Posts

ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল Solution। AHSEC Class 12 Political Science Book Part-A Chapter 2 Textual Question Answers | Class 12 Political Science Book Part-A Chapter 2 (Contemporary Centre of Power) Solutions | ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ ক-অংশৰ দ্বিতীয় অধ্যায় পাঠভিত্তিক প্ৰশ্ন উত্তৰ | Contemporary Centre of Power Chapter 2 Textual Question Answers|

Introduction-"২০২৭ চনৰ ফাইনেল পৰীক্ষাৰ বাবে Political Science (ৰাজনীতি বিজ্ঞান) ৰ এই ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল(Chapter 2) পাঠটো অতি দৰকাৰী। ইয়াৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তলত দিয়া হ'ল।"

  অধ্যায় ২

(ক – অংশ) --সমসাময়িক বিশ্ব ৰাজনীতি 

 ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল

  সময়ানুক্রমিকভাবে সজোৱা

(ক)  চীনৰ বিশ্ব বাণিজ্য সংস্থাত যোগদান

(খ) ইউৰোপীয় অর্থনৈতিক গোষ্ঠী (EEC)

(গ) ইউৰোপীয় সংঘ (EU)

(ঘ) 'আছিয়ান' আঞ্চলিক মঞ্চ (ARF)

এইবোৰৰ সঠিক সময়ানুক্ৰম হ'ল:

ইউৰোপীয় অর্থনৈতিক গোষ্ঠী (EEC) - ১৯৫৭ চনত ৰোম চুক্তিৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিল।

ইউৰোপীয় সংঘ (EU) - ১৯৯ চনত মাষ্ট্ৰিখট চুক্তিৰ দ্বাৰা আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা হৈছিল (

'আছিয়ান' আঞ্চলিক মঞ্চ (ARF) - ১৯৯৪ চনত প্ৰতিষ্ঠা হৈছিল।

চীনৰ বিশ্ব বাণিজ্য সংস্থাত যোগদান - ২০০১ চনত হৈছিল।

উত্তৰ:- (খ), (গ), (ঘ), (ক)


২। 'আছিয়ান (ASEAN) ৱে' বা এছীয় প্রণালী হ'ল:

(ক) 'আছিয়ান' সদস্যসকলৰ জীৱনশৈলী (life style)ৰ প্রতিফলন;

(খ) 'আছিয়ান' সদস্যসকলৰ মাজত হোৱা একধৰণৰ আনুষ্ঠানিক আৰু সহযোগিতাৰ বাৰ্তালাপ;

(গ) 'আছিয়ান' সদস্যসকলে অনুসৰণ কৰা প্ৰতিৰক্ষা নীতি;

(ঘ) 'আছিয়ান' সদস্যসকলক সংযোগ কৰা পথ।

উত্তৰ:- (খ) 'আছিয়ান' সদস্যসকলৰ মাজত হোৱা একধৰণৰ আনুষ্ঠানিক আৰু সহযোগিতাৰ বাৰ্তালাপ।


৩। তলত দিয়াবিলাকৰ ভিতৰত কোনে 'মুক্ত দুৱাৰ' (Open Door) নীতি গ্রহণ কৰিছিল-

(ক) চীন,

(খ) ইউৰোপীয় সংঘ,

(গ) জাপান,

(ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰ (USA)

উত্তৰ:- (ক) চীন


৪। খালী ঠাই পূৰণ কৰা:

(ক) চীন আৰু ভাৰতৰ ১৯৬২ চনত সংঘাতৰ সৃষ্টি হৈছিল বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু আকচাই চিন অঞ্চলক লৈ।

(খ) আছিয়ান আঞ্চলিক মঞ্চ (ARF) প্রতিষ্ঠা হৈছিল ১৯৯৪ চনত।

(গ) ১৯৭২ চনত চীনে আমেৰিকা যুক্তৰাষ্ট্ৰ (এখন প্রখ্যাত দেশ) দ্বিপাক্ষিক সম্বন্ধত সোমাইছিল।

(ঘ) ১৯৪৮ চনত মাৰ্শ্বাল পৰিকল্পনা (Plan) য়ে ইউৰোপীয় অর্থনৈতিক সহযোগিতাৰ বাবে এটা সংগঠন প্রতিষ্ঠা কৰাত প্ৰ ভাৱ বিস্তাৰ কৰিছিল।

(ঙ) এছিয়ান আঞ্চলিক মঞ্চ (ARF) ''এছিয়ান'ৰ এটা সংগঠন যিয়ে নিৰাপত্তা দিশটো চোৱাচিতা কৰে।

(চ) ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্রাৰ নাম  ইউৰো                            

 

উত্তৰ:- (ক) অৰুণাচল প্ৰদেশ আৰু আকচাই চিন, (খ) ১৯৯৪, (গ) আমেৰিকা যুক্তৰাষ্ট্ৰ, (ঘ) মাৰ্শ্বাল, ঙ) এছিয়ান আঞ্চলিক মঞ্চ(ARF), চ) ইউৰো।

 

৫।আঞ্চলিক সংগঠন প্রতিষ্ঠাৰ উদ্দেশ্য কি?

