰায় সময়তেই আমি আমেৰিকাৰ হস্তক্ষেপ ৰাষ্ট্ৰসংঘৰ ওপৰত বেছি থকাটো লক্ষ্য কৰোঁ। গতিকে এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই কাৰ্যসূচী হাতত লব লাগে।

v) দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যিহেতু ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল, গতিকে সেই সময়ৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘৰ কাৰ্য স্থিৰ কৰা হৈছিল। কিন্তু শীতল যুদ্ধৰ পিছত বিশ্ব ৰাজনীতিৰ প্ৰেক্ষাপট সলনি হোৱা হেতুকে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ প্ৰয়োজন হৈছে।

গতিকে যদিও ৰাষ্ট্ৰসংঘ বিশ্বৰ বাবে অতি আৱশ্যকীয় সংগঠন। কিন্তু ৰাষ্ট্ৰসংঘৰ সংশোধনৰো প্ৰয়োজন হৈছে। সেয়েহে ইয়াক সম্পূৰ্ণ ৰূপে নিখুঁত আন্তৰাষ্ট্ৰীয় সংগঠন বুলিব নোৱাৰি।

১৩। বর্তমান বিশ্বৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘক এটা অত্যাৱশ্যকীয় সংগঠন বুলি তুমি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্তকতা প্রদর্শন কৰা। (উঃ মাঃ ২০১৪)

উত্তৰ:- দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে গঠিত হোৱা ৰাষ্ট্রসংঘৰ প্রধান লক্ষ্য হৈছে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা। ৰাষ্ট্রসংঘই বিশ্বৰ সকলো দিশাৰ উন্নতি সাধন কৰিব বিচাৰিলেও বহুক্ষেত্রত বিফল হৈছিল।

যদিও ৰাষ্ট্রসংঘই বহুসময়ত যুদ্ধ আৰু যুদ্ধৰ লগত জড়িত দুর্দশা প্রতিৰোধ কৰাৰ ক্ষেত্রত বিফল হৈছিল। তথাপিও ৰাষ্ট্রসমূত্রে ইয়াৰ  ধারবাহিকতা বিচাৰে কিয়নো ৰাষ্ট্রসংঘ এটা অতি অপৰিহাৰ্য্য আৰু অত্যাৱশ্যকীয় সংগঠন। ইয়াৰ কাৰণ সমূহ হ'ল-

i)  ৰাষ্ট্ৰসংঘৰ শ্রেষ্ঠসফলতা হ'ল ইয়াৰ জন্ম হোৱাৰ পৰা এতিয়ালৈকে বিশ্বযুদ্ধৰ সৃষ্টি হোৱা নাই। ৰাষ্ট্রসংঘৰ সক্রিয় সহযোগিতাৰ বাবে এছিয়া আৰু আফ্রিকাৰ দেশসমূহে স্বাধীনতা অর্জন কৰিবলৈ সক্ষম হৈছে

ii) বিশ্ব ৰাষ্ট্ৰবোৰৰ মাজত মকা আদর্শসত আৰু অন্যান্য বিবাদসমূহ মুদ্ধৰ পৰিৱৰ্তে শান্তিপূর্ণ উপায়েৰে মীমাংসা কথাৰ ক্ষেত্রত ৰাষ্ট্ৰসংঘই অগ্ৰণী ভূমিকা গ্রহণ কৰিছে।

iii) আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্রত ই গুৰুত্বপূর্ণ ভূমিকা প্রহণ কৰিছে।

iv) ৰাষ্ট্ৰসংঘই উদ্যোগ ক্ষেত্রত কম উন্নত দেশসমূহক উন্নত কৰিবৰ বাবে প্রযুক্তিগত সাহায্য আগবহায়।

v) ৰাষ্ট্রসংঘৰ কিছুমান বিশেষ বিভাগ যেনে- আন্তৰাষ্ট্ৰী শ্রমিক সংঘ (ILO), খাদ্য আৰু কৃষি সংগঠন (FAO), আন্তৰাষ্ট্ৰীয় স্বাস্থ্য সংগঠন (WHO) আৰু শ্ৰমিকৰ লগত জড়িত সমস্যাসমূহ সমাধান কৰাত অত্যন্ত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে।

vi) ছোভিয়েট ৰাছিয়াৰ ভংগ আৰু শীতল যুদ্ধৰ সমাপ্তিৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ সর্বশ্রেষ্ঠ শক্তিৰূপে গঢ় লৈ উঠে। এইক্ষেত্রত ৰাষ্ট্রসংঘই আছিল এনে এটা সংগঠন যিয়ে আমেৰিকা ইচ্ছামতে কাম কৰাৰ পৰা বাধা দিব পাৰে

শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘই ৰাজনৈতিক ক্ষেত্ৰত সকলোবোৰ সমস্যা সম্পূৰ্ণৰূপে সমাধান কৰিব নোৱাৰিলেও বিশ্ব শান্তি অক্ষুন্ন ৰখাত ইয়াৰ বৰঙনি মন কৰিবলগীয়া। স্বাস্থ্য, শিক্ষা, বিজ্ঞান, মানৱ কল্যাণ আদি দিশত ৰাষ্ট্ৰসংঘৰ অৱদান যথেষ্ট।

সেয়ে ৰাষ্ট্ৰসংঘ এটা অতি অত্যাৱশ্যকীয় সংগঠণ বুলিব পাৰি।

১৪। ৰাষ্ট্ৰসংঘৰ পুনৰগঠন আৰু ভবিষ্যত সম্পর্কে চমুকৈ আলোচনা কৰা। (উঃ মাঃ ২০১৭)

উত্তৰ:- বিশ্বৰ যিকোনো সংগঠনক পৰিস্থিতিৰ সৈতে খাপ খুৱাই আগবঢ়াই লৈ যাবৰ বাবে ইয়াক সংস্কাৰ তথা পুনৰ গঠন কৰাৰ প্রয়োজন আহি পবে। এইক্ষেত্রত ব্যতিক্রম হোৱা নাই ৰাষ্ট্রসংঘৰ ক্ষেত্রতো। ৰাষ্ট্রসংঘ ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে গঠিত হৈছিল। ইতিমধ্যে বিশ্বৰ ৰাজনীতিত যথেষ্ট পৰিবর্তন ঘটিছে। সেয়েহে ইয়াক সংস্কাৰ তথা পুনর্গঠনৰ বাবে দাবী উত্থাপন হৈছে। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ তথা পুনগঠনৰ বাবে উত্থাপন হোৱা দাবীত যদিও সৰহভাগ ৰাষ্ট্রই একমত হৈছে, কিন্তু সংস্কাৰৰ প্রকৃতিৰ ক্ষেত্রত ৰাষ্ট্ৰসমূহৰ মাজত মতৰ পার্থক্য দেখিবলৈ পোৱা যায়।

ৰাষ্ট্ৰসংঘক দুইধৰণৰ সংস্কাৰ কৰাৰ প্রয়োজন হৈছে। যেনে-

(ক) সাংগঠনিক দিশ আৰু প্রক্রিয়াৰ ক্ষেত্রত সংস্কাৰ।

(খ) ইয়াৰ অধিকাৰ ক্ষেত্ৰৰ (Jurisdiction) ভিতৰত পৰা বিষয়সমূহৰ সংস্কাৰ।

ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহে যদিও ওপৰত উল্লেখ কৰা সংস্কাৰ দুটা কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছে, কিন্তু এই সংস্কাৰ দুটা কেতিয়া আৰু কেনেকৈ কৰা হ'ব সেই বিষয়ত সদস্যসকল একমত নহয়। ৰাষ্ট্ৰসংঘৰ সাংগঠনিক দিশ আৰু প্রক্রিয়া সংস্কাৰ কৰা প্রশ্ন অহাৰ লগে লগে নিৰাপত্তা পৰিষদৰ কথা জড়িত হৈ পৰে। ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহে নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰি আহিছে। তেওঁলোকৰ মতে সদস্যৰ সংখ্যা বৃদ্ধিৰ জৰিয়তে সমসাময়িক বিশ্বৰ ৰাজনীতিৰ প্রকৃত ছবিখন ভালদৰে প্ৰতিফলিত হ'ব। বিশেষকৈ, নিৰাপত্তা পৰিষদত যিহেতুকে এছিয়া, আফ্রিকা আৰু দক্ষিণ আমেৰিকাৰ পৰা উচিত প্রতিনিধিত্ব নাই, সেয়ে এই অঞ্চলবোৰৰ পৰা উচিত প্রতিনিধি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অন্তর্ভুক্ত কৰাৰ বাবে প্রস্তাৱ আগবঢ়োৱা হৈছে। ইয়াৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ বাজেট প্রক্রিয়া আৰু প্রশাসনিক বিষয়ৰ ক্ষেত্ৰখন সম্প্ৰসাৰণ হোৱাটো বিচাৰে।

