শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ Solution। AHSEC Class 12 Education Book Chapter 3 Textual Question Answers | Class 12 Education Book Chapter 3 Solutions |

Introduction-"২০২৬ চনৰ ফাইনেল পৰীক্ষাৰ বাবে Education (শিক্ষা) ৰ এই শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Chapter 3) পাঠটো অতি দৰকাৰী। ইয়াৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তলত দিয়া হ'ল।"



Chapter- 3
শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ

 

প্রশ্নঃ উত্তৰ দিয়াঃ

১। পৰিৱেশ শিক্ষা মানে কি?

Ans: আমাৰ চাৰিওফালে আগুৰি থকা জীৱিত আৰু নিৰ্জীৱ পদার্থসমূহৰ মাজত থকা পাৰস্পৰিক সম্বন্ধ আৰু মানুহ, মাটি, বায়ু, পানী জীৱ-জন্তু, গছ-গছনি আদিৰ দ্বাৰা সৃষ্টি হোৱা অৱস্থাকে পৰিৱেশ বুলি ক'ব পাৰি।

 

২। পৰিৱেশ শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা।

Ans: পৰিৱেশ শিক্ষাৰ দুটা বৈশিষ্ট্য় হল-

i) পৰিৱেশ আৰু পৰিৱেশৰ বিভিন্ন সমস্য়া সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ মনত সচেতন ভাৱ সৃষ্টি কৰা।

ii) পৰিৱেশ আৰু মানুহৰ মাজত থকা আন্ত:সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰোৱা।

 

৩। 'বিশ্ব পৰিৱেশ দিৱস' কোন তাৰিখে পালন কৰা হয়?

Ans: 'বিশ্ব পৰিৱেশ দিৱস' ৫ জুন তাৰিখে পালন কৰা হয়।

 

৪। পৰিৱেশ শিক্ষা কিয় গুৰুত্বপূৰ্ণ?

Ans: পৰিৱেশ অধ্যয়ন মানৱ জীৱনৰ স্বাস্থ্য, নিৰাপদ বাসস্থান, স্বাস্থ্যসম্মত বসবাস, পবিজ্ঞাৰ পানী বায়ুৰ ব্যৱস্থা, সাৰুৱা ভূমি, ভাল খাদ্য-বস্ত্র আদি বিভিন্ন দিশৰ লগত ওতপ্রোতভাবে জড়িত। যদি বহিঃবিশ্বৰ জৈৱ-বৈচিত্র অটুট বাখিবলৈ বিচৰা হয়, তেন্তে পৰিবেশ শিক্ষাৰ অধ্যয়ন অতি প্রয়োজন।

 

৫। পৰিৱেশ শিক্ষাৰ চাৰিটা উদ্দেশ্য লিখা।

Ans: পৰিৱেশ শিক্ষাৰ চাৰিটা উদ্দেশ্য় হল-

i) পৰিৱেশ সংৰক্ষণত জড়িত সামাজিক প্ৰমূল্য়সমূহৰ বিষয়ে অৱগত কৰোৱা।

ii) পৰিৱেশৰ সমস্য়া সমাধানৰ বাবে দক্ষতা ব-দ্ধি আৰু পৰিৱেশৰ প্ৰতি দায়িত্বশীল অনুভূতিৰ সৃষ্টি কৰা।

iii) পৰিৱেশৰ সমস্য়াসমূহ চিনাক্ত কৰা আৰু সমাধানৰ কৌশলসমূহ আয়ত্তকৰণৰ সুবিধা কৰা।

iv) সমগ্ৰ পৰিৱেশ আৰু ইয়াৰ লগত জড়িত সমস্য়াসমূহৰ বিষয়ে লোকসকলৰ মাজত মৌলিক জ্ঞান আৰু বুজা শক্তিৰ বিকাশ সাধন কৰা।

 

৬। পৰিৱেশ সংৰক্ষণত শিক্ষাৰ ভূমিকা বৰ্ণনা কৰা।

Ans: বর্তমান সময়ত পৃথিবীত বাস কৰা প্রাণী তথা উদ্ভিদ প্রজাতিসমূহৰ সংৰক্ষণ জৈৱিক পাৰিপার্শ্বিকতাৰ সংৰক্ষণ, গছ-গছনি কটাৰ নিষেধকৰণ আদি কাৰ্য্য মানি চলাটো এক গুৰুত্বপূর্ণ বিষয় বুলি বিবেচিত হৈছে। পৰিৱেশ হৈছে বিভিন্ন প্রকৃতিব অনবদ্য সৃষ্টি আৰু মানুহে কৰা কেতবোৰ কাৰ্যৰ সংলগ্ন এক অবস্থা। বয়স, বৃত্তি, ধর্ম নির্বিশেষে সকলো স্তৰৰ লোক পৰিৱেশৰ দ্বাৰা প্রভাবিত হয়।

