তিৱাসকল (Tiwa Sakal) | Class 10 বৈচিত্ৰ্যময় অসম Chapter 1 Question Answer (SEBA)


তিৱাসকল (Tiwa Sakal)


প্ৰশ্নাৱলী আৰু উত্তৰসমূহ:

১। ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক? 

উত্তৰঃ ভাষিক দিশৰ পৰা তিৱাসকল বৃহত্তৰ 'বড়ো' থালৰ লোক।

 

২। তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি? 

উত্তৰঃ তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ হৈছে- খ্ৰাম্ (ঢোল) বাৰ, খ্ৰাম্ খুজুৰা, খ্ৰাম্ পান্থাই, দুম্দিং, দগৰ্, পাতিঢোল, ৱাফাং খ্ৰাম্, থক্থৰৰক, পাংশী (বাঁহী), থোৰাং, ম'হৰ শিঙৰ পেঁপা, মুহুৰি আৰু খায়াং (তাল) ইত্যাদি।

 

৩। তিৱা সমাজত 'জেলা' বুলি কাক কোৱা হয়?

উত্তৰঃ তিৱা সমাজত খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত 'জেলা' বুলি কোৱা হয়। (ইয়াৰ উপৰিও, পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকো 'জেলা' বুলি কোৱা হয়।)

 

৪। তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম লিখা। 

উত্তৰঃ অঞ্চলভেদে তিৱাসকলৰ উৎসৱ বিভিন্ন হয়।

পাহাৰত বাস কৰা তিৱাসকলৰ উৎসৱসমূহ হ'ল: ৱানছুৱা, ছগ্ৰা, য়াংলী, মুইনাৰী কাণ্ঠি, লাংখন্, মাই পথালা, মাই ৰাৱা, খাপলাং ৰাৱানে ফুজা, পান্থাইচ্যৱা ইত্যাদি।

ভৈয়াম অঞ্চলত বাস কৰা লোকসকলৰ উৎসৱসমূহ হ'ল: জোনবিল মেলা, বৰত্, গোসাঁই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু, আৰু কাতি বিহু ইত্যাদি।

 

৫। ফুলগুৰিৰ ধেঁৱা কি? 

উত্তৰঃ ফুলগুৰিৰ ধেঁৱা হ'ল ব্ৰিটিছৰ বিৰুদ্ধে গঢ়ি উঠা অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ। এই বিদ্ৰোহৰ জন্ম আৰু নেতৃত্ব তিৱাসকলে প্ৰদান কৰিছিল। লগতে, 'ফুলগুৰিৰ ধেঁৱা' হৈছে বলাইৰাম সেনাপতিৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য গীতি-আলেখ্য।

 

৬। চমুটোকা লিখাঃ

(ক) ইন্দ্ৰচিং দেউৰী:

উত্তৰ: তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্ৰাম কৰা অন্যতম ব্যক্তি হ'ল ইন্দ্ৰচিং দেউৰী। তেওঁৰ জন্ম হৈছিল পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চল ৰংখৈপাৰ গাঁৱত ১৯৩২ চনত। ১৯৪৯ চনত তেওঁ ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সংস্পৰ্শলৈ আহিছিল আৰু সমাজৰ দুৰৱস্থাৰ প্ৰতি সচেতন হৈছিল। তিৱা সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰাই শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে আধুনিক সমাজৰ লগত পৰিচয় কৰাবলৈ ১৯৬০ চনত তেওঁ 'তিৱাচা মিচন' আৰু ১৯৬৭ চনত 'লালুং দৰবাৰ' নামৰ সামাজিক অনুষ্ঠানৰ জন্ম দিয়ে। তেখেত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ তথা অধ্যক্ষ হিচাপেও নিৰ্বাচিত হৈছিল। তিৱাসকলৰ জাতীয় সংগীত 'তিৱা তচিমা' তেওঁৱেই সুৰ দিছিল। তেওঁক পাহাৰৰ তিৱাসকলে শ্ৰদ্ধাৰে 'ফা পৰৈ' (জাতিৰ পিতা) বুলি সম্বোধন কৰিছিল।

(খ) বলাইৰাম সেনাপতি:

উত্তৰ: অসমৰ সাহিত্য-সংস্কৃতি জগতৰ এগৰাকী সু-প্ৰতিষ্ঠিত লেখক আৰু সংস্কৃতিৰ সাধক বলাইৰাম সেনাপতিৰ জন্ম হয় ১৯৩১ চনৰ ৩ মাৰ্চত, নগাঁও জিলাৰ বুৰঞ্জীপ্ৰসিদ্ধ বাৰপূজীয়া গাঁৱত। তেখেতে 'তিৱা কৃষ্টি সন্থা' গঠন কৰি তিৱা জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি সংৰক্ষণত বিশেষ অৱদান আগবঢ়াইছিল। 'ৰামধেনু' আলোচনীত তেখেতে লিখা 'তিৱাসকলৰ ৰাতিসেৱা' প্ৰবন্ধৰ জৰিয়তে সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ১৯৫৪ চনত তেখেতে 'মুকুল' নামৰ এখন গীতৰ পুথি ৰচনা কৰি প্ৰকাশ কৰে। ২০০০ চনত তেখেতে 'তিৱা মাথনলাই তখ্ৰা' অৰ্থাৎ তিৱা সাহিত্য সভাৰ সভাপতিৰ আসনখনো অলংকৃত কৰিছিল। তেখেতৰ মৃত্যু হৈছিল ২০১৪ চনৰ ১১ মে'ত।

 

অতি চমু প্ৰশ্নোত্তৰ (১ নম্বৰৰ বাবে)

১। 'তিৱা' শব্দৰ অৰ্থ কি? উত্তৰঃ তিৱা ভাষাত 'তি' মানে পানী আৰু 'ৱা' মানে শ্ৰেষ্ঠ। অৰ্থাৎ পানীৰ পৰা জন্ম হোৱা বা পানীৰ কাষত বসবাস কৰা লোক।

 

২। তিৱাসকলক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি? উত্তৰঃ দুটা ভাগত ভগাব পাৰি— পাহাৰীয়া তিৱা আৰু ভৈয়ামৰ তিৱা।

 

৩। তিৱাসকলৰ প্ৰধান উপজীৱিকা কি? উত্তৰঃ কৃষি।

 

৪। জোনবিল মেলা ক'ত অনুষ্ঠিত হয়? উত্তৰঃ মৰিগাঁও জিলাৰ জাগীৰোডৰ সমীপত জোনবিলৰ পাৰত।

 

৫। জোনবিল মেলাৰ মূল বৈশিষ্ট্য বা আকৰ্ষণ কি? উত্তৰঃ বিনিময় প্ৰথা (Barter system)।

 

৬। তিৱা মহিলাসকলে পৰিধান কৰা দুবিধ সাজ-পাৰৰ নাম লিখা। উত্তৰঃ কাছং আৰু ফাস্কাং।

 

৭। তিৱা সমাজৰ জাতীয় সংগীতটোৰ নাম কি? উত্তৰঃ 'তিৱা তচিমা'।

 

চমু প্ৰশ্নোত্তৰ (২ বা ৩ নম্বৰৰ বাবে)

৮। পাহাৰত বাস কৰা আৰু ভৈয়ামত বাস কৰা তিৱাসকলৰ সমাজ ব্যৱস্থাৰ মাজত কি পাৰ্থক্য দেখা যায়? উত্তৰঃ পাহাৰত বাস কৰা তিৱাসকলৰ সমাজ ব্যৱস্থা মূলতঃ মাতৃপ্ৰধান। আনহাতে, ভৈয়ামত বাস কৰা তিৱাসকলৰ সমাজ ব্যৱস্থা পিতৃতান্ত্ৰিক।

 

৯। তিৱাসকলৰ প্ৰধান খাদ্যসমূহ কি কি? উত্তৰঃ তিৱাসকলৰ প্ৰধান খাদ্য হৈছে ভাত। ইয়াৰ উপৰিও তেওঁলোকে মাছ, মাংস আৰু বিভিন্ন ধৰণৰ বনৰীয়া শাক-পাচলি খাদ্য হিচাপে গ্ৰহণ কৰে। 'চু' বা 'জুমাই' নামৰ পৰম্পৰাগত পানীয়বিধ তেওঁলোকৰ সমাজত অতি জনপ্ৰিয় আৰু ধৰ্মীয় কাম-কাজতো ইয়াৰ ব্যৱহাৰ হয়।

