AHSEC Class 12 History Question Paper 2025 Download PDF | HS 2nd Year History Paper
Questions
1. Answer the following questions (any eight):
নিম্নলিখিত প্রশ্নসমূহৰ উত্তৰ দিয়া (যিকোনো আঠটা):
(a) Name one major city of Harappan Civilization.
(হৰপ্পা সভ্যতাৰ এখন প্রধান নগৰৰ নাম লিখা।)
(b) Name the most powerful Mahajanapada in India between the sixth and the fourth centuries BCE.
(খ্রীষ্টপূর্ব ষষ্ঠ আৰু চতুর্থ শতিকাৰ ভিতৰত ভাৰতৰ সকলোতকৈ শক্তিশালী মহাজনপদখনৰ নাম লিখাঁ।)
(c) Who did not accept Ekalavya as his disciple?
(কোনে একালব্যক নিজৰ শিষ্য হিচাপে গ্রহণ কৰা নাছিল?)
(d) Name any one of the Tripitaka.
('ত্রিপিটক'ৰ যিকোনো এখনৰ নাম লিখাঁ।)
e) Who was the greatest king of Koch kingdom?
(কোচ ৰাজ্যৰ সর্বশ্রেষ্ঠ ৰজা কোন আছিল?)
f) Who was the author of Sakari Feti Buranji?
('চকৰী ফেটী বুৰঞ্জী'ৰ লেখক কোন আছিল?)
(g) What is the title of Bernier's travel account on India?
(বার্নিয়াৰৰ ভাৰত সম্পর্কীয় ভ্রমণ বৃত্তান্তখনৰ নাম কি?)
(h) Which God is worshipped in the Nava Vaishnav Dharma or Neo-Vaishnavism?
(নৱ-বৈষ্ণব ধর্মত কোন দেৱতাৰ পূজা কৰা হয়?)
(i) Who was the greatest king of the Vijayanagara Empire?
(বিজয়নগৰ সাম্ৰাজ্যৰ আটাইতকৈ শ্রেষ্ঠ ৰজাজন কোন আছিল?)
(j) In which empire was the Mansabdari system used?
(মনচবদাৰী প্ৰথা কোন সাম্ৰাজ্যত ব্যৱহৃত হৈছিল?)
(k) Who were made the owners of land under the Permanent Settlement?
(চিৰস্থায়ী বন্দৱন্তৰ অধীনত ভূমিৰ মালিক কাক কৰা হৈছিল?)
(l) In which year did the Sepoy Mutiny take place?
(কোন চনত চিপাহী বিদ্রোহ ঘটিছিল?)
2. Answer the following questions in brief (any eight):
(তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া (যিকোনো আঠটা):)
(a) Mention two characteristics of the script of the Harappan Civilization.
(হৰপ্পা সভ্যতাৰ লিপিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰাঁ।)
(b)Which two languages were commonly used in the earliest inscription?
(প্রাচীন লিপিত কোন দুটা ভাষা সাধাৰণতে ব্যৱহাৰ কৰা হৈছিল?)
(c) Write any two duties fixed by the Manusmriti for the Chandalas.
(চণ্ডালৰ বাবে 'মনুস্মৃতি'য়ে নির্ধাৰণ কৰা যিকোনো দুটা কর্তব্য লিখা।)
d) Which two famous Chinese Buddhist monks visited India?
(চীনৰ কোন দুজন প্রসিদ্ধ বৌদ্ধ ভিক্ষুৰে ভাৰত ভ্ৰমণ কৰিছিল?)
(e) Who led the Ahom forces in the Battle of Saraighat and what was its result?
(শৰাইঘাটৰ যুদ্ধত আহোম সেনাবাহিনীক কোনে নেতৃত্ব দিছিল আৰু এই যুদ্ধৰ ফলাফল কি আছিল?)
(f) Where and in which year was the Pandu Congress Session held?
(পাণ্ডু কংগ্রেছ অধিবেশন ক'ত আৰু কোন চনত অনুষ্ঠিত হৈছিল?)
(g) What were the two kinds of postal system in India according to Ibn Battuta?