পৰিৱেশ এক সার্বজনীন বিষয় আৰু ইয়াৰ কোনো সীমা নাই। যাব বাবে পৰিৱেশ অধ্যয়নক বহু শৃংখ লাযুক্ত (Multi-disciplinary) বুলি কোৱা হয়। পৰিৱেশ অধ্যয়ন মানৱ জীৱনৰ স্বাস্থ্য, নিৰাপদ বাসস্থান, স্বাস্থ্যসম্মত বসবাস, পৰিষ্কাৰ পানী-বায়ুৰ ব্যৱস্থা, সাৰুৱা ভূমি, ভাল খাদ্য-বস্ত্র আদি বিভিন্ন দিশৰ লগত ওতপ্রোতভাবে জড়িত। যদি বহিঃবিশ্বৰ জৈৱ-বৈচিত্র অটুট ৰাখিবলৈ বিচৰা হয়, তেন্তে পৰিৱেশ শিক্ষাৰ অধ্যয়ন অতি প্রয়োজন।

 

৭। জনসংখ্যা শিক্ষাৰ অৰ্থ লিখা।

Ans: জনসংখ্যা শিক্ষা হৈছে এক শৈক্ষিক আঁচনি যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক এটা পৰিয়ালৰ জনসংখ্যাৰ অৱস্থা সম্পর্কে, এটা জাতি বা বিশ্বৰ জনসংখ্যাৰ অৱস্থা সম্পর্কে জানিবলৈ দিয়া হয়।  

 

৮। জনসংখ্যা শিক্ষাৰ পাঁচটা বৈশিষ্ট্য লিখা।

Ans:  জনসংখ্যা শিক্ষাৰ পাঁচটা বৈশিষ্ট্য হল-

i) ই পৰিৱৰ্তনশীল সমাজৰ লগত জড়িত।

ii) ই এক মূল্যবোধভিত্তিক শিক্ষা

iii) ই জনসংখ্যাৰ গুণগত আৰু সংখ্যাগত দিশত গুৰুত্ব দিয়ে

iv) ই ভৱিষ্যতমুখী

v) ই আন্তঃবিষয়ক (Interdisciplinary) ধাৰণা

 

 

৯। জনসংখ্যা শিক্ষাৰ অধ্যয়ন কিয় গুৰুত্বপূর্ণ?

Ans: জনসংখ্যা শিক্ষা হৈছে এক শৈক্ষিক আঁচনি যাৰ দ্বাৰা ছাত্র-ছাত্রীসকলক এটা পৰিয়ালৰ জনসংখ্যাৰ অৱস্থা সম্পর্কে, এটা জাতি বা বিশ্বৰ জনসংখ্যাৰ অৱস্থা সম্পর্কে জানিবলৈ দিয়া হয়। এইদৰে লাভ কৰা জ্ঞানৰ যোগেদি তেওঁলোকে জনসংখ্যাৰ অৱস্থা সম্পর্কে যুক্তিপূর্ণ, দায়িত্বশীল মনোভাৱ আৰু আচৰণ গঢ়ি তোলে। সীমিত অর্থত বহুতেই জনসংখ্যা শিক্ষাক পৰিয়াল পৰিকল্পনা, জন্ম নিয়ন্ত্রণ শিক্ষা বা যৌন শিক্ষা বুলি অভিহিত কৰে যদিও সেয়া সত্য নহয়। কাৰণ, জনসংখ্যা শিক্ষা কেবল এটা দিশতেই আবদ্ধ নহয়।

জনসংখ্যা শিক্ষাৰ উদ্দেশ্য কেৱল জনসংখ্যা নিয়ন্ত্রণ কৰাটোৱে নহয়- সময়, স্থান আৰু সংস্কৃতিভেদে জনসংখ্যা শিক্ষাৰ উদ্দেশ্য ভিন্ন হোৱা দেখা যায়। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ জনসংখ্যা শিক্ষাৰ এক উদ্দেশ্য হ'ল জনসংখ্যা নিয়ন্ত্রণ কৰা আনহাতে জনসংখ্যা বৃদ্ধি কৰাটো হ'ল কানাডাৰ জনসংখ্যা শিক্ষাৰ এক উদ্দেশ্য।

 

১০। 'জনসংখ্যা শিক্ষা' ধাৰণাটোৰ নামাকৰণ কোনে কৰিছিল?

