Introduction-
ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে EduAxom ৰ তৰফৰ পৰা আজি Class 12 ৰ স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্য়মিক শিক্ষা টোকাসমূহ আগবঢ়োৱা হৈছে।
Chapter-1 Textual Questions
স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্য়মিক শিক্ষা
Textual Question Answers-
1) মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল?
Ans: মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ হ’ল মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ ড০ লক্ষ্মণস্বামী মুদালিয়াৰ।
2) স্বাধীন ভাৰতৰ প্ৰথম খন শিক্ষা আয়োগ কোন চনত গঠন হৈছিল?
Ans: ১৯৫২-৫৩ চনত ভাৰতৰ প্ৰথম খন শিক্ষা আয়োগ গঠন হৈছিল।
3) মাধ্যমিক শিক্ষা আয়োগ গঠনৰ আঁৰৰ কাৰণবোৰ কি কি?
Ans: মাধ্যমিক শিক্ষা আয়োগ গঠনৰ আঁৰৰ কাৰণবোৰ হ’ল-
i) ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ বৰ্তমান অৱস্থাৰ সকলোবোৰ দিশ অনুসন্ধান কৰা আৰু সেই সম্বন্ধে প্ৰতিবেদন দাখিল কৰা।
ii) মাধ্যমিক শিক্ষাৰ পুনৰ গঠন আৰু উন্নতি সাধনৰ বাবে পৰামৰ্শ প্ৰদান কৰা। বিশেষকৈ-
ক)মাধ্যমিক শিক্ষাৰ লক্ষ্য, সংগঠন আৰু অধ্যয়নৰ উপাদান সম্বন্ধে।
খ)প্ৰাথমিক, বুনিয়াদী আৰু উচ্চ শিক্ষাৰ লগত ইয়াৰ সম্বন্ধ সম্পৰ্ক।
গ)বিভিন্ন প্ৰকাৰৰ মাধ্যমিক বিদ্যালয়ৰ মাজত থকা সম্বন্ধ সম্পৰ্কে। আৰু
ঘ)অন্যান্য প্ৰাসংগিক সমস্যা সম্বন্ধে।
4) মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনত সৰ্বমুঠ কেইটা অধ্যায় আছিল?
Ans: মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনত সৰ্বমুঠ ১৫ টা অধ্যায় আছিল।
5) প্ৰচলিত মাধ্যমিক শিক্ষাৰ আসোৱাহবোৰ কি কি আছিল?
Ans: প্ৰচলিত মাধ্যমিক শিক্ষাৰ আসোৱাহবোৰ হ’ল-
i) জীৱন বিচ্ছিন্নতা।
ii) সংকীৰ্ণ আৰু একপক্ষীয়।
iii) ইংৰাজী ভাষা প্ৰাধান্য।
iv) ক্ৰুতিপূৰ্ণ শিক্ষাদান পদ্ধতি।
6) মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধনৰ বিষয়ে লিখা।
Ans: মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে গণতান্ত্ৰিকত্বৰ বিকাশ সাধনৰ বিষয়ে তলত দিযা হ’ল-
ক) গণতান্ত্ৰিক দেশৰ নাগৰিকত্ব হ’ল এক বৃহৎ প্ৰত্যাহ্বানমূলক দাযিত্ব যাৰ বাবে প্ৰতিজন নাগৰিকক সাৱধানতাৰে প্ৰশিক্ষণ দিব লাগিব। ইয়াৰ বাবে শিক্ষাই চিন্তাৰ মুক্ততা আৰু নতুন ধ্যান ধাৰণাৰ গ্ৰহণ ক্ষমতা বিকশাই তুলিব লাগিব যাতে তেওঁলোকে পুৰণি ৰীতি-নীতি, বিশ্বাশ আদিৰ মাজত আবদ্ধ হৈ নাথাকে।