দ্বিতীয়তে, কেতবোৰ বাষ্ট্র তথা বিশেষজ্ঞসকলৰ মতে ৰাষ্ট্ৰসংঘৰ কার্যক্ষেত্ৰখন সম্প্ৰসাৰণ তথা অধিক কার্যক্ষম হ'ব লাগে, তেওঁলোকে মত শোষণ কৰিছে যে ৰাষ্ট্ৰসংঘই শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্রদান কৰা প্রয়োজন। আনহাতে আন কিছুমান ৰাষ্ট্ৰৰ মতে উন্নয়ন আৰু মানৱীয় কার্য যেনে- স্বাস্থ্য, শিক্ষা, পাৰিপাৰ্শ্বিকতা নিয়ন্ত্রণ, জনসংখ্যা নিয়ন্ত্রণ, মানৱীয় অধিকাৰ ৰক্ষা, লিংগ আৰু সামাজিক ন্যায় প্রতিষ্ঠা এইবোৰ কাৰ্যৰ মাজতে বাষ্ট্ৰসংঘৰ কার্য সীমিত হ'ব লাগে।

দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিচত ১৯৪৫ চনত ৰাষ্ট্ৰসংঘৰ স্থাপন কৰা হৈছিল। গতিকে সেই সময়ত বিশ্বৰ ৰাজনীতিৰ লগত খাপ খোৱাকৈ ইয়াৰ গাঁথনি যুগুত কৰা হৈছিল আৰু সেই হিচাপে ইয়াৰ কাৰ্যাৱলীও স্থিৰ কৰা হৈছিল। কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে বিশেষকৈ শীতল যুদ্ধৰ অন্ত পৰাৰ পিছৰ পৰা বিশ্বৰ ৰাজনীতিৰ প্রেক্ষাপট সলনি হৈ পৰিছে। সেইবাবেই ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন আৰু কাৰ্যসূচীৰ সংস্কাৰ কৰাৰ প্ৰয়োজন হৈছে বুলি ভবা হৈছে।

১৫। বিশ্ব বেংকৰ কোন চনত স্থাপন কৰা হৈছিল? যিকোনো এটা কার্য উল্লেখ কৰা।(উঃ মাঃ ২০১৭)

উত্তৰ:- বিশ্ব বেংক ১৯৪৫ চনত স্থাপন কৰা হৈছিল।

বিশ্ব বেংকৰ এটা কাৰ্য হল- দৰিদ্ৰ ৰাষ্ট্ৰসমূহলৈ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা।

চমু প্রশ্নঃ

১। ৰাষ্ট্ৰসংঘৰ কেনেধৰণৰ সংস্কাৰৰ প্ৰয়োজন; চমুকৈ বৰ্ণনা কৰা।

উত্তৰ:- বিশ্বৰ যিকোনো সংগঠনক পৰিস্থিতিৰ সৈতে খাপ খুৱাই আগবঢ়াই লৈ যাবৰ বাবে ইয়াক সংস্কাৰ তথা পুনৰ গঠন কৰাৰ প্রয়োজন আহি পবে। এইক্ষেত্রত ব্যতিক্রম হোৱা নাই ৰাষ্ট্রসংঘৰ ক্ষেত্রতো। ৰাষ্ট্রসংঘ ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে গঠিত হৈছিল। ইতিমধ্যে বিশ্বৰ ৰাজনীতিত যথেষ্ট পৰিবর্তন ঘটিছে। সেয়েহে ইয়াক সংস্কাৰ তথা পুনর্গঠনৰ বাবে দাবী উত্থাপন হৈছে। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ তথা পুনগঠনৰ বাবে উত্থাপন হোৱা দাবীত যদিও সৰহভাগ ৰাষ্ট্রই একমত হৈছে, কিন্তু সংস্কাৰৰ প্রকৃতিৰ ক্ষেত্রত ৰাষ্ট্ৰসমূহৰ মাজত মতৰ পার্থক্য দেখিবলৈ পোৱা যায়।