Ans: 'জনসংখ্যা শিক্ষা' ধাৰণাটোৰ নামাকৰণ আলভা মিৰডালে কৰিছিল।

 

১১। জনসংখ্যা শিক্ষাৰ সংজ্ঞা লিখা।

Ans: ভাৰতীয় শিক্ষাবিদ গোপাল ৰাও (Gopal Rao)-ৰ মতে, জনসংখ্য়া শিক্ষা এক শিক্ষা-মূলক আঁচনি, যি জনসংখ্য়া পৰিস্থিতি অধ্য়য়নত সহায় কৰে। দ্ৰুত জনসংখ্য়া বৃদ্ধিয়ে সৃষ্টি কৰি তোলা সমস্যা সম্বন্ধে যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ কৰাত ই ছাত্ৰসকলক সক্ষম কৰি তোলে

 

১২। শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা কেনেদৰে প্ৰদান কৰিব পাৰি?.

Ans: শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা প্ৰদান তলত উল্লেখ কৰা ধৰণে কৰিব পাৰি-

i) প্রাথমিক বিদ্যালয় কণ কণ ল'ৰা-ছোৱালীবোৰক 'সৰু পৰিয়াল সুখী পৰিয়াল' ধাৰণাৰ জ্ঞান প্রদান কৰিব লাগে।

ii) মজলীয়া বিদ্যালয় পর্যায়ত শিশুসকলক জনসংখ্যা বৃদ্ধিৰ বুৰঞ্জী আৰু অন্যান্য দেশবোৰৰ লগত ইয়াৰ তুলনাৰ বিষয়ে জ্ঞান প্রদান কৰিব লাগে।

iii) এই সমস্যাই দেশ এখনৰ অৰ্থনৈতিক, সামাজিক, বাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্রত কেনে প্রভাৱ পেলায় সেই বিষয়ে ছাত্র-ছাত্রীসকলক বর্ণনা প্রদান কৰিব লাগে।

iv) জনসংখ্যা বৃদ্ধিয়ে আমাৰ দৈহিক স্বাস্থ্য, প্রাকৃতিক সম্পদ আৰু দেশৰ পৰিৱেশীয় পৰিস্থিতিত কেনে প্রভাব পেলায় সেই বিষয়ে ছাত্র-ছাত্রীক জনাব লাগে।

 

১৩। শাৰীৰিক শিক্ষা মানে কি?

Ans: শাৰীৰিক শিক্ষা হ’ল শিক্ষাৰ এনেকুৱা এটা অংশ য শাৰীৰিক ব্য়াম বা খেল-ধেমালিৰ জৰিয়তে মানুহৰ সৰ্বাংগীণ বিকাশ সাধন কৰে।

 

১৪। শাৰীৰিক শিক্ষাৰ সংজ্ঞা আগবঢ়োৱা।

Ans: মহাত্মা গান্ধীৰ মতে, শাৰীৰিক শিক্ষা মানে কেৱল সৰীৰৰ বিকাশেই নহয়, ই ব্য়ক্তিৰ মানসিক আৰু আধ্য়াত্মিক দিশৰো বিকাশ সাধনক বুজায়

 

১৫। শাৰীৰিক শিক্ষাৰ চাৰিটা উদ্দেশ্য লিখা।

Ans: শাৰীৰিক শিক্ষাৰ চাৰিটা উদ্দেশ্য হল-

i) সামগ্ৰিক ৰূপত ব্য়ক্তিৰ বিকাশ সাধন কৰা।

ii) শিশুৰ ভাৰসাম্য় ব্য়ক্তি সত্বাৰ বিকাশ সাধন কৰা।

iii) শিশুসকলৰ গণতান্ত্ৰিক, সামাজিক আৰু নৈতিক গুণসমূহৰ বিকাশ সাধন কৰা।

iv) ধৈৰ্য্য়, আত্ম নিয়ন্ত্ৰণ, সাহস, সহযোগিতা, সহানুভূতি আৰু নেতৃত্ব আদিৰ দৰে গুণসমূহ বিকশাই তোলা।