খ) চিন্তাৰ স্পষ্টতা, কথন আৰু লিখনৰ মুক্ততা অবিহনে গণতন্ত্ৰ কেতিযাও সফল হ’ব নোৱাৰে। গতিকে মাধ্যমিক শিক্ষাই ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মুক্ত আলোচনা আৰু ধ্যান ধাৰণাৰ বিনিময় কৰিব পৰা তথা কথন আৰু লিখনৰ যোগেদি সুস্থ জনমত গঢ় দি তুলিব পৰা এক অৱস্থাৰ সৃষ্টি কৰিব লাগে।
গ) প্ৰতিজন লোকৰ মৰ্যদা আৰু মুল্যৰ উপৰত ভিত্তি কৰি গণতান্ত্ৰিক বৰ্তি থাকে। সেয়েহে প্ৰতিজন লোকৰ ব্যক্তিৰ পূৰ্ণ বিকাশ গণতান্ত্ৰিক দেশৰ শিক্ষাৰ লক্ষ্য হোৱা উচিত। গতিকে শিক্ষাই ব্যক্তিৰ প্ৰতিটো প্ৰয়োজন, যেনেঃ মনোবিজ্ঞানিক, সামাজিক, আবেগিক আৰু বাস্তবিক, পুৰণৰ ব্যবস্থা কৰিব লাগে।
ঘ) এজন ব্যক্তিয়ে অকলে কেতিয়াও জীয়াই থাকিব অথবা বিকাশ লাভ কৰিব নোৱাৰে। তেওঁৰ নিজৰ আৰু সমাজৰ মংগলৰ বাবে মৈনুহে আইনৰ সৈতে বসবাসৰ শিক্ষা লাভ কৰিব লাগে। সামাজিক জীৱনৰ বাবে প্ৰয়োজনীয় গুণসমূহ যেনেঃ অনুশাসন, সহযোগিতা, সামাজিক সংবেদনশীলতা আৰু সহনশীলতাৰ বিকাশৰ ক্ষেত্ৰত শিক্ষাই মুখ্য ভূমিকা লব লাগিব।
7) মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ উল্লেখ কৰা।
Ans: মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ হ’ল-
ক) গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধন-
খ) বৃত্তিয় যোগ্যতাৰ বিকাশ সাধন-
গ) ব্যক্তিৰ বিকাশ-
ঘ) নেতৃত্বৰ শিক্ষা-
8) মাধ্যমিক শিক্ষা আয়োগৰ আন এটা নাম কি?
Ans: মাধ্যমিক শিক্ষা আয়োগৰ আন এটা নাম হ’ল- মুদালিয়াৰ আয়োগ।
9) ১৯৬৪ চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল?
Ans: ১৯৬৪ চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ হ’ল- ড০ ডি. এছ. কোঠাৰীয়া।
10) কোন আয়োগে ১০+২+৩ শিক্ষাৰ গাঠনিৰ পৰামৰ্শ আগবঢ়াইছিল?
Ans: কোঠাৰীয়া আয়োগে ১০+২+৩ শিক্ষাৰ গাঠনিৰ পৰামৰ্শ আগবঢ়াইছিল?
11) ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগৰ আন এটা নাম কি?
Ans: ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগৰ আন এটা নাম হ’ল- ‘জাতীয় শিক্ষা নীতি’।
12) শিক্ষা আৰু উপাৎদনমুখিতাৰ বিষয়ে আলোচনা কৰা।
Ans:
13) কোঠাৰী আয়োগে আগবঢ়োৱা প্ৰাথমিক শিক্ষাৰ গাথঁনি উল্লেখ কৰা।
Ans: কোঠাৰী আয়োগে আগবঢ়োৱা প্ৰাথমিক শিক্ষাৰ গাথঁনিটো হ’ল-
১) প্ৰাক প্ৰাথমিকঃ (১-ৰ পৰা ৩ বছৰলৈ)।
২) প্ৰাথমিকঃ (প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ অথবা প্ৰথম শ্ৰেণী পৰা অষ্টমলৈ)
(ক) নিম্ন মাধ্যমিক শ্ৰেণীঃ (৪ বা ৫ বছৰলৈ)
(খ) উচ্চ প্ৰাথমিক শ্ৰেণীঃ (৩ অথবা ২ বছৰলৈ)
14) কোঠাৰী আয়োগৰ প্ৰতিবেদনক কি নামেৰে জনা যায়?
Ans: কোঠাৰী আয়োগৰ প্ৰতিবেদনক ‘শিক্ষা আৰু জাতীয় বিকাশ’ নামেৰে জনা যায়।
15) ‘এখন দেশৰ ভাগ্য এটা শ্ৰেণীকোঠাত গঢ় লৈ উঠে’ – কোন প্ৰতিবেদনত এই বাক্যশাৰী লিখা আছিল?