ৰাষ্ট্ৰসংঘক দুইধৰণৰ সংস্কাৰ কৰাৰ প্রয়োজন হৈছে। যেনে-

(ক) সাংগঠনিক দিশ আৰু প্রক্রিয়াৰ ক্ষেত্রত সংস্কাৰ।

(খ) ইয়াৰ অধিকাৰ ক্ষেত্ৰৰ (Jurisdiction) ভিতৰত পৰা বিষয়সমূহৰ সংস্কাৰ।

ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহে যদিও ওপৰত উল্লেখ কৰা সংস্কাৰ দুটা কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছে, কিন্তু এই সংস্কাৰ দুটা কেতিয়া আৰু কেনেকৈ কৰা হ'ব সেই বিষয়ত সদস্যসকল একমত নহয়। ৰাষ্ট্ৰসংঘৰ সাংগঠনিক দিশ আৰু প্রক্রিয়া সংস্কাৰ কৰা প্রশ্ন অহাৰ লগে লগে নিৰাপত্তা পৰিষদৰ কথা জড়িত হৈ পৰে। ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহে নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰি আহিছে। তেওঁলোকৰ মতে সদস্যৰ সংখ্যা বৃদ্ধিৰ জৰিয়তে সমসাময়িক বিশ্বৰ ৰাজনীতিৰ প্রকৃত ছবিখন ভালদৰে প্ৰতিফলিত হ'ব। বিশেষকৈ, নিৰাপত্তা পৰিষদত যিহেতুকে এছিয়া, আফ্রিকা আৰু দক্ষিণ আমেৰিকাৰ পৰা উচিত প্রতিনিধিত্ব নাই, সেয়ে এই অঞ্চলবোৰৰ পৰা উচিত প্রতিনিধি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অন্তর্ভুক্ত কৰাৰ বাবে প্রস্তাৱ আগবঢ়োৱা হৈছে। ইয়াৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ বাজেট প্রক্রিয়া আৰু প্রশাসনিক বিষয়ৰ ক্ষেত্ৰখন সম্প্ৰসাৰণ হোৱাটো বিচাৰে।

দ্বিতীয়তে, কেতবোৰ বাষ্ট্র তথা বিশেষজ্ঞসকলৰ মতে ৰাষ্ট্ৰসংঘৰ কার্যক্ষেত্ৰখন সম্প্ৰসাৰণ তথা অধিক কার্যক্ষম হ'ব লাগে, তেওঁলোকে মত শোষণ কৰিছে যে ৰাষ্ট্ৰসংঘই শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্রদান কৰা প্রয়োজন। আনহাতে আন কিছুমান ৰাষ্ট্ৰৰ মতে উন্নয়ন আৰু মানৱীয় কার্য যেনে- স্বাস্থ্য, শিক্ষা, পাৰিপাৰ্শ্বিকতা নিয়ন্ত্রণ, জনসংখ্যা নিয়ন্ত্রণ, মানৱীয় অধিকাৰ ৰক্ষা, লিংগ আৰু সামাজিক ন্যায় প্রতিষ্ঠা এইবোৰ কাৰ্যৰ মাজতে বাষ্ট্ৰসংঘৰ কার্য সীমিত হ'ব লাগে।

দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিচত ১৯৪৫ চনত ৰাষ্ট্ৰসংঘৰ স্থাপন কৰা হৈছিল। গতিকে সেই সময়ত বিশ্বৰ ৰাজনীতিৰ লগত খাপ খোৱাকৈ ইয়াৰ গাঁথনি যুগুত কৰা হৈছিল আৰু সেই হিচাপে ইয়াৰ কাৰ্যাৱলীও স্থিৰ কৰা হৈছিল। কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে বিশেষকৈ শীতল যুদ্ধৰ অন্ত পৰাৰ পিছৰ পৰা বিশ্বৰ ৰাজনীতিৰ প্রেক্ষাপট সলনি হৈ পৰিছে। সেইবাবেই ৰাষ্ট্ৰসংঘৰ সংস্কাৰ কৰাৰ প্ৰয়োজন হৈছে বুলি ভবা হৈছে।

২। ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হোৱাৰ দিনৰ পৰা বৰ্তমান বিশ্বৰ ৰাজনীতিত হোৱা চাৰিটা পৰিবৰ্তন উল্লেখ কৰা।

