Posts

দ্বি-ৰাষ্ট্ৰবাদৰ অৱসান Solution। AHSEC Class 12 Political Science Book Part-A Chapter 1 Important Question Answers | Class 12 Political Science Book Part-A Chapter 1 (The End of Bio-polarity) Solutions |দ্বি-ৰাষ্ট্ৰবাদৰ অৱসান অধ্যায়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ | The End of Bio-polarity Chapter 1 Important Question Answers|

 Introduction-"২০২৭ চনৰ ফাইনেল পৰীক্ষাৰ বাবে Political Science Part-A (ৰাজনীতি বিজ্ঞান ক- অংশ) ৰ এই দ্বি-ৰাষ্ট্ৰবাদৰ অৱসান (Chapter 1) পাঠটো অতি দৰকাৰী। ইয়াৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তলত দিয়া হ'ল।"

 অধ্যায় ১

(ক – অংশ) --সমসাময়িক বিশ্ব ৰাজনীতি 

দ্বি-ৰাষ্ট্ৰবাদৰ অৱসান 


1    1 Marks Question Answers:-
1.  বাৰ্লিন দেৱাল কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: বাৰ্লিন দেৱাল ১৯৬১ চনত নিৰ্মাণ কৰা হৈছিল।
*ইয়াৰ দৈৰ্ঘ্য ১৫০ কি.মি আছিল।


2.  বাৰ্লিন দেৱালখন কেতিয়া জনসাধাৰণে ভাঙি পেলাইছিল?
উত্তৰ: ১৯৮৯ চনৰ ৯ নৱেম্বৰত বাৰ্লিন দেৱালখন জনসাধাৰণে ভাঙি পেলাইছিল।


3.  বাৰ্লিন দেৱালখন কিমান বছৰ থিয় দি আছিল?
উত্তৰ: বাৰ্লিন দেৱালখন ২৮ বছৰ ধৰি থিয় দি আছিল।


4.  বাৰ্লিন দেৱালৰ ভাঙোনে কিহৰ ইংগিত বহন কৰিছিল?
উত্তৰ: বাৰ্লিন দেৱালৰ ভাঙোনে জাৰ্মানীৰ একত্ৰীকৰণ আৰু সাম্যবাদী শাসন পতনৰ ইংগিত বহন কৰিছিল।


5.  USSR ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰ: USSR ৰ সম্পূৰ্ণ ৰূপটো হৈছে- Union of Soviet Socialist Republics.


6.  ছোভিয়েট সমাজবাদী গণৰাজ্যিক সংঘ (USSR) কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰ: ছোভিয়েট সমাজবাদী গণৰাজ্যিক সংঘ (USSR) ১৯১৭ চনৰ সমাজবাদী বিপ্লৱৰ পাছত প্ৰতিষ্ঠা হৈছিল।


7.  বলছেভিক সাম্যবাদী দলৰ প্ৰতিষ্ঠাতা আৰু USSR গঠনৰ মূল নেতা জনৰ নাম কি?
উত্তৰ: বলছেভিক সাম্যবাদী দলৰ প্ৰতিষ্ঠাতা আৰু USSR গঠনৰ মূল নেতা জনৰ নাম হৈছে- ভ্লাডিমিৰ লেনিন।


8.  USSR কেইখন ৰাজ্য অন্তৰ্ভূক্ত আছিল?
উত্তৰ: USSR ১৫খন ৰাজ্য অন্তৰ্ভূক্ত আছিল


9.  ১৯৮৫ চনত ছোভিয়েট ইউনিয়নৰ সাধাৰণ সম্পাদক হিচাপে কোন অধিস্থিত হৈছিল?
উত্তৰ: ১৯৮৫ চনত ছোভিয়েট ইউনিয়নৰ সাধাৰণ সম্পাদক হিচাপে মিখাইল গৰ্বাচেভ অধিস্থিত হৈছিল


10.            ছোভিয়েট ইনিয়নৰ পতন কেতিয়া হৈছিল?
উত্তৰ: ১৯৯২ চনৰ ডিচেম্বৰ মাহত ছোভিয়েট ইনিয়নৰ পতন হৈছিল
 
অতি চমু প্ৰশ্ন উত্তৰ-১ নম্বৰৰ
১। USSR কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: USSR গঠন কৰা হৈছিল১৯২২ চনত।


২।  বিশ্ব ৰাজনীতিৰ পৰা দ্বি-মেৰুৰ কেতিয়া সমাপ্তি ঘটিছিল?
  উত্তৰ: বিশ্ব ৰাজনীতিৰ পৰা দ্বি-মেৰুৰ কেতিয়া সমাপ্তি ঘটিছিল ১৯৯১ চনৰ ২৫ ডিচেম্বৰত।


