Posts

মোৱামৰীয়া গণ বিদ্ৰোহ। Class 9 History Book Chapter 3 Solutions Assamese Medium (2026)| Class 9 History Chapter 3 Q&A |

 Introduction- (2026) Class 9 Social Science Part-I History Book Chapter 3 Solutions Available| Social Science Book Class 9 Chapter 3 Solutions Assamese Medium। মোৱামৰীয়া গণ বিদ্ৰোহ।

Chapter- 3

মোৱামৰীয়া গণ বিদ্ৰোহ

অনুশীলনী


অতি চমু/চমু উত্তৰৰ প্রশ্ন:

১। মায়ামৰা কি?

Ans: মায়ামৰা হৈছে এখন সত্ৰৰ নাম।

 

২। সত্র বুলিলে কি বুজা?

Ans: সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।

 

৩। সংহতি কি?

Ans: শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰেই শিষ্য়-প্ৰশিষ্য়সকলৰ মাজত হোৱা মদভেদৰ পৰিণতিস্বৰুপে সত্ৰ সমহৰ যি ভাগৰ সৃষ্টি হৈছিল তাকে সংহতি বোলে।

 

৪। মোৱামৰীয়া বিদ্রোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?

Ans: মোৱামৰীয়া বিদ্রোহ স্বৰ্গদেউ লক্ষ্মী সিংহ আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল।

 

৫। মোৱামৰীয়া বিদ্রোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?

Ans: মোৱামৰীয়া বিদ্রোহ স্বৰ্গদেউ কমলেশ্বৰ সিংহ ৰজাৰ দিনত শেষ হৈছিল।

 

৬। কোনজন আহোম ৰজাই প্রথম স্বৰ্গদেউ/স্বর্গনাৰায়ণ উপাধি গ্রহণ কৰা বুলি অনুমান কৰা হয়?

Ans: চুহুংমুঙ আহোম ৰজাই প্ৰথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা অনুমান কৰা হয়।

 

৭। চুৰুমফা ভগাৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?

Ans: চুৰুমফা ভগাৰজাৰ দিনত গুৰু নিত্য়ানন্দদেৱ মোৱামৰীয়া সত্ৰাধিকাৰক হত্য়া কৰা হৈছিল।

 

৮। ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল?

Ans: ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভূজদেৱ মহন্ত মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল।

 

৯। আহোমসকলৰ প্রধান উপাস্য দেৱতাজনৰ নাম লিখা।

Ans: আহোমসকলৰ প্রধান উপাস্য দেৱতাজনৰ নাম হল- ছোমদেউ।

 

১০। জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?

Ans: জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱ সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল।

 

১১। ৰুদ্রসিংহই কাৰ ওচৰত শৰণ লৈছিল?

Ans: ৰুদ্ৰসিংহই আউনীআটী সত্ৰৰ কেশৱদেৱৰ ওচৰত শৰণ লৈছিল।

 

১২। কৃষ্ণৰাম ভট্টাচার্য কোন আছিল?

Ans: কৃষ্ণৰাম ভট্টাচাৰ্য হল এজন শাক্ত ব্ৰাহ্মণ পণ্ডিত।

 

১৩। কোনজন আহোম ৰজাৰ দিনত শাক্তধর্মই অধিক গা কৰি উঠিছিল?

Ans: স্বৰ্গদেউ শিৱসিংহৰ দিনত শাক্তধৰ্মই অধিক গা কৰি উঠিছিল।

 

১৪। গাগিনি কোন?

Ans: গাগিনি আছিল মোৱামৰীয়া সত্ৰৰ সত্ৰাধিকাৰ অষ্টভুজদেৱৰ পুত্ৰ।

 

১৫। মোৱামৰীয়াসকলে পোনপ্রথমে কাক ৰজা পাতিছিল?