(ইবন বটুতাৰ মতে ভাৰতত প্রচলিত দুটা ডাকব্যৱস্থা কি আছিল?)
(h) What is Khanqah?
(খানকাহ কি?)
(i) What is Jama and Hasil?
(জমা আৰু হাচিল কি?)
j) Give two reasons for Santhal Rebellion.
(চাঁওতাল বিদ্ৰোহৰ দুটা কাৰণ লিখাঁ।)
3. Answer the following questions (any eight):
(তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া (যিকোনো আঠটা):)
(a) Describe the important features of the Great Bath of Mohenjo-daro.
(মহেঞ্জোদাৰোৰ বৃহৎ স্থানাগাৰৰ গুৰুত্বপূর্ণ বৈশিষ্ট্যসমূহ বর্ণনা কৰাঁ।)
(b) Write a note on the administrative system of the Mauryan empire.
(মৌর্য সাম্ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত এটা টোকা লিখাঁ।)
(c) Explain the concept of 'Gotra' and its significance in early societies.
(গোত্ৰৰ ধাৰণা আৰু প্রাচীন সমাজত গুৰুত্বৰ বিষয়ে বিৱৰণ দিয়া।)
(d) Write a short note on Gandhara school of art.
(গান্ধাৰ শিল্প শৈলীৰ সম্পর্কে এটা সংক্ষিপ্ত টোকা লিখাঁ।)
(e) Write briefly about the social condition of ancient Assam.
(প্রাচীন অসমৰ সামাজিক অৱস্থাৰ বিষয়ে চমুকৈ লিখাঁ।)
f) the evidence of slavery provided Analyze Ibn Battuta in India.
(ইবন বটুতাই ভাৰতত দেখা দাসপ্রথাৰ বিষয়ে কি উল্লেখ কৰিছে বর্ণনা কৰাঁ।)
(g) State the main features of Bhakti tradition.
(ভক্তি পৰম্পৰাৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰাঁ।)
(h) Discuss the role played by the Amara-Nayaka in the Vijayanagara Empire.
(বিজয়নগৰ সাম্ৰাজ্যত অমৰ-নায়কৰ ভূমিকা আলোচনা কৰাঁ।)
(i) Explain the role played by women in the agrarian society during Mughal period.
(মোগল যুগত কৃষিপ্রধান সমাজত মহিলাসকলৰ ভূমিকা বৰ্ণনা কৰাঁ।)
(j) How did American Civil War affect the lives of the peasants in India?
(আমেৰিকাৰ গৃহযুদ্ধই ভাৰতৰ কৃষকৰ জীৱনৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাইছিল?)
(k) What steps did the British take to quell the Revolt of 1857?
(১৮৫৭ চনৰ বিদ্ৰোহ দমনৰ বাবে বৃটিছসকলে কি ব্যৱস্থা লৈছিল?)
(l) Why was the Cripps Mission not accepted by the Indian leaders?
(ভাৰতীয় নেতাসকলে ক্রিছ মিছনক কিয় গ্রহণ নকৰিলে ?)
(m) How did the contemporary political situation in India influence the drafting of the Constitution?
(ভাৰতৰ সমসাময়িক ৰাজনৈতিক পৰিস্থিতিয়ে সংবিধান ৰচনাত কেনেধৰণৰ প্ৰভাৱ পেলাইছিল?)
(n) Why is the 1942 National Movement called a mass movement?
(১৯৪২ৰ জাতীয় আন্দোলনক কিয় গণ-আন্দোলন বুলি কোৱা হয়?)
4. Read the given passages carefully and questions that follow : answer the 6×3=18
(তলত দিয়া উদ্ধৃতিখণ্ডসমূহ মনোযোগেৰে পঢ়ি প্রশ্নবোৰৰ উত্তৰ লিখাঁ :)
(a) Draupadi's Question :
Draupadi is supposed to have asked Yudhisthira, whether he had lost himself before staking her. Two contrary opinions were expressed in response to this question.
One, that even if Yudhisthira had lost himself earlier, his wife remainded under his control, so he could stake her.
Two, that an unfree man (as Yudhisthira was when he had lost himself) could not stake another person.