৩। মিখাইল গৰ্বাচেভ কোন?
উত্তৰ: মিখাইল গৰ্বাচেভ আছিল ছোভিয়েট ইউনিয়নৰ অন্তিমগৰাকী ৰাষ্ট্ৰপতি।


৪। ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোন আছিল?
উত্তৰ: ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ - ৰাছিয়া।


৫। বাক্যটো শুদ্ধ কৰা:
(a) ষ্টেলিনে ছোভিয়েট ইউনিয়নত সংস্কাৰ আঁচনি আৰম্ভ কৰিছিল।
উত্তৰ: শুদ্ধ ৰূপ: মিখাইল গৰ্বাচেভে ছোভিয়েট ইউনিয়নত সংস্কাৰ আঁচনি আৰম্ভ কৰিছিল।


৬। USSR কোনটো দলে শাসন কৰিছিল?
উত্তৰ: USSR সাম্যবাদী দলে (Communist Party) দলে শাসন কৰিছিল


৭। USSR ৰ ভাঙোনৰ গুৰুত্বপূৰ্ণ কাৰণটো কি আছিল?
উত্তৰ: USSR ৰ ভাঙোনৰ গুৰুত্বপূৰ্ণ কাৰণটো কি আছিল-মিখাইল গৰ্বাচেভে অনা ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ তথা জনসাধাৰণৰ মাজত গঢ়ি উঠা সাৰ্বভৌমত্ব আৰু জাতীয়তাবাদৰ উত্থান


৮। ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পাছত একমাত্ৰ শক্তিশালী হিচাপে কোন পৰিণত হৈছিল?
উত্তৰ: ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পাছত একমাত্ৰ শক্তিশালী হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰ পৰিণত হৈছিল


৯। CIS ৰ সম্পূৰ্ণ নামটো কি?
উত্তৰ: CIS ৰ সম্পূৰ্ণ নামটো -Commonwealth of Independent States.


১০। ছোভিয়েট ইউনিয়নে কোনটো আদৰ্শৰ ওপৰত বিশ্বাস কৰিছিল?
উত্তৰ: ছোভিয়েট ইউনিয়নে সাম্যবাদী (Socialist/Communist Ideology) আদৰ্শৰ ওপৰত বিশ্বাস কৰিছিল


১১। ৱাৰশ্ব চুক্তি কেতিয়া সম্পাদন কৰা হৈছিল?
উত্তৰ: ৱাৰশ্ব চুক্তি সম্পাদন কৰা হৈছিল- ১৯৫৫ চনত।


১২। 'দ্বিতীয় বিশ্ব'ৰ পতন বুলি ক'লে কোনখন দেশৰ পতনক বুজায়?
উত্তৰ: 'দ্বিতীয় বিশ্ব'ৰ পতন বুলি ক'লে ছোভিয়েট ইউনিয়ন (ৰাছিয়া)ৰ পতনক বুজায়।


১৩। কোনখন দেশৰ ভাঙোনৰ লগে লগে শীতল যুদ্ধৰ অন্ত পৰিছিল?
উত্তৰ: ছোভিয়েট ইউনিয়ন ভাঙোনৰ লগে লগে শীতল যুদ্ধৰ অন্ত পৰিছিল।


১৪। কোন বছৰত ৰাছিয়াই ৰাষ্ট্ৰসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল?
উত্তৰ: ১৯৯১ চনত ৰাছিয়াই ৰাষ্ট্ৰসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল।


১৫। ছোভিয়েট ইউনিয়নত কিমানখন স্বায়ত্তশাসিত প্ৰজাতন্ত্ৰ সংযুক্ত হৈ আছিল?
উত্তৰ: ছোভিয়েট ইউনিয়নত ১৫ খন স্বায়ত্তশাসিত প্ৰজাতন্ত্ৰ সংযুক্ত হৈ আছিল।


১৬। বলচেভিক কমিউনিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ: বলচেভিক কমিউনিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাপক আছিল ভ্লাডিমিৰ লেনিন।


১৭। ৰাছিয়াৰ প্ৰথমগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন?
উত্তৰ: ৰাছিয়াৰ প্ৰথমগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি- বৰিছ য়েল্টচিন।


১৮। 'শ্বক থেৰাপী' (Shock Therapy) বা আতংক প্ৰতিকাৰ ব্যৱস্থা মানে কি?
উত্তৰ: ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত গঠিত হোৱা নতুন স্বাধীন ৰাষ্ট্ৰ সমূহৰ পৰা স্বেচ্ছাচাৰী সাম্যবাদী ব্যৱস্থাৰ অৱসান ঘটাই পুঁজিবাদী ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ফলশ্ৰুতিত এই ৰাষ্ট্ৰসমূহত অৰ্থনৈতিক অচলাৱস্থাৰ সৃষ্টি হয়। এনে অৱস্থাৰ মোকাবিলা কৰিবলৈ আৰু ৰাষ্ট্ৰসমূহক উপশম দিয়াৰ বাবে বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ইয়াকে শ্বক থেৰাপি বুলি কোৱা হয়


