Introduction- ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে EduAxom ৰ তৰফৰ পৰা আজি Class 12 ৰ মানসিক স্বাস্থ্য আৰু স্বাস্থ্য় বিজ্ঞানৰ পাঠতিৰ টোকা সমূহ আগবঢ়োৱা হৈছে।
Chapter-6 Textual Questionsমানসিক স্বাস্থ্য আৰু স্বাস্থ্য় বিজ্ঞানৰ
প্রশ্নাৱলী
উত্তৰ দিয়া
১। মানসিক স্বাস্থ্য কি?
Ans: মানসিক
স্বাস্থ্য হ'ল ব্যক্তিৰ সম্পূৰ্ণ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখি
বিভিন্ন পৰিৱেশত খাপ খুৱাই ল'ব পৰা এক প্রক্রিয়া।
২। মানসিক স্বাস্থ্যৰ এটা সংজ্ঞা দিয়া।
Ans: মনোবিজ্ঞানী
জে. এ. হেডফিল্ডৰ মতে,
'মানসিক স্বাস্থ্য হৈছে সমগ্র ব্যক্তিত্বৰ পৰিপূৰ্ণ আৰু সুশ্রাব্য কার্য। (Mental health is the full and
harmonious functioning of the whole personality.)
৩। মানসিক স্বাস্থ্যবিজ্ঞান কি?
Ans: মানসিক
স্বাস্থ্যবিজ্ঞান (Mental Hygiene) হ’ল এনে এক বিজ্ঞান যিয়ে
মানুহৰ মানসিক স্বাস্থ্য ৰক্ষা কৰা, মানসিক ৰোগ প্ৰতিৰোধ কৰা
আৰু মানসিকভাৱে অসুস্থ ব্যক্তিক সুস্থ কৰি তোলাৰ নীতি আৰু পদ্ধতিসমূহ আলোচনা কৰে।
৪। মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা এটা লিখা।
Ans: কার্ল
মেনীন্গাৰ (Karl. A. Menninger)-ব মতে মানসিক স্বাস্থ্যই মানুহৰ বিশ্ব আৰু
ইজনব প্রতি সিজনৰ সুস্থ সমাযোজন আৰু আনন্দৰ পৰিৱেশ ৰক্ষা কৰে। ("The
adjustment of human beings to the world and to each other with a maximum
effectiveness and happiness.")
৫। ক্লিফোর্ড বিয়াৰচে লিখা কিতাপখনৰ নাম কি আছিল।
Ans:
ক্লিফোর্ড বিয়াৰচে লিখা কিতাপখনৰ নাম হ’ল- 'A
Mind That Found Itself' (১৯০৮ চনত প্ৰকাশিত) ।
৬। প্রথম অৱস্থাত মানসিক স্বাস্থ্যবিজ্ঞানে কিহৰ ওপৰত
অধ্যয়ন কৰিছিল?
Ans: প্ৰথম
অৱস্থাত মানসিক স্বাস্থ্যবিজ্ঞানে কেৱল মানসিকভাৱে অসুস্থ বা উন্মাদ ব্যক্তিসকলৰ
চিকিৎসা আৰু তেওঁলোকৰ যত্নৰ ওপৰতহে অধ্যয়ন কৰিছিল।
৭। মানসিক স্বাস্থ্যবিজ্ঞানৰ দুটা
উদ্দেশ্য লিখা।
Ans:
মানসিক স্বাস্থ্য়বিজ্ঞানৰ দুটা উদ্দেশ্য় হল-
i) মানসিক অসুস্থতাৰ প্ৰতিকাৰ কৰা:
ii) মানসিক স্বাস্থ্য ৰক্ষা কৰা:
৮। মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্তর্গত দুটা পৰিধিৰ বিষয়ে
লিখা।
Ans: মানসিক
স্বাস্থ্যবিজ্ঞানৰ অন্তর্গত দুটা পৰিধিৰ বিষয় তলত দিয়া হল-
i) প্ৰতিৰোধমূলক পৰিধি: মানসিক ৰোগ
যাতে হ'বলৈ
নাপায় তাৰ বাবে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰা।
ii) উদ্ধাৰমূলক বা নিৰাময়মূলক পৰিধি: মানসিক ৰোগত ভোগা