 

১০। তিৱা পুৰুষসকলে পৰিধান কৰা কেইবিধমান পৰম্পৰাগত সাজ-পাৰৰ নাম লিখা। উত্তৰঃ তিৱা পুৰুষসকলে সাধাৰণতে তাগলা (চোলা), ঠেনা, ফাগুৰি (পাগুৰী) আদি পৰিধান কৰে।

 

দীঘলীয়া / ৰচনাধৰ্মী প্ৰশ্নোত্তৰ (৪ বা ৫ নম্বৰৰ বাবে)

১১। জোনবিল মেলাৰ বিষয়ে এটি চমু টোকা যুগুত কৰা। উত্তৰঃ জোনবিল মেলা অসমৰ এক অন্যতম ঐতিহাসিক আৰু অদ্বিতীয় মেলা। মৰিগাঁও জিলাৰ জাগীৰোডৰ সমীপত থকা 'জোনবিল' নামৰ বিলখনৰ পাৰত প্ৰতি বছৰে মাঘ বিহুত এই মেলা অনুষ্ঠিত হয়।

  • বিনিময় প্ৰথা: এই মেলাৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল 'বিনিময় প্ৰথা'। পাহাৰত বাস কৰা তিৱা, কাৰ্বি, খাচী আদি জনজাতীয় লোকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী (যেনে- আদা, হালধি, কচু, লা, জলকীয়া আদি) লৈ আহে আৰু ভৈয়ামৰ লোকসকলৰ পিঠা-পনা, শুকান মাছ আদিৰ সৈতে সালসলনি কৰে।
  • সম্প্ৰীতিৰ প্ৰতীক: এই মেলাই পাহাৰ আৰু ভৈয়ামৰ লোকসকলৰ মাজত সম্প্ৰীতি আৰু ঐক্যৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে। বৰ্তমান সময়তো মুদ্ৰাৰ ব্যৱহাৰ নোহোৱাকৈ বস্তুৰ সলনি বস্তু লোৱা এই প্ৰথা পৃথিৱীৰ ভিতৰতে বিৰল।



 ১২। অসমৰ সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ তিৱাসকলৰ অৱদান সম্পৰ্কে আলোচনা কৰা। 

উত্তৰঃ অসমৰ বৰ্ণিল সংস্কৃতিৰ ভঁৰাল চহকী কৰাত তিৱাসকলৰ অৱদান অনস্বীকাৰ্য:

  • কৃষি আৰু অৰ্থনীতি: অসমৰ প্ৰধানতঃ কৃষিজীৱী এই জনগোষ্ঠীটোৱে পাহাৰ আৰু ভৈয়াম দুয়ো ঠাইতে পৰিশ্ৰমেৰে কৃষি কাৰ্য কৰি ৰাজ্যৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াইছে।
  • উৎসৱ-পাৰ্বণ: জোনবিল মেলাৰ দৰে অদ্বিতীয় মেলা, ৱানছুৱা, ছগ্ৰা আদি উৎসৱে অসমৰ সংস্কৃতিক অনন্য মাত্ৰা প্ৰদান কৰিছে।
  • বিদ্ৰোহ আৰু স্বাধীনতা সংগ্ৰাম: ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ 'ফুলগুৰিৰ ধেঁৱা' তিৱাসকলৰ নেতৃত্বতেই গঢ়ি উঠিছিল, যিটো অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়।
  • সাহিত্য-সংস্কৃতি: বলাইৰাম সেনাপতি, ইন্দ্ৰচিং দেউৰী আদি মহান ব্যক্তিসকলে সাহিত্য আৰু সমাজ সংস্কাৰৰ যোগেদি অসমৰ জাতীয় জীৱনলৈ প্ৰভুত বৰঙণি আগবঢ়াই গৈছে।



Written By Bhaskar Jyoti Nath

 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত দশম শ্ৰেণীৰ (Class 10 10 বৈচিত্ৰ্যময় অসম Book) বৈচিত্ৰ্যময় অসম পাঠ্যপুথিৰ তিৱাসকল (Tiwa Sakal) (2026) প্ৰথম অধ্য়ায় (Chapter 1) অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া SEBA দশম শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!


Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)

Post a Comment

Previous Post Next Post