১৯। ছোভিয়েট ইউনিয়ন কেতিয়া শক্তিশালী গোষ্ঠীত পৰিণত হৈছিল?
উত্তৰ: ছোভিয়েট ইউনিয়ন দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত শক্তিশালী গোষ্ঠীত পৰিণত হৈছিল।


২০। ছোভিয়েট ইনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল?
উত্তৰ: ছোভিয়েট ইনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ মিখাইল গৰ্ভাচেভে আৰম্ভ কৰিছিল।


চমু উত্তৰৰ প্ৰশ্ন- (২ নম্বৰৰ)
১। দ্বিতীয় বিশ্ব বুলিলে কি বুজায়?
উত্তৰ: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পূব ইউৰোপৰ যিবোৰ দেশ ছোভিয়েট ইউনিয়নৰ সাম্যবাদী আদৰ্শৰ দ্বাৰা প্ৰভাৱিত আৰু নিয়ন্ত্ৰিত আছিল, সেই দেশসমূহক একেলগে 'দ্বিতীয় বিশ্ব' বা 'সমাজবাদী শিবিৰ' বুলি কোৱা হয়।


২। গৰ্বাচেভে USSR-ত আৰম্ভ কৰা দুটা সংস্কাৰ উল্লেখ কৰা।
উত্তৰ: মিখাইল গৰ্বাচেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা দুটা মূল সংস্কাৰ হল:
ক) পেৰেষ্ট্ৰইকা (Perestroika): অৰ্থাৎ অৰ্থনৈতিক আৰু ৰাজনৈতিক পুনৰ্গঠন।
) গ্লাচনোষ্ট (Glasnost): অৰ্থাৎ মুক্ত অৱস্থা বা চিন্তাৰ স্বাধীনতা।


৩। USSR-ৰ বিভাজন সম্পৰ্কীয় ঘোষণা কোনে আৰু কেতিয়া কৰিছিল?
উত্তৰ: ১৯৯১ চনৰ ডিচেম্বৰ মাহত বৰিছ য়েল্টছিনৰ নেতৃত্বত ৰাছিয়া, ইউক্ৰেইন আৰু বেলাৰুছে ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ কথা ঘোষণা কৰিছিল।


৪। পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা ছোভিয়েট অৰ্থনীতিক পৃথক কৰা দুটা বৈশিষ্ট্য লিখা।
উত্তৰ: ক) ছোভিয়েট অৰ্থনীতি সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত আছিল, ত ব্যক্তিগত সম্পত্তিৰ ধাৰণা নাছিল।

খ) ইয়াত উৎপাদনৰ আহিলাবোৰৰ মালিকীস্বত্ব চৰকাৰৰ হাতত আছিল, আনহাতে পুঁজিবাদী দেশত ই ব্যক্তিবিশেষৰ হাতত থাকে।


৫। ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পাছত সৃষ্টি হোৱা দুখন স্বাধীন ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰ: ক)ৰাছিয়া
      খ)ইউক্ৰেইন


৬। কমিউনিষ্ট ৰাজত্বৰ পৰৱৰ্তী কালৰ 'শ্বক থেৰাপী'য়ে কি বুজায়?
উত্তৰ: ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত গঠিত হোৱা নতুন স্বাধীন ৰাষ্ট্ৰ সমূহৰ পৰা স্বেচ্ছাচাৰী সাম্যবাদী ব্যৱস্থাৰ অৱসান ঘটাই পুঁজিবাদী ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ফলশ্ৰুতিত এই ৰাষ্ট্ৰসমূহত অৰ্থনৈতিক অচলাৱস্থাৰ সৃষ্টি হয়। এনে অৱস্থাৰ মোকাবিলা কৰিবলৈ আৰু ৰাষ্ট্ৰসমূহক উপশম দিয়াৰ বাবে বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ইয়াকে শ্বক থেৰাপি বুলি কোৱা হয়


৭। ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পাছত বিশ্ব ৰাজনীতিত ক্ষমতাৰ সম্পৰ্কৰ কেনেদৰে পৰিৱৰ্তন হৈছিল?
উত্তৰ: ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ লগে লগে দ্বি-মেৰু বিশিষ্ট বিশ্বৰ অন্ত পৰে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ একমাত্ৰ মহাশক্তি হিচাপে থিয় দিয়ে। ইয়াৰ ফলত বিশ্ব ৰাজনীতিত 'একক মহাশক্তি (Unipolar)হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্থান' হয়।


