বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ Class 9 Geography Book Chapter 2 Question Answers| Class 9 Assamese Medium SEBA Geography Book|

 Introduction- (2026) Class 9 Social Science Part-II Geography Book Chapter 2 Solutions Available| Social Science Book Class 9 Chapter 2 Solutions Assamese Medium। বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ


Chapter-2

বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ

অনুশীলনী

 

১। বায়ুমণ্ডল কাক বোলে? তথ্যসহ ইয়াৰ গঠন সম্পর্কে চমুকৈ লিখা।

Ans: পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে।

বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰ'জেন আৰু অক্সিজেনৰ প্ৰাধান্য আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ৭৮.০৮ শতাংশ নাইট্র'জেন আৰু ২০.৯৪ শতাংশ অক্সিজেন। অন্যান্য গেছবোৰৰ ভিতৰত আর্গন * (০.৯৩ শতাংশ), কার্বন ডাই-অক্সাইড (০.০৩৬ শতাংশ) আৰু নিয়ন, হিলিয়াম, মিথেন, ক্রিপ্টন, হাইড্র'জেন, 'জন, জেনন ইত্যাদি উল্লেখযোগ্য (০.০১৪ শতাংশ)।

 

২। গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি? লগতে এই স্তকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা।

Ans: গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে-

ক) হস্ফিয়েৰঃ ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায়ে একে একে থাকে বাবে বায়ুমণ্ডলৰ এই নিম্নস্তৰটোক হস্ফিয়েৰ বোলা হয়।

খ) হেটেৰস্ফিয়েৰঃ মেছস্ফিয়েৰ স্তৰৰ পৰা, অৰ্থাৎ ৮০ কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ বিশেষ ৰাসায়নিক পৰিলৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্চি কৰে বাবে এই স্তৰটোক হেটেৰস্ফিয়েৰ বোলা হয়।

 

৩। উচ্চতা আৰু উত্তাপৰ হ্রাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি কি স্তৰত বিভক্ত কৰিব পাৰি চিত্রসহ লিখা আৰু প্রতিটো স্তৰৰ বৈশিষ্ট্য সম্পর্কে চমুকৈ লিখা।

Ans: উচ্চতা আৰু উত্তাপৰ হ্ৰাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক পাচঁটা স্তৰত ভগাব পাৰি- ক) ট্ৰপস্ফিয়েৰঃ ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হল ট্ৰপস্ফিয়েৰ বা ট্ৰপমণ্ডল। এই স্তৰটোৰ গড় উচ্চতা প্ৰায় ১২ কিলোমিটাৰ।

খ) ষ্ট্ৰেটস্ফিয়েৰঃ ট্ৰপস্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হল ষ্ট্ৰেটস্ফিয়েৰ বা স্তৰ মণ্ডল।

গ) মেছস্ফিয়েৰঃ ষ্ট্ৰেটস্ফিয়েৰৰ ঊৰ্ধ্বসীমা অৰ্থা ষ্ট্ৰেটপজৰ ঠিক ওপৰৰ স্তৰটোকে মেছস্ফিয়েৰ বোলে। এই স্তৰটো ষ্ট্ৰেটপজৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ উচ্চতালৈ বিস্তত হৈ আছে।

ঘ) থাৰ্মস্ফিয়েৰঃ মেছস্ফিয়েৰৰ ঊৰ্ধ্বসীমা অৰ্থাৎ মেছপজৰ ঠিক ওপৰৰ স্তৰটোক থাৰ্মস্ফিয়েৰ বা তাপমণ্ডল বোলে। এই তৰপটো বায়ুমণ্ডলৰ ৮০ কিলোমিটাৰ উচ্চতাৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ উচ্চতালৈ বিস্তত।