উত্তৰ:- পৃথিৱীত বিভিন্ন সময়ত বিভিন্ন অঞ্চলত আঞ্চলিক সংগঠন বোৰৰ জন্ম হোৱা দেখা যায়। এই আঞ্চলিক সংগঠনবোৰ প্ৰতিষ্ঠা কৰাৰ প্ৰধান উদ্দেশ্যবোৰ হল-

i)             নিৰ্দিষ্ট অঞ্চলটোৰ ঐতিহাসিক শত্ৰুতা আৰু দুৰ্বলতাৰ সমাধান উলিয়াবলৈ লোৱা প্ৰচেষ্টা হিচাপে অধিক শান্তিপূৰ্ণ আৰু সহযোগিতামূলক আঞ্চলিক শৃংখলা স্থাপন।

ii)            অৰ্থনৈতিক বিকাশ আৰু উন্নয়ন সুনিশ্চত কৰা।

iii)           অঞ্চলটোৰ দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা।শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰা।

iv)           অৰ্থনৈতিক, ৰাজনৈতিক,সাংস্কৃতিক, বাণিজ্যিক সহযোগিতা বৃদ্ধি কৰা।

v)            বিভিন্ন ধৰণৰ সহযোগিতাৰ যোগেদি অঞ্চলটোৰ সামাজিক প্ৰগতি,মানৱ অধিকাৰ ৰক্ষা সুনিশ্চিত কৰা।


৬। আছিয়ান অন্তর্দৃষ্টি ২০২০ৰ উপাদানবোৰ কি কি?

উত্তৰ:- i) আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বৰ্হিমূখী দৃষ্টিভংগী গ্ৰহণ কৰা।

ii) অঞ্চলটোৰ চলি থকা বিবাদসমূহ বুজাবুজিৰ মাজেৰে সমাধান কৰা।

iii) মধ্যস্থতাকাৰী হিচাপে ASEANএ সমস্যা বা সংঘাতত অংশ লোৱা। উদাহৰণস্বৰূপে- কম্বোদিয়া বিবাদ, পূৱ টিমোৰ সংকট নিষ্পত্তিৰ বাবে ASEANএ মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিল।

iv) তদুপৰি পূৱ এছীয়াৰ সহযোগিতাৰ বিষয়ে আলোচনা কৰিবলৈ বাৰ্ষিক সন্মিলন অনুষ্ঠিত কৰে।

 

৭। শ্রাছিয়ান গোষ্ঠীব স্তম্ভ (Pillox) তিনিটাৰ নাম লিখা আৰু ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ বর্ণনা কৰা

উত্তৰ:- বিশ্বখন বৰ্তমান যিটো অগ্ৰগতিৰে ধাৱিত হৈছে তাৰ প্ৰতি লক্ষ্য় ৰাখি আছিয়ানয়ে ইয়াৰ লক্ষ্য় কেৱল অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰতে সীমাবদ্ধ নাৰাখি সম্প্ৰসাৰণ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে এই ৰাষ্ট্ৰসমূহে তিনিটা স্তম্ভ গ্ৰহণ কৰিছে। আছিয়ান গোষ্ঠীৰ এই স্তম্ভ তিনিটা হল-

i)             আছিয়ান নিৰাপত্তা পৰিষদ (Asean Security Community)

ii)            আছিয়ান অৰ্থনৈতিক পৰিষদ (Asean Economic Community)

iii)           আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদ (Asean Socio-cultural Community)

ওপৰোক্ত স্তম্ভ তিনিটাৰ লক্ষ্য় আৰু উদ্দেশ্য়বোৰ তলত বৰ্ণনা কৰা হল-

i)             আছিয়ান নিৰাপত্তা পৰিষদ (Asean Security Community):-

ক) এই পৰিষদৰ প্ৰধান লক্ষ্য হৈছে  দক্ষিণ এছীয় ৰাষ্ট্ৰসমূহৰ মাজত শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