৮। ছোভিয়েটৰ বিভাজনে কিদৰে শীতল যুদ্ধৰ বিবাদৰ অন্ত পেলাইছিল?
উত্তৰ: শীতল যুদ্ধ আছিল আমেৰিকাৰ পুঁজিবাদী আদৰ্শ আৰু ছোভিয়েট ইউনিয়নৰ সাম্যবাদী আদৰ্শৰ মাজৰ এক সংঘাত। ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ বিভাজন আৰু পতনৰ ফলত এই সংঘাতৰ সমাপ্তি ঘটে আৰু শীতল যুদ্ধৰ বিবাদৰ অন্ত পৰিছিল।


৯। 'ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্ৰী' (Greatest Garage Sale in History) টো কি আছিল?
উত্তৰ: 'শ্বক থেৰাপী'ৰ ফলত ৰাছিয়াৰ প্ৰায় ৯০ শতাংশ উদ্যোগ অতি কম মূল্যত ব্যক্তিগত খণ্ড বা কোম্পানীক বিক্ৰী কৰি দিয়া হৈছিল। ইয়াকে ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্ৰী’(Greatest Garage Sale in History) বুলি কোৱা হয়।


১০। এটাৰ পিছত এটাকৈ কিদৰে কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল?
উত্তৰ: যেতিয়া, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থা ক্ৰমে আমোলাতান্ত্ৰিক আৰু প্ৰভুত্ববাদী হৈ পৰিছিল,তেতিয়া জনসাধাৰণে এই আদৰ্শ বা ব্যৱস্থাক সমৰ্থন কৰা নাছিল। ইয়াৰ ফলস্বৰূপে, ক্ৰমান্বয়ে এটাৰ পিছত এটাকৈ সাম্যবাদী ৰাজত্বৰ পতন ঘটিছিল। ইয়াৰ ফলস্বৰূপে পোলেণ্ড, হাংগেৰী, পূব জাৰ্মানী আদি দেশত ইখনৰ পিছত সিখনকৈ কমিউনিষ্ট চৰকাৰৰ পতন ঘটে। এনেদৰেই এটাৰ পিছত এটাকৈ কিদৰে কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল।


১১। আকস্মিকভাৱে ছোভিয়েট ইউনিয়নৰ পতনৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ: ক) অৰ্থনৈতিক স্থবিৰতা:- ছোভিয়েট ইউনিয়ন সামৰিক প্ৰতিযোগিতাত আমেৰিকাৰ লগত অৱতীৰ্ণ হৈ আণৱিক শক্তি বৃদ্ধি কৰাত অধিক গুৰুত্ৱ দিয়াত ছোভিয়েট ইউনিয়নত অৰ্থনৈতিক স্থবিৰতা আহি পৰিছিল।
খ) মিখাইল গৰ্বাচেভৰ সংস্কাৰ নীতি:- মিখাইল গৰ্বাচেভে গ্ৰহণ কৰা সংস্কাৰমূলক নীতি দুটা (পেৰেষ্ট্ৰইকা আৰু গ্লাচনষ্ট)।


১২। ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰ: ক) ছোভিয়েট ইউনিয়নত একদলীয় শাসন ব্যৱস্থা আছিল (কমিউনিষ্ট পাৰ্টি বা সাম্যবাদী দল)।
খ) ছোভিয়েট ইউনিয়নত ৰাজ্য বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত কেন্দ্ৰীয় অৰ্থনীতি দেখা যায়।


১৩। শ্বক থেৰাপীৰ দুটা নেতিবাচক প্ৰভাৱ উল্লেখ কৰা।
উত্তৰ: ক) পূঁজিবাদী ব্যৱস্থা গঢ়ি তোলাৰ বাবে ছোভিয়েট ইউনিয়নৰ সামাজিক কল্যাণৰ আঁচনি সমূহ বিলোপ কৰা হৈছিল।
ক) সাম্যবাদৰ পৰা পুঁজিবাদলৈ হোৱা পৰিৱৰ্তনৰ ফলত মুদ্ৰা(ৰুবুল)ৰ মূল্য অভাৱনীয় ভাৱে হ্ৰাস পায় আৰু মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়।


১৪। 'গ্লাচনষ্ট' (Glasnost) ৰ অৰ্থ ব্যাখ্যা কৰা।
উত্তৰ: 'গ্লাচনষ্ট' মানে হ'মুক্ততা' বা মুক্ত অৱস্থা'মিখাইল গৰ্বাচেভে চৰকাৰী কাৰ্যকলাপত স্বচ্ছতা অনা আৰু নাগৰিকক মত প্ৰকাশৰ স্বাধীনতা দিয়াৰ বাবে এই নীতি গ্ৰহণ কৰিব বিচাৰিছিল।