ঙ) এক্সস্ফিয়েৰঃ থাৰ্মস্ফিয়েৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষকম তৰপটোক এক্সস্ফিয়েৰ বোলা হয়। এই তৰপটো বায়ুমণ্ডলৰ ৪০০ কিলোমিটাৰ উচ্চতাৰ পৰা প্ৰায় ১০,০০০ কিলোমিটাৰ উচ্চতালৈ বিস্তত।

 

৪। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰ উদাহৰণসহ আলোচনা কৰা।

Ans: বায়ুমণ্ডলৰ চাপৰ তাৰতম্য় ঘটোৱা প্ৰধান কাৰণ দুটাঃ

ক) বায়ুৰ উষ্ণতা। আৰু

খ) পৃথিৱীপৃষ্ঠৰ উচ্চতা।

ক) বায়ুৰ উষ্ণতা: পৃথিবীপৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে একে নহয়। এই তাপৰ মান মূলতঃ ঠাইখনৰ ভৌগোলিক অৱস্থান অর্থাৎ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰে। তাপ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনো অঞ্চল ঠাণ্ডা, কোনো অঞ্চল নাতিশীতোষ্ণ আৰু কোনো অঞ্চল গৰম হয়। তাপব এনে তাৰতম্যৰ বাবে পৃথিবীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাপৰো তাৰতম্য হয়। উত্তাপ বৃদ্ধি পালে বায়ু সম্প্রসাৰিত হয় আৰু বায়ু সম্প্ৰসাৰিত হ'লে ইয়াৰ ঘনত্ব হ্রাস পায়। ঘনত্ব হ্রাস পালে বায়ু পাতল হৈ পৰে। এনে পাতল বায়ুব চাপো কম হয়। আনহাতে, উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি। জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আর্দ্র হৈ পৰে তেতিয়া তেনে আর্দ্র বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি। মুঠতে উষ্ণতা বেছি হ'লে বায়ুৰ চাপ হ্রাস পায়। সেই কাৰণেই বিষুৱ অঞ্চলৰ পৰা দুই মেৰু অঞ্চললৈ বায়ুৰ চাপৰ পৰিমাণ বৃদ্ধি হয়।

) পৃথিবীপৃষ্ঠৰ উচ্চতা: সমুদ্রপৃষ্ঠৰপৰা যিমানেই ওপৰলৈ যোৱা হয় সিমানেই বায়ুমণ্ডলৰ গভীৰতা, অর্থাৎ বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ হ্রাস পায়। বায়ুমণ্ডলব গভীবতা হ্রাস পালে ইয়াৰ ভৰ কম হয় আৰু ইয়াৰ ফলস্বৰূপে বায়ুৰ চাপো কম হয়। অর্থাৎ উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্রাস পায় আৰু সেয়েহে যি ঠাইৰ উচ্চতা বেছি সেই ঠাইত বায়ুৰ চাপ কম হয় আৰু যি ঠাই কম উচ্চতাত অৱস্থিত তেনে ঠাইত বায়ুমণ্ডলৰ চাপ তুলনামূলকভাবে বেছি। উল্লেখযোগ্য যে প্রতি ৯০০ ফুট উচ্চতা বৃদ্ধিত বায়ুৰ চাপ ১ ইঞ্চি, অর্থাৎ প্রায় ৩৪ মিলিবাৰ হাৰত হ্রাস পায়। গতিকে ঠাইসমূহৰ মাজত থকা উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰ তাৰতম্য হয়। উত্তাপৰ এনে তাৰতম্যৰ বাবে আকৌ বায়ুমণ্ডলৰ চাপৰো হ্রাস-বৃদ্ধি হয়।

 

৫। চিত্ৰৰ সহায়ত পৃথিৱীৰ প্রধান চাপবলয়কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা।

Ans: বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য় অনুসৰি পৃথিৱীপৃষ্ঠত প্ৰধানকৈ চাৰিটা বলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছে-

(ক) নিৰক্ষীয় নিম্নচাপ বলয় (Equatorial Low Pressure Belt)

(খ) উপ-ক্রান্তীয় উচ্চচাপ বলয় (Sub-Tropical Hight Pressure Belt)