Ans: মোৱামৰীয়াসকলে পোনপ্ৰথমে নাহৰখোৱাৰ পুত্ৰ ৰমাকান্ত বা ৰমানন্দক ৰজা পাতে।

 

১৬। কেপ্তেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?

Ans: কেপ্তেইন ওৱেলছ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে মাহলৈ অসমত আছিল।

 

১৭। অসমৰ ক'ত লোণ উৎপাদন হৈছিল।

Ans: শদিয়া আৰু নগাপাহাৰৰ দাঁতি-কাষৰীয়া অঞ্চলৰ লোণপুংবোৰত।

 

১৮। অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল?

Ans: কাৰণ সেই সময়ত লোণ অতি দুষ্প্ৰাপ্য আৰু বহুমূলীয়া আছিল। সাধাৰণ মানুহে লোণৰ সলনি খাৰ ব্যৱহাৰ কৰিছিল।

 

চমু/দীঘল উত্তৰৰ প্ৰশ্ন:

১। মোৱামৰীয়াসকল কোন? এই বিদ্রোহক গণ অভুৎত্থান বুলি ক'ব পৰা যায় নে?

Ans: মোৱামৰীয়া সত্ৰৰ শিষ্যসকলক মোৱামৰীয়া বোলা হৈছিল। এওঁলোকৰ বেছিভাগেই আছিল মৰাণ, মটক আদি শ্ৰেণীৰ লোক।

ইয়াক গণ অভুত্থান বুলিব পাৰি, কাৰণ এই বিদ্ৰোহত কেৱল ধৰ্মীয় গুৰুৱেই নহয়, বৰঞ্চ সাধাৰণ খেতিয়ক, পাইক আৰু বিভিন্ন জনজাতীয় লোকে আহোমৰ শোষণকাৰী শাসনৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল।

 

২। মোৱামৰীয়া বিদ্রোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা।

Ans: মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম মূল ৰাজনৈতিক কাৰণ আছিল আহোমৰ শাসনতন্ত্ৰৰ দুৰ্বলতা আৰু বিষয়া্সকলৰ স্বেচ্ছাচাৰিতা। সেই সময়ত ৰাজদৰবাৰত কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ দৰে বিষয়াই অধিক ক্ষমতা লাভ কৰি মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰিছিল, যিয়ে শিষ্যসকলক ক্ষুব্ধ কৰি তুলিছিল। আনহাতে, আহোমৰ পাইক প্ৰথাৰ কঠোৰ নিয়মৰ বাবে সাধাৰণ মানুহৰ জীৱন অতিষ্ঠ হৈ পৰিছিল আৰু তেওঁলোকে আহোমৰ শাসন ওফৰাই নিজাকৈ চৰকাৰ গঠন কৰাৰ সপোন দেখিছিল। ইয়াৰ উপৰি, ৰাজমাতা ফুলেশ্বৰী কুঁৱৰীৰ দৰে শাসকৰ ধৰ্মান্ধ নীতি আৰু ৰাজনৈতিক ভুল সিদ্ধান্তই জনসাধাৰণক ৰাজশক্তিৰ বিৰোধী কৰি তুলিছিল, যাৰ ফলত এই বিশাল বিদ্ৰোহৰ সূচনা হৈছিল।

 

৩। আহোমৰ ধর্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্রোহৰ কাৰক হিচাপে তুমি ভাবানে। আলোচনা কৰা।

Ans:

 

8পাইক প্রথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমানদূৰ জগৰীয়া আছিল? তোমাৰ নিজস্ব মতামত দাঙি ধৰা।

Ans:

 

৫। মোৱামৰীয়া বিদ্রোহৰ ফলাফল আলোচনা কৰা।

Ans:

 

৬। মোৱামৰীয়া বিদ্রোহক তুমি সফল নে বিফল বিদ্রোহ বুলি ভাবা। যুক্তি দিয়া।

Ans:

 

৭। কেপ্তেইন ওৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল। কিয় তেওঁ আধৰুবা অবস্থাতে অভিযান সামৰি ঘুৰি গ'ল।

Ans:

 

৮। মোৱামৰীয়া বিদ্রোহ দমনত ওৱেলছৰ ভূমিকা বর্ণনা কৰা। তেওঁ কিমানদূৰ সফল আছিল বুলি ভাবা?