Ans: ‘এখন দেশৰ ভাগ্য এটা শ্ৰেণীকোঠাত গঢ় লৈ উঠে’ – কোঠাৰী আয়োগৰ প্ৰতিবেদনত এই বাক্যশাৰী লিখা আছিল।
16) কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ উল্লেখ কৰা।
Ans: কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ হ’ল-
ক) বিজ্ঞানক শিক্ষা আৰু সংস্কৃতিৰ মৌলিক উপাদান হিচাপে গ্ৰহণ কৰা।
খ) কৰ্ম অভিজ্ঞতা।
গ) বৃত্তিমুখীকৰণ।
17) ১০+২+৩- ৰ বিষয়ে চমুকৈ লিখা।
Ans: ১৯৬৮ চনত গঠন হোৱা কোঠাৰী আয়োগে মাধ্যমিক শিক্ষাৰ সাংগঠনিক দিশত গুৰুত্বপূৰ্ণ পৰিবৰ্তন সাধন কৰিছিল। দেশৰ শিক্ষা গাঠনিক নতুনকৈ ১০+২+৩ স্বৰূপে গঢ় দি তোলা হৈছিল। আয়োগৰ পৰামৰ্শ অনুসৰি ১০ বছৰীয়া মাধ্যমিক স্কুলৰ আৰু ২ বছৰীয়া উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষা ব্যবস্থা অসম মাধ্যমিক অসম মাধ্যমিক শিক্ষা সংস্থাই গ্ৰহণ কৰিছিল। ১৯৭৩ চনৰ পৰা তাৰ কাৰযকৰীকৰণ কৰা হয়।
18) কোঠাৰী আয়োগৰ মতে প্ৰথম খন ৰাজহুৱা পৰীক্ষা শ্ৰণীৰ পিছত হোৱা উচিত?
Ans: কোঠাৰী আয়োগৰ মতে প্ৰথম খন ৰাজহুৱা পৰীক্ষা দশম বা দ্বাদশ শ্ৰণীৰ পিছত হোৱা উচিত।
19) মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ ক্ষেত্ৰত কোঠাৰী আয়োগে আগবঢ়োৱা ছয়টা পৰামৰ্শ উল্লেখ কৰা।
Ans: মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ ক্ষেত্ৰত কোঠাৰী আয়োগে আগবঢ়োৱা ছয়টা পৰামৰ্শ হ’ল-
i) জুনিয়ৰ টেকনিকেল স্কুলবোৰক টেকনিকেল হাইস্কুল নাম দি পূৰ্ণ পৰ্যায়ৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে।
ii) ভাৰতীয় প্ৰতিযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু টেকনিকেল স্কুল-সমূহত উৎপাদনমুখী প্ৰশিক্ষণ দিব লাগিব।
iii) টেকনিকেলসমূহৰ দশম শ্ৰেণীৰ তলৰ শ্ৰেণীত নামভৰ্ত্তিৰ সুবিধা দি নিপুণ কৰ্মীক প্ৰশিক্ষণ দিব লাগিব।
iv) ভাৰতীয় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিস্থানবোৰত (IIT) সা-সুবিধা বৃদ্ধি কৰিব লাগিব আৰু চতুৰ্থ পৰিকল্পনা সময়ত ১৪ বছৰৰ শিক্ষাৰ্থীক এই প্ৰতিষ্ঠানত প্ৰৱেশ কৰিব দিব লাগে।
v) বিদ্যালয় সমূহত শিক্ষান্ত পৰীক্ষাৰ সময়লৈ ব্যৱসায়িক শিক্ষাৰ পাঠ্যক্ৰম চলাব লাগে যাতে পৰৱৰ্তী পৰ্যায়ত মেধা ছাত্ৰ-ছাত্ৰীসকলে উচ্চ পৰ্যায়ৰ ব্যৱসায়িক শিক্ষা লাভ কৰিব পাৰে।
vi) ১৯৮৬ চনৰ ভিতৰত ২০% নিম্ন মাধ্যমিক স্তৰৰ আৰু ৫০% দশম শ্ৰেণীৰ ওপৰৰ শিক্ষাৰ্থীক বৃত্তিমূলক শিক্ষাৰ অংশকালীন বা পূৰ্ণকালীন পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰিব পাৰে।
20) কোঠাৰী আয়োগৰ মতে বৃত্তিমুখী শিক্ষাৰ মাধ্যম কি হোৱা উচিত?