খ) আছিয়ানৰ এই ৰাষ্ট্ৰসমূহে তেওঁলোকৰ এই অঞ্চলক শান্তিৰ অঞ্চল হিচাপে গঢ়ি তুলিব বিচাৰে। সেয়ে সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থীৰ সমস্যাসমূহ দমন কৰাৰ বাবে তেওঁলোক সন্মিলিতভাৱে কাৰ্যনিৰ্বাহ কৰে।

 

ii)           আছিয়ান অৰ্থনৈতিক পৰিষদ (Asean Economic Community):-

ক) আছিয়ান অৰ্থনৈতিক পৰিষদৰ লক্ষ্য় হৈছে আছিয়ানৰ ৰাষ্ট্ৰসমূহৰ বাবে এখন সমূহীয়া বজাৰ আৰু উৎপাদনস্থলী গঢ়ি তোলা আৰু এই অঞ্চলৰ সামাজিক আৰু অৰ্থিক উন্নতিৰ বাবে সহায় সহযোগিতা আগবঢ়োৱা।

খ) ইয়াৰ আন এটা লক্ষ্য় হৈছে মুক্ত বজাৰ অঞ্চল স্থাপন কৰা যত ধন,শ্ৰমিক আৰু বিভিন্ন ধৰণৰ সেৱাৰ বিনিয়োগ সম্ভৱ।

 

iii)          আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদ (Asean Socio-cultural Community):-

ক) ইয়াৰ উদ্দেশ্য় হৈছে সংস্থাটোৰ সদস্য় ৰাষ্ট্ৰ আৰু ইয়াৰ জনসাধাৰণৰ মাজত সংহতি আৰু একতা স্থাপনৰ অৰ্থে জনমুখী আৰু সামাজিকভাৱে দায়বদ্ধ আছিয়ান সম্পদায় সৃষ্টিত বৰঙনি যোগোৱা।

খ) এই পৰিষদে জনসাধাৰণৰ কল্য়াণ সাধন হোৱা এখন সমাজ গঠনৰ লগতে এক উমৈহতীয়া আত্মপৰিচয় দাঙি ধৰিব বিচাৰে।

 

৮। চীনৰ বৰ্তমানৰ অৰ্থনীতিৰ সৈতে নিয়ন্ত্রিত অর্থনীতি (Command economy)ৰ প্ৰভেদ কি? বর্ণনা কৰা।

উত্তৰ:- গণতান্ত্ৰিক চীনত ১৯৪৯ চনত মাও-চে-টুঙৰ নেতৃত্বত চীন অৰ্থনীতিয়ে এক বিপ্লৱৰ সূচনা কৰিছিল।সেই সময়ত বৈদেশিক বিনিয়োগ কম হোৱাৰ বাবে সম্পূৰ্ণ নিজস্ব সম্পদৰ ভিত্তিত অৰ্থনীতি গঢ়ি তুলিছিল। সেই সময়ত ছোভিয়েটৰ আৰ্হিৰে কৃষিৰ পৰা আহৰণ কৰা মূলধনেৰে ৰাষ্ট্ৰৰ মালিকীস্বত্বত গধূৰ উদ্য়োগ খণ্ড প্ৰতিষ্ঠা কৰা হৈছিল। কিন্তু ১৯৭২ চনত আমেৰিকাৰ লগত দ্বিপাক্ষিক সম্পৰ্ক স্থাপন,ৰাষ্ট্ৰপ্ৰধান চৌ-এন-লাইয়ে ১৯৭৩ চনত চাৰিবিধ আধুনিকীকৰণৰ প্ৰস্তাৱ দাঙি ধৰিছিল, ১৯৭৮ চনত ডেং-জিয়াঅপিঙে মুক্ত দুৱাৰ নীতি আৰু অৰ্থনৈতিক সংস্কাৰৰ কথা ঘোষণা কৰিছিল এইসমূহে চীনৰ  অৰ্থনৈতিক বিকাশত এক বিশেষ স্থান দখল কৰিছিল। ১৯৮২ চনত কৃষিৰ ব্য়ক্তিগতকৰণ কৰাৰ পিছত ১৯৯৮ চনত উদ্য়োগ খণ্ডৰো ব্য়ক্তিগতকৰণ কৰিছিল। ২০০১ চনত বিশ্ব বাণিজ্য় সংস্থাত (WTO-World Trade Organization) চীনৰ অন্তৰ্ভূক্তি চীনৰ অৰ্থনৈতিক বিকাশৰ এক অন্য়তম উদাহৰণ। সাম্প্ৰতিক হাৰত চীনৰ অৰ্থনৈতিক বিকাশ চলি থাকিলে ২০৪০ চনৰ ভিতৰত পৃথিৱীৰ আটাইতকৈ বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে চীনে আমেৰিকাকে অতিক্ৰম কৰি যাব বুলি ধাৰণা কৰা হৈছে।