The matter remained unresolved. Ultimately, Dhritarashtra restored the Pandavas and Draupadi to their personal freedom.
Questions:
(i) Why did Yudhisthira stake Draupadi?
(ii) What was the question she asked?
(iii) Between the two opinions, which one went in Draupadi's favour?
(iv) Does the episode reflect the status of women in the days of the Mahabharata?
দ্রৌপদীৰ প্ৰশ্ন:
দ্রৌপদীয়ে যুধিষ্ঠিৰক প্রশ্ন কৰিছিল য়ে, তেওঁ পাশা খেলত নিজকে তে (দ্রৌপদী)ক বাজী ধৰাব পূর্বে নে পিছত হাৰিছিল? ইয়াৰ উত্তৰত দুটা বিপৰীতধা মন্তব্য শুনা গৈছিল।
-প্রথমতে, যদি পূর্বে হাৰিছিল, তথাপি পত্নী হিচাপে দ্রৌপদী যিহেতু তেওঁৰ বশ আছিল, সেইবাবে যুধিষ্ঠিৰৰ নিজ পত্নীক বাজী ধৰাৰ অধিকাৰ আছিল।
দ্বিতীয়তে, যুধিষ্ঠিৰৰ দৰে এজন অমুক্ত পুৰুষ (যিহেতু তেওঁ নিজকো বাজী হাৰিছিল তেনে এজনে) আন এজনক বাজী ধৰিব নোৱাৰে।
বিষয়টি অমীমাংসিত থাকিল। শেষত ধৃতৰাষ্ট্ৰই পাণ্ডৱসকলক আৰু দ্রৌপদী তেওঁলোকৰ ব্যক্তিগত স্বাধীনতা পুনৰপ্ৰদান কৰিলে।
প্রশ্নসমূহ :
(i) যুধিষ্ঠিবে দ্রৌপদীক কিয় বাজী ধৰিছিল?
(ii) দ্রৌপদীয়ে যুধিষ্ঠিৰক কি সুধিছিল?
(iii) উক্ত দুটা মতৰ কোনটো দ্রৌপদীৰ সপক্ষে?
(iv) এই ঘটনাটোৱে মহাভাৰতৰ দিনত মহিলাৰ সামাজিক মর্যাদা প্রতিফলি কৰেনে?
(b) The Bird Leaves its Nest:
This is an excerpt by Ibn Battuta.
My departure from Tangier, my birthplace, took place on thursday... I set out alone, having neither fellow-traveller...nor caravan whose party I might join, but swayed by an overmastering impulse within me and a desire long-cherished in my bosom to visit these illustrious sanctuaries. So braced my resolution to quit all my dear ones, female and male, and forsook my home as birds forsake their nests....my age at that time was twenty-two years.
Ibn Battuta returned home in 1354, about 30 years after he had set out.
Questions:
(i) What is the source of the passage? At what age Ibn Battuta leave his home and when did he return?
(ii) What is the birthplace of Ibn Battuta? What was the motivation behind Ibn Battuta's journey?
(iii) Discuss how Ibn Battuta's journey started.
চবাই বাহৰ পৰা উৰিল:
এইটো ইবন বটুতাৰ টোকাৰ পৰা উদ্ধৃত
বৃহস্পতিবাৰ মোৰ জন্মভূমি তাঞ্জিৰৰ পৰা মোৰ যাত্ৰা আৰম্ভ হৈছিল। মই অকলশৰে, লগত নাই কোনো সহযাত্রী, নাই কোনো দল যাৰ লগত মই সহযোগ কৰিব পাৰোঁ, কিন্তু মোৰ মনৰ মাজত থকা অদম্য সাহস আৰু ইচ্ছাই মোক এই প্রসিদ্ধ স্থান ভ্রমণৰ বাবে অহৰহ মনত খুন্দিয়াই আছে। সেই কাৰণে মই মোৰ সকলো পুৰুষ আৰু মহিলা আত্মীয়স্বজন ত্যাগ কৰাৰ সংকল্প ললো আৰু চৰাইয়ে যেনেদৰে বাহ পৰিত্যাগ কবে ঠিক তেনেদৰে ময়ো মাত্র ২২ বছৰ বয়সত ঘৰ ত্যাগ কৰি ওলাই আহিলোঁ।
(c) Buddhism in Practice:
This is an excerpt from the Sutta Pitaka, and contains the advice given by the Buddha to a wealthy householder named Sigala :
In five ways should a master look after his servants and employees...by assigning them work according to their strength, by supplying them with food and wages, by tending them in sickness; by sharing delicacies with them and by granting leave at times.