Ans: কোঠাৰী আয়োগৰ মতে বৃত্তিমুখী শিক্ষাৰ মাধ্যম মাতৃভাষা হোৱা উচিত।
21) ৰাষ্ট্ৰীয় শিক্ষানীতি কোন চনত গৃহীত হয়?
Ans: ৰাষ্ট্ৰীয় শিক্ষানীতি কোন ১৯৮৬ চনত গৃহীত হয়।
22) নবোদয় বিদ্যালয় কি?
Ans: নবোদয় বিদ্যালয় হ’ল যিসকল ছাত্ৰ-ছাত্ৰী বিষেশ প্ৰতিভা থাকে তেওলোকক উন্নতমানৰ শিক্ষা প্ৰদানৰ বাবে স্থাপন কৰা মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়ত দৰিদ্ৰ লোক সকলৰ শিক্ষা প্ৰদানৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। দেশৰ প্ৰায সকলো ঠাইতে এই বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ কৰা হৈছে আৰু এই শিক্ষা সম্পূৰ্ণ ৰূপে বিনামূলীয়া।
23) অপাৰেচন ব্লেকবোৰ্ড মানে কি?
Ans: অপাৰেচন ব্লেকবোৰ্ড মানে হ’ল- বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নতি ঘটোৱাৰ বাবে আৱশ্যকীয় সা-সুবিধা আৰু শিক্ষণৰ সা-সজুলিৰ যোগান ধৰা। ইয়াৰ উদ্দশ্য সমূহ হৈছে- ক) সকলো বতৰৰ বাবে উপযোগী হোৱাকৈ দুটা কোঠালী নিৰ্মাণ কৰা, খ) চাৰ্ট, গ) ব্লেকবোৰ্ড, ঘ) মেপ আদি সামগ্ৰীৰ যোগান ধৰা।
24) OBB-ৰ সম্পূৰ্ণ ৰূপটো কি?
Ans: OBB- ৰ সম্পূৰ্ণ ৰূপটো হ’ল- Operation Black-Board।
25) নৱোদয় বিদ্যালয় স্থাপনৰ উদ্দেশ্য কি?
Ans: নৱোদয় বিদ্যালয় স্থাপনৰ উদ্দেশ্য হল- বিদ্যালয়সমূহৰ শিক্ষা মান উন্নতি কৰা। আৱশ্যকীয় সা-সুবিধা আৰু সা- সজুলি যোগান ধৰা। ইয়াৰ উদ্দশ্য সমূহ হৈছে- ক) সকলো বতৰৰ বাবে উপযোগী হোৱাকৈ দুটা কোঠালী নিৰ্মাণ কৰা, খ) চাৰ্ট, গ) ব্লেকবোৰ্ড, ঘ) মেপ আদি সামগ্ৰীৰ যোগান ধৰা।
26) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।
Ans: ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পাঁচটা বৈশিষ্ট্য হ’ল-
ক) জাতীয় শিক্ষাই দেশৰ বাবে- এক সাধাৰণ শিক্ষা ব্যৱস্থা কথা পূৰ্বালোকন কৰা।
খ) শিক্ষাৰ প্ৰতিটো স্তৰৰ বাবে শিক্ষাৰ নূন্যতম পৰ্য্যায স্থিৰ কৰা হব।
গ) শিক্ষা প্ৰক্ৰিয়াৰ এক অন্যতম লক্ষ্য হ’ল- জীৱনজোৰা শিক্ষাৰ ব্যৱস্থাৰ কৰা।
ঘ) এই শিক্ষা পদ্ধতিৰ পাঠ্যক্ৰম হ’ব ৰাষ্ট্ৰীয় ভিত্তিৰ আৰু ইয়াৰ পৰিবৰ্তনীয় দিশ থাকিব।
ঙ) প্ৰতিটো পৰ্যায়ৰ শিক্ষাৰ বাবে এক নূন্যতম মানদণ্ডৰ নিৰূপণ কৰা হ’ব।
27) মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ আলোচনা কৰা।
Ans: মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ তলত আলোচনা কৰা হ’ল-
ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে মাধ্যমিক শিক্ষা ব্যৱস্থা যাতে উন্নত হয় তথা সকলোৱে, বিশেষকৈ যি ঠাইত এই শিক্ষাৰ সুবিধা নাই অথচ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰী আছে তাত এই শিক্ষাৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে মাধ্যমিক শিক্ষাৰ উন্নতি বাবে কৰা প্ৰয়োজনীয় কথা কেইটা হ’ল-
ক)মাধ্যমিক শিক্ষাৰ সুবিধা নোহোৱা ঠাইলৈ যাতে এই সুবিধা লাভ কৰে তাৰ ব্যৱস্থা কৰা।
খ) অন্য ঠাই সময়তো এই ব্যৱস্থা শক্তিশালী কৰি তোলা।
গ) নবোদয় বিদ্যালয় স্থাপন কৰা।
ঘ) সকলো শ্ৰেণী লোকলে এই শিক্ষা লাভ কৰা সুবিধা প্ৰদান কৰা।
28) অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ কোন চনত গঠিত হৈছিল?