(গ) উপ-মেৰুদেশীয় নিম্নচাপ বলয় (Sub-Polar Low Pressure Belt)

(ঘ) মেৰুদেশীয় উচ্চচাপ বলয় (Polar High Pressure Belt)

 

ক) নিৰক্ষীয় নিম্নচাপ বলয়: বিষুৱ ৰেখা বা নিৰক্ষৰেখাৰ উত্তৰে ১০০ অক্ষাংশ আৰু দক্ষিণে ১০০ অক্ষাংশৰ মাজত প্রায় গোটেই বছৰ ধৰি সূৰ্যৰ ৰশ্মি লম্বভাবে পৰে। গতিকে এই অঞ্চলৰ বায়ু তুলনামূলকভাবে উত্তপ্ত হৈ থাকে বাবে ইয়াৰ বায়ু পাতল হয় আৰু ঘনত্ব হ্রাস পায়। ফলত এই অঞ্চলত নিম্নচাপৰ সৃষ্টি হয়। আনহাতে, এই অঞ্চলত স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ বেছি।

খ) উপ-ক্রান্তীয় উচ্চচাপ বলয়ঃ নিৰক্ষীয় অঞ্চলব পৰা ঊর্ধ্বগামী হোৱা আর্দ্র আৰু পাতল বায়ু উত্তৰ আৰু দক্ষিণ ফালে অগ্রসব হয়। ঊর্ধ্বগামী হোৱা এই বায়ুৰাশি পিছত ক্রমে ঠাণ্ডা হ'বলৈ ধৰে আৰু ফলত গধুৰ হয়। ২৫০-৩৫° উত্তৰ আৰু ২৫০-৩৫° দক্ষিণ অক্ষাংশৰ দুই উপক্রান্তীয় অঞ্চলত এই ঠাণ্ডা আৰু গধুৰ বায়ু তললৈ নামি আহি অৱস্থান কৰে।

গ) উপ-মেৰুদেশীয় নিম্নচাপ বলয়: উপ-মেৰুদেশীয় নিম্নচাপ বলয়টো মোটামুটিকৈ উত্তৰ গোলার্ধৰ ৬০০-৭০° উত্তৰ অক্ষাংশ আৰু দক্ষিণ গোলার্ধৰ ৬০০-৭০০ দক্ষিণ অক্ষাংশত অৱস্থিত। পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ গোলার্ধৰ এই দুই উপ-মেৰু অঞ্চলত পৃথিৱীৰ আৱৰ্তনৰ গতি দুই মেৰুতকৈ তুলনামূলকভাৱে বেছি। ফলত উপমেৰু অঞ্চলৰ বায়ু উপ-ক্রান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় আৰু তেতিয়াই উপমেক অঞ্চল দুটাত বায়ুৰ পৰিমাণ হ্রাস পাই তাত নিম্নচাপৰ সৃষ্টি হয়।

ঘ) মেৰুদেশীয় উচ্চচাপ বলয়: পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। ইয়াৰ বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। সেয়েহে এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্রায় নাথাকেই। ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে। সেয়েহে এই অঞ্চলক মেৰুদেশীয় উচ্চচাপ বলয় বা মণ্ডল বোলা হয়।

 

৬। পৃথিৱীত অনুকূল প্রাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পর্কে লিখা।

Ans:                       

 

৭। বায়ুপ্রবাহ কাক বোলে? বায়ুপ্রবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা।

Ans: সাধাৰণতে বায়ুমণ্ডলত বায়ু কেতিয়াও একেবাৰে স্থিৰ অৱস্থাত নাথাকে। বায়ুৱে গতি কৰিলেই ইয়াক বতাহ বা বায়ুপ্ৰবাহ বোলা হয়।

বায়ুপ্ৰবাহৰ উৎপত্তিৰ কাৰক সমূহ হল-

ক) চাপনতি শক্তি

খ) মাধ্য়াকৰ্ষণ শক্তি

গ) অপকেন্দ্ৰিক শক্তি

ঘ) ঘৰ্ষণ শক্তি

 