Ans:

 

৯। কেপ্তেইন ওৱেলছৰ অসম সম্পর্কীয় বিৱৰণ আলোচনা কৰা।

Ans:

 

চমুটোকা লিখা:

১। কীর্তিচন্দ্র বৰবৰুৱা।

Ans: কীর্তিচন্দ্র আছিল দিহিং সত্ৰৰ শিষ্য। দিহিং আৰু মোৱামৰীয়া সত্ৰৰ মাজত আছিল আক্রোশমূলক দ্বন্দ্ব। ফলস্বৰূপে কথাই কথাই মোৱামৰীয়া সত্ৰৰ মহন্তক কীর্তিচন্দ্ৰই অপমান কৰিছিল। এবাৰ স্বৰ্গদেউ লক্ষ্মীসিংহ আৰু কীর্তিচন্দ্র নাৱেৰে ফুৰিবলৈ গৈছিল। যাওঁতে মায়ামৰা সত্ৰৰ কাষত মহন্তই বজাক নমস্কাৰ জনাই সম্মান দেখুৱালে কিন্তু অভিমানী বৰবৰুৱাক কোনো সম্ভ্রম প্রদর্শন নকৰিলে। ইয়াতে অপমান বোধ কৰি বৰবৰুৱাই মোৱামৰীয়া মহন্তক নানান গালি-শপনি পাৰি অপমান কৰিলে

 

২। মায়ামৰা সত্র।

Ans: মায়ামৰা' হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। ই কাল সংহতিৰ অন্তৰ্ভুক্ত। মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল। অৱশ্যে ইয়াৰ উপৰি অসমৰ অন্যান্য বহুতো জনজাতি যেনে কছাৰী, চুতীয়া, আহোম, কৈবর্ত্ত আদি লোকৰ মাজতো এই সত্রই যথেষ্ট জনপ্রিয়তা অর্জন কৰিছিল। এই জনপ্রিয়তাৰ আঁৰত থকা এটা বিশেষ কাৰণ আছিল যে এই সত্ৰৰ সত্ৰাধিকাৰসকল আছিল শূদ্র সম্প্রদায়ভুক্ত। গতিকে শূদ্র সত্ৰাধিকাৰৰদ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলোকে এক সুকীয়া মর্যাদা পাইছিল যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল।

তেওঁলোকৰ অকৃত্রিম গুৰুভক্তিয়ে তথা বর্ধিত শিষ্য সংখ্যাই মোৱামৰীয়া সত্ৰৰ লগতে ইয়াৰ মহন্তসকলৰো শক্তিৰ উত্থানত যথেষ্ট অৰিহণা যোগাইছিল। পিছলৈ সত্ৰৰ এই বাঢ়ি অহা শক্তিৰ লগত আহোম ৰাজশক্তিৰ মনোমালিন্য হোৱাটোৱেই স্বাভাৱিক। তাৰ পৰিণতিয়েই আছিল অসমৰ ইতিহাসত আটাইতকৈ দীর্ঘকাল জুৰি সংঘটিত হোৱা ভয়াবহ 'মোৱামৰীয়া গণ বিদ্রোহ'

 