উত্তৰ:- ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হোৱাৰ দিনৰ পৰা বৰ্তমান বিশ্বৰ ৰাজনীতিত হোৱা চাৰিটা পৰিবৰ্তন তলত উল্লেখ কৰা হল-

i) বিশ্বত বৃহৎ শক্তি হিচাপে পৰিগণিত ছোভিয়েট ৰাছিয়াৰ পতন।

ii) আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বত অদ্বিতীয় বৃহৎ শক্তি হিচাপে আৱিৰ্ভাৱ।

iii) ছোভিয়েট ৰাছিয়াৰ উত্তৰাধিকাৰী হিচাপে ৰাছিয়াক স্বীকৃতি প্ৰদান।

iv) ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগিতা স্থাপন।

৩। ভাৰতবৰ্ষই কিয় ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন হোৱাত সমর্থন কৰে; চাৰিটা কাৰণ দৰ্শোৱা।

উত্তৰ:- ভাৰতবৰ্ষই তলত উল্লেখিত কাৰণত ৰাষ্ট্রসংঘৰ পুনৰ গঠন হোৱাত সমর্থন কৰে:-

(ক) ৰাষ্ট্রসংঘক শক্তিশালী আৰু অধিক কার্যক্ষম কৰিবলৈ হ'লে পৰিবর্তিত সমসাময়িক ৰাজনীতিৰ সৈতে খাপ খোৱাকৈ ৰাষ্ট্রসংঘক পুনর্গঠন কৰাৰ প্রয়োজন;

(খ) বিশ্বৰ ৰাষ্ট্রসমূহৰ উন্নয়ন আৰু ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰিবলৈ হ'লে ৰাষ্ট্ৰসংঘৰ ভূমিকা অধিক বৃদ্ধি কৰিব লাগিব আৰু ইয়াৰ বাবে ৰাষ্ট্ৰসংঘক পুনর্গঠন কবিব লাগিব;

(গ) ৰাষ্ট্রসংঘৰ মূল মন্ত্র হ'ল বিশ্বৰ প্রগতি তথা উন্নয়ন। ইয়াক বাস্তৱায়িত কৰিবলৈ হ'লে বিশ্বত শান্তি আৰু নিৰাপত্তা প্রতিষ্ঠিত কৰিব লাগিব। ইয়াৰ বাবে ৰাষ্ট্ৰসংঘক পুনর্গঠন কৰি নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰসমূহক ৰাষ্ট্ৰসংঘৰ কাৰ্যৰ সৈতে সক্রিয়ভাবে জড়িত কৰিব লাগিব।

(ঘ) ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ পুনর্গঠনৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। কাৰণ, ৰাষ্ট্ৰসংঘই জন্মলগ্নৰ পৰা নিৰাপত্তা পৰিষদৰ সদস্যৰ সংখ্যা প্রয়োজন অনুসৰি বৃদ্ধি কৰা নাই। আনহাতে সাধাৰণ সভাৰ সদস্যৰ সংখ্যা সামগ্রিকভাবে বৃদ্ধি পাইছে। সেয়েহে ভাৰতে অনুভৱ কৰে যে সাধাৰণ সভাৰ সদস্যৰ সংখ্যা বৃদ্ধিৰ অনুপাতে নিৰাপত্তা পৰিষদৰ সদস্যৰ সংখ্যাও বৃদ্ধি হোৱা দৰকাৰ, তেতিয়াহে নিৰাপত্তা পৰিষদত ৰাষ্ট্ৰসমূহৰ উচিত প্রতিনিধি থাকিব আৰু নিৰাপত্তা পৰিষদৰ ওপৰত ৰাষ্ট্ৰসমূহৰ আস্থা বৃদ্ধি পাব।

৪। নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্য হিচাপে অন্তর্ভুক্ত কৰাৰ চাৰিটা যুক্তি উল্লেখ কৰা।

উত্তৰ:- ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হোৱা দিনৰ পৰাই ইয়াৰ বিকাশ সম্পর্কীয় কাম-কাজত অংশগ্ৰহণ কৰাৰ উপৰি ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্যসূচীত ভাৰতে যথেষ্ট বৰঙণি আগবঢ়াই আহিছে।

ভাৰতবর্ষই তলত উল্লেখিত যুক্তিত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ দাবীদাৰ হৈছে:-

(ক) ভাৰতবৰ্ষ হ'ল বিশ্বৰ দ্বিতীয় স্থান দখল কৰা জনবহুল ৰাষ্ট্র।

(খ) ভাৰতবৰ্ষ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্র।

(গ) ভাৰতবৰ্ষই বিশ্বত শান্তি প্রতিষ্ঠা কৰাৰ বাবে সদায় বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