৯। ইউৰোপীয় ৰাষ্ট্রসমূহে দ্বিতীয় বিশ্বযুদ্ধৰ পিচৰ সমস্যাবোৰ কেনেদৰে সমাধান কৰিছিল? ইয়াক সমাধানৰ উদ্দেশ্যে ইউৰোপীয় সংগঠন গঠন কৰাৰ প্রচেষ্টাটো বর্ণনা কৰা।

উত্তৰ:- দ্বিতীয় বিশ্বযুদ্ধৰ পিচত ইউৰোপীয় দেশসমূহে নিজৰ ভাগি যোৱা অৰ্থনীতি শক্তিশালী কৰিব বিচাৰি- শত্ৰুতাভাৱ এৰি আন্তৰ্জাতিক সহযোগিতাৰ পোষকতা কৰিছিল।  আমেৰিকা যুক্তৰাষ্ট্ৰই মাৰ্শ্বাল পৰিকল্পনাৰ (Marshall Plan) জৰিয়তে ইউৰোপীয় অৰ্থনীতিৰ পুনৰ উত্থানৰ বাবে প্ৰচুৰ বিত্তীয় সাহায্য় আগবঢ়াইছিল। মাৰ্শ্বাল পৰিকল্পনাৰ জৰিয়তে ১৯৪৮ চনত ইউৰোপীয় অৰ্থনৈতিক সহযোগিতাৰ সংস্থা (OEEC) গঠন, আৰু পাছলৈ ইউৰোপীয় সংঘ (EU) স্থাপনৰ জৰিয়তে অৰ্থনৈতিক আৰু ৰাজনৈতিক একত্ৰীকৰণৰ দ্বাৰা সমস্যা সমাধান কৰিছিল। এই প্ৰচেষ্টাবোৰৰ যোগেদি যুদ্ধবিধ্বস্ত ইউৰোপত বিশেষকৈ পশ্চিম ইউৰোপত শান্তি আৰু সমৃদ্ধি ঘূৰাই অনাৰ লগতে উন্নয়ন সাধন কৰিছিল 

দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ সমস্যাবোৰ সমাধানৰ উদ্দেশ্যে ইউৰোপীয় সংগঠন গঠন কৰাৰ প্রচেষ্টাটো তলত বর্ণনা কৰা হল:-

i) অৰ্থনৈতিক পুনৰ্গঠন (মাৰ্শাল পৰিকল্পনা):- দ্বিতীয় বিশ্ব যুদ্ধৰ পিচত ইউৰোপৰ অৰ্থনীতি সম্পূৰ্ণ ধ্বংস হৈ পৰিছিল বা ভগি পৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই ১৯৪৮ চনত 'মাৰ্শাল পৰিকল্পনা'ৰ অধীনত প্ৰচুৰ পৰিমাণৰ অৰ্থনৈতিক সাহায্য আগবঢ়ায়, যিয়ে ইউৰোপীয় দেশসমূহৰ বিশেষকৈ পশ্চিম ইউৰোপায় দেশসূহৰ আন্তঃগাঁথনি নিৰ্মাণ আৰু উদ্যোগ স্থাপনত সহায় কৰে 

ii) ইউৰোপীয় অৰ্থনৈতিক সহযোগিতাৰ সংস্থা (OEEC):- ১৯৪৮ চনত মাৰ্শ্বাল পৰিকল্পনাৰ অধীনত পশ্চিম ইউৰোপীয় ৰাষ্ট্ৰবোৰক সহায় কৰাৰ লক্ষৰে বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে ইউৰোপীয় অৰ্থনৈতিক সহযোগীতাৰ সংগঠন(OEEC-Organisation for European Economic Cooperation) প্ৰতিষ্ঠা কৰা হৈছিল।

iii) ইউৰোপীয় কয়লা আৰু তীখা সমাজ (ECSC - ১৯৫১):- যুদ্ধৰ মূল কাৰণসমূহ দূৰ কৰিবলৈ আৰু জাৰ্মানীৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ ১৯৫১ চনৰ ৬ এপ্ৰিলত বেলজিয়াম,  ফ্ৰান্স, জাৰ্মানী, ইটালী, নেডাৰলেণ্ড আৰু লুক্সেমবাৰ্গ এই ছয়খন দেশৰ সন্মিলিত প্ৰচেষ্ঠাত পেৰিছ চুক্তিত স্বাক্ষৰ কৰি  ইউৰোপীয় কয়লা আৰু তীখা সমাজ গঠন কৰে 