 

১৬। শাৰীৰিক শিক্ষাৰ তিনিটা প্রয়োজনীয়তা লিখা।

Ans: i) স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব প্রদান: শাৰীৰিক শিক্ষাৰ শ্ৰেণীসমূহে ব্যক্তিগত স্বাস্থ্যবিজ্ঞান আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো গুরুত্ব দিয়ে। ইয়ে শিক্ষার্থীসকলক স্বাস্থ্যবিজ্ঞানৰ গুৰুত্ব উপলব্ধি কৰাত আৰু বাস্তব ক্ষৈত্রত ইয়াক প্রয়োগ কৰাৰ বাবে আগ্রহী কবি তোলে।

ii) জ্ঞানমূলক দক্ষতাৰ বিকাশ সাধন: শাৰীৰিক শিক্ষাই ব্যক্তি এজনৰ সামগ্রিক জ্ঞানমূলক দক্ষতাৰো বিকাশ সাধন কৰিব পাৰে। উদাহৰণস্বৰূপে, কোনো এক বিশেষ ধৰণৰ খেলত অংশ গ্রহণ কৰা ব্যক্তি এজনে সেই খেলখনৰ উৎপত্তি, ঐতিহাসিক গুরুত্ব আদি সম্বন্ধে জ্ঞাত হ'ব পাৰে।

iii) বিনোদনৰ উৎস: শাৰীৰিক উপযোগিতা আৰু জ্ঞানমূলক উপযোগিতাৰ বাহিৰেও শাৰীৰিক শিক্ষাৰ পাঠ্যক্রমে প্রদান কৰা আন এক গুরুত্বপূর্ণ গুণ হ'ল বিনোদন। খেল-ধেমালি আৰু অন্যান্য শাৰীৰিক সুস্থতাৰ কাৰ্যসূচীয়ে ছাত্র-ছাত্রীসকলক এক বিনোদনৰ উৎসৰ যোগান ধৰে। সাধাৰণ পাঠ্যক্ৰমৰ লিখা, পঢ়া আৰু গণনা কৰাৰ বিপৰীতে শাৰীৰিক শিক্ষাই ব্যক্তিক প্রাণোচ্ছল শিক্ষা প্রদান কৰে।

 

১৭। শাৰীৰিক শিক্ষা সম্বন্ধে কোঠাৰী আয়োগৰ পাঁচটা পৰামৰ্শ লিখা।

Ans: শাৰীৰিক শিক্ষা সম্বন্ধে কোঠাৰী আয়োগৰ পাঁচটা পৰামৰ্শ হল-

i) শাৰীৰিক শিক্ষাৰ কাৰ্যসূচী অংশগ্রহণকাৰীসকলৰ আগ্রহ আৰু সামর্থ্যৰ ভিত্তিত প্রস্তুত কৰিব লাগে।

ii) আমাৰ দেশত পৰম্পৰাগতভাৱে চলি অহা খেল-ধেমালি আৰু দৈহিক কার্যসূচীসমূহত গুরুত্ব প্রদান কৰা উচিত।

iii) শাৰীৰিক শিক্ষাৰ বাবে গ্রহণ কৰা কাৰ্যসূচীয়ে প্রত্যেক শিক্ষার্থীৰ মনত সমাজৰ এজন সদস্য হিচাপে নিজৰ মূল্য কিমান এক উপলব্ধি কৰাত আৰু গৌৰৱ অনুভৱ কৰাত সহায় কৰিব লাগে।

iv) খেলপথাৰ আৰু ব্যায়ামশালাত লাভ কৰা অভিজ্ঞতাৰ পৰা সামাজিক দায়িত্ব পালন কৰাত উদ্যমেৰে সহযোগিতা আগবঢ়োৱা মনোভাৱ সৃষ্টি কৰিব লাগে।

iv) শাৰীৰিক শিক্ষাৰ বাবে গ্রহণ কৰা কার্যাবলী আন শৈক্ষিক কার্যাবলীৰ বিকল্প নহৈ সেইবোৰৰ পৰিপূৰক হ'ব লাগে

 

১৮। বিদ্যালয়ত কেনেদৰে শাৰীৰিক শিক্ষা প্রদান কৰিব পাৰি?