ঘ) ভাৰতবৰ্ষই নিৰস্ত্ৰীকৰণৰ সমর্থনত আৰু বর্ণবাদৰ বিৰুদ্ধে সদায় ৰাষ্ট্ৰসংঘৰ মজিয়াত নিজৰ মত প্রকাশ কৰি আহিছে।

(ঙ) ভাৰতবৰ্ষৰ অর্থনৈতিক অবস্থা বর্তমান বিশ্বৰ আগশাৰীৰ স্তৰত আহিছে।

৫। ভাৰতবৰ্ষৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে অন্তর্ভুক্তিৰ কাৰণ কি?

উত্তৰ:- ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত হলে ই হব ভাৰতবৰ্ষৰ বাবে প্ৰতীকস্বৰূপ। ইয়াৰ ফলত ভাৰতবৰ্ষৰ গুৰুত্ব বিশ্ব ৰাজনীতিত অধিক বৃদ্ধি পাব আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত কেতবোৰ সুবিধা গ্ৰহণ কৰিবলৈ সক্ষম হব।

৬। বিশ্ব বেংক কোন চনত স্থাপিত হৈছিল। ইয়াৰ কাৰ্যকলাপ আলোচনা কৰা (উঃ মাঃ ২০১২, '১৭)

উত্তৰ:- ১৯৪৫ চনত বিশ্ব বেংক স্থাপন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্য্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰ ৱাছিংটনত অৱস্থিত। ইয়াৰ সদস্যভুক্ত ৰাষ্ট্ৰৰ সংখ্যা হল ১৮৯।

ইয়াৰ কাৰ্য্যাৱলীসমূহ হল-

i) দৰিদ্ৰ ৰাষ্ট্ৰসমূহলৈ আৰ্থিক সাহাৰ্য্য় আগবঢ়োৱা।

ii) বৈধ অনুষ্ঠানসমূহ উন্নতকৰণ আৰু দুৰ্নীতিৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণ কৰা।

iii)  মানৱ উন্নয়ন যেনে- শিক্ষা, স্বাস্থ্য সেৱা আগবঢ়োৱা।

৭। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ___পাঁচ______ খন স্থায়ী আৰু ____দহ_____ খন অস্থায়ী সদস্য ৰাষ্ট্র আছে। (উঃ মাঃ ২০১৪)

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ___পাঁচ______ খন স্থায়ী আৰু ____দহ_____ খন অস্থায়ী সদস্য ৰাষ্ট্র আছে।

৮। সমগ্র বিশ্বত, মানৱ অধিকাৰৰ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰি থকা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা। (উঃ মাঃ ২০১৫, ২০২৪)

উত্তৰ:- ক) আন্তৰ্জাতিক ক্ষমাদান (Amnesty International)

খ) মানৱ অধিকাৰ জাগৰণ (Human Rights Watch)

৯। ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ প্রদান কৰিব লাগে বুলি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা দিয়া। (উঃ মাঃ ২০১৮)

উত্তৰ:- :- ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হোৱা দিনৰ পৰাই ইয়াৰ বিকাশ সম্পর্কীয় কাম-কাজত অংশগ্ৰহণ কৰাৰ উপৰি ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্যসূচীত ভাৰতে যথেষ্ট বৰঙণি আগবঢ়াই আহিছে।

ভাৰতবর্ষই তলত উল্লেখিত যুক্তিত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ দাবীদাৰ হৈছে:-

(ক) ভাৰতবৰ্ষ হ'ল বিশ্বৰ দ্বিতীয় স্থান দখল কৰা জনবহুল ৰাষ্ট্র।

(খ) ভাৰতবৰ্ষ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্র।

(গ) ভাৰতবৰ্ষই বিশ্বত শান্তি প্রতিষ্ঠা কৰাৰ বাবে সদায় বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

ঘ) ভাৰতবৰ্ষই নিৰস্ত্ৰীকৰণৰ সমর্থনত আৰু বর্ণবাদৰ বিৰুদ্ধে সদায় ৰাষ্ট্ৰসংঘৰ মজিয়াত নিজৰ মত প্রকাশ কৰি আহিছে।

