Posts

কোষ জীৱত্ত্ব Solutions (2026)। Class 12 Anthropology Book Chapter 1 Textual Question Answers(কোষ জীৱত্ত্ব) Assamese Medium| কোষ জীৱত্ত্ব|

Introduction- (2026) Class 12 Anthropology Book Chapter 1 Solutions Available| Anthropology Book Class 12 Chapter 1 Solutions Assamese Medium| কোষ জীৱত্ত্ব|


Chapter- 1 Textual Question Answers
কোষ জীৱত্ত্ব


অনুশীলনী


১। কোষবোৰ পোন প্রথমে কোনে লক্ষ্য কৰিছিল?

Ans: কোষবোৰ পোন প্রথমে ৰ’বাৰ্ট হুক (Robert Hook) এ ১৬৬৫ ত নিজে সজা এটা অনুবীক্ষণ যন্ত্ৰত লক্ষ্য কৰিছিল।


২। কোষৰ দুটা প্রধান অংশ কি কি?

Ans: কোষৰ দুটা প্রধান অংশ হল- 

i) ছাইট’প্লাজম আৰু

ii) নিউক্লিয়াছ বা কোষকেন্দ্ৰ।


৩। মানৱ কোষৰ দুটা প্রধান প্ৰকাৰ কি কি?

Ans: মানৱ কোষৰ দুটা প্রধান প্ৰকাৰ হল-

i) জনন কোষ আৰু

ii) দৈহিক কোষ।


৪। কোষৰ সংজ্ঞা দিয়া।

Ans: কোষৰ সংজ্ঞা লয়ি আৰু চেইকেভিজ্ (Lowey and Seikevitz)এ ১৯৬৩ চনত এনেধৰণে আগবঢ়াইছিল-

"A cell is the smallest unit of the fundarmental Structure and function of all living organism which is capable of independent existence and self-reproduction of a suitble enviroment."(এটা কোষ হৈছে সকলো জীৱৰ মৌলিক গঠন আৰু কাৰ্য্যৰ আটাইতকৈ সৰু একক যিয়ে স্বতন্ত্ৰ অস্তিত্ব আৰু উপযুক্ত পৰিৱেশৰ আত্মপ্ৰজনন কৰিবলৈ সক্ষম।)


৫। কোষ বিভাজন বুলিলে কি বুজা?

Ans: যি প্ৰক্ৰিয়াৰে জীৱদেহৰ কোষ বিভাজিত হৈ সিঁহতৰ অণুৰূপ অপত্য় কোষৰ সৃষ্টি কৰে তাক কোষ বিভাজন বুলি কোৱা হয়।


৬। কোষ বিভাজনৰ ধাৰণা পোন প্রথমে কোনে দাঙি ধৰিছিল।

Ans: ১৮৪০ চনত হ’ফমেষ্টাৰে পোন প্ৰথম বাৰৰ বাবে কোষ বিভাজনৰ ধাৰণা অৱতাৰণা কৰে।


৭। মাইট'ছিছ কোষ বিভাজনৰ স্তৰ কেইটা?

Ans: মাইট'ছিছ কোষ বিভাজনৰ স্তৰ চাৰিটা।


৮। ক্র 'মজ'ম শব্দটো প্রথমতে কোনে বর্ণনা কৰিছিল?

Ans: ক্র 'মজ'ম শব্দটো প্রথমতে ১৮৭৫ চনত ষ্টেউচবাৰজাৰে বর্ণনা কৰিছিল।


৯। মানৱ শৰীৰত থকা ক্ৰ'ম'জমৰ সংখ্যা কিমান?

Ans: মানৱ শৰীৰত থকা ক্ৰ'ম'জমৰ সংখ্যা ৪৬ ডাল।


১০। ক্রমজ'ম থকা প্রটিন দুই প্ৰকাৰৰ নাম লিখা?

Ans: ক্রমজ'ম থকা প্রটিন দুই প্ৰকাৰৰ নাম হল-

ক) হিষ্টন প্ৰটিন আৰু

খ) অহিষ্টন প্ৰটিন।


১১। জিন শব্দটো কি শব্দৰ পৰা আহিছে?

Ans: জিন শব্দটো জিনম শব্দৰ পৰা আহিছে।


১২। মানৱ কোষ এটাৰ চিত্ৰ অংকন কৰি ইয়াৰ বিভিন্ন অংশসমূহ দেখুওৱা।

Ans: 


১৩। মাইট'ছিছ কোষ বিভাজনটো বর্ণনা কৰা।

Ans: যি কোষ বিভাজন বহুকোষী জীৱৰ দেহ কলাবোৰৰ বুদ্ধি আৰু বিকাশৰ লগত জড়িত তেনে কোষ বিভাজনক মাইট'ছিছ বোলা হয়। জীৱৰ দেহকোষত সংঘটিত হোৱা এই বিভাজন বিশ্বজনীন আৰু ক্ষুদ্ৰাকৃতিৰ জীৱৰ পৰা আৰম্ভ কৰি বৃহদাকৃতিৰ যিকোনো প্ৰাণীৰ দেহকোষত এনে বিভাজন পোৱা যায়। এই প্রক্রিয়াত প্রথমে নিউক্লিয়াছৰ আৱৰণখন নাইকিয়া হয়। তাৰ পাছত ক্ৰ'মজমবোৰ স্পষ্ট হৈ পৰে আৰু সমানে দুটা ভাগত বিভক্ত হৈ দুটা অপত্য নিউক্লিয়াছ গঠন কৰে। নতুনকৈ সৃষ্টি হোৱা নিউক্লিয়াছ দুটাৰ মাজত এখন কোষ প্রাচীৰ গঠিত হয়। এই প্রাচীৰে ছাইট'পাজমখিনিও সমানে দুভাগ কৰে। এই প্রক্রিয়াক ছাইটোকাইনেছিছ বোলে।


        মাইট'ছিছ প্রণালীৰে কোষ বিভাজিত হওঁতে কোষ কেন্দ্ৰটোৰ ধাৰাবাহিকভাৱে যিবোৰ পৰিৱৰ্তন হয় সেই পৰিবৰ্তনক চাৰিটা স্তৰত ভগোৱা হয়। সেই ভাগসমূহ হ'ল 一


(i) আদ্য়স্তৰ (Prophase)

(ii) মধ্য়স্তৰ (Metaphase)

(iii) উপান্ত্য়স্তৰ (Anaphase)

(iv) অন্ত্য়স্তৰ (Telophase)


ক। আদ্যস্তৰ (Prophase): কোষকেন্দ্র বিভাজনৰ প্ৰথম স্তৰ হ'ল আদ্যস্তৰ। কোষ বিভাজনৰ আৰম্ভণিৰ কোষটো স্থিতাৱস্থাত থাকে। এই স্তৰ আৰম্ভহোৱাৰ লগে লগে কোষকেন্দ্ৰ আকাৰত কিছু ডাঙৰ হয় আৰু কোষকেন্দ্র জালিকা লোপ পায়। কোষকেন্দ্র জালিকাত থকা ক্ৰমোটিনবোৰ সূতাৰ আকৃতিৰ ক্ৰ'ম 'জমলৈ পৰিবৰ্তিত হয়। এই বিভাজনৰ আৰম্ভণিতে ক্ৰ'ম'জমবোৰে কে'কোৰ কেঁকুৰি সূতাৰ আকাৰ ধাৰণ কৰি নিউক্লিঅ'পাজমৰ পদ্ধতিৰে প্ৰত্যেকডাল ক্র'ম'জমেই দীঘে দীঘে দুভাগত বিভক্ত হয়। দুইভাগ সমৰূপী। প্রত্যেক ভাগকে ক্রমেটিড বোলা হয়। প্রফেজ বা আদ্যস্তৰ অৱস্থাত সমৰূপী ক্ৰমেটিড দুডালে ইডালে সিডালৰ লগত লগালগিকৈ পাক খাই থাকে। প্রতিডাল ক্ৰ'ম'জমৰ এটাক্ষুদ্র অংশ ঠেক আৰু এই অংশতেই ক্ৰ'ম'জম আঁহৰদ্বাৰা সংযোজিত হয়। এই অংশৰ নাম চেন্টুমিয়েৰ।


খ। মধ্যস্তৰ (Metaphase): এই স্তৰ আৰম্ভ হোৱাৰ লগে লগে নিউক্লিয়াচ আৰু কোষকেন্দ্ৰৰ নিউক্লিয়াৰ আৱৰণীখন একেবাৰে অদৃশ্য হৈ পৰে। চাইটোপাজম জাতীয় তত্ত্বসমূহ কোষৰ দুই মেৰুৰপৰা মাজলৈ গতি কৰে আৰু মহুৰা বা টাকুৰীৰ দৰে অৰ্থাৎ মাজডোখৰ শকত আৰু দুয়োকাষে ক্রমান্বয়ে সৰু আকৃতি ধাৰণ কৰে। ইয়াক কেন্দ্ৰীয় মহুৰা (Nuclear spindle) বোলে। এই টাকুৰীটো কোষৰ মাজভাগলৈ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৃত হৈ থাকে। ইতিমধ্যে নিউক্লিয়াচৰ বহিৰত থকা ছেন্টিঅ'ল দুটাই দুই বিপৰীত মেৰুলৈ গতি কৰে। আঁহবোৰে দুই মেঝত স্থিত ছেন্টিঅ'ল দুটা সংযোগ কৰি টাকুৰীটোৰ আকৃতি গঠন কৰে। টাকুৰীটোৰ মাজভাগটো মোটা আৰু দুই মূৰ জোঙা। ক্রম'জমবোৰে টাকুৰীৰ মধ্যাংশলৈ গতি কৰে। তাত ক্ৰ'ম'জমৰ চেন্টুমিয়েৰত (Centromere) আঁহ সংযোজিত হৈ ক্র'ম'জম টাকুৰীৰ লগত সংযোজিত হৈ পৰে। মধ্যস্তৰৰ শেষ অৱস্থাত প্রতিডাল ক্রম'জম সংযোগ স্থলত দীঘে দীঘে দুভাগ হৈ দুডাল বিচ্ছিন্ন ক্রমেটিডত পৰিণত হয়।


গ। উপাস্ত্যস্তৰ (Anaphase): ক্রমেটিড সংযোজিত আকর্ষতত্ত্ব সংকুচিত হৈ দুই বিপৰীত মেৰুৰ ফাললৈ গতি কৰাৰ লগে লগে এই স্তৰ আৰম্ভ হয়। এই অৱস্থাত ক্রম'জমবোৰ এটা আনটোৰ পৰা পৃথক হয়। ছেন্টু মিয়াৰত সংযোজিত আঁহবোৰে ক্ৰমেটিডক দুই মেঝলৈ টানিবলৈ ধৰে। এইদৰে সমৰূপী ক্ৰ'মেটিডৰ এডাল এটা মেঝলৈ আৰু আনডাল আনটো মেৰুলৈ গতি কৰে।


ঘ। অন্ত্যস্তৰ (Telophase): উপাস্ত্যস্তৰত হোৱা গতিৰ শেষত ক্ৰ'ম'জমবোৰ কোষৰ দুই মেঝত থুপ খাই থাকে। এই ক্রমেটিডবোৰক ক্ৰ'ম'জম বোলা হয়। ক্রমান্বয়ে ক্র'ম'জমবোৰে মিহি আৰু দীঘল হৈ পাক খোৱা অৱস্থা এৰি আগৰ আকাৰ ধাৰণ কৰে। অর্থাৎ লাহে লাহে অস্পষ্ট হৈ পৰে। ইতিমধ্যে টাকুৰীটো অন্তর্ধান হয়। তাৰ পৰিবৰ্তে ক্ৰ'ম'জমক পৰিবেষ্টন কৰি নিউক্লিয়াছৰ আৱৰণ গঠন হয়। নিউক্লিঅ'লাছেও পূৰ্বৰূপ ধাৰণ কৰে। 


১৪। মাইট'ছিছ আৰু মিঅছিছ কোষ বিভাজনৰ মাজত পার্থক্য দেখুওৱা।

Ans: মাইট'ছিছ আৰু মিঅছিছ কোষ বিভাজনৰ মাজত পার্থক্য-

ক। মাইট'ছিছ জীৱৰ দেহকোষত হয়। আনহাতে মিঅ'ছিছ প্রজননকোষ সৃষ্টি হোৱাৰ সময়ত হয়।


খ। মাইট'ছিছত, এটা কোষ এবাৰ বিভক্ত হৈ দুটা অপত্য কোষৰ সৃষ্টি কৰে। আনহাতে মিঅছিছত, এটা কোষৰ দুবাৰ বিভক্ত হৈ চাৰিটা অপত্য কোষৰ সৃষ্টি হয়।


গ। মাইট'ছিছত, আদ্যন্তৰ চুটি আৰু ক্ৰ'ম'জমবোৰ দুডাল ক্রমেটিড হিচাবে দেখা যায়। আনহাতে মিঅছিছত,  আদ্যস্তৰটো দীঘলীয়া পাঁচটা উপস্তৰত বিভক্ত। ক্ৰ'ম'জমবোৰ প্রথমে এডলীয়াকৈ দেখা যায় পিছত ফাটি দুটা ক্রমেটিড হয়।


ঘ। মাইট'ছিছত, সমৰূপী ক্র'মজম যোৰা নাপাতে। আনহাতে মিঅছিছত, সমরূপী ক্র'ম'জমে যোৰা পাতে।


ঙ। মাইট'ছিছত, কায়েজমাৰ সৃষ্টি নহয়। আনহাতে মিঅছিছত, কায়েজমাৰ সৃষ্টি হয়।


চ। মাইট'ছিছত,  উপাস্ত্যস্তৰত প্রত্যেক ক্ৰ'ম'জমৰ ক্রমেটিড দুডাল টাকুৰীৰ বিপৰীতে দুটালৈ যায়। আনহাতে মিঅছিছত, প্রথম মিঅ'ছিছ বিভাজনৰ উপান্ত্যস্তৰত প্রত্যেকযোৰ যুগ্ম ক্ৰ'ম'জমৰ এটা মেৰু লৈ আনটো বিপৰীত মেকলৈ যায়।


ছ। মাইট'ছিছত, অন্ত্যস্তবত অপত্য কোষ কেন্দ্রত মাতৃকোষৰ সমান সংখ্যক ক্র'মজম থাকে। আনহাতে মিঅ'ছিছ বিভাজনৰ শেষত অপত্যকোষ প্রত্যেকতে মাতৃকোষৰ আধাসংখ্যক ক্রম'জম থাকে।


জ। মাইট'ছিছত, আদ্যন্তৰ সৰল আৰু উপস্তৰত বিভক্ত নহয়। আনহাতে মিঅছিছত,আদ্যস্তৰ দীর্ঘস্থায়ী, জটিল আৰু কেবাটাও উপস্তৰত বিভক্ত।


ঝ। মাইট'ছিছত, জিন বিনিময় হৈ জিনৰ পূৰ্ণবিন্যাস নহয়। আনহাতে মিঅছিছত, জিন বিনিময় এক উল্লেখযোগ্য ঘটনা; যাৰ লগত জীৱৰ প্ৰকাৰণ আৰু বিবর্তন জড়িত।



১৫। ক্ৰ'মজ'ম এটাৰ বিভিন্ন অংশবোৰ চিত্ৰৰ সহায়ত দেখুওৱা।

Ans: 


১৬। ক্ৰ'মজ'মৰ বিভিন্ন ভাগসমূহ বর্ণনা কৰা।

Ans: ক্রম'জমত থকা চেন্ট্ৰ'মিয়েৰৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি।

(ক) প্রান্তকেন্দ্রিক (Telocentric): যিবোৰ ক্ৰ'ম'জম চেন্ট্ৰ'মিয়েৰ একেবাৰে এটা প্ৰান্তত অৱস্থান কৰে, তেনে ক্ৰ'ম'জোমক প্রান্তকেন্দ্রিক ক্র'ম'জম বোলা হয়। ইয়াৰ বাহু মাত্র এডাল।


(খ) উপপ্রান্তকেন্দ্রিক (Acrocentric): ইহঁত দণ্ডাকৃতিৰ কিন্তু চেন্ট্ৰ'মিয়েৰৰ অৱস্থানে ক্র'ম'জমডালক দুটা অসমান ভাগত ভাগ কৰে। ফলত ক্র'ম'জমডালত এটা একেবাৰে চুটি অংশ আৰু আন এটা দীঘলীয়া অংশৰ সৃষ্টি হয়।


(গ) উপ-মধ্যকেন্দ্রিক (Sub-metacentric): এই প্ৰকাৰৰ ক্ৰ'ম'জমত চেন্ট্ৰ'মিয়েৰটো ক্ৰ'ম'জম দালৰ মাজ অংশৰ পৰা অলপ আঁতৰত অৱস্থিত হোৱা বাবে দুডাল অসমান বাহুৰ সৃষ্টি হয়। এই বাহু দুডালৰ এডাল বাহু আনডালৰ তুলনাত সামান্য ডাঙৰ হয়। কোষ বিভাজনৰ এনাফেজ স্তৰত এই ক্ৰ'ম'জমবোৰ দেখাত ইংৰাজী 'L' আখৰৰ দৰে।


(ঘ) মধ্যকেন্দ্রিক (Metacentric): এই ধৰণৰ ক্ৰ'ম 'জমত চেন্ট্ৰ'মিয়েৰটো ঠিক মধ্যস্থানত অৱস্থিত আৰু ফলস্বৰূপে দুয়োডাল বাহুৰ দৈৰ্ঘ্য সমান হয়। এই বিধ ক্র'ম'জোম দেখাত 'V' আকৃতিৰ।


১৭। নিউক্লিক এচিড কেইপ্ৰকাৰৰ আৰু কি কি?

Ans:  নিউক্লিক এচিড দুই প্ৰকাৰৰ— DNA (ডি-অক্সিনিউক্লিক এচিড) আৰু RNA (ৰাইব’নিউক্লিক এচিড) ।


১৮। কোষৰ আকাৰ কোনেধৰণৰ উল্লেখ কৰা।

Ans: কোষৰ আকাৰ বিভিন্ন হ’ব পাৰে। কিছুমান কোষ অতি ক্ষুদ্ৰ (বেক্টেৰিয়া) আৰু কিছুমান ডাঙর (উট চৰাইৰ কণী)। মানুহৰ শৰীৰত স্নায়ুকোষ আটাইতকৈ দীঘল হয়। কোষৰ আকৃতি গোলাকাৰ, ডিম্বাকৃতি বা স্তম্ভাকৃতিৰ হ’ব পাৰে।


১৯। মাইট'ছিছ আৰু মিঅছিছ শব্দ দুটা কোনে প্রথমে ব্যৱহাৰ কৰিছিল?

Ans: মাইট'ছিছ: ১৮৮২ চনত ৱালথাৰ ফ্লেমিঙে পোনপ্ৰথমে ব্যৱহাৰ । আৰু মিঅছিছ: ১৯০৫ চনত ফাৰ্মাৰ আৰু মুৰে’ই পোনপ্ৰথমে ব্যৱহাৰ কৰে।


২০। ক্ৰ'মজ'ম শব্দটোৰ অৰ্থ কি?

Ans: ক্ৰ’মজ’ম শব্দটো “ক্ৰোমা” আৰু “চোমা” শব্দৰ পৰা সৃষ্টি হৈছে। “ক্ৰোমা” মানে ৰঙ আৰু “চোমা” মানে শৰীৰ।


২১। উৎসেচক শব্দটো পোন প্রথমে কোনে প্রয়োগ কৰিছিল?

Ans: 


২২। উৎসেচকৰ কাৰ্য্যসমূহ বর্ণনা কৰা।

Ans: 


 



 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত দ্বাদশ শ্ৰেণীৰ  (Class 12 Anthropology Book) শিক্ষা পাঠ্যপুথিৰ  কোষ জীৱত্ত্ব প্ৰথম অধ্যায়ৰ (Chapter 1) অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!


Written By Bhaskar Jyoti Nath





Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey.

Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষা গাইড উপলব্ধ।

আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰে।)


Post a Comment

Previous Post Next Post