Posts

অগতানুগতিক শিক্ষা Solution। AHSEC Class 12 Education Book Chapter 2 Textual Question Answers | Class 12 Education Book Chapter 2 Solutions | অগতানুগতিক Chapter 2 Textual Question Answers|

Introduction-"২০২৬ চনৰ ফাইনেল পৰীক্ষাৰ বাবে Education (শিক্ষা) ৰ এই অগতানুগতিক শিক্ষা (Chapter 2) পাঠটো অতি দৰকাৰী। ইয়াৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তলত দিয়া হ'ল।"


Chapter- 2
অগতানুগতিক শিক্ষা


১। অগতানুগতিক শিক্ষা কাক বোলে?
Ans: যি শিক্ষা ব্যৱস্থাৰ কোনো ধৰাবন্ধা নিয়ম বা স্কুলৰ বাহিৰৰ লৰা-ছোৱালীক আনুষ্ঠানিক শিক্ষা প্ৰদানৰ যি ব্যৱস্থা কৰা হয়, তাকে অগতানুগতিক শিক্ষা বোলে।
 
২। অগতানুগতিক শিক্ষাৰ সংজ্ঞা দিয়া।
Ans: জে. পি. নাইকৰ মতে, "শিশু বা প্ৰাপ্তবযস্ক লোকৰ বাবে এক নিৰ্ভৰযোগ্য আৰু ভাছনিযুক্ত শিক্ষা ব্যৱস্থাই হল অগতানুগতিক শিক্ষা।"
 
৩। অগতানুগতিক শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।
Ans: অগতানুগতিক শিক্ষাৰ দুটো বৈশিষ্ট হল-
i) পিছপৰা, অৱহেলিত লোকৰ বাবে প্ৰয়োজন।
ii) সুনিৰ্দিষ্ট উদ্দেশ্যৰ প্ৰতি গুৰুত্ব।
 
৪। যোগাযোগ শিক্ষা মানে কি?
Ans: যোগাযোগ শিক্ষা হৈছে পত্ৰৰ আদান-প্ৰদানৰ মাধ্যমেৰে যোগাযোগ স্থাপন কৰি দিয়া আৰু লোৱা শিক্ষা। শ্ৰেণীকক্ষত উপস্থিত নথকাকৈয়ে এই শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষাৰ্থীয়ে নিজ নিজ ভূমিকা পালন কৰিব পাৰে।
 
৫। যোগাযোগ শিক্ষাৰ দুটা উদ্দেশ্য লিখা।          
Ans: যোগাযোগ শিক্ষাৰ দুটা উদ্দেশ্য হল-
i) কম ব্যয় আৰু অধিক দক্ষতায়ে উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা।
ii) বিভিন্ন কাৰণত ভৰ্তি হব নোৱাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা।
 
৬। অগতানুগতিক শিক্ষা প্রতিষ্ঠানিক হয়নে?
Ans: নহয়, অগতানুগতিক শিক্ষা সাধাৰণতে প্ৰাতিষ্ঠানিক নহয়। ই অনানুষ্ঠানিক পৰিৱেশত লাভ কৰা হয়।
 
৭। অগতানুগতিক শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত ব্যক্তিসকল কোন কোন?
Ans: অগতানুগতিক শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত ব্যক্তিসকল ল- আধাতে স্কুল এৰা শিক্ষাৰ্থী, গৃহিনী, কৃষক, শ্ৰমিক আৰু যিকোনো বয়সৰ ব্যক্তি যিয়ে নতুন জ্ঞান আহৰণ কৰিব বিচাৰে।
 
 
৮। যোগাযোগ শিক্ষাৰ ধাৰণা কোনে প্রথম প্রচলন কৰিছিল?
Ans: ছাৰ আইজাক পিটমেনক (Sir Isaac Pitman) ইয়াৰ অন্যতম অগ্ৰদূত বুলি গণ্য কৰা হয়।
 
 
৯। অগতানুগতিক শিক্ষাৰ চাৰিটা উদ্দেশ্য উল্লেখ কৰা।
Ans: অগতানুগতিক শিক্ষাৰ চাৰিটা উদ্দেশ্য হল-
i) ব্যক্তিসকলক ব্যৱহাৰিক শিক্ষাৰ সুযোগ প্ৰদান কৰি জীৱন ধাৰণৰ গুনগত মানদণ্ডৰ উন্নতি সাধন কৰা অগতানুগতিক শিক্ষাৰ এক প্ৰধান উদ্দেশ্য।
ii) সমাজৰ সকলো স্তৰৰ বিভিন্ন লোক সকললৈ আৰ্থ সামাজিক আৰু আৰ্থ সাংস্কৃতিক দিশৰ জ্ঞান প্ৰদান কৰা।
iii) অগতানুগতিক শিক্ষাৰ আন এক লক্ষ্য হল উপাৰ্জনৰ আৰু শিক্ষা আহৰণ কাৰ্য সমান্তৰালভাৱে পৰিচালিত কৰাটো সম্ভৱ কৰি তোলা।
iv) এই শিক্ষাৰ আন এক উদ্দেশ্য হল বৰ্তমানৰ বিশ্বয়নৰ যুগত বিভিন্ন প্ৰযুক্তিৰ সহায়ত বিভিন্ন প্ৰান্তৰ জ্ঞান আহৰণৰ লগতে ব্যক্তিসকলৰ আন্তৰ্জাতিক মনোভাৱ আৰু সহযোগিতা বৃদ্ধি কৰা।
 
 
১০। অগতানুগতিক শিক্ষাই জ্ঞানৰ বিস্ফোৰণৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰে?
Ans: নতুন নতুন তথ্য, সমাজৰ বিভিন্ন দিশৰ বিকাশ, বিজ্ঞান আৰু প্ৰযুক্তিৰ সৈতে মানুহক চিনাকি কৰাই দি আৰু পাঠ্যপুথিৰ বাহিৰেও ব্যৱহাৰিক জ্ঞান প্ৰদান কৰি ই জ্ঞানৰ বিস্ফোৰণৰ সৈতে খোজ মিলাবলৈ সহায় কৰে।
 
 
১১। বর্তমান সময়ত অগতানুগতিক শিক্ষা কিয় প্রয়োজনীয়?
Ans: বর্তমান সময়ত অগতানুগতিক শিক্ষা নতুন কৌশল শিকা আৰু সামাজিক পৰিৱেশৰ সৈতে খাপ খাবলৈ প্ৰয়োজন।
 
 
১২। যোগাযোগ শিক্ষাৰ দুটা ভাল দিশ উল্লেখ কৰা।
Ans: যোগাযোগ শিক্ষাৰ দুটা ভাল দিশ ল-
i) জীৱন ব্যাপী শিক্ষা আহৰণ কৰাত সুযোগ প্ৰদান কৰে।
ii) অৱসৰ সময় সুস্থভাৱে পালনত সহায় কৰে।
 
১৩। যোগাযোগ শিক্ষাৰ দুটা কুফল উল্লেখ কৰা।
Ans: যোগাযোগ শিক্ষাৰ দুটা কুফল হল-
i) শিক্ষাৰ্থী সকলৰ মাজত সক্ৰিয়তাৰ অভাৱ পৰিলক্ষিত হোৱা দেখা যায়।
ii) শিক্ষাৰ্থী ব্যক্তিগত প্ৰয়োজনৰ প্ৰতি অৱহেলা কৰা দেখা যায়।
 
১৪। দূৰৱৰ্তী শিক্ষা মানে কি?
Ans: সাধাৰণ অৰ্থত কবলৈ গলে ঘৰৰ পৰা বহু দূৰত অৱস্থিত শিক্ষা কৰ্তৃপক্ষৰ লগত যোগাযোগ স্থাপন কৰি শিথিলতাৰ নীতিৰে ব্যক্তিয়ে লাভ কৰা প্ৰয়োজন ভিত্তিক শিক্ষাই হল দূৰত্ব শিক্ষা।
 
১৫। দূৰৱৰ্তী শিক্ষাৰ এটা সংজ্ঞা দিয়া।
Ans: পেৰাটন-ৰ মতে,দূৰত্ব শিক্ষা হল এবিধ প্ৰক্ৰিয়া যত শিক্ষণৰ কিছু বৈশিষ্ট্যপূৰ্ণ অংশ শিক্ষাৰ্থীসকলৰ সময় আৰু স্থানৰ ব্যৱধানত ৰাখি কাৰোবাৰ দ্বাৰা সম্পন্ন কৰা হয়।
 
১৬। দূৰৱৰ্তী শিক্ষাৰ যিকোনো চাৰিটা উদ্দেশ্য লিখা।          
Ans: দূৰৱৰ্তী শিক্ষাৰ চাৰিটা উদ্দেশ্য হল-
i) প্ৰচলিত শিক্ষা ব্যৱস্থাক বহুমূখী আৰু বৃত্তিমুখী কৰি তোলা এই শিক্ষাৰ উদ্দেশ্য।
ii) এই শিক্ষাৰ আন এক উদ্দেশ্য হল- শিক্ষাৰ সাৰ্বজনীনকৰণ কৰা।
iii) দূৰত্ব শিক্ষাৰ আন এক উদ্দেশ্য হল গণতান্ত্ৰিক আদৰ্শৰ ভিত্তিক শিক্ষা ব্যৱস্থাত সমতা স্থাপন কৰা।
iv) শিক্ষা ব্যৱস্থা গুণগত মানদণ্ডৰ বিকাশ সাধন কৰা এই শিক্ষাৰ আন এক উদ্দেশ্য।
 
১৭। দুটা দূৰৱৰ্তী শিক্ষাৰ যিকোনো মূল উদ্দেশ্য লিখা।
Ans:  দুটা দূৰৱৰ্তী শিক্ষাৰ যিকোনো মূল উদ্দেশ্য ল-
 
i) শিক্ষাক সকলোৰে বাবে সুলভ কৰা: ভৌগোলিক দূৰত্ব, আৰ্থিক অনাটন বা শাৰীৰিক অসুবিধাৰ বাবে যিসকল লোকে নিয়মীয়া শিক্ষানুষ্ঠানলৈ গৈ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে, তেওঁলোকৰ ওচৰলৈ শিক্ষা লৈ যোৱাই ইয়াৰ অন্যতম উদ্দেশ্য।
ii) সকলো সময়তে শিক্ষাৰ সুবিধা: কৰ্মৰত ব্যক্তি বা যিসকলে আধাতে পঢ়া এৰিবলগীয়া হৈছিল, তেওঁলোকক নিজৰ সুবিধামতে আৰু নিজৰ গতিত পুনৰ শিক্ষা লাভ কৰাৰ বাবে এক নমনীয় মঞ্চ প্ৰদান কৰা।
 
১৮। মুক্ত শিক্ষা মানে কি?
Ans: যি শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে সম্পূৰ্ণ স্ৱাধীনতা ভোগ কৰিবলৈ সুবিধা পায়, স্ব-ইচ্ছাৰে আৰু স্ব-নিৰ্দেশিত ভাৱে শিক্ষা লাভ কৰিব পাৰে, যি শিক্ষা ব্যৱস্থাত শিশু কেন্দ্ৰিক শিক্ষাক গুৰুত্ব দিয়া হয় তেনে শিক্ষাকে মুক্ত শিক্ষা বোলে।
 
১৯। মুক্ত শিক্ষাৰ যিকোনো দুটা উদ্দেশ্য লিখা।
Ans: মুক্ত শিক্ষাৰ দুটা উদ্দশ্য় হল-
i) জীৱনজোৰা শিক্ষাৰ প্ৰয়োজন পূৰণৰ বাবে এই শিক্ষাৰ যোগেৰে সমাজৰ লোকসকলক সুবিধা প্ৰদান কৰা।
ii) উপযুক্ত সময়ত শিক্ষাৰ পৰা বঞ্চিত হোৱা, আধাতে শিক্ষা এৰিব লগা হোৱা, কৰ্মৰত প্ৰাপ্তবয়স্ক লোকসলক অবিৰত শিক্ষাৰ সুবিধা দিয়া।
 
২০। মুক্ত শিক্ষাৰ যিকোনো তিনিটা উদ্দেশ্য লিখা।
Ans: মুক্ত শিক্ষাৰ তিনিটা উদ্দেশ্য হল-
i) শিক্ষা ব্যৱস্থাৰ মানদণ্ডৰ উন্নতি সাধন কৰা।
ii) শিক্ষা আহৰণ আৰু উপাৰ্জন সমান্তৰালভাৱে পৰিচালিত কৰাটো সম্ভৱপৰ কৰি তোলা।
iii) বৃত্তিমূলক, কাৰিকৰী আৰু জীৱনৰ লগত জড়িত পাঠ্যক্ৰম ব্যৱস্থা কৰা এই শিক্ষাৰ এক উদ্দেশ্য।
 
২১। অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা।
Ans: অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য হল-
i) সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ বাবে এই শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
ii) অগতানুগতিক শিক্ষাৰ পৰিসৰ অত্য়ন্ত ব্য়াপক, সমাজমুখী আৰু গণতান্ত্ৰিক।
 
২২। মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনো তিনিটা উদ্দেশ্য লিখা।
Ans: মুক্ত বিশ্ববিদ্য়ালয়ৰ তিনিটা বৈশিষ্ট্য হল-
i) জনসাধাৰণক নতুনকৈ জ্ঞান আৰু কৌশল আহৰণৰ সুবিধা প্ৰদান কৰা।
ii) উচ্চ শিক্ষাক শিক্ষক-প্ৰধানৰ পৰিৱৰ্তে শিক্ষাৰ্থী-প্ৰধান কৰি গঢ়ি তোলা।
iii) শিক্ষাত গণতান্ত্ৰীক ভাৱধাৰাৰ বিকাশ সাধন কৰা এই শিক্ষাৰ অন্য়তম উদ্দেশ্য।
 
২৩। মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনো দুটা বৈশিষ্ট্য় লিখা।
Ans: মুক্ত বিশ্ববিদ্যালয়ৰ দুটা বৈশিষ্ট্য হল-
i) মুক্ত বিশ্ৱবিদ্য়ালয়ত নামভৰ্তিৰ ক্ষেত্ৰত নমনীয়তা থকা দেখা যায়।
ii) শিক্ষা গ্ৰহণৰ বাবে শিক্ষাৰ্থীসকল নিয়মীয়াকৈ বিশ্ববিদ্য়ালয়লৈ যাব নালাগে।
 
২৪। ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি?
Ans: ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় ১৯৮২ চনত অন্ধ্ৰ প্ৰদেশত।
 
২৫। IGNOU-ৰ সম্পূৰ্ণ ৰূপটো লিখা।
Ans: IGNU- ৰ সম্পূৰ্ণ ৰুপটো হল- Indira Gandhi National Open University
 
২৬। ১৯৮৫ চনত স্থাপিত হোৱা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি আছিল?          
Ans: ১৯৮৫ চনত স্থাপিত হোৱা মুক্ত বিশ্ববিদ্য়ালয়খনৰ নাম হল- IGNOU (ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়)।
 
২৭। প্রথম মুক্ত বিশ্ববিদ্যালয়খন ক'ত আৰু কেতিয়া স্থাপন কৰা হৈছিল?
Ans: বিশ্বৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয় (The Open University) যুক্তৰাজ্যত (UK) ১৯৬৯ চনত স্থাপন কৰা হৈছিল।
 
 
২৮। ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়খন কোন চনত আৰু ক'ত স্থাপন কৰা হৈছিল?
Ans: ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়খন ১৯৮৫ চনত আৰু নতুন দিল্লীত স্থাপন কৰা হৈছিল
 
২৯। অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি ৰখা হৈছে?
Ans: অসমত স্থাপন কৰা মুক্ত বিস্ববিদ্যালয় খনৰ নাম হল- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্য়িক মুক্ত বিশ্ববিদ্য়ালয়
 
 
৩০। খালী ঠাই পূৰণ কৰা:
 
(ক) ....চনৰ জুন মাহত মাধ্যমিক শিক্ষা আয়োগে নিজস্ব প্রতিবেদন দাখিল কৰিছিল।
Ans: ১৯৫৩ চনৰ জুন মাহত মাধ্যমিক শিক্ষা আয়োগে নিজস্ব প্ৰতিবেদন দাখিল কৰিছিল।
 
(খ) ..আছিল বিশ্ববিদ্যালয় অনুদানৰ অধ্যক্ষ।
Ans: ডি. এছ. কোঠাৰী আছিল বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ।
 
(গ) ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে পৰামৰ্শ দিয়া শিক্ষাৰ গাঁথনিৰ প্ৰক্ৰিয়াটো হ'…..
Ans:  ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে পৰামৰ্শ দিয়া শিক্ষাৰ গাঁথনিটো হ’ল ১০+২+৩
 
(ঘ) কোঠাৰী আয়োগৰ প্ৰতিবেদনখনৰ প্ৰকৃতভাৱে নামাকৰণ কৰা হৈছে……..
Ans: কোঠাৰী আয়োগৰ প্ৰতিবেদনখনৰ প্ৰকৃত নামকৰণ কৰা হৈছে শিক্ষা আৰু ৰাষ্ট্ৰীয় বিকাশ (Education and National Development)
 
(ঙ) …….. সদস্য়ৰে আয়োগখন গঠন হৈছিল।
Ans: ১৭ গৰাকী সদস্যৰে আয়োগখন গঠন হৈছিল।
 
৩১। চমুটোকা লিখা:
 
(ক) দূৰবৰ্তী শিক্ষা
Ans: সাধাৰণ অৰ্থত কবলৈ গলে ঘৰৰ পৰা বহু দূৰত অৱস্থিত শিক্ষা কৰ্তৃপক্ষৰ লগত যোগাযোগ স্থাপন কৰি শিথিলতাৰ নীতিৰে ব্যক্তিয়ে লাভ কৰা প্ৰয়োজন ভিত্তিক শিক্ষাই হল দূৰত্ব শিক্ষা।
সাধাৰণতে শিক্ষক-শিক্ষার্থীৰ মুখামুখি সম্বন্ধ নথকা এই শিক্ষাত বিশেষ প্রয়োজনত শিক্ষার্থীক শৈক্ষিক নির্দেশনা প্রদানৰ বাবে শিক্ষক-শিক্ষার্থীৰ মাজত প্রত্যক্ষ বিশেষ প্রয়োজনত শিক্ষার্থীক শৈক্ষিক নির্দেশনা প্রদানৰ বাবে শিক্ষক-শিক্ষার্থীৰ মাজত প্রত্যক্ষ যোগাযোগ হোৱা দেখা যায়। দৰাচলতে দূৰত্ব শিক্ষাত আনুষ্ঠানিক শিক্ষাৰ নীতি নিয়মবোৰেই নমনীয় আৰু শিথিল ৰূপত গ্রহণ কৰা হয়। এই শিক্ষা ব্যৱস্থা পৰিৱৰ্তনমুখী আৰু আনুষ্ঠানিক শিক্ষাতকৈ কম খৰচী। এই শিক্ষা ব্যৱস্থাত গণতান্ত্রিকতাৰ নীতি অনুসৰণ কৰা হয়। দৈহিক আৰু মানসিকভাবে প্রতিবন্ধকতা থকা ব্যক্তিসকলেও এই শিক্ষা আহৰণ কৰিব পাৰে। ইয়াৰ উপৰিও আর্থিক অসুবিধাৰ বাবে শিক্ষা সমাপ্ত কৰিব নোৱাৰাসকল, গৃহিণী, ব্যক্তিগত বা পাৰিবাৰিক অসুবিধাৰ বাবে শিক্ষা অসম্পূৰ্ণ কৰাসকল, বৃত্তিত নিয়োজিত শিক্ষা সম্পূর্ণ নকৰা ব্যক্তিসকল, উচ্চ শিক্ষা লাভৰ হেঁপাহ ৰখা সকল আৰু চাকৰিৰ পদোন্নতিৰ বাবে শিক্ষাৰ প্ৰয়োজন থকা সকলো ব্যক্তিৰে শিক্ষাৰ প্ৰয়োজন দূৰত্ব শিক্ষাই পূৰণ কৰিব পাৰে।
 
দূৰত্ব শিক্ষাৰ প্রকৃতি আত্মকেন্দ্ৰিক আৰু আত্ম প্রচেষ্টামূলক। পুৰণি সময়ত শিক্ষা ব্যৱস্থাত শিক্ষার্থীৰ সংখ্যা সীমিত আছিল বাবে শিক্ষকসকলে ছাত্র-ছাত্ৰীসকলৰ ব্যক্তিগত যত্ন লব পাৰিছিল। কিন্তু বর্তমান অধিক হাৰত বৃদ্ধি পোৱা ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন আনুষ্ঠানিক শিক্ষা আৰু এই শিক্ষাৰ শিক্ষকসকলে পূৰণ কৰিব নোৱাৰে। সেই বাবে শিক্ষার্থীসকলে আত্ম প্রচেষ্টামূলক শিক্ষা লাভৰ বাবে দূৰত্ব শিক্ষাৰ উদ্ভৱ হৈছে।
 
(খ) মুক্ত বিদ্যালয়
Ans: যি শিক্ষা ব্যৱস্থাত শিক্ষার্থীয়ে সম্পূর্ণ স্বাধীনতা ভোগ কৰিবলৈ সুবিধা পায়, স্ব-ইচ্ছাৰে আৰু স্ব-নির্দেশিতভাবে শিক্ষা লাভ কৰিব পাৰে, যি শিক্ষা ব্যৱস্থাত শিশুকেন্দ্রিক শিক্ষাক গুৰুত্ব দিয়া হয় তেনে শিক্ষাকে মুক্ত শিক্ষা বোলে মুক্ত শিক্ষাৰ ধাৰণা কাৰ্যকৰী কৰি তোলাত যোগাযোগ শিক্ষাই বিশেষ ভূমিকা গ্ৰহণ কৰে। ইউৰোপ আৰু আমেৰিকাৰ দেশবোৰত পোন প্রথমে মুক্ত শিক্ষাৰ প্রচলন হৈছিল। এই শিক্ষাত ব্যক্তিমনৰ মুক্ততা, প্রয়োজনীয়তা, প্রায়োগিকতা, সুচলতা, শিথিলতা আৰু স্বতঃস্ফূর্ততাৰ অনুভৱ আদিয়েহে অধিক প্রাধান্য লাভ কৰি উঠে। মুক্ত শিক্ষাই বিদ্যালয়লৈ একেবাৰে নোযোৱা, বিদ্যালয়ৰ শিক্ষা আধৰুৱা কৰা, কৰ্মৰত প্ৰাপ্তবয়স্ক লোকসকল, গৃহিণী আৰু দুখীয়া ব্যক্তি, পিছপৰা, অনুন্নত, ভিতৰুৱা অঞ্চলত বাস কৰা লোকসকলক শিক্ষা দিবৰ বাবে আনুষ্ঠানিক শিক্ষাৰ ঠাইত এক বিকল্প ব্যৱস্থা স্বৰূপে গঢ় লৈ উঠিছে।
 
 (গ) মুক্ত বিশ্ববিদ্যালয়।
Ans: সাধাৰণ স্কুলীয়া শিক্ষাৰ সমান্তৰালভাৱে বিদ্যালয়ৰ শিক্ষা মুক্ততাৰে প্ৰদানৰ ব্যৱস্থাক মুক্ত বিদ্যালয়ৰ শিক্ষা বোলে। সাধাৰণতে মাধ্যমিক শিক্ষাৰ দাবীসমূহ মুক্ত বিদ্যালয়ে পূৰণ কৰে। আনুষ্ঠানিক বিদ্যালয়ৰ শিক্ষাৰ পৰা বঞ্চিত হোৱা লোকসকলক মুক্ত বিদ্যালয়ৰ জৰিয়তে শিক্ষা প্রদান কৰা হয়। সাধাৰণতে ল'ৰা-ছোৱালীৰ উপৰিও বিদ্যালয়ৰ শিক্ষা শেষ কৰিব নোৱাৰাসকল, কৰ্মৰত প্ৰাপ্তবয়স্কসকল, গৃহিণী আৰু আর্থ-সামাজিকভাৱে পিছপৰা শ্রেণীক এই শিক্ষাই সামৰি লয়।
 
মুক্ত বিদ্যালয়ৰ শিক্ষাত নামভৰ্ত্তিৰ ক্ষেত্ৰত শিক্ষার্থীৰ বয়স সম্বন্ধে উদাৰ নীতি গ্ৰহণ কৰা হয় আৰু নীতি-নিয়ম, অনুশাসন আৰু মূল্যায়ন ব্যৱস্থাতো শিথিলতাৰ নীতি গ্রহণ কৰা হয়। মুক্ত বিদ্যালয়ৰ পৰীক্ষা ব্যৱস্থাত বস্তুনিষ্ঠ মূল্যায়ন পদ্ধতিয়ে প্রাধান্য লাভ কৰে আৰু এই শিক্ষাত গণতান্ত্রিক নীতি কাৰ্যকৰী কৰি তোলা হয়। ভাৰতবৰ্ষত মুক্ত শিক্ষা ব্যৱস্থাৰ কাৰ্যকৰীকৰণৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদ (NCERT) য়ে অনুমোদন প্রদান কৰে। মাধ্যমিক স্তৰৰ ১৪ বছৰ বা তাতকৈ ঊর্ধ্ব বয়সৰ শিক্ষার্থীসকলৰ বাবে মুক্ত বিদ্যালয় স্থাপন কৰাটো উচিত বুলি এই পৰিষদে উপলব্ধি কৰিছিল

 
 মূল সাৰাংশ (Chapter Summary) Click to See...

এই পাঠতিত (Class 12 Education Book) শিক্ষা পাঠ্যপুথিৰ অধ্য়ায় ২ ৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ সমূহৰ কৰা হৈছে। এই সমূহ প্ৰশ্ন উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰিব পাৰিব ।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!




Written By Bhaskar Jyoti Nath




Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষা গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰে।)

Post a Comment

Previous Post Next Post