In five ways should the clansmen look after the needs of Samanas (those who have renounced the world) and Brahmanas: by affection in act and speech and mind, by keeping open house to them and supplying their worldly needs.
There are similar instructions to Sigala about how to behave with his parents, teacher and wife.
Questions:
(i) In this excerpt, who is giving advice and to whom?
(ii) According to Sutta Pitaka, how should a master look after his servants and employees?
(iii) In what ways the clansmen should look after the needs of samanas?
কার্যতঃ বৌদ্ধ ধৰ্মৰ প্রয়োগ:
বুদ্ধই ছিগাল নামেৰে এজন সম্পদশালী গৃহস্থক দিয়া উপদেশসম্বলিত এই পাঠটো 'সুত্ত পিতক'ৰ পৰা লোৱা হৈছে:
এজন গৰাকীয়ে তেওঁৰ কৰ্মচাৰী আৰু লগুৱাক পাঁচ প্ৰকাৰে চোৱাচিতা কৰিব লাগে... তেওঁলোকৰ শক্তি অনুসৰি কাৰ্যভাৰ, খাদ্য আৰু মজুৰী, মাজে-সময়ে কামৰ পবা ছুটি আৰু ৰোগৰ দ্বাৰা আক্ৰান্ত হ'লে পৰিচৰ্যা দিয়াৰ উপৰি তেওঁলোককো সুস্বাদু আহাৰৰ ভাগ দিব লাগে।
যিকোনো গোষ্ঠীব লোকে পাঁচ প্ৰকাৰে সমন (সংসাবত্যাগী লোক) আক ব্রাহ্মণসকলব প্রয়োজনীয়তাৰ প্ৰতি চকু দিব লাগে কর্ম, কথা-বতৰা আৰু মনত তেওঁলোকৰ প্ৰতি মৰম ভাব পোষণ, তেওঁলোকৰ বাবে ঘৰৰ দুৱাৰ মুকলি ৰখাৰ উপৰি তেওঁলোকলৈ সাংসাৰিক প্রয়োজনীয় বস্তু সৰবৰাহ।
নিজ পিতা-মাতা, গুৰু আৰু পত্নীৰ ক্ষেত্ৰতো কি ব্যৱহাৰ কৰা উচিত সেই সম্পর্কেও ছিগালক নানা ধৰণৰ নির্দেশ দিয়া হৈছিল।
প্রশ্নসমূহ :
(i) এই পাঠটিত কোনে আক কাক উপদেশ দিছে?
(ii) 'সুত্ত পিতক' অনুসৰি এজন গৰাকীয়ে তেওঁৰ কৰ্মচাৰী আৰু লগুৱাক কেনেদৰে চোৱাচিতা কৰিব লাগে?
(iii) এটা গোষ্ঠীৰ লোকে সমনসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি কেনেধৰণেৰে লক্ষ্য ৰাখিব লাগে?
5. (a) Draw a map of India and locate the following:
ভাৰতৰ মানচিত্র এখন অংকন কবি নিম্নলিখিত অৱস্থানসমূহ নিৰূপণ কৰাঁ :
(i) A major Buddhist site
(এখন প্রধান বৌদ্ধ স্থান একটি প্রধান বৌদ্ধ স্থান)
(ii) Place of Jallianwala Bagh Massacre
(জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ স্থান)
(iii) One centre of National Movement of India
(ভাৰতৰ জাতীয় আন্দোলনব এখন মুখ্য কেন্দ্র)
Or / নাইবা /
(b) Draw a map of India and locate three sites of Harappan Civilization. ajan
(ভাৰতৰ এখন মানচিত্র অংকন কৰি হৰপ্পী সভ্যতাৰ তিনিটা স্থান চিহ্নিত কৰাঁ।)
Post a Comment