Ans: বিদ্যালয়ত নেদৰে শাৰীৰিক শিক্ষা প্রদান কৰিব পাৰি-

নাৰ্ছাৰী বা প্রাক-প্রাথমিক বিদ্যালয়: এই পর্যায়ত ছাত্র-ছাত্রীসকলক জঁপিওৱা, খোজকঢ়া, দৌৰা, গান-গোৱা, সংগীতৰ লহৰত নচা আদিৰ প্রশিক্ষণ প্রদান কৰা হয়।

প্রাথমিক বিদ্যালয়: প্রাথমিক পর্যায়ত ঘটনা, সম্বন্ধিত নৃত্য, খেলা-ধূলা, ব্যায়াম, যোগ, প্ৰদান কৰিব পৰা যায়। ইত্যাদিৰ যোগেদি ছাত্ৰ-ছাত্ৰীক শাৰীৰিক শিক্ষা জঁপিওৱা, সাঁতোৰা, খো-খো, কাবাডী, লঘু-খেল।

মাধ্যমিক বিদ্যালয়: মাধ্যমিক বা হাইস্কুল পৰ্যায়ত বিভিন্ন ধৰণৰ কাৰ্যাৱলী যেনে-শৰীৰচৰ্চা, ভলীবল, ফুটবল, বাস্কেটবল আদিৰ দৰে খেল-ধেমালি, যোগ, সাঁতোৰ, ভাৰোত্তোলন, নৃত্য আদিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশ সাধন কৰাত গুৰুত্ব দিব লাগে।

এইদৰে শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন পর্যায়ত শাৰীৰিক শিক্ষা প্রদান কৰিব পৰা যায়।

 

১৯। মূল্যবোধ মানে কি?

Ans: মূল্য়বোধ হল আচৰণ আৰু চিন্তাৰ বিৰ্মূত আৰু সাধাৰণকৃত ৰূপ যাৰ প্ৰতি মানুহ অত্য়ন্ত আবেগিক আৰু ইতিবাচকভাৱে প্ৰতিশ্ৰুতিবদ্ধ হয় আৰু যি অন্য মানুহৰ কাম-কাজ, বিচাৰ-বিবেচনা আৰু লক্ষ্য়ৰ মানদণ্ডৰূপে স্বীকৃতি হয়।

 

২০। মূল্যবোধ শিক্ষা কাক বোলে?

Ans: মূল্যবোধ হল সজ্ঞান আৰু অজ্ঞানভাৱে ব্য়ক্তিয়ে অগ্ৰাধিকাৰ দি গ্ৰহণ কৰা আচৰণ বা গুণ- যিবিলাক সামাজিক স্বীকৃতি পাই সমাজৰদ্বাৰাই নিয়ন্ত্ৰিত হয়।

 

২১। মূল্যবোধৰ প্ৰকাৰবোৰ উল্লেখ কৰা।

Ans: সাধাৰণ ভাৱে মূল্যবোধৰ প্ৰকাৰবোৰ তলত উল্লেখ কৰা হল-

i) সামাজিক মূল্য়বোধ

ii) নৈতিক মূল্য়বোধ

iii) সৌন্দৰ্য্য়বোধক মূল্য়বোধ

iv) অৰ্থনৈতিক মূল্য়বোধ

v) স্বাস্থ্য় আৰু দৈহিক মূল্য়বোধ

vi) বৌদ্ধিক মূল্যবোধ

vii) ধৰ্মীয় মূল্যবোধ

 

২২। মূল্যবোধ শিক্ষা কিয় প্রয়োজনীয়?

Ans: অতীতৰ সভ্যতা-সংস্কৃতিখিনিক ধৰি বাখিবৰ বাবে সমাজত মূল্যবোধ শিক্ষাৰ প্রয়োজনীয়তা আৰু গুৰুত্ব বহু পৰিমাণে আছে।