ব্যক্তিক চিকিৎসাৰ জৰিয়তে সুস্থ কৰি তোলা।
৯। মানসিকভাবে সুস্থ ব্যক্তিৰ চাৰিটা গুণ উল্লেখ কৰা।
Ans: মানসিকভাবে
সুস্থ ব্যক্তিৰ চাৰিটা গুণ হল-
i) নতুন পৰিবেশত কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ সুস্থভাবে
সমাযোজন স্থাপন কৰে।
ii) নিজক আত্ম-মূল্যায়ন কৰিব পাবে।
iii) বৌদ্ধিক আৰু আবেগিকভাবে পৰিপক্ক হয়।
iv)
বাস্তৱ আৰু জটিল দৈনন্দিন জীৱনৰ লগত সহজ সম্বন্ধ বক্ষা কৰিব পাৰে।
১০। খালী ঠাই পুৰ কৰাঃ
(ক)
মানসিক স্বাস্থ্য হৈছে সম্পূর্ণ আৰু পৰিপূৰ্ণ ______ বিকাশৰ
কাৰ্য্য।
Ans:
(খ)
সুস্থ সমাযোজনে সুস্থ ______ আৰু স্বাস্থ্য বজাই ৰাখে।
Ans:
(গ) আত্মজীবনী 'A
mind that found itself' নামৰ _______ কিতাপখন লিখিছিল|
Ans:
(ঘ)
মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য হ'ল _____ সংৰক্ষণ আৰু নিৰাময়।
Ans:
(ঙ) ______ চুইট্জাৰ আছিল প্রথমগৰাকী ব্যক্তি
যিয়ে স্পষ্টকৈ মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল।
Ans:
চ। মানসিক স্বাস্থ্যবিজ্ঞানব বাষ্ট্রীয় কমিটিখন গঠন কৰা
হৈছিল _______ চনত।
Ans:
১১। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্রকৃতি সমূহ লিখা।
Ans: তলত
মানসিক স্বাস্থ্যবিজ্ঞানৰ প্রকৃতি সমূহ উল্লেখ কৰা হ'লঃ-
i) মানসিক স্বাস্থ্যবিজ্ঞান এক গতিশীল ধাৰণা।
ii) মানসিক স্বাস্থ্যবিজ্ঞান এক বিকাশশীল আৰু বিজ্ঞানসম্মত
বিষয়।
iii)
শাৰীৰিক সুস্বাস্থ্য অবিহনে মানসিক স্বাস্থ্য থাকিব নোৱাৰে।
iv)
মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য একে বিষয় নহয়।
v)
মানসিক স্বাস্থ্য মানে সম্পূর্ণৰূপে মানসিক ৰোগৰ পৰা মুক্ত হোৱাটো নুবুজায়।
vi)
মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিধি অতি ব্যাপক। শিক্ষা-মনোবিজ্ঞান, চিকিৎসাশাস্ত্র, শিশু
মনোবিজ্ঞান, সমাজ
বিজ্ঞান ইয়াৰ অন্তর্ভুক্ত।
vii) মানসিক স্বাস্থ্যবিজ্ঞান ব্যক্তিৰ মানসিক ৰোগ প্ৰতিকাৰ আৰু
মানসিক স্বাস্থ্য সংৰক্ষণত বিশেষভাবে জড়িত।
viii) মানসিক স্বাস্থ্যবিজ্ঞান, নীতিশাস্ত্র, নৈতিক আদি
বিষয়ত পৰা পৃথক।
১২। মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ বর্ণনা কৰা।
Ans: মানসিক
স্বাস্থ্যবিজ্ঞানৰ কাৰ্যসমূহ তলত উল্লেখ কৰা হ'লঃ-
১। নিদানমূলক আৰু আৰোগ্যমূলক কার্য [Diagnostic and
curative function]:
মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ মানসিক ৰোগ, অপসমাযোজন, মানসিক অস্থিবতা, মানসিক
বিকাৰ, মানসিক সমস্যা, অস্বাভাবিকতা