(ঙ) ভাৰতবৰ্ষৰ অর্থনৈতিক অবস্থা বর্তমান বিশ্বৰ আগশাৰীৰ স্তৰত আহিছে।

(চ) ভাৰতবৰ্ষই সদায় নিয়মিতভাবে ৰাষ্ট্রসংঘলৈ বৰঙণি আগবঢ়াই আহিছে আৰু ইয়াৰ পৰা কেতিয়াও বিৰত থকা নাই।

উপৰোক্ত কাৰণত ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ পাৰ্থিত্ব সমৰ্থন কৰোঁ। ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে অন্তর্ভুক্ত হ'লে ই হ'ব ভাৰতবৰ্ষৰ বাবে এটা প্রতীকস্বৰূপ। ইয়াৰ ফলত ভাৰতবৰ্ষৰ গুৰুত্ব বিশ্বৰ ৰাজনীতিত অধিক বৃদ্ধি পাব আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত কেতবোৰ সুবিধা গ্রহণ কৰিবলৈ সক্ষম হ'ব।

চমুটোকা:

১। (ক) নতুন আন্তর্জাতিক অর্থনৈতিক সংগঠন,

উত্তৰ:-

(খ) আন্তর্জাতিক মুদ্রা নিধি:

উত্তৰ:-

(গ) বিশ্ব বাণিজ্য সংস্থা,

উত্তৰ:-

(ঘ) বিশ্ব বেংক,

উত্তৰ:-

(ঙ) এমনেষ্টি ইণ্টাৰনেচনেল;

উত্তৰ:-

(চ) হিউমেন্ ৰাইট বাচ্ছ

উত্তৰ:-

২। বিশ্বৰ শাসন ব্যৱস্থাত নতুন অনুষ্ঠানবোৰ কিমানদূৰ গণতান্ত্রিক আৰু দায়বদ্ধ চমুকৈ লিখা।

উত্তৰ:-

৩। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তর্ভুক্তিৰ যুক্তিযুক্তকতা প্রদর্শন কৰা (উঃ মাঃ ২০১৪)

উত্তৰ:- :- ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হোৱা দিনৰ পৰাই ইয়াৰ বিকাশ সম্পর্কীয় কাম-কাজত অংশগ্ৰহণ কৰাৰ উপৰি ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্যসূচীত ভাৰতে যথেষ্ট বৰঙণি আগবঢ়াই আহিছে।

ভাৰতবর্ষই তলত উল্লেখিত যুক্তিত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ দাবীদাৰ হৈছে:-

(ক) ভাৰতবৰ্ষ হ'ল বিশ্বৰ দ্বিতীয় স্থান দখল কৰা জনবহুল ৰাষ্ট্র।

(খ) ভাৰতবৰ্ষ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্র।

(গ) ভাৰতবৰ্ষই বিশ্বত শান্তি প্রতিষ্ঠা কৰাৰ বাবে সদায় বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

ঘ) ভাৰতবৰ্ষই নিৰস্ত্ৰীকৰণৰ সমর্থনত আৰু বর্ণবাদৰ বিৰুদ্ধে সদায় ৰাষ্ট্ৰসংঘৰ মজিয়াত নিজৰ মত প্রকাশ কৰি আহিছে।

(ঙ) ভাৰতবৰ্ষৰ অর্থনৈতিক অবস্থা বর্তমান বিশ্বৰ আগশাৰীৰ স্তৰত আহিছে।

(চ) ভাৰতবৰ্ষই সদায় নিয়মিতভাবে ৰাষ্ট্রসংঘলৈ বৰঙণি আগবঢ়াই আহিছে আৰু ইয়াৰ পৰা কেতিয়াও বিৰত থকা নাই।

উপৰোক্ত কাৰণত ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ পাৰ্থিত্ব সমৰ্থন কৰোঁ। ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে অন্তর্ভুক্ত হ'লে ই হ'ব ভাৰতবৰ্ষৰ বাবে এটা প্রতীকস্বৰূপ। ইয়াৰ ফলত ভাৰতবৰ্ষৰ গুৰুত্ব বিশ্বৰ ৰাজনীতিত অধিক বৃদ্ধি পাব আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত কেতবোৰ সুবিধা গ্রহণ কৰিবলৈ সক্ষম হ'ব।

অতি চমু প্ৰশ্নৰ উত্তৰ:

১। ৰাষ্ট্ৰসংঘৰ কেতিয়া প্রতিষ্ঠা হৈছিল? (উঃ মাঃ ২০২৪)

উত্তৰ:- ৰাষ্ট্ৰসংঘ ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে প্ৰতিষ্ঠা হেছিল।

২। ভাৰত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্যনে?

