Introduction- ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে EduAxom ৰ তৰফৰ পৰা আজি Class 12 ৰ স্মৃতি, মনোযোগ আৰু আগ্ৰহ টোকা সমূহ আগবঢ়োৱা হৈছে।
Chapter-5 Textual Questionsস্মৃতি, মনোযোগ আৰু আগ্ৰহ
প্রশ্নাৱলী
প্রশ্নঃ উত্তৰ দিয়াঃ
১। স্মৃতিৰ সংজ্ঞা দিয়া।
Ans: ১।
মনোবিজ্ঞানী জেমচ, এছ. ৰচৰ (Ross) মতে
"স্মৃতি হৈছে এক নতুন অভিজ্ঞতা যি পূর্ব অভিজ্ঞতাৰ প্রবণতাৰ দ্বাৰা নির্ধাৰিত
হয়, দুয়োটাৰে সম্বন্ধ স্পষ্টভাবে অনুমান কৰিব পাৰি। (A
memory is a new experience determined by the dispositions laid down by a
previous experience, the relation between the two being clearly apprehended).
২। বিখ্যাত মনোবিদ উইলিয়াম মেকভুগেলে (William Mc.
Dougall) স্মৃতি সম্বন্ধে সংজ্ঞা দাড়ি ধবি কয় যে "সীমিত বা
সংকীর্ণ অর্থত স্মৃতি বা স্মৰণ কার্য হৈছে অতীতৰ অভিজ্ঞতা
অনুসৰি কোনো ঘটনাৰ কল্পনা কৰা।" (In the
strictest or narrowest sense memory or remembering implies imagining of events
as experienced in the past).
২। স্মৃতি কাক বোলে?
স্মৃতি নিৰ্ভৰ কৰা উপাদানবোৰ আলোচনা কৰা।
Ans: পূর্ব
অভিজ্ঞতাক অবচেতন বা নির্জান মনৰ পৰা চেতন বা সজ্ঞান মনলৈ পুনৰ উদ্ৰেক কৰা এই
প্রক্রিয়াটোকেই স্মৃতি বোলা হয়।
স্মৃতি মূলতঃ চাৰিটা উপাদানৰ ওপৰত নিৰ্ভৰ কৰে:
ক) শিক্ষণ(Learning): কিবা এটা কথা মনত ৰাখিবলৈ হ’লে প্ৰথমে সেইটো শিকিব লাগিব।
খ) সংৰক্ষণ (Retention): শিকা কথাখিনি মগজুত সংৰক্ষণ কৰি ৰখা।
গ) পুনঃস্মৰণ (Recall): প্ৰয়োজনৰ সময়ত
শিকা কথাখিনি মনত পেলোৱা।
ঘ) প্ৰত্যভিজ্ঞা (Recognition): কোনো বস্তু বা
ব্যক্তি দেখিলে সেয়া পূৰ্ব পৰিচিত বুলি চিনি পোৱা।
৩। স্মৃতি প্রখৰতাৰ বৈশিষ্ট্যবোৰ কি কি? স্মৃতি শক্তিৰ
উন্নতি কেনেকৈ কৰিব পাৰি ব্যাখ্যা কৰা।
Ans: স্মৃতি
প্রখৰতাৰ বৈশিষ্ট্যবোৰ হল-
ক) স্মৃতি
হৈছে এক জটিল মানসিক কার্য।
খ) বাস্তৱ ইন্দ্রিয় অভিজ্ঞতা স্মৃতি কাৰ্যৰ প্ৰথম চৰ্ত।
ইয়াৰ অবিহনে স্মৃতি সম্ভব নহয়।
গ) পূর্ব অভিজ্ঞতাক অপৰিৱৰ্তিত ৰূপত মনলৈ ঘূৰাই অনা কার্যই
হৈছে স্মৃতি।
ঘ) স্মৃতি ক্রিয়াত অচেতন মনৰ গুৰুত্বপূৰ্ণ প্রভাৱ পৰে।