আদিব ক্ষেত্রত জড়িত থকা বিভিন্ন নিদানমূলক (diagnostic) আৰু
আৰোগ্যমূলক (curative) কার্যসমূহ সম্পাদন কৰে। মানসিক দিশৰ
লগত জড়িত থকা এই সকলোবোৰ সমস্যা নিদানমূলক কাৰ্য্যেৰ দ্বাৰা বিশ্লেষণ কৰা হয় আৰু
তাৰ চিকিৎসাৰ নিমিত্তে আৰোগ্যমূলক যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হয়।
২। প্ৰতিকাৰমূলক/নিবাৰণমূলক কার্যঃ
মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক ৰোগ, অপসমাযোজনৰ সমস্যা, মানসিক বিশৃংখলতা, আদিৰ প্ৰতিকাৰমূলক কাৰ্য্য সম্পাদন কৰে। এনেবোৰ সমস্যা সমাধানৰ বাবে
মানসিক স্বাস্থ্য বিজ্ঞানে উপযুক্ত ব্যৱস্থা গ্রহণ কৰি মানুহৰ দেহ-মন ৰোগমুক্ত কৰি
সুখী আৰু সুন্দৰ জীৱন-যাপনত সহায় কৰে।
৩। সংৰক্ষণমূলক/নিৰাপদমূলক কাৰ্য্য [Preservative
function]:
মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কার্যই ব্যক্তি তথা
সমাজ উভয়ৰে কল্যাণকামী বিকাশ হোৱাটো বিচাৰে। ব্যক্তিয়ে যাতে মনৰ ভাৰসাম্য ৰক্ষা
কৰি সুস্থ, সুন্দৰ আৰু সুখী জীৱন যাপন কৰে আৰু সমাজৰ বিকাশত অৰিহনা যোগাব
পাৰে তাৰ পৰিৱেশ মানসিক স্বাস্থ্য বিজ্ঞানে প্রদান কৰিব পাৰে। ব্যক্তিৰ মানসিক
সুস্থিৰতাই এখন উন্নত, সুসংগঠিত আৰু সুনিয়ন্ত্রিত সমাজ গঢ়াত
বিশেষ সহায় কৰে। মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিক নিজৰ সুস্থ মানসিক স্বাস্থ্যৰ
প্ৰয়োজনীয়তা আৰু ইয়াৰ পৰিপূৰ্ণ বিকাশৰ বাবে সংৰক্ষণমূলক ব্যবস্থা, উপায়, কৌশল ভালদৰে আয়ত্ত কৰাত সহায় কৰে।
১৩। মানসিক স্বাস্থ্য বিজ্ঞানৰ নীতিসমূহ চমুকৈ লিখা।
Ans: তলত
মানসিক স্বাস্থ্য বিজ্ঞানৰ কেতবোৰ নীতি উল্লেখ কৰা হ'লঃ-
ক) নিজ সত্তা বা আত্মৰ লগত সমযোজন নীতি [Principle of
seeking adjustment with oneself): মানসিক
স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ নিজ 'সত্তা' বা 'আত্ম'-ৰ লগত ভালদৰে পৰিচিত হোৱাত সহায় কৰে। ব্যক্তিৰ
ভাৰসাম্য বিকাশ, আত্ম-নিয়ন্ত্রণ, আত্ম-আকাংখা,
আত্ম-বিকাশ আদিৰ বিষয়ে মানসিক স্বাস্থ্যবিজ্ঞানে প্রয়োজনীয় নীতি
গঠনত বিশেষ ভূমিকা গ্রহণ কৰে।
খ) পৰিৱেশৰ লগত সমাযোজন নীতি [Principle of
seeking adjustment with environment]: মানসিক
স্বাস্থ্যবিজ্ঞান ব্যক্তিৰ নিজস্ব প্রয়োজন পূৰণ, আবেগিক
প্রশিক্ষণ ভাল স্বাস্থ্য ৰক্ষাত আগ্রহী, কৰ্মৰ প্রতি স্পৃহা,
সামাজীকৰণ কৰা, জীৱনৰ সংশয় আৰু বাধাৰ লগত
সমাযোজন কৰা, আনক ভালদৰে বুজা অথবা গ্রহণ কৰা, জীৱনৰ প্রতি ধনাত্মক মনোভাৱ গঢ়ি তোলা, ভগবানৰ প্রতি