১৫। 'নিচেই ওচৰা-উচৰি' (Near Abroad) বুলিলে কি বুজা?
উত্তৰ: যেতিয়া, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থা ক্ৰমে আমোলাতান্ত্ৰিক আৰু প্ৰভুত্ববাদী হৈ পৰিছিল,তেতিয়া জনসাধাৰণে এই আদৰ্শ বা ব্যৱস্থাক সমৰ্থন কৰা নাছিল। ইয়াৰ ফলস্বৰূপে, ক্ৰমান্বয়ে এটাৰ পিছত এটাকৈ সাম্যবাদী ৰাজত্বৰ পতন ঘটিছিল। ইয়াকে নিচেই ওচৰা-উচৰি বুলি কোৱা হয়।


১৬। 'বৃহৎ খেল' (Great Game) খন কি?
উত্তৰ:
 
১৭। বাৰ্লিনৰ দেৱাল কেতিয়া ভঙা হৈছিল?
উত্তৰ: ১৯৮৯ চনৰ ৯ নৱেম্বৰত বাৰ্লিনৰ দেৱাল ভঙা হৈছিল।


১৮। শ্বক থেৰাপীৰ ৰাজনৈতিক পৰিণতি নিৰ্ণয় কৰা।
উত্তৰ: শ্বক থেৰাপীয়ে ৰাজনৈতিক পৰিণতি হৈছে- ৰাছিয়া আৰু পূৰ্বৰ ছোভিয়েট গণৰাজ্যসমূহৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক দুৰ্বল কৰি তুলিছিল। ৰাষ্ট্ৰপতিৰ হাতত অধিক ক্ষমতা কেন্দ্ৰীভূত হোৱাৰ ফলত সংসদসমূহ শক্তিহীন হৈ পৰিছিল।


চমু উত্তৰৰ প্ৰশ্ন-(৪ আৰু ৬ নম্বৰৰ)
ছোভিয়েট ইউনিয়ন ভাঙোনৰ কাৰণ সমূহ আলোচনা কৰা?
উত্তৰ: ১৯১৭ চনত বলছেভিক বিপ্লৱৰ পাছত সাম্যবাদী আদৰ্শত ছোভিয়েট ইনিয়ন(USSR) গঠন হৈছিল। কিন্তু ১৯৯১ চনত বিভিন্ন কাৰণত ছোভিয়েট ইউনিয়নৰ ভাঙোন ঘটে।
    ছোভিয়েট ইউনিয়ন ভাঙোনৰ কাৰণ সমূহ তলত আলোচনা কৰা হল-
ক) অৰ্থনৈতিক স্থবিৰতা:- ছোভিয়েট ইউনিয়ন সামৰিক প্ৰতিযোগিতাত আমেৰিকাৰ লগত অৱতীৰ্ণ হৈ আণৱিক শক্তি বৃদ্ধি কৰাত অধিক গুৰুত্ৱ দিয়াত ছোভিয়েট ইউনিয়নত অৰ্থনৈতিক স্থবিৰতা আহি পৰিছিল।
খ) সাম্যবাদী দলৰ একাধিপত্য:- সাম্যবাদী বা কমিউনিষ্ট দলটো জনসাধাৰণৰ ওচৰত দায়বদ্ধ নাছিল। দেশত প্ৰশাসনিক বিষয়া সকলৰ মাজত ভ্ৰষ্টাচাৰ চুড়ান্ত ৰূপ ধাৰণ কৰিছিল। ফলত ছোভিয়েট ইউনিয়নত সাম্যবাদী ব্যৱস্থা দুৰ্বল হৈ পৰিছিল।
গ) জনসাধাৰণৰ অসন্তুষ্টি:- পশ্চিমীয়া দেশবোৰত থকা সুবিধা সমূহৰ বিষয়ে ছোভিয়েট ইউনিয়নৰ জনগণে জানিব পাৰিছিল। বাক্ স্বাধীনতা, অৰ্থনৈতিক স্বাধীনতা নথকা ছোভিয়েট ব্যৱস্থাৰ প্ৰতি ইয়াৰ জনসাধাৰণ অসন্তুষ্ট হৈ পৰিছিল।
ঘ)জাতীয়তাবাদৰ উত্থান:- ছোভিয়েট ইউনিয়নৰ পতনৰ আন এক উল্লেখযোগ্য় কাৰণ হল বিভিন্ন গণৰাজ্যৰ জনসাধাৰণৰ মাজত গঢ়ি উঠা জাতীয়তাবোধ আৰু স্বাধীন হোৱাৰ আকাংক্ষা। বিশেষকৈ ৰাছিয়া, ৰাছিয়া, লিথুৱানিয়া, লাটভিয়া আদি গণৰাজ্যই স্বাধীনতাৰ দাবী কৰে আৰু ছোভিয়েট ইউনিয়নৰ পতন ঘটে।
ঙ) গৰ্বাচেভৰ নেতৃত্ব:- জনসাধাৰণৰ অসন্তুষ্টি দূৰ কৰাৰ উদ্দেশ্যে গৰ্বাচেভে ছোভিয়েট ইউনিয়নত মুক্ত অৱস্থা’(Glasnost) আৰু ‘পুনৰ গঠন’(Perestroika) নীতি গ্ৰহণ কৰে। এই সংস্কাৰ নীতি সঠিকভাৱে কাৰ্যকৰী কৰিব নোৱাৰাত সংস্কাৰ নীতিয়েই ছোভিয়েট ইউনিয়ন ভাঙোনৰ কাৰণ হৈ পৰিছিল।
    উপৰোক্ত কাৰণ সমূহৰ বাবেই ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে ছোভিয়েট ইউনিয়নৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছিল আৰু ইয়াৰ ফলতেই ছোভিয়েট ইউনিয়নৰ ভাঙোন ঘটে।