মূল্যবোধ শিক্ষাৰ প্রয়োজনীয়তা আৰু গুৰুত্ব সম্বন্ধে তলত আলোচনা কৰা হ'ল-

i) ব্যক্তিত্বৰ বিকাশ সাধন [Development of Personality]: সাধাৰণভাবে মানৱ জীৱনৰ পুৰুষার্থ আৰু বিশেষকৈ ব্যক্তিত্ব বিকাশৰ বাবে মূল্যবোধ শিক্ষা অতি প্রয়োজনীয়। মূল্যবোধ শিক্ষাৰ উদ্দেশ্য হৈছে ছাত্র-ছাত্রীসকলক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী কৰি গঢ়ি তোলা। গতিকে সমাজৰ সুস্থ পৰিচালনা আৰু ছাত্র-ছাত্রীৰ ব্যক্তিত্বৰ বিকাশৰ বাবে মূল্যবোধ শিক্ষা প্রয়োজনীয়। এই শিক্ষাৰ যোগেদি ছাত্র-ছাত্রীৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক আদি দিশৰ বিকাশ সম্ভব হৈ উঠে।

 

ii) নৈতিক গুণৰ বিকাশ [Development of Moral Qualities]: বর্তমান সমাজ ব্যৱস্থালৈ

লক্ষ্য কৰিলে দেখা যায় যে বর্তমান সমাজত বহু পৰিমাণে নৈতিকতাৰ স্খলন ঘটিছে। গতিকে সমাজৰ এনে নৈতিকতাৰ স্খলন নোহোৱা কৰি ছাত্র-ছাত্রীৰ মনত নৈতিকতাৰ গুণসমূহ বিকাশৰ বাবে মূল্যবোধ শিক্ষা প্রয়োজনীয়। মূল্যবোধ শিক্ষাৰ যোগে ছাত্র-ছাত্রীয়ে সততা, সাধুতা, আত্ম নিয়ন্ত্রণ, দায়িত্বশীল, আয় নির্ভৰশীল, অনুশাসন আদি নৈতিক গুণসমূহ বিকশাই তুলিব পাৰে।

 

iii) ছাত্রক ভৱিষ্যতৰ বাবে প্রস্তুত কৰা [Preparing Students for Future]: কেবল জ্ঞান আহৰণ কৰাটোৱে শিক্ষাৰ একমাত্র লক্ষ্য হ'ব নোৱাৰে। শিক্ষাৰ মূল লক্ষ্য হ'ব লাগে জ্ঞান আহৰণ কৰাৰ লগতে নৈতিক মূল্যবোধৰ বিকাশ সাধন কৰা। সমাজৰ ভাল অভিভাৱক আক সুনাগৰিক স্বৰূপে নিজক গঢ়ি তুলিবৰ বাবে মূল্যবোধ শিক্ষাৰ প্রয়োজন।

 

iv) সমাজৰ বেয়া প্ৰভাৱ পৰিহাৰ [Counter Bad Habits in Society]: যুব প্ৰজন্মৰ এনে বহুতো আদৰ্শৰ ব্যক্তি আছে যিসকলে সমাজত বহুতো বেয়া কার্য যেনে- যৌন অপৰাধ নাৰীৰ মর্যাদা হানি, বাগিয়াল দ্রব্য সেবন আদি কৰা দেখা যায়। এইবোৰৰ প্রভাবে যুৱ সমাজকে বিপথে পৰিচালিত কৰে। এই বেয়া প্রভাব নোহোৱা কৰিবৰ বাবে মূল্যবোধ ভিত্তিক শিক্ষা প্রয়োজন অনস্বীকার্য।

 

২৩। মূল্যবোধ শিক্ষাৰ সংজ্ঞা দিয়া।

Ans: আলপোৰ্টৰ মতে,মূল্য়বোধ হল এজন মানুহে অগ্ৰাধিকাৰৰ দ্বাৰা কৰি যোৱা কৰ্মৰাজিৰ ওপৰত বিশ্বাস

 

২৪। শিক্ষানুষ্ঠানত মূল্যবোধ শিক্ষা কিদৰে প্ৰদান কৰিব পাৰি?

Ans: সভাৰ ভাষণৰ জৰিয়তে, মহান ব্যক্তিৰ জীৱনী পঢ়াই, সমাজ সেৱামূলক কামত অংশগ্ৰহণ কৰাই আৰু শিক্ষকৰ আদৰ্শ আচৰণৰ জৰিয়তে।

 

২৫। মহিলা সবলীকৰণৰ সংজ্ঞা দিয়া।

Ans: UNESCO- Gender Empowerment Index- মতে- "এজন ব্যক্তি তেতিয়া ক্ষমতাশালী হয় যেতিয়া তেওঁ সামাজিক আৰু ৰাজনৈতিকভাবে নিজৰ লগতে আনৰো সিদ্ধান্ত নিজেই ল'ব পৰাকৈ সক্ষম হয়

 

২৬। মহিলা সবলীকৰণ মানে কি?