বিশ্বাস বখা আদি বিভিন্ন নীতিৰ লগত ওতঃপ্রোতভাবে জড়িত। যিটোৱে ব্যক্তি পৰিৱেশৰ লগত
সুস্থ সমাযোজনত সহায় কৰে।
গ) মানসিক স্বাস্থ্যৰ আৰোগ্যমূলক নীতি (Principle of
cure of mental health]: এই নীতি অনুযায়ী মানসিক স্বাস্থ্যবিজ্ঞানে
মানসিক ৰোগ, মানসিক অশান্তি, অস্থিৰতা,
অসুস্থ অবস্থা আদি সম্পর্কে ব্যক্তিক বিহিত ব্যৱস্থা প্রদান কৰে আৰু
পূর্বৱস্থালৈ ঘূৰাই আনি স্বাভাৱিক জীবন যাপনৰ পথ দেখুৱাই দিয়ে।
ঘ) মানসিক বিকাৰৰ প্ৰতিকাৰমূলক নীতি [Principle of
prevention of mental disorder]: এই নীতিয়ে ব্যক্তিৰ অপসমাযোজনৰ বিভিন্ন
সামাজিক আৰু ব্যক্তিগত কাৰক সমূহ, প্রয়োজন, আকাংখা, প্রেৰণা, সংশয়,
অভিপ্রায়, ক্লান্তি, হতাশা
আদি সম্পর্কে জ্ঞান প্রদান কৰে। ব্যক্তিব এই সমস্যা বিলাকৰ সমাধানৰ বেলিকা মানসিক
স্বাস্থ্য বিজ্ঞানে নির্দিষ্ট পৰামৰ্শ প্রদান কৰি তেওঁলোকৰ আবেগিক আৰু সামাজিক
সমাযোজনত সহায় কৰে। ব্যক্তিৰ আভ্যন্তৰীণ সংশয়, হতাশা,
ব্যর্থতা, নীচাত্মিকা মনোভার, ভয়, আবেগিক অস্থিবতা আদি সম্পর্কে মানসিক বিজ্ঞানে
এই নীতিৰ আধাৰত যাবতীয় ব্যৱস্থা প্রদান কৰে।
ঙ)মানসিক জীৱন সংৰক্ষণ নীতি (Principle of
preservation of mental life]: এই নীতিৰ আধাৰত মানসিক বিজ্ঞান ব্যক্তিৰ
পৰিপূৰ্ণ বিকাশ, আবেগিক পৰিপক্কতা, আবেগিক
সুস্থিৰতা, সুস্থ দেহ-মন বক্ষা, ব্যক্তিগত
আৰু সামাজিক নিৰাপত্তা আদি দিশৰ লগত জড়িত।
১৪। মানসিক স্বাস্থ্যৰক্ষাত স্কুলৰ ভূমিকা সম্পর্কে চমুকৈ
লিখা।
Ans: মানসিক
স্বাস্থ্যবিজ্ঞান কেৱল এটা নির্দিষ্ট বয়সৰ ল'ৰা-ছোৱালীৰ
ক্ষেত্রতহে প্রযোজ্য হয় বুলি ক'ব
নোৱাৰি। সমাজৰ সকলো স্তৰৰ,
সকলো বয়সৰ লোকে মানসিক স্বাস্থ্যবিজ্ঞানৰ সহায় ল'ব পাবে। গতিকে
মানসিক স্বাস্থ্যবিজ্ঞানৰ প্রয়োজনীয়তা সকলোতে অনুভব কৰা হয়। এইক্ষেত্রত বিদ্যালয়ৰ
ভূমিকা গুরুত্বপূর্ণ। ছাত্র-ছাত্রীব শাৰীৰিক,
মানসিক, বৌদ্ধিক, নৈতিক, আধ্যাত্মিক
দিশৰ বিকাশ সাধন কৰাটো স্কুলৰ এক গুৰুত্বপূর্ণ কাৰ্য্য। স্কুলৰ দ্বাৰা লাভ কৰা
সামাজিক অভিজ্ঞতাই ছাত্র-ছাত্রীক সমাজৰ লগত সুস্থ সমাযোজনত সহায় কৰে। ছাত্র-ছাত্রীৰ
অনুভূতি, আগ্রহ, ইচ্ছা, কচি-অভিকচি, দক্ষতা, অভিজ্ঞতা আদিৰ
প্রয়োজনীয়তা পূৰণ কৰি স্কুলে সর্বাংগীন বিকাশত সহায় কৰে।
এইক্ষেত্রত,
স্কুলে মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে নিম্নলিখিত দিশসমূহৰ প্রতি গুৰুত্ব দিব
লাগেঃ-
ক) বিভিন্ন ধৰণৰ খেলা-ধূলা, দৈনন্দিন শাৰীৰিক অনুশীলন/ব্যায়াম, যোগ-অভ্যাস, প্রাণায়াম আদিব
ব্যৱস্থাৰ জৰিয়তে শাৰীৰিক আৰু মানসিক স্থিৰতা বজাই ৰখাৰ ব্যৱস্থা কৰিব লাগে।