৮। বায়ুপ্রবাহৰ সৃষ্টিৰ মূল কাৰণটো কি? ইয়াৰ গতি আৰু দিশ নির্ধাৰণৰ কাৰকসমূহ চমুকৈ লিখা।

Ans:

 

৯। 'কোৰিওলিচ বল' বুলিলে কি বুজায়? বতাহৰ গতিদিশ নির্ধাৰণত ইয়াৰ ভূমিকা চিত্রসহ চমুকৈ বর্ণনা কৰা।

Ans: অপকেন্দ্ৰিক শক্তিঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয় । এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে পৰিঘটনাৰ কথা ১৮৪৪ চনত পোন প্ৰথমে গেচ্পাৰ্ড ডি কোৰিওলিচ নামৰ ফৰাছী গণিতজ্ঞ এজনে উদঘাটন কৰা বাবে এই শক্তিটো 'কোৰিওলিচ বল' হিচাপে জনাজাত। বতাহৰ লগতে কোৰিওলিচ বলৰ প্ৰভাৱ ভূ-পৃষ্ঠৰ সকলো চলন্ত বস্তু বা পৰিঘটনাৰ ক্ষেত্ৰতো একেই। অৱেশ্যে কোৰিওলিচ বলৰ মান পৃথিৱীৰ সকলো ঠাইতে একে নহয়। এই বলৰ মান বিষুৱৰেখাত শূন্য আৰু ই মেৰুৰফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সৰ্বোচ্চ হয়। অৰ্থাৎ বিষুৱীয় অঞ্চলৰ বাহিৰে পৃথিৱীৰ যিকোনো ঠাইৰ বায়ুপ্ৰবাহক পৃথিৱীৰ আৱৰ্তন গতিয়ে প্ৰভাৱান্তিত কৰে। সেয়ে ক'ব পাৰি যে আমি দেখা বায়ুপ্ৰবাহ প্ৰকৃততে ঘূৰ্ণায়মান পৃথিৱীৰ পৰিপ্ৰেক্ষিততহে উদ্ভৱ হৈছে।

 

১০। 'চাপনতি শক্তি' বুলিলে কি বুজায়? বায়ুপ্রবাহত ইয়াৰ ভূমিকা কি?

Ans:

 

১১। বায়ুপ্রবাহত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।

Ans: বায়ুপ্রবাহত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ ভূমিকা- বায়ুপ্রবাহৰ ক্ষেত্রত প্রত্যক্ষভাবে পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিব কোনো বিশেষ ভূমিকা নাই যেন লাগে। কিন্তু সূর্যৰ দৰে পৃথিৱীৰ মাধ্যাকর্ষণেও বায়ুপ্রবাহত এক চালিকা শক্তিৰ কাম কৰে। দৰাচলতে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্র বায়ুমণ্ডলখনকেই দেখোন পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে ধৰি ৰাখিছে। তাৰোপৰি বায়ুৰ ওজন বা চাপ মূলতঃ মাধ্যাকর্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। আমি জানো যে বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকর্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্রাস পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুচাপ হ্রাস পায়। এইদৰেই বায়ুমণ্ডলত উচ্চ চাপৰ পৰা নিম্ন চাপলৈ এক উলম্বিক বায়ুপ্রবাহো চলি থাকে।

 

১২। বতাহৰ নামকৰণ বুলিলে কি বুজায়? এখন ঠাইৰ ওপৰেদি প্রবাহিত বায়ুৰ নামকৰণ কেনেকৈ কৰা হয়?

Ans:

 

১৩। বতাহৰ গতিবেগ কেনেকৈ নির্ধাৰণ কৰা হয়? ইয়াৰ গতিবেগৰ এককবোৰ কি?