২। ছোভিয়েট ইউনিয়ন ভাঙোনৰ পৰিণতি বা ফলাফল সমূহ লিখা?
উত্তৰ: ১৯১৭ চনত বলছেভিক বিপ্লৱৰ পাছত সাম্যবাদী আদৰ্শত ছোভিয়েট ইনিয়ন(USSR) গঠন হৈছিল। ছোভিয়েট ইউনিয়নক দ্বিতীয় বিশ্ব বুলিও জনা যায়। কিন্তু ১৯৯১ চনত বিভিন্ন কাৰণত ছোভিয়েট ইউনিয়নৰ ভাঙোন ঘটে। ছোভিয়েট ইউনিয়ন ভাঙোনে বিশ্ব ৰাজনীতিত এক গভীৰ প্ৰভাৱ পৰিছিল।
    ছোভিয়েট ইউনিয়ন ভাঙোনৰ ফলাফল সমূহ তলত আলোচনা কৰা হল-
ক) শীতল যুদ্ধৰ অৱসান:- ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত দুই মহাশক্তিৰ মাজত চলা শীতল যুদ্ধৰ অন্ত পৰে। ফলত অস্ত্ৰপ্ৰতিযোগিতা বন্ধ হয় আৰু বিশ্বত নতুন শান্তি স্থাপন হয়।
খ) একক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্থান:- ছোভিয়েট ইউনিয়নৰ পতনৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰই একক মহাশক্তি হিচাপে গোটেই বিশ্বত আধিপত্য আৰম্ভ কৰে।
গ) বহু সংখ্যক নতুন স্বাধীন ৰাষ্ট্ৰৰ উত্থান:- ছোভিয়েট ইউনিয়নৰ পতনৰ ফলত বহুসংখ্যক নতুন স্বাধীন ৰাষ্ট্ৰৰ উত্থান ঘটে
ঘ) পূজিবাদী ব্য়ৱস্থাৰ উত্থান:- ছোভিয়েট ইউনিয়ন বিভাজন হোৱাত আমেৰিকাৰ পূজিবাদী আদৰ্শই গা কৰি উঠিছিল।
ঙ) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰভাৱ হ্ৰাস:- ছোভিয়েট ইউনিয়ন বিভাজন হোৱাৰ লগে লগে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মৰ্যদা বহু পৰিমাণে হ্ৰাস পাইছিল।
    এনেধৰণৰ বহুতো পৰিস্থিতি ছোভিয়েট ইউনিয়ন বিভাজনৰ পাছত পৰিলক্ষিত হৈছিল। লগতে অৰ্থনীতি, ৰাজনীতি আৰু সামাজিকভাৱে এক অস্থিৰতাৰ সংকটে দেখা দিছিল।