ঙ) শিক্ষণ অভিজ্ঞতা যিমান স্পষ্ট, সঠিক, সজীৱ আৰু গভীৰ হয় স্মৃতি কার্যও সিমানে স্পষ্ট
আৰু সজীর হয়।
চ) ব্যক্তিৰ দেহ-মানসিক সক্রিয়তা আৰু পৰিবেশৰ সুস্থতাই
স্মৃতি কাৰ্য প্রভাবিত কৰে।
৪। ভাল বা উত্তম স্মৃতিৰ লক্ষণসমূহ বর্ণনা কৰা।
Ans: ভাল বা
উত্তম স্মৃতিৰ লক্ষণসমূহ হল-
ক। সহজ আৰু দ্রুত শিক্ষা গ্রহণ [Ease and
Rapidity of Learning]: উচ্চ স্মৃতিসম্পন্ন লোকে শিক্ষণীয় বিষয় সহজে
আৰু কম সময়ৰ ভিতৰত আয়ত্ত কৰিব পাৰে। দুর্বল স্মৃতিব লোকৰ শিক্ষাগ্রহণ কার্যত অধিক
সময়ৰ প্রয়োজন হয় আৰু কষ্ট কৰিবলগীয়া হয়।
খ। সংৰক্ষণৰ দীর্ঘস্থায়িত্ব [Permanence
Retention]: আমি সহজতে শিকা কথা সহজতে পাহৰিও যাওঁ (Easy
learning is easy forgetting)। অভিজ্ঞতাৰ দৃঢ় সংৰক্ষণ উচ্চ স্মৃতিসম্পন্ন লোকৰ এটা লক্ষণ।
উচ্চ বা প্রখব স্মৃতিসম্পন্ন লোকে বিষয়বস্তু সহজে আয়ত্ত কৰাৰ লগতে দীর্ঘকাল
সংৰক্ষণ কৰি ৰাখিব পাৰে। দুর্বল স্মৃতিৰ লোকৰ বাবে এই কার্য সম্ভৱ নহয়।
গ। দ্রুত আৰু যথার্থ পুনৰাভিব্যক্তি [Prompt and
Accurate Reproduction]: সংৰক্ষণ কৰি ৰখা অভিজ্ঞতাৰ প্রতিরূপ প্রয়োজন
সাপেক্ষে দ্রুতভাবে মনলৈ ঘূৰাই আনিব পৰাটো স্মৃতি প্রখৰতাৰ লক্ষণ। এনে লোকে পূর্ব
অভিজ্ঞতাক সম্পূর্ণ অক্ষতভাবে যথার্থ ৰূপত পুনকত্থাপন কৰিব পাৰে।
ঘ। ক্রিয়া উপযোগিতা [Serviceability): কোনো কোনো সময়ত দেখা যায় যে সংৰক্ষিত অভিজ্ঞতা প্রয়োজনৰ মুহূৰ্তত চেতন
মনলৈ পুনৰ উদ্ধাৰ কৰি অনাত আমি ব্যর্থ হওঁ। কিন্তু প্রখব স্মৃতিসম্পন্ন লোকে অচেতন
মনত সংৰক্ষণ হৈ থকা অভিজ্ঞতাসমূহৰ পৰা প্রয়োজনীয় অংশ দ্রুতভাবে চিনাক্ত কৰি সঠিক
সময়ত সঠিকভাবে প্রয়োগ কৰিব পাৰে।
৫। স্মৃতি পৰিসৰ বুলিলে কি বুজা।
Ans: এজন
ব্যক্তিয়ে এবাৰ মাত্ৰ দেখি বা শুনি একেলগে যিমানখিনি বস্তু বা শব্দ মনত ৰাখিব
পাৰে, তাকেই
স্মৃতি পৰিসৰ (Memory
Span) বোলে।
৬। স্মৃতিৰ বিভিন্ন প্ৰকাৰৰ বৰ্ণনা কৰা।
Ans: স্মৃতিৰ
বিভিন্ন প্ৰকাৰৰঃ
ক। অভ্যাস স্মৃতি [Habit Memory):
দৈহিক ক্রিয়া সঞ্চালনৰ যোগেদি আমি যি স্মৃতি লাভ কৰোঁ তাকেই
অভ্যাস স্মৃতি বোলে। দৈহিকভাবে কৰা ক্ৰিয়াৰ পুনৰাবৃত্তিৰ ফলস্বৰূপে মনত এক স্মৃতি