iv) ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় (EEC - ১৯৫৭):- ৰোম সন্ধিৰ দ্বাৰা গঠিত এই ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায়ে ইউৰোপীয় দেশসমূহৰ মাজত এক উমৈহতীয়া বজাৰ সৃষ্টি কৰিছিল, যিয়ে অৰ্থনৈতিক দিশতো অধিক শক্তিশালী কৰে 

v) ইউৰোপীয় সংঘ (EU - ১৯৯২):- ১৯৯২ চনৰ মাষ্ট্ৰিষ্ট সন্ধিৰ (Maastricht Treaty) দ্বাৰা ১২ খন ৰাষ্ট্ৰ মিলিত হয় ইউৰোপীয় সংঘ গঠন হয়, যিয়ে অৰ্থনৈতিক একত্ৰীকৰণৰ লগতে ৰাজনৈতিক, সামাজিক আৰু মুদ্ৰা (ইউৰো) সহযোগিতা বৃদ্ধি কৰে 

এই প্ৰচেষ্টাসমূহৰ ফলত ইউৰোপৰ দেশসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি পোৱাৰ লগতে দীৰ্ঘদিনীয়া শত্ৰুতাৰ ভাৱ দূৰ হৈ এক আঞ্চলিক সংগঠন হিচাপে ইউৰোপীয় সংঘ গঢ়ি উঠে


১০। ইউৰোপীয় সংঘক কিহে এটা প্রতিভাসম্পন্ন আঞ্চলিক সংগঠন হিচাপে গঠন কৰিছে।

উত্তৰ:-


 

১১। ভাৰতবৰ্ষ আৰু চীনৰ বর্তমান অর্থনৈতিক উত্থানে এক মেৰুৰ বিশ্বৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে। তুমি এই উক্তিটোৰ লগত একমতনে? তোমাৰ যুক্তিযুক্ততা দিয়া।

উত্তৰ:-


১২। ভাৰত আৰু চীনৰ বিবদমান বিষয়বোৰ চিনাক্ত কৰা ইয়াৰ সমাধানৰ বাবে উপায় নিৰূপণ কৰা।

উত্তৰ:-


১৩। অর্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰ:-


১৪। । ইউৰোপীয় সংঘৰ প্রভাৱৰ দুটা প্রধান ক্ষেত্ৰৰ বিষয়ে লিখা

উত্তৰ:-


চমু উত্তৰৰ প্ৰশ্ন:

১। প্রেমিয়াৰ চৌ এন'লাই আগবঢ়োৱা 'চাৰিটা আধুনিকীকৰণ'ৰ প্রস্তাৱ উল্লেখ কৰা।

উত্তৰ:- ১৯৭৩ চনত প্ৰেমিয়াৰ চৌ এন’লাই চীনক এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ আগবঢ়োৱা চাৰিটা আধুনিকীকৰণৰ প্ৰস্তাৱ হৈছে: 

(ক) কৃষি,

(খ) উদ্যোগ,

(গ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, আৰু

(ঘ) সামৰিক বাহিনী

 

২। চমুটোকা লিখা: চীনৰ 'নতুন অর্থনৈতিক নীতি'

উত্তৰ:-


৩। ভাৰত - চীনৰ সীমা বিবাদ বর্ণনা কৰা।

উত্তৰ:-


৪। চমুটোকা লিখা: ইউৰোপীয় সংঘ

উত্তৰ:-


৫। ইউৰোপীয় সংঘই ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্রত কেনেদৰে প্রভাৱ বিস্তাৰ কৰিলে চমুকৈ বর্ণনা কৰা

উত্তৰ:- ইউৰোপীয় সংঘই ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্রত কেনেদৰে প্রভাৱ বিস্তাৰ কৰিলে সেইসম্পৰ্কে চমুকৈ তলত বর্ণনা কৰা হল-

ইউৰোপীয় সংঘই ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্রত বিশ্বত প্রভা বিস্তাৰ কৰাত সক্ষম হৈছে। ইয়াৰ দুখন সদস্য বাষ্ট্র- বৃটেইন আৰু ফ্রান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। তদুপৰি, ইয়াৰ কেইবাখনো সদস্য ৰাষ্ট্র ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য। ইয়াৰ বাবে ইউৰোপীয় সংঘই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেতবোৰ নীতিক ৰাষ্ট্ৰসংঘত বিৰোধ কৰাৰ বাবে সুযোগ গ্রহণ কৰিব পাৰিছে। ইউৰোপীয় সংঘই জোৰজবৰদস্তি বা সামৰিক শক্তি প্রয়োগ কৰাতকৈ যিকোনো সমস্যা কূটনৈতিক বা আলাপ-আলোচনাৰ জৰিয়তে মীমাংসা কৰিব বিচাৰে।