উত্তৰ:-

৩। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা কিমান?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা-১৫।

৪। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যৰ সংখ্যা কিমান?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যৰ সংখ্য়া পাঁচ।

৫। ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্র কেইখনৰ নাম লিখা। (উঃ মাঃ ২০১২)

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (UNSC) ৫খন স্থায়ী সদস্য ৰাষ্ট্ৰ হ’ল— আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন (যুক্তৰাজ্য), ফ্ৰান্স, ৰাছিয়া (পূৰ্বৰ ছোভিয়েট ইউনিয়ন) আৰু চীন।

৬। নিৰাপত্তা পৰিষদ 'ভেটো' ক্ষমতা কোনে প্রয়োগ কৰিব পাৰে?

উত্তৰ:- নিৰাপত্তা পৰিষদৰ ভেটো ক্ষমতা স্থায়ী সদস্য়ই প্ৰয়োগ কৰিব পাৰে।

৭। ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিবপ্রধানজনৰ নাম কি?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্রধানগৰাকীৰ নাম হৈছে- এন্টনিঅ গুটেৰছ।

৮। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সভানেত্রী হিচাপে কোনে কার্যনির্বাহ কৰিছিল?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সভানেত্রী হিচাপে কার্যনির্বাহ কৰিছিল -বিজয়লক্ষ্মী পণ্ডিতে।

৯। বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰখনৰ নাম কি?

উত্তৰ:- বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰখনৰ নাম হৈছ- ভাৰতবৰ্ষ।

১০। নতুন আন্তর্জাতিক অর্থনৈতিক সংগঠন এটাৰ নাম উল্লেখ কৰা।

উত্তৰ:-

১১। আন্তর্জাতিক মুদ্রানিধি কোন চনত প্রতিষ্ঠা হৈছিল?

উত্তৰ:- ১৯৪৪ চনৰ জুলাই মাহত আন্তর্জাতিক মুদ্রানিধি প্রতিষ্ঠা হৈছিল।

১২। নতুন আন্তর্জাতিক বেচৰকাৰী সংগঠন (NGO) এটাৰ নাম উল্লেখ কৰা।

উত্তৰ:- নতুন আন্তৰ্জাতিক বেচৰকাৰী সংগঠন এটাৰ নাম হৈছে – এমেনেষ্টি ইণ্টাৰনেচনেল

১৩। এমনেষ্টি ইণ্টাৰনেচনেলৰ এটা কার্য উল্লেখ কৰা।

উত্তৰ:- এমনেষ্টি ইণ্টাৰনেচনেলৰ এটা কাৰ্য হৈছে- মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে গৱেষণা কৰা আৰু জনমত গঠন কৰা

১৪। 'হিউমেন্ ৰাইট্ বাচ্চ' পূর্বতে কি নামেৰে জনা গৈছিল।

উত্তৰ:- হেলচিংকি ৱাচ নামেৰে জনা গৈছিল।

১৫। 'ৰাষ্ট্ৰসংঘই মানৱ জাতিৰ বাবে স্বৰ্গ তৈয়াৰ কৰিব নোৱাৰে, কিন্তু নৰকৰ পৰা ৰক্ষা কৰিব পাৰে' এই উক্তিটো কাৰ?

উত্তৰ:- ডাগ হ্যামাৰস্কিল্ড (Dag Hammarskjöld)

১৬। ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন সদস্য ৰাষ্ট্রই স্বাক্ষৰ কৰিছিল? (উঃ মাঃ ২০১২, ২০১৫, ২০২৪)

উত্তৰ:- ৫০ খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ কৰিছিল।

১৭। কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদ্যাপন কৰা হয়? (উঃ মাঃ ২০১৩)

উত্তৰ:- ২৪ অক্টোবৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদ্যাপন কৰা হয়।

১৮। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্রধানগৰাকীৰ নাম কি? (উঃ মাঃ ২০১৪, ২০১৬)

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্রধানগৰাকীৰ নাম হৈছে- এন্টনিঅ গুটেৰছ।

 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত দ্বাদশ শ্ৰেণীৰ  (Class 12 Political Science Book Part-A) ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ ক-অংশৰ চতুৰ্থ অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!

Written By- Ankur Moni Nath

Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)

Post a Comment

Previous Post Next Post