Ans: অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ ১৯৮৬ চনত গঠিত হৈছিল।
29) SEBA আৰু AHSEC-ৰ সম্পূৰ্ণ ৰূপটো লিখা।
Ans: SEBA-ৰ সম্পূৰ্ণ ৰূপটো হল- Secondary Education Council Of Assam.
AHSEC-ৰ সম্পূৰ্ণ ৰূপটো হল- Assam Higher Secondary Education Council।
30) স্বাধীনোত্তৰ কালত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ বিষয়ে আলোচনা কৰা।
Ans: স্বাধীনতাৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ আধুনিকৰণ কৰি তুলিবৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হয়। সৰ্বভাৰতীয় পৰিসৰত স্থাপন কৰা মডালিয়াৰ কমিছন কোঠাৰী কমিছন আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি আদিৰ পৰামৰ্শ আৰু সিদ্ধান্তসমূহও অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ গতি নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰে।
১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰ পিছত পূৰ্বৰ অসমৰ মাধ্যমিক শিক্ষাৰ ভাৰ কলিকাতা বিশ্ববিদ্যালয়ৰ হাতৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাতলৈ অনা হৈছিল। তাৰফলত প্ৰৱেশিকা পৰীক্ষাৰো ফলাফল ভাল হৈছিল আৰু ১৯৪৭-৪৮ চনৰ ১৯১ খন হাইস্কুলৰ পৰা ১৯৫৩-৫৪ চনৰ ভিতৰত সংখ্যা বৃদ্ধি পাই ৩৩৮ খন হৈছিল আৰু সেই অনুপাতে ছাত্ৰৰ সংখ্যাও বৃদ্ধি পাইছিল।
১৯৫২-৫৩ চনত মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষা সম্পৰ্কে দিয়া পৰামৰ্শই অসমৰ মাধ্যমিক শিক্ষাৰ শৈক্ষিক, সাংগঠনিক আৰু প্ৰশাসনিক পৰিৱৰ্তন কৰিছিল। আয়োগে এই পৰ্যায়ৰ শিক্ষাৰ লক্ষ্য-উদ্দেশ্য স্বাধীন দেশৰ গণতান্ত্ৰিক আদৰ্শত ভিত্তি কৰি এক নতুন ৰূপত গঢ়ি তোলে। পাঠ্যক্রম সম্পৰ্কে এটি পৰিসৰৰ ধাৰণা আয়োগে প্ৰদান কৰে। অধ্যয়নৰ বিষয়সূচীত বৰ্তমান সময়ৰ উপযোগী নতুন নতুন বিষয় অন্তৰ্ভুক্ত কৰি সাতটো গোটত বিভক্ত কৰিছিল। মাধ্যমিক শিক্ষাৰ গঠন ১১ বছৰীয়া কৰি তুলিছিল আৰু পূৰ্বৰ দুবছৰীয়া ইণ্টাৰমিডিয়েট পৰ্যায় উলিওৱা আৰু ইয়াৰ প্ৰথম বছৰটো স্কুলৰ সৈতে আৰু দ্বিতীয় বছৰটো প্ৰাক-স্নাতক শিক্ষা পৰ্যায় হিচাপে কলেজৰ সৈতে সংযোগ কৰা হৈছিল। ইয়াৰ ওপৰত মাধ্যমিক শিক্ষা প্ৰশাসন আৰু নিয়ন্ত্ৰণৰ বাবে ৰাজ্যিক শিক্ষা সংস্থা (State Board of Secondary Education) গঠনৰ পৰামৰ্শ দিছিল। এই আয়োগৰ পৰামৰ্শ অনুসৰি অসমৰ ১১ বছৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষা আৰম্ভ কৰা হয় আৰু বহুমুখী বিদ্যালয় খোলা হয়। ১৯৫২ চনৰ পৰা ৬৭খন হাইস্কুল উচ্চতৰ মাধ্যমিকলৈ ৰূপান্তৰ কৰা হৈছিল। পাঠ্যক্ৰম সাতটা গোটত বিভক্ত কৰা হৈছিল, তাৰ ভিতৰত কলা, বিজ্ঞান, বাণিজ্য, সুকুমাৰ কলা আৰু গৃহবিজ্ঞান আদি গোটৰ অধ্যয়নৰ ব্যৱস্থা কৰা হৈছিল। এবছৰীয়া প্ৰাক-স্নাতক শ্ৰেণী ডিগ্ৰী কলেজসমূহত খোলা হৈছিল।
31) অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰধান সমস্যাবোৰ কি কি?