৩। সংকট নিৰাময়/ আঘাত নিৰাময়/ আতংক প্ৰতিকাৰ ব্য়ৱস্থা বা শ্বক থেৰাপি কি? ইয়াৰ ফলাফল সমূহ লিখা।
 উত্তৰ: ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত গঠিত হোৱা নতুন স্বাধীন ৰাষ্ট্ৰ সমূহৰ পৰা স্বেচ্ছাচাৰী সাম্যবাদী ব্যৱস্থাৰ অৱসান ঘটাই পুঁজিবাদী ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ফলশ্ৰুতিত এই ৰাষ্ট্ৰসমূহত অৰ্থনৈতিক অচলাৱস্থাৰ সৃষ্টি হয়। এনে অৱস্থাৰ মোকাবিলা কৰিবলৈ আৰু ৰাষ্ট্ৰসমূহক উপশম দিয়াৰ বাবে বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ইয়াকে শ্বক থেৰাপি বুলি কোৱা হয়
শ্বক থেৰাপিৰ ইতিবাচক ফলাফল আৰু নেতিবাচক দুই ধৰণৰ ফলাফল দেখা যায়
    শ্বক থেৰাপিৰ ইতিবাচক ফলাফল সমূহ হ:-
ক) বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিৰ সহযোগত দেশসমূহৰ অৰ্থনৈতিক পুনৰ গঠন কৰাৰ ক্ষেত্ৰত আঘাত নিৰাময়ে গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়ায়।
খ) ইয়াৰ ফলত নতুন ৰাষ্ট্ৰবোৰে পশ্চিমীয়া দেশবোৰৰ লগত অৰ্থনৈতিক চুক্তি সম্পাদন কৰিবলৈ সক্ষম হৈছিল।
গ) আঘাত নিৰাময়ে দেশসমূহত বৈদেশিক বিনিয়োগৰ পথ মুকলি কৰি অৰ্থনৈতিক উন্নয়ন আৰু বিকাশত অৰিহণা যোগায়।
    শ্বক থেৰাপিৰ নেতিবাচক ফলাফল:-
ক) সাম্যবাদৰ পৰা পুঁজিবাদলৈ হোৱা পৰিৱৰ্তনৰ ফলত মুদ্ৰা(ৰুবুল)ৰ মূল্য অভাৱনীয় ভাৱে হ্ৰাস পায় আৰু মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়।
খ) পুঁজিবাদী ব্য়ৱস্থা গঢ়ি তোলাৰ বাবে ছোভিয়েট ইউনিয়নৰ সামাজিক কল্যাণৰ আঁচনি সমূহ বিলোপ কৰা হৈছিল।
গ) দেশসমূহত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচৰা হৈছিল যদিও বেছিভাগ দেশতে গণতন্ত্ৰৰ পৰিৱৰ্তে স্বৰাজ্য প্ৰৱৰ্তন হোৱা দেখা গ
ঘ) কলা বজাৰৰ সৃষ্টি হোৱা দেখা গৈছিল।
    গতিকে দেখা গল যে শ্বক থেৰাপিত ইতিবাচক আৰু নেতিবাচক দুয়ো ধৰণৰ ফলাফল দেখা যায়।


৪। উত্তৰৰ সাম্য়বাদী দেশসূহৰ লগত ভাৰতৰ সম্পৰ্ক আলোচনা কৰা।
Or
ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক আলোচনা কৰা।
উত্তৰ: ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা পিছৰে পৰাই সাম্যবাদী দেশ সমূহৰ লগত এক সু-সম্পৰ্ক বজাই ৰাখি চলিছিল। এই সাম্যবাদী দেশসমূহৰ ভিতৰত ৰাছিয়াৰ লগত ভাৰতৰ সম্পৰ্ক আটাইতকৈ বেছি শক্তিশালী আৰু বন্ধুত্বপূৰ্ণ আছিল। ভাৰতৰ বৈদেশিক নীতিৰ এটা মূল আধাৰ হল ৰাছিয়াৰ সৈতে ভাৰতৰ সু-সম্পৰ্ক বজাই ৰখা।
তলত ভাৰত আৰু ৰাছিয়াৰ মাজত বিভিন্ন দিশত গঢ়ি উঠা সম্পৰ্ক বিষয়ে আলোচনা কৰা হ-
ক) অৰ্থনৈতিক ক্ষেত্ৰ:- ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ৰাছিয়াৰ যথেষ্ট অৱদান আছে। বৈদেশিক মুদ্ৰা অৰ্জন কৰাৰ ক্ষেত্ৰত ৰাছিয়াই ভাৰতক বহু পৰিমাণে সহায় কৰিছিল।
খ) আন্তৰ্জাতিক ক্ষেত্ৰ:- আন্তৰ্জাতিক ক্ষেত্ৰত দুয়োখন দেশেই কিছুমান মৌলিক প্ৰমূল্যৰ প্ৰচাৰ আৰু প্ৰসাৰণৰ বাবে যৌথভাৱে কাম কৰি আহিছ। তাৰ ভিতৰত অন্যতম হ- সামৰিক নিৰাপত্তা, আলোচনাৰ মাধ্যমেৰে আন্তৰ্জাতিক সংঘাতৰ সমাধান, সকলো দেশৰ স্বাধীন বৈদেশিক নীতিৰ প্ৰতি সন্মান প্ৰদৰ্শন আদি
গ) দ্বি-পাক্ষিক ক্ষেত্ৰ:- ২০০১ চনত দুয়োখন দেশৰ মাজত ভাৰত-ৰাছিয়া কৌশলগত চুক্তি(Strategic Agreement) স্বাক্ষৰিত হয় আৰু ইয়াৰ অধীনত প্ৰায় ৮০ খনৰো অধিক দ্বি-পাক্ষিক চুক্তি স্বাক্ষৰিত হয়।
ঘ) ৰাজনৈতিক ক্ষেত্ৰ:- আন্তৰ্জাতিক বিষয়ত ৰাছিয়া সদায় ভাৰতক সমৰ্থন কৰি আহিছে। বিশেষকৈ কাশ্মীৰ সমস্যাৰ ক্ষেত্ৰত, ১৯৭১ চনত পাকিস্তানৰ লগত হোৱা যুদ্ধৰ সময়ত ভাৰতে ৰাছিয়াৰ সহায় লাভ কৰিছিল।
ঙ) সামৰিক ক্ষেত্ৰ:- ভাৰতৰ সামৰিক ক্ষেত্ৰত ৰাছিয়াৰ অৱদান আটাইতকৈ বেছি। ভাৰতে প্ৰায়বোৰ যুদ্ধৰ ক্ষেত্ৰত অস্ত্ৰ-পাতি ৰাছিয়াৰ পৰাই লাভ কৰে। ভাৰতে ৰাছিয়াৰ লগত কেইবাটাও সামৰিক চুক্তি সম্পাদন কৰিছে।
চ) সাংস্কৃতিক ক্ষেত্ৰ:- ভাৰত-ৰাছিয়াৰ সাংস্কৃতিক সম্পৰ্ক সুমধুৰ ভাৰতৰ হিন্দী চিনেমা আৰু গান ৰাছিয়াত যথেষ্ট জনপ্ৰিয়
গতিকে দেখা গল যে ৰাছিয়াত আৰু ভাৰতৰ মাজত যি মধুৰ আৰু গভীৰ বন্ধুত্ব পূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল তাৰ আধাৰ হল পাৰস্পৰিক লাভালাভ আৰু স্বাৰ্থসিদ্ধি। যিহেতু দুয়োখন দেশেই পৰস্পৰৰ বাবে বিভিন্ন ধৰণেৰে অতি লাভৱান সেইবাবে পূৰ্বতে গঢ়ি উঠা এই মধুৰ সম্পৰ্ক বৰ্তমানো বৰ্তি আছে।