৩। পূর্ণানন্দ বুঢ়াগোহাঁই।

Ans: ঘনশ্যাম বুঢ়াগোঁহাইৰ পুত্র আছিল পূৰ্ণানন্দ। তেও পূর্ণানন্দ বুঢ়াগোহাঁই নামে জনাজাত, যাৰ বুদ্ধি, বিক্রম আৰু কর্তব্যনিষ্ঠাই অসম বুৰঞ্জীত বিশেষ স্থান দখল কৰি আহিছে। তাকৰীয়া সৈন্যবেই বুঢ়াগোহাঁইয়ে ৰাজ্যৰ বাকী অংশ ৰক্ষা কৰিবলৈ চেষ্টা চলাই গৈছিল। নিৰাপত্তাৰ খাতিৰত সময়ে সময়ে তেওঁ সৈন্যৰ কোঠ পিছুৱাই আনি যোৰহাট পর্যন্ত পিছুৱাই আহিছিল আৰু পিছলৈ তাতেই আহোমৰ ৰাজধানীও প্রতিষ্ঠা কৰিছিল। সেই সময়ত বহু আহোম লোকে মোৱামৰীয়াৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি মোৱমৰীয়াৰ সৈতে যোগ দি আত্মবক্ষাৰ কথাও ভাবিছিল। কিন্তু বুঢ়াগোহাঁইয়ে তেওঁলোকক তেনে কৰাৰ পৰা বিৰত ৰাখিবলৈ সক্ষম হৈছিল। তেওঁ গাঁৱৰ মানুহখিনিক যুদ্ধৰ শিক্ষা দি মোৱামৰীয়াৰ বিৰুদ্ধে ৰণলৈ পঠাইছিল। এই বিপদকালত বুঢ়াগোহাঁইয়ে পক্ষীয়ে পোৱালিক ডেউকাৰ আঁৰত বখাৰ দৰে প্ৰজাক বক্ষা কৰিছিল বুলি জনা যায়।

 

৪। কাড়ী পাইক আৰু চমুৱা পাইক।

Ans:

 

৫। ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি।

Ans: গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত এখন বাণিজ্যিক চুক্তিৰ স্বাক্ষৰিত হৈছিল। এই চুক্তিমতেঃ

ক) ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত ১০% কৰ ধাৰ্য কৰা হ'ল।

খ) অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনো প্ৰান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰতো সমপৰিমাণৰ অৰ্থাৎ ১০% কৰ ধাৰ্য কৰা হল।

গ) ধান আৰু চাউলৰ ওপৰত কোনো কৰ নাথাকিব।

ঘ) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰ আৰোপ কৰাৰ ব্যৱস্থা কৰা হ'ল।

ঙ) ইংৰাজৰ বাহিৰে আন ইউৰোপীয় বেপাৰীয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা-বেপাৰ কৰিব নোৱাৰিব।

 

৬। বৰৰজা ফুলেশ্বৰী।

Ans: স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী ফুলেশ্বৰী (বৰৰজা) অধিক প্ৰতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধৰ্মই গা কৰি উঠিবলৈ সুবিধা পালে। এটা সময়ত ৰাজআজ্ঞামতেই শূদ্ৰ মহন্তসকলৰ ওপৰত নিৰ্যাতন চলিছিল। আনকি তেনে শিষ্যক জোৰ- জুলুমকৈ শাক্ত পূজাত ভাগলৈ বলিৰ তেজৰ ফোট ল'বলৈ বাধ্য কৰোৱাৰ উদাহৰণ পোৱা যায়।

 

৭। পর্বতীয়া গোসাঁই।

Ans:

 

৮। সর্বানন্দ।

Ans:

 

৯। ভৰত সিংহ।

Ans:

 

১০। ৰংপুৰ নগৰ।

Ans:

 


 


 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত নৱম শ্ৰেণীৰ  (Class 9 History Book) সমাজ বিজ্ঞান পাঠ্যপুথিৰ  মোৱামৰীয়া গণ বিদ্ৰোহ তৃতীয় অধ্যায়ৰ (Chapter 3) অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া SEBA নৱম শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!


Written By Bhaskar Jyoti Nath





Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey.

Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষা গাইড উপলব্ধ।

আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰে।)


Post a Comment

और नया पुराने