খ) শিক্ষকৰ আবেগিক ভাৰসাম্য দৃঢ় হোৱা উচিত। ছাত্র-ছাত্রীব
মন সুস্থিৰ কৰাৰ বাবে শিক্ষক সদায় মানসিকভাবে সজাগ হ'ব লাগে।
গ) শিক্ষক সদায় গণতান্ত্রিক দৃষ্টিভংগীৰ হোৱা উচিত। তেওঁৰ
ভূমিকা বন্ধু, দার্শনিক
আৰু পৰামর্শদাতা হিচাপে পালন কৰা উচিত। ছাত্র-ছাত্রীৰ মনত গণতান্ত্রিক ভাৱধাৰা, আদর্শ, মূল্যবোধ
সৃষ্টিৰ চেষ্টা কৰিব লাগে।
ঘ) ছাত্র-ছাত্রীব ব্যক্তিত্বৰ প্রতি সম্মান জনাব লাগে।
প্রত্যেক ছাত্র-ছাত্রীয়ে যাতে নিজৰ সুপ্ত প্রতিভাসমূহ বিকাশ কৰিব পাৰে তাৰ প্ৰতি
গুৰুত্ব দিয়া উচিত।
১৫। মানসিক স্বাস্থ্যৰক্ষাত স্কুলে গুৰুত্ব দিবলগীয়া দুটা
বিষয়ৰ কথা উল্লেখ কৰা।
Ans: মানসিক
স্বাস্থ্যৰক্ষাত স্কুলে গুৰুত্ব দিবলগীয়া দুটা বিষয় হল-
ক)স্কুলত বিভিন্ন ধৰণৰ সহ-পাঠ্যক্রমিক কাৰ্য্যাৱলীৰ
ব্যৱস্থা কৰিব লাগে যাতে ছাত্র-ছাত্রীয়ে তেওঁলোকৰ প্রবৃত্তিমূলক আচৰণৰ সংশোধন ঘটাব
পাৰে।
খ) স্কুলৰ পৰিৱেশত ছাত্র-ছাত্রীৰ মনত আত্ম-অনুশাসনৰ ভাব
সৃষ্টি কৰাৰ বাবে উৎসাহ জনাব লাগে।
১৬। মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনৰ প্রভাৱৰ বিষয়ে চমুকৈ
লিখা।
Ans: ছাত্র-ছাত্রীব
মানসিক স্বাস্থ্যৰক্ষাত স্কুলৰ যিদৰে প্রভাব আছে, তেনেকৈ পৰিয়াল বা ঘৰখনেও সমানেই প্রভাৱ বিস্তাৰ কৰে। ঘৰখনত
ল'ৰা-ছোৱালীৰ
নিজৰ পিতৃ-মাতৃ, বাই-ভনী, ভাই-ককাই আৰু
পৰিয়ালৰ অন্যান্য সদস্যৰ লগত একেলগে বাস কৰিব লগা হয়। ঘৰখনৰ সকলো সদস্যৰ প্রয়োজন, ভাব-অনুভূতি, আচাৰ-ব্যৱহাৰ, দৃষ্টিভংগী
আদিৰ ক্ষেত্ৰত প্রত্যেকে নতুন নতুন পৰিস্থিতিৰ সম্মুখীন হ'বলগীয়াত পৰে।
এনেক্ষেত্রত যদি পিতৃ-মাতৃৰ প্রয়োজনীয় জ্ঞান,
সচেতনতা, মনোযোগ
নাথাকে তেন্তে ল'ৰা-ছোৱালীৰ
মানসিক স্বাস্থ্য ক্ষুণ্ণ হয়। অত্যধিক আদৰ,
উদাসীনতা, অবহেলা, শাসনধর্মী
মনোভাৱ, তিৰস্কাৰ, শৃঙ্খলাব অভাৱ
আদিয়েও ল'ৰা-ছোৱালীৰ
মনত মানসিক অশান্তিব সৃষ্টি কবে। গতিকে পিতৃ-মাতৃয়ে ল'ৰা-ছোৱালীৰ
শাৰীৰিক, মানসিক, আবেগিক আদি
দিশত পৰিলক্ষিত হোৱা বিভিন্ন প্রয়োজনৰ প্রতি গুরুত্ব আৰোপ কৰি তেওঁলোকৰ বিকাশত
সুবিধা প্রদান কৰিব লাগে। ঘৰুৱা পৰিৱেশৰ পৰাই ল'বা-ছোৱালীয়ে বৈচিত্র্যময় অভিজ্ঞতা লাভ কবি জ্ঞান আৰু কৌশল
অর্জন কৰিব পাৰে। ইয়াৰ বাবে ঘৰুৱা পৰিবেশ আনন্দময়, স্বাস্থ্যসন্মত আৰু যথোচিত কৰি তোলাটো পিতৃ-মাতৃ বা
অভিভাৱকৰ দায়িত্ব।
শিশুৰ মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনে পালন কৰিব লগা কেতবোৰ
দায়িত্ব তলত উল্লেখ কৰা হ'ল:-
ক। শিশুৰ সামগ্রিক বিকাশত চকু দিব লাগে।