Ans:

 

১৪। বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয়? উদাহৰণসহ চমুকৈ আলোচনা কৰা।

Ans:

 

১৫। প্রাথমিক বায়ুপ্রবাহ বুলিলে কি বুজায়? এখন চিত্ৰত প্রাথমিক বায়ুপ্রবাহৰ বিতৰণ দেখুওৱা। ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

Ans:

 

১৬। গৌণ বতাহ কাক বোলে? উদাহৰণসহ এখন ঠাইৰ জলবায়ু নির্ধাৰণত ইয়াৰ ভূমিকা বর্ণনা কৰা।

Ans:

 

১৭। স্থানীয় বতাহ কাক বোলে? স্থানীয় বতাহে এখন ঠাইৰ বতৰ নির্ধাবণত কেনেদৰে প্রভাৱ পেলায়। উদাহৰণসহ চমুকৈ আলোচনা কৰা।

Ans:

 

১৮। 'ঘূর্ণীবতাহ' কাক বোলে? ই কেইপ্রকাৰৰ আৰু কি কি? এখন ঠাইৰ বতৰ বা জলবায়ুত ইয়াৰ প্রভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা।

Ans:

 

১৯। 'বায়ুবাশি' কাক বোলে? ইয়াক কেনেকৈ শ্রেণীবিভাজন কৰা হয়? এখন ঠাইৰ জলবায়ু নির্ধাৰণত ইয়াৰ ভূমিকা কি?

Ans:

 

২০। 'বাতাগ্র' বুলিলে কি বুজায়? ই কেনেকৈ সৃষ্টি হয়? জলবায়ু আৰু বাতাগ্রৰ সম্পৰ্ক চমুকৈ আলোচনা কৰা।

Ans:

 

২১। 'মৌচুমী বতাহ' বুলিলে কি বুজায়? ই কেনেকৈ সৃষ্টি হয়? ইয়াৰ প্রভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট?

Ans:

 

২২। কাৰণ দর্শাই উত্তৰ লিখা:

(ক) ট্রপ স্কিয়েৰ স্তৰটোতে প্রধানকৈ বতৰৰ ক্রিয়া-কলাপ কিয় সংঘটিত হয়?

Ans:

 

(খ) বায়ুমণ্ডলত কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ'?

Ans:

 

(গ) আর্দ্র বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি?

Ans:

 

(খ) অ'জন গেছৰ ভৰটোৱে কেনেকৈ জীৱজগতৰ উপকাৰ সাধে?

Ans:

 

(৫) সাগৰপৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি?

Ans:

 

(চ) টুপক্ষিয়ের ভবৰ উলম্ব বিস্তৃতি মেঝ অঞ্চল আৰু বিষুবীয় অঞ্চলত কিয় বেলেগ বেলেগ?

Ans:

 

(ছ) নিরক্ষীয় নিম্নচাপ বলয়ত ভূপৃষ্ঠৰ সমান্তৰালভাবে বতাহ বলাটো সাধাৰণতে কিয় অনুভূত নহয়?

Ans:

 

২৩। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া:

(ক) বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত?

Ans:

 

(খ) ভূ-পৃষ্ঠৰ পৰা কিমান উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্রায় একে থাকে?

Ans:

 

(গ) হ''স্ফিয়েৰ আৰু হেটেব স্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম কি?

Ans:

 

(ঘ) ফেৰেলৰ সূত্ৰটো কি?

Ans:

 

(ঙ) বিউফর্ট স্কেল কি? উদাহৰণসহ এই স্কেলৰ ব্যৱহাৰিতা সম্পর্কে চমুকৈ লিখা।

Ans:

 

(চ) লেপ্ত হাৰ কি চমুকৈ লিখা।

Ans:

 

২৪। চমুটোকা লিখা:

(ক) হ'মম্ফিয়েব

Ans:

 

(খ) হেটেব স্ফিয়েব

Ans:

 

(গ) বায়ুব তাপ, ভূপৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পর্ক

Ans:

 

(ঘ) মেঝদেশীয় উচ্চচাপ বলয়

Ans:

 

(ঙ) বায়ুপ্রবাহ তন্ত্র

Ans:

 

(চ) চাপনতি

Ans:

 

(ছ) বাণিজ্য বতাহ

Ans:

 

(জ) অশ্ব অক্ষাংশ

Ans:

 

(ঝ) গর্জনমুখব চল্লিশ

Ans:

 

(ঞ) প্রতীপ ঘূর্ণীবতাহ

Ans:

 

(ট) জেট প্রবাহ

Ans:

 

(৬) ক্রান্তীয় ঘূর্ণীবতাহ

Ans:

 

(ঠ) সমচাপ বেখা

Ans:

 

২৫। পার্থক্য লিখা:

(ক) অনুভূমিক প্রবাহ আৰু উলম্বিক প্রবাহ

Ans:

 

(খ) বায়ুপ্রবাহ আৰু বায়ুৰাশি

Ans:

 

(গ) ক্রান্তীয় ঘূর্ণীবতাহ আৰু বহিঃক্রান্তীয় ঘূর্ণীবতাহ

Ans:

 

(ঘ) জলবতাহ আৰু স্থলবতাহ

Ans:

 

(ঙ) পার্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ

Ans:

 

(চ) ঘূর্ণীবতাহ আৰু প্রতীপ ঘূর্ণীবতাহ

Ans:

 

(ছ) শীতল বাতাগ্র আৰু উষ্ণ বাতাগ্র

Ans:

 

(জ) ট্রপ'ক্ষিয়েব আৰু স্টেটাস্ফিয়েব

Ans:

 

২৬। শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) অ'জন গেছৰ স্তৰটো ক'ত অবস্থিত?

(১) ট্রপক্ষিয়ের

(২) স্ট্রেট ফিয়েৰ

(৩) মেছক্ষিয়েব                         

(৪) থার্ম দিয়েৰ

 

(খ) বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে?

 

(১) ২০.৯৪%

(২) ২৯.০১%

(৩) ৩২.৪৭%

(৪) ৭৮,০৮%

 

(গ) বায়ুপ্রবাহৰ মূল কাৰণটো হ'ল-

(১) আর্দ্রতাৰ তাৰতম্য

(২) চাপৰ তাৰতম্য

(৩) মাধ্যাকর্ষণ শক্তি

(৪) অপকেন্দ্রিক বল

 

(ঘ) বতাহৰ গতিবেগ নির্ণয় কৰা যন্ত্ৰটো হ'ল-

(১) উইণ্ড ভেন

(২) এনিম 'মিটাৰ

(৩) বিউফর্ট স্কেল

(৪) হাইড্র মিটাৰ

 

(ঙ) বতাহৰ গতিবেগৰ এককটো হ'ল-

(১) নট

(২) মিলিবাৰ

(৩) শতাংশ

(৪) ডিগ্রী

 

(চ) মৌচুমী বতাহ তলৰ কোন শ্ৰেণীৰ অন্তৰ্গত?

(১) স্থানীয় বতাহ

(২) প্রাথমিক বতাহ

(৩) গৌণ বতাহ

(৪) নিয়মিত বতাহ

 

(ছ) প্রাচ্যৰ প্রশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূর্ণীবতাহৰ নামটো হ'ল-

(১) চাইক্ল'

(২) হাৰিকেন

(৩) উইলী উইলী

(৪) টাইফুন






Written By Bhaskar Jyoti Nath

 
 মূল সাৰাংশ (Chapter Summary) Click to See...

ইয়াত নৱম শ্ৰেণীৰ (Class 9 Geography Book) সমাজ বিজ্ঞান পাঠ্যপুথিৰ ভূ-পৃষ্ঠৰ পৰিবৰ্তন সমাধান (2026) প্ৰথম অধ্য়ায় (Chapter 1) অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই  প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া SEBA নৱম শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!


Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষাৰ গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰিব।)

Post a Comment

Previous Post Next Post