Ans: মহিলাৰ অধিকাৰ সুনিশ্চিত কৰা আৰু সমাজত পুৰুষৰ সৈতে সমান মৰ্যাদা প্ৰদান কৰাই হ’ল মহিলা সবলীকৰণ।

 

২৭। মহিলা সবলীকৰণৰ তিনিটা উদ্দেশ্য উল্লেখ কৰা।

Ans: মহিলা সবলীকৰণৰ তিনিটা উদ্দেশ্য হল-

i) আর্থিক স্বাৱলম্বিতাৰ বিকাশ [Development of Economic self sufficiency]: নাৰী সবলীকৰণৰ এক বিশেষ দিশ হ'ল অর্থনৈতিক স্বাৱলম্বিতা। পুৰুষৰ শোষণ, পীড়ন, দমনৰ পৰা নিজকে মুক্ত কৰিবলৈ হ'লে নাৰীসকল অর্থনৈতিকভাবে স্বাবলম্বী হোৱাটো প্রয়োজন। সেইবাবে আর্থিক স্বাৱলম্বিতাৰ বিকাশকো নাৰী সৱলীকৰণৰ উদ্দেশ্য হিচাপে বিবেচনা কৰা হয়।

 

ii) ৰাজনৈতিক ক্ষমতা প্রদান [Giving Political Power]: কোনো এখন দেশৰ ৰাজনৈতিক ক্ষেত্ৰত সুস্থিৰ অৱস্থা আনিবলৈ হ'লে পুৰুষৰ সমানে নাৰীসকলকো ৰাজনৈতিক ক্ষমতা প্রদান কৰিব লাগে। নাৰীসকলক ৰাজনৈতিক ক্ষমতা প্রদানৰ যোগেদি নাৰীসকলৰ মন আৰু আচৰণ সবল তথা শক্তিশালী কৰিব পাৰি।

 

iii) শিক্ষাৰ সম-অধিকাৰ আৰু সুবিধা প্রদান [Giving equal right and opportunity of education]: জৱাহৰলাল নেহৰুৱে কৈছিল, "'ৰাৰ শিক্ষা কেবল এজনৰ বাবে, কিন্তু ছোৱালীৰ শিক্ষা সমগ্ৰ পৰিয়ালৰ লোকৰ বাবে"- এই বাক্যশাৰীৰ জৰিয়তে আমি শিক্ষাক্ষেত্রত নাৰীক সমান অধিকাৰ আৰু সুবিধা প্রদানৰ গুৰুত্ব উপলব্ধি কৰিব পাৰোঁ। শিক্ষাৰদ্বাৰা নাৰীসকলৰ মনত আত্মবিশ্বাসৰ ভাব আৰু আচৰণ গঢ়ি তুলিব পাৰি।

 

২৮। 'নাৰী সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি' কোন চনত গ্রহণ কৰা হয়?

Ans: 'নাৰী সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি' ২০০১ চনত গ্রহণ কৰা হয়

 

২৯। 'আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস' কোন তাৰিখে পালন কৰা হয়?

Ans: 'আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস' March তাৰিখে পালন কৰা হয়

 

৩০। মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা বর্ণনা কৰা।

Ans: শিক্ষা হৈছে সমাজ পৰিবর্তনৰ এক শক্তিশালী আহিলা। সমাজ পৰিবৰ্তনৰ আহিলাস্বৰূপে শিক্ষাই দুটা কাম কৰে। ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবে চেষ্টা কৰে আৰু তেওঁক সমাজৰ যোগ্য ব্যক্তি হিচাপে প্রস্তুত কৰি তোলে। মহিলাসকলক সবল কৰি তোলাৰ ক্ষেত্ৰতো শিক্ষাৰ ভূমিকা অপৰিসীম। নাৰীসকলক সর্বতোপ্ৰকাৰে সবলীকৰণ কৰাত শিক্ষাৰ প্রভাৱ অনস্বীকার্য। সেয়েহে এসময়ৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে কৈছিল যে "এজন পুৰুষক শিক্ষা দিয়া আৰু এগৰাকী নাৰীক শিক