 

৬। ইউৰোপীয় ইউনিয়নে সামৰিক ক্ষেত্ৰত বিস্তাৰ কৰা প্ৰভাৱৰ বিষয়ে চমুকৈ বর্ণনা কৰা।

উত্তৰ:- ইউৰোপীয় ইউনিয়নে সামৰিক ক্ষেত্ৰত বিস্তাৰ কৰা প্ৰভাৱৰ বিষয়ে তলত চমুকৈ বর্ণনা কৰা ল-

ইউৰোপীয় সংঘৰ সামবিক শক্তিলৈ লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে ই বিশ্বত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতে সামৰিক ব্যয়ৰ ক্ষেত্ৰত ইউৰোপীয় সংঘই দ্বিতীয় স্থানত আছে। ইউৰোপীয় সংঘৰ দুখন সদস্য ৰাষ্ট্ৰ বৃটেইন আৰু ফ্রান্স পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী আৰু এই ৰাষ্ট্ৰ দুখনৰ প্রায় ৫৫০ টা পাৰমাণবিক ক্ষেপণাস্ত্র আছে। ইউৰোপীয় সংঘই মহাকাশ আৰু তথ্য প্রযুক্তিবিদ্যাত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

 

৭। ইউৰোপীয় ইউনিয়নৰ আচহুৱা আচৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ:-


৮। 'আছিয়ান পথ বা পন্থা' বুলিলে কি বুজা?

উত্তৰ:- 'আছিয়ান পথ বা পন্থা' ল -এটা আন্তঃক্ৰিয়া যিটো আনুষ্ঠানিক, মুখামুখি সংঘৰ্ষৰ বিৰোধী আৰু সহযোগিতাত বিশ্বাসী।


৯। 'আছিয়ান অর্থনৈতিক পৰিষদ'ৰ লক্ষ্য চমুকৈ বর্ণনা কৰা।

উত্তৰ:- 'আছিয়ান অর্থনৈতিক পৰিষদ'ৰ লক্ষ্য তলত চমুকৈ বর্ণনা কৰা হল-

ক) আছিয়ান অৰ্থনৈতিক পৰিষদৰ লক্ষ্য় হৈছে আছিয়ানৰ ৰাষ্ট্ৰসমূহৰ বাবে এখন সমূহীয়া বজাৰ আৰু উৎপাদনস্থলী গঢ়ি তোলা আৰু এই অঞ্চলৰ সামাজিক আৰু অৰ্থিক উন্নতিৰ বাবে সহায় সহযোগিতা আগবঢ়োৱা।

খ) ইয়াৰ আন এটা লক্ষ্য় হৈছে মুক্ত বজাৰ অঞ্চল স্থাপন কৰা যত ধন,শ্ৰমিক আৰু বিভিন্ন ধৰণৰ সেৱাৰ বিনিয়োগ সম্ভৱ।


১০। 'আছিয়ান'ৰ দুটা লক্ষ্য উল্লেখ কৰা।

উত্তৰ:- ক) 'আছিয়ান'ৰ এটা লক্ষ্য - অৰ্থনৈতিক বিকাশ খৰতকীয়া কৰা আৰু ইয়াৰ জৰিয়তে সামাজিক প্ৰগতি আৰু সাংস্কৃতিক বিকাশৰ ব্যৱস্থা কৰা।

খ) আছিয়ানৰ আন এক লক্ষ্য হৈছে- আইনৰ শাসন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ ওপৰত ভিত্তি কৰি এছিয়া মহাদেশত শান্তি প্ৰতিষ্ঠা কৰা আৰু স্থবিৰতা বাহাল ৰখা।


১১। 'আছিয়ান' অন্তর্দৃষ্টি ২০২০ৰ লক্ষ্য বর্ণনা কৰা।

উত্তৰ:- i) আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বৰ্হিমূখী দৃষ্টিভংগী গ্ৰহণ কৰা।

ii) অঞ্চলটোৰ চলি থকা বিবাদসমূহ বুজাবুজিৰ মাজেৰে সমাধান কৰা।

iii) মধ্যস্থতাকাৰী হিচাপে ASEANএ সমস্যা বা সংঘাতত অংশ লোৱা। উদাহৰণস্বৰূপে- কম্বোদিয়া বিবাদ, পূৱ টিমোৰ সংকট নিষ্পত্তিৰ বাবে ASEANএ মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিল।

iv) তদুপৰি পূৱ এছীয়াৰ সহযোগিতাৰ বিষয়ে আলোচনা কৰিবলৈ বাৰ্ষিক সন্মিলন অনুষ্ঠিত কৰা।


১২। 'আছিয়ান' নিৰাপত্তা পৰিষদৰ উদ্দেশ্য বর্ণনা কৰা।

উত্তৰ:- ক) এই পৰিষদৰ প্ৰধান উদ্দেশ্য হৈছে  দক্ষিণ এছীয় ৰাষ্ট্ৰসমূহৰ মাজত শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

খ) আছিয়ান নিৰাপত্তা পৰিষদৰ এই ৰাষ্ট্ৰসমূহে তেওঁলোকৰ এই অঞ্চলক শান্তিৰ অঞ্চল হিচাপে গঢ়ি তুলিব বিচাৰে। সেয়ে সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থীৰ সমস্যাসমূহ দমন কৰাৰ বাবে তেওঁলোক সন্মিলিতভাৱে কাৰ্যনিৰ্বাহ কৰে।


১৩। ইউৰোপীয় সংঘ গঠন হোৱাৰ দুটা কাৰণ লিখা।

উত্তৰ:-


১৪। ইউৰোপীয় সংঘৰ প্ৰভাৱৰ দুটা প্রধান ক্ষেত্র উল্লেখ কৰা।

উত্তৰ:- i)অর্থনৈতিক ক্ষেত্রত:-অর্থনৈতিক ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ 'ডলাৰে' (মুদ্রা) ইমান দিনে বিশ্বত যি আধিপত্য বিস্তাৰ কৰি আছিল তাক ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্রা 'ইউৰো'ৱে (Euro) ভাবুকিৰ সৃষ্টি কৰিছে। তদুপৰি, বিশ্ব বাণিজ্যত আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ ইউৰোপীয় সংঘই তিনি গুণ বেছি অংশ দখল কৰি আছে। ইউৰোপীয় সংঘৰ অর্থনৈতিক ক্ষমতাই এছিয়া আৰু আফ্রিকাতো প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ই বিশ্ব বাণিজ্য সস্থাটো (World Trade Organization, WTO) এটা গোট হিচাপে প্রভাৱ বিস্তাৰ কৰিব পাৰিছে।

ii) ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্রত:-

ইউৰোপীয় সংঘই ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্রত বিশ্বত প্রভা বিস্তাৰ কৰাত সক্ষম হৈছে। ইয়াৰ দুখন সদস্য বাষ্ট্র- বৃটেইন আৰু ফ্রান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। তদুপৰি, ইয়াৰ কেইবাখনো সদস্য ৰাষ্ট্র ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য। ইয়াৰ বাবে ইউৰোপীয় সংঘই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেতবোৰ নীতিক ৰাষ্ট্ৰসংঘত বিৰোধ কৰাৰ বাবে সুযোগ গ্রহণ কৰিব পাৰিছে। ইউৰোপীয় সংঘই জোৰজবৰদস্তি বা সামৰিক শক্তি প্রয়োগ কৰাতকৈ যিকোনো সমস্যা কূটনৈতিক বা আলাপ-আলোচনাৰ জৰিয়তে মীমাংসা কৰিব বিচাৰে।

 iii) সামৰিক ক্ষেত্ৰত:-

ইউৰোপীয় সংঘৰ সামবিক শক্তিলৈ লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে ই বিশ্বত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতে সামৰিক ব্যয়ৰ ক্ষেত্ৰত ইউৰোপীয় সংঘই দ্বিতীয় স্থানত আছে। ইউৰোপীয় সংঘৰ দুখন সদস্য ৰাষ্ট্ৰ বৃটেইন আৰু ফ্রান্স পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী আৰু এই ৰাষ্ট্ৰ দুখনৰ প্রায় ৫৫০ টা পাৰমাণবিক ক্ষেপণাস্ত্র আছে। ইউৰোপীয় সংঘই মহাকাশ আৰু তথ্য প্রযুক্তিবিদ্যাত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।


১৫। 'হয়' অথবা নহয়' লিখা:

চীনে 'মুক্ত দুৱাৰ' নীতি গ্রহণ কৰিছিল।

উত্তৰ:- হয়।


১৬। নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলাৰ দুটা নীতি লিখা।

উত্তৰ:-

 

অতি চমু উত্তৰৰ প্ৰশ্ন:

১। তৃতীয় বিকল্প শক্তিৰ কেন্দ্ৰস্থ বুলি কোনখন দেশক কোৱা হয়।

উত্তৰ:- তৃতীয় বিকল্প শক্তিৰ কেন্দ্ৰস্থ বুলি চীনক কোৱা হয়।


২। চীনে' কোন চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পর্ক উন্নত কৰাত সিদ্ধান্ত গ্রহণ কৰিছিল।

উত্তৰ:- চীনে ১৯৭২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পর্ক উন্নত কৰাত সিদ্ধান্ত গ্রহণ কৰিছিল।


৩। কোনে চীনত 'মুক্ত দ্বাৰ' (Open Door) নীতি ঘোষণা কৰিছিল।

উত্তৰ: ডেঙ-জিয়াঅপিঙে ১৯৭৮ চনত চীনত 'মুক্ত দ্বাৰ' (Open Door) নীতি ঘোষণা কৰিছিল।


৪। 'মুক্ত দুৱাৰ' নীতি বুলিলে তুমি কি বুজা?

উত্তৰ:- মুক্ত দুৱাৰ নীতি আছিল বিদেশৰ পৰা অনা মূলধন আৰু প্ৰযোক্তিবিদ্যা বিনিয়োগ কৰি উচ্চ উৎপাদনশীলতা সৃষ্টি কৰা। 


৫। চীনে কোন চনত 'বিশ্ব বাণিজ্যিক সংস্থা'ত যোগদান কৰিছিল।

উত্তৰ:- চীনে ২০০১ চনত 'বিশ্ব বাণিজ্যিক সংস্থা'ত যোগদান কৰিছিল


৬। চীন-ভাৰতৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল?

উত্তৰ:-  চীন-ভাৰতৰ যুদ্ধ ১৯৬২ চনত সংঘটিত হৈছিল


৭। ভাৰতৰ প্রধানমন্ত্রী ৰাজীব গান্ধীয়ে কোন চনত চীন ভ্রমণ কৰিছিল।

উত্তৰ:-  ভাৰতৰ প্রধানমন্ত্রী ৰাজীব গান্ধীয়ে ১৯৮৮ চনত চীন ভ্রমণ কৰিছিল।


৮। ইউৰোপীয় সংঘ কোন চনত গঠন হৈছিল?

উত্তৰ:-  ইউৰোপীয় সংঘ ১৯৯২ চনত গঠন হৈছিল


৯। ইউৰোপীয় ইউনিয়নে ব্যৱহাৰ কৰা মুদ্রাটোৰ নাম কি?

উত্তৰ:-  ইউৰোপীয় ইউনিয়নে ব্যৱহাৰ কৰা মুদ্রাটোৰ নাম হৈছে- ইউৰো।


১০। 'আছিয়ান' কোন চনত প্রতিষ্ঠিত হৈছিল?

উত্তৰ:-  'আছিয়ান' ১৯৬৭ চনত প্রতিষ্ঠিত হৈছিল


১১। 'আছিয়ান'ৰ এটা লক্ষ্য উল্লেখ কৰা।

উত্তৰ:-  'আছিয়ান'ৰ এটা লক্ষ্য - অৰ্থনৈতিক বিকাশ খৰতকীয়া কৰা আৰু ইয়াৰ জৰিয়তে সামাজিক প্ৰগতি আৰু সাংস্কৃতিক বিকাশৰ ব্যৱস্থা কৰা।


১২। 'আছিয়ান' গোষ্ঠীৰ এটা স্তম্ভৰ নাম লিখা।

উত্তৰ:-  'আছিয়ান' গোষ্ঠীৰ এটা স্তম্ভৰ নাম - আছিয়ান নিৰাপত্তা পৰিষদ।


১৩। 'আছিয়ান আঞ্চলিক মঞ্চ' (ARF) কোন চনত প্রতিষ্ঠিত হৈছিল?

উত্তৰ:-  'আছিয়ান আঞ্চলিক মঞ্চ' (ARF) ১৯৯৪ চনত প্রতিষ্ঠিত হৈছিল।


১৪। ASEAN ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰ:- ASEAN ৰ সম্পূৰ্ণ ৰূপটো- Association of Southeast Asian Nations


১৫। ভাৰত আছিয়ানৰ এখন সদস্য ৰাষ্ট্র (হয় নে নহয় লিখা)

উত্তৰ:-  নহয়।


১৬। আছিয়ান কোন চনত গঠন হৈছিল আৰু আৰম্ভণিত ইয়াৰ কিমান সদস্য আছিল?

উত্তৰ:-  আছিয়ান ১৯৬৭ চনত গঠন হৈছিল আৰু আৰম্ভণিত ইয়াৰ ৫খন সদস্য আছিল

   


 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত দ্বাদশ শ্ৰেণীৰ  (Class 12 Political Science Book Part-A) ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ ক-অংশৰ দ্বিতীয় অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!



Written By- Ankur Moni Nath



Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)

Post a Comment

Previous Post Next Post