৫। ছোভিয়েট ইনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰ-সমূহৰ ৰাজনৈতিক ব্য়ৱস্থা সম্পৰ্কে এটা চমু টোকা লিখা।
OR
ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত নতুনকৈ গঠিত হোৱা ৰাষ্ট্ৰসমূহৰ প্ৰকৃত গণতান্ত্ৰিক ব্য়ৱস্থা প্ৰৱৰ্তন হৈছিলনে? তোমোৰ মতামত আগবঢ়োৱা।
উত্তৰ: ছোভিয়েট ইউনিয়নৰ পতনৰ লগে লগে ১৫ খন নতুন ৰাষ্ট্ৰৰ জন্ম হ’ল। এই দেশসমূহৰ কিছুমান দেশ ইউৰোপীয় সংঘ আৰু কিছুমান NATO-ত অংশ গ্ৰহণ কৰিছিল।
       নতুনকৈ গঠন হোৱা দেশসমূহত সমাজবাদৰ পৰিৱৰ্তে গণতান্ত্ৰিক ব্য়ৱস্থাৰ প্ৰৱৰ্তন কৰা হল। সকলো দেশে পূঁজিবাদী অৰ্থনীতি গ্ৰহণ কৰিলে। এনে শাসন ব্য়ৱস্থাৰ লগে লগে ৰাছিয়াত অৰ্ধ-ৰাষ্ট্ৰপতি আৰু যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰৰ শাসন ব্যৱস্থাৰ প্ৰচলন হৈছিল। ৰাজনৈতিক ৰাষ্ট্ৰপ্ৰধান প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠিত মন্ত্ৰী পৰিষদ ব্যৱস্থাৰ জৰিয়তে দেশৰ প্ৰশাসনিক ক্ষমতা বিভাজন কৰা হয়। এনেদৰে গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাৰ আৰ্হিৰে গঠিত নতুন ৰাষ্ট্ৰসমূহত ক্ষমতাশালী প্ৰশাসনিক ৰাষ্ট্ৰপতিৰ ব্যৱস্থাৰ প্ৰৱৰ্তন হোৱা দেখা যায়।
       যিহেতু নতুনকৈ গঠিত হাৱা কিছুমান ৰাষ্ট্ৰৰ সংবিধানবোৰ অতি খৰখেদাকৈ যুগুত কৰা হৈছিল। এই সংবিধানবোৰত ৰাষ্ট্ৰপতিক শক্তিশালী কৰাৰ বাবে নিৰ্বাচিত সংসদৰ ক্ষমতা দুৰ্বল কৰা পৰিলক্ষিত হৈছে।
সেয়ে ইয়াত প্ৰকৃত গণতান্ত্ৰিক ব্যৱস্থা প্ৰৱৰ্তন হোৱা নাই।



 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত দ্বাদশ শ্ৰেণীৰ  (Class 12 Political Science Book Part-A) ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ ক-অংশৰ প্ৰথম অধ্যায়ৰ গুৰুত্ব প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!



Written By- Ankur Moni Nath



Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)

Post a Comment

Previous Post Next Post