খ। শিশুৰ বিভিন্ন প্রয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে।
গ। মৰম-ভালপোৱাৰে শিশুৰ সমস্যাবোৰৰ সমাধানৰ বাবে চেষ্টা
কৰিব লাগে।
ঘ। শিশুৰ কৌতূহলী মনৰ প্ৰয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে।
ঙ। ঘৰখনত অনুশাসন আৰু নৈতিক পৰিৱেশৰ সৃষ্টি কৰিব লাগে।
চ। শিশুৰ ভয়,
ক্রোধ, হিংসা
আদি পৰিস্থিতিত যুক্তিসংগতভাবে সমাধানৰ চেষ্টা কৰিব লাগে।
১৭। মানসিক স্বাস্থ্যবক্ষাত পিতৃ-মাতৃৰ ভূমিকা সম্পর্কে
চমুকৈ লিখা।
Ans:
১৮। মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনে কেনেকুৱা দায়িত্ব পালন
কৰিব লাগে সেই সম্পর্কে চমুকৈ লিখা।
Ans:
১৯। মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ সম্পর্কে আলোচনা কৰা।
Ans:
২০। চমুটোকা লিখাঃ
ক। মানসিক স্বাস্থ্যৰ ধাৰণা।
Ans:
খ। মানসিক স্বাস্থ্য বিজ্ঞানৰ অর্থ।
Ans:
গ। মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশসমূহ।
Ans:
ঘ। মানসিক স্বাস্থ্যবান লোকৰ বৈশিষ্ট্য।
Ans:
মূল সাৰাংশ (Chapter Summary) Click to See...
ইয়াত দ্বাদশ শ্ৰেণীৰ (Class 12 Education Book) শিক্ষা পাঠ্যপুথিৰ ষষ্ঠ অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।
সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...
প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।
প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম।
প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।
সামৰণি (Conclusion) Click to See...
আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!
মূল সাৰাংশ (Chapter Summary) Click to See...
ইয়াত দ্বাদশ শ্ৰেণীৰ (Class 12 Education Book) শিক্ষা পাঠ্যপুথিৰ ষষ্ঠ অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।
সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...
প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।
প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম।
প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।
সামৰণি (Conclusion) Click to See...
আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!
Written By Bhaskar Jyoti Nath
Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey.
Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষা গাইড উপলব্ধ।
আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰে।)
Post a Comment