Ans: অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰধান সমস্যাবোৰ হল-
ক) ঠেক গণ্ডীৰ উদ্দেশ্য
খ) ঠেক গণ্ডীৰ পাঠ্যক্ৰম
গ) পৰীক্ষা ব্যৱস্থা ক্ৰুটি
ঘ) পাঠ্যপুথি দোষ
32) অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰধান সমস্যাবোৰৰ সমাধানৰ উপায়বোৰ আলোচনা কৰা।
Ans: অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰধান সমস্যাবোৰৰ সমাধানৰ উপায়বোৰ হল-
ক) মাধ্যমিক স্কুলবোৰৰ বৈষয়িক অৱস্থা উন্নত কৰি তোলাৰ কাৰ্যকৰী আঁচনি প্ৰস্তুত কৰি তুলিব লাগে। উন্নত গুণমানৰ শিক্ষা নিশ্চিত কৰি তুলিবলৈ এই স্কুলবোৰৰ শৈক্ষিক পৰিবেশ উন্নত কৰি তুলিব লাগে।
খ) দুৰ্বল স্কুলবোৰৰ প্ৰশাসনীয় ব্যৱস্থা উন্নত কৰি তুলিবৰ বাবে পৰিচালনা সমিতিবোৰ অধিক শক্তিশালী কৰি তুলিব লাগে। এনে সমিতিবোৰত চৰকাৰৰ অনুচিত প্ৰভাৱ গুচাব লাগে।
গ) মাধ্যমিক শিক্ষা বৃত্তিমূলক কাৰণৰ বাবে শেষতীয়াকৈ ১৯৮৬ চনৰ জাতীয় শিক্ষা নীতিত গ্ৰহণ কৰা প্ৰভাৱসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব লাগে। এই ক্ষেত্ৰত অৰ্থকে আদি কৰি দেখা দিয়া অন্তৰায়সমূহ গুচোৰাৰ সকলো ব্যৱস্থা কৰিব লাগে।
ঘ) ইংৰাজী আৰু অসমীয়া মাধ্যমৰ স্কুলৰৰ মাজত থকা শৈক্ষিক দিশৰ ব্যৱধান হ্ৰাস কৰি তুলিব লাগে। ইয়াৰ বাবে লব লগা প্ৰয়োজনীয় ব্যৱস্থাসমূহ চিনাক্ত কাৰণ কৰি তাক দ্ৰুতভাৱে কাৰ্যকাৰী কৰি তুলিব লাগে।
ঙ) অসমীয়া মাধ্যমৰ স্কুলবোৰত ইংৰাজী বিষয় উন্নত পদ্ধতিৰে শিক্ষা দিয়াত জোৰ দিব লাগে। ইয়াৰ বাবে শিক্ষকসকলৰ মাজত আলোচনা চক্ৰ, কৰ্মশালা আৰু প্ৰশিক্ষণ শিবিৰ আদি স্থাপনৰ ব্যৱস্থা কৰিব লাগে।
Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey.
Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষা গাইড উপলব্ধ।
আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰে।)
Post a Comment