চাপৰ সৃষ্টি হয়। ইয়াত ব্যক্তিৰ বুদ্ধি,
চিন্তা, যুক্তি
আদি মানসিক ক্ষমতাসমূহৰ প্রয়োজন নহয়। ব্যক্তিয়ে সম্পূর্ণ যান্ত্রিকভাবে শিক্ষা
আহৰণ কৰি কোনো বিষয়ৰ স্মৃতি লাভ কৰিব পাৰে। যেনেঃ- টাইপ মৰা, চাইকেল চলোৱা
আদি কাৰ্যৰ স্মৃতি যান্ত্রিকভাবে কৰা দৈহিক সঞ্চালন ক্রিয়াৰ যোগেদি সম্ভব হয়।
(ক)
তৎকালীন স্মৃতি [Immediate
Memory):
অভিজ্ঞতা আহৰণ,
সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ মাজত সময়ৰ ব্যৱধান নাথাকিলে তেনে অভিজ্ঞতাক তৎকালীন স্মৃতি
বোলে। ই সম্পূর্ণ উদ্দেশ্য প্রণোদিত। উদাহৰণস্বৰূপে ছাত্র-ছাত্রীয়ে শ্রুতলিপি
লিখিবৰ বেলিকা এই স্মৃতি প্রয়োগ কবে। প্রাপ্ত অভিজ্ঞতা প্রয়োগ কৰাৰ বাবে প্রয়োজন
হোৱা সময়খিনিৰ বাবেহে মনত ৰখা হয়। প্রয়োজন শেষ হোৱাৰ লগে লগে ই মনৰ পৰা আঁতৰি যায়।
(খ)
দীর্ঘকালীন স্মৃতি [Prolonged
Memory]:
শিক্ষণ অভিজ্ঞতাৰ প্রতিৰূপ সংৰক্ষণ আৰু পুনঃস্মৰণৰ ক্ষেত্ৰত
অধিক সময়ৰ ব্যৱধান থাকিলে তাক দীর্ঘকালীন স্মৃতি বোলে। সময়ৰ অধিক ব্যৱধানে প্রতিৰূপৰ
চাপ দুর্বল কবি তোলে যদিও মনোবিদসকলে মতপোষণ কবে যে এনে ক্ষেত্ৰত অর্থাৎ সময়ৰ
ব্যৱধানে অভিজ্ঞতা পুনৰগঠনত সহায়হে কৰে। নতুন নতুন অভিজ্ঞতাই ব্যক্তিৰ
পুৰণি অভিজ্ঞতা অধিক সমৃদ্ধ আৰু অর্থপূর্ণ কৰি তোলে।
গ। প্রতিৰূপ স্মৃতি [Image Memory]:
পূৰ্বৰ অভিজ্ঞতা প্রতিৰূপৰ সহায়ত চেতন মনলৈ পুনৰুদ্ধাৰ কৰি
অনা কার্যকেই প্রতিৰূপ স্মৃতি বোলা হয়। দৈহিক সঞ্চালনমূলক ক্ৰিয়াৰ পৰিৱৰ্তে
ব্যক্তিৰ সুস্থ মানসিক সংগঠন,
বুদ্ধি, প্রতিৰূপ
সংৰক্ষণ ক্ষমতা, স্মৰণ
শক্তি আদিৰ প্রতিৰূপ স্মৃতিৰ বাবে প্রয়োজন হয়। এইবোৰৰ সময়তেই শিক্ষণ অভিজ্ঞতাৰ
প্রতিৰূপ যথার্থ ৰূপত সংৰক্ষণ কৰি ৰাখি প্রয়োজন সাপেক্ষে পুনৰুদ্ধাৰ কৰাটো সম্ভৱ
হৈ উঠে। এনেবোৰ বৈশিষ্ট্য়তাৰ বাবে মনোবিদ বার্গচনে ইয়াক প্রকৃত স্মৃতি (True memory) বুলি অভিহিত
কৰিছে।
গ। মুখস্থ স্মৃতি [Rote Memory]:
দৈহিক আৰু যান্ত্রিকভাবে কৰা পুনৰাবৃত্তিৰ ফলত যি স্মৃতি
লাভ হয় তাকে মুখস্থ স্মৃতি বা যান্ত্রিক স্মৃতি বোলা হয়। ইয়াত শিক্ষণীয় বিষয়ৰ কোনো
অর্থ নুবুজাকৈয়ে সম্পূর্ণ যান্ত্রিকভাবে এই কার্য সম্পাদন কৰা হয়। মানসিক
ক্ষমতাসমূহৰ প্রয়োগ নকৰাকৈ বাৰে বাৰে কৰা দৈহিক সঞ্চালন ক্ৰিয়াৰ যোগেদি এই স্মৃতি
লাভ কৰা হয়। পুনৰাবৃত্তিৰ অভাৱত এনে স্মৃতিৰ বিলোপ ঘটে। ব্যক্তিৰ নাম-ঠিকনা, গৃহ, গাড়ী, টেলিফোন আদিৰ
নম্বৰ মনত ৰখা যান্ত্রিক স্মৃতিৰ উদাহৰণ। ই ক্ষণস্থায়ী হয়।
ঘ। যুক্তিসংগত স্মৃতি [Logical Memory]:
চিন্তা,
যুক্তি, বিচাৰ-বুদ্ধি
আদি মানসিক শক্তিসমূহৰ প্ৰয়োগৰদ্বাৰা যি স্মৃতি লাভ কৰা হয় তাক যুক্তিসংগত স্মৃতি
বা বিচাৰমূলক স্মৃতি বোলা হয়। ইয়াত শিক্ষণীয় বিষয়ৰ অভিজ্ঞতা যুক্তিযুক্তভাবে বিচাৰ
কৰি আয়ত্ত কৰা হয়। ব্যক্তিৰ মানসিক ক্ষমতাৰ ওপৰত এই স্মৃতি নিৰ্ভৰ কৰে। মানসিক
শক্তিব প্রয়োগে অভিজ্ঞতাৰ প্রতিরূপ স্পষ্টকৈ সংৰক্ষণ কৰাত সহায় কৰে। এই স্মৃতি
দীর্ঘস্থায়ী হয়।
ঙ। অনুসংগমূলক স্মৃতি [Associative Memory]:
কোনো বিষয় বা অভিজ্ঞতাৰ কথা মনলৈ অনাৰ লগে লগে তাৰ লগত জড়িত
হৈ থকা আন কোনো অভিজ্ঞতাৰ কথা মনলৈ আহে। অর্থাৎ এটা বিষয়ৰ অনুসংগত সমসাময়িকভাৱে
ঘটা আন এটা বিষয়ৰ স্মৃতি আমাৰ মনলৈ আহে। শিক্ষণ অভিজ্ঞতাৰ স্মৃতি লাভৰ ক্ষেত্ৰত
আমি এই অনুসংগৰ নীতি প্রয়োগ কৰোঁ।
চ। সংবেদনাত্মক স্মৃতি [Sensory Memory]:
আমাৰ গ্রহণেন্দ্রিয়সমূহৰ প্রত্যক্ষ সংবেদন অনুভূতিৰদ্বাৰা
লাভ কৰা স্মৃতিক সংবেদনাত্মক স্মৃতি বোলে। দৃষ্টি, স্পর্শ,
ঘ্রাণ, শব্দ
আৰু স্বাদ-সংবেদন অভিজ্ঞতাৰ পৰাই স্মৃতি প্ৰতিৰূপ লাভ কৰিব পৰা যায়। একেজন লোকৰ
প্রতিটো সংবেদন অনুভূতিৰ স্মৃতি প্রতিৰূপ ধৰি ৰাখিব পৰা ক্ষমতা একে নহয়।
ব্যক্তিভেদে সংবেদনাত্মক স্মৃতিৰ পাৰ্থক্য পৰিলক্ষিত হয়। দর্শনগত স্মৃতি প্ৰখৰ
লোকজনৰ শ্ৰৱণগত স্মৃতি প্ৰখৰ নহ'বও
পাৰে। নিজ নিজ অস্তিত্ব আৰু বৈশিষ্ট্যৰ প্রতি দৃষ্টি ৰাখি সংবেদনাত্মক স্মৃতিক
পৃথক পৃথকভাবে বিবেচনা কৰা হয়।
ছ। সক্রিয় বা সচেষ্ট আৰু নিষ্ক্রিয় বা নিচেষ্ট স্মৃতি [Active and passive Memory]:
অতীত অভিজ্ঞতাৰ স্মৃতি লাভৰ বাবে ব্যক্তিৰ সচেষ্ট আৰু
নিচেষ্ট প্রচেষ্টাৰ প্ৰয়োগৰ ওপৰত ভিত্তি কৰি স্মৃতি ক্রিয়াক সক্রিয় স্মৃতি আৰু
নিষ্ক্রিয় স্মৃতি হিচাপে দুটা ভাগত ভাগ কৰা হৈছে।
৭। বিস্মৃতি কি?
বিস্মৃতিৰ কাৰণসমূহ ব্যাখ্যা কৰা।
Ans:
৮। চমুকৈ লিখা (Write shortly):
(ক)
পুনঃস্মৰণ (Retention)
Ans:
(খ)
প্রত্যভিজ্ঞা (Recognition)
Ans:
(গ)
প্রতিৰূপ (Image)
Ans:
(ঘ)
অবদমন (Repression)
Ans:
(ঙ)
পশ্চাদমুখী প্রতিবোধ (Retro-active
Inhibition)
Ans:
৯। বিস্মৃতিৰ প্রভাৱ কিদৰে গুচাব পাৰি।
Ans:
১০। মনোযোগ বুলিলে কি বুজা? মনোযোগৰ প্রধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।
Ans:
১১। মনোযোগৰ কাৰণবোৰ বৰ্ণনা কৰা।
Ans:
১২। মনোযোগৰ সংজ্ঞা দিয়া। মনোযোগৰ প্রধান প্রকাৰসমূহ উল্লেখ
কৰি ব্যাখ্যা কৰা।
Ans:
১৩। আগ্রহ কাক বোলে?
ইয়াব বিভিন্ন প্রকাৰ বর্ণনা কৰা।
Ans:
১৪। আগ্রহ আক মনোযোগৰ সম্পৰ্ক ব্যাখ্যা করা।
Ans:
১৫। 'আগ্রহ
মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্রহব সক্রিয় অবস্থা'- উক্তিটো
ব্যাখ্যা কৰা।
Ans:
১৬। পার্থক্য নির্ণয় কৰা:
(ক)
ঐচ্ছিক আক অনৈচ্ছিক মনোযোগ
Ans:
(খ)
সুপ্ত আৰু আর্জিত আগ্রহ
Ans:
১৭। চমুটোকা লিখা (Write
short note)
(ক)
মনোযোগৰ বাহ্যিক কাৰণ
Ans:
(খ)
সংবেদনাত্মক মনোযোগ
Ans:
(গ)
ঐচ্ছিক মনোযোগ
Ans:
(ঘ)
অনৈচ্ছিক মনোযোগ
Ans:
(ঙ)
আর্জিত আগ্রহ
Ans:
(চ)
মনোযোগৰ পৰিসৰ
Ans:
প্রশ্নঃ চমু প্রশ্ন (Short Questions):
(a) স্মৃতিৰ
প্ৰথম চর্ত কি?
Ans:
(b) প্রত্যভিজ্ঞা
কি?
Ans:
(c) উত্তম
স্মৃতিৰ দুটা বৈশিষ্ট্য লিখা।
Ans:
(d) "বিস্মৃতি
সচেতন মনৰ এক প্ৰতিৰক্ষা প্রক্রিয়া"- কোনে কৈছিল।
Ans:
(e) মনোযোগৰ
চৰ্ত দুটা কি কি?
Ans:
(f) ঐচ্ছিক
মনোযোগৰ প্ৰকাৰ দুটা কি কি?
Ans:
(g) আগ্রহ
শব্দটো মূলতে কি ভাষাৰ পৰা অনা হৈছে?
Ans:
(h) সুপ্ত
আগ্রহ আৰু আৰ্জিত আগ্ৰহৰ পাৰ্থক্য লিখা।
Ans:
(i) আগ্রহৰ
তিনিটা উপাদান লিখা।
Ans:
(j) শ্রেণীকোঠাত
আগ্রহ সৃষ্টিৰ দুটা উপায় লিখা।
Ans:
মূল সাৰাংশ (Chapter Summary) Click to See...
ইয়াত দ্বাদশ শ্ৰেণীৰ (Class 12 Education Book) শিক্ষা পাঠ্যপুথিৰ পঞ্চম অধ্যায় অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।
সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...
প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।
প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম।
প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।
সামৰণি (Conclusion) Click to See...
আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!
মূল সাৰাংশ (Chapter Summary) Click to See...
ইয়াত দ্বাদশ শ্ৰেণীৰ (Class 12 Education Book) শিক্ষা পাঠ্যপুথিৰ পঞ্চম অধ্যায় অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।
সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...
প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।
প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম।
প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।
সামৰণি (Conclusion) Click to See...
আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!
Written By Bhaskar Jyoti Nath
Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey.
Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষা গাইড উপলব্ধ।
আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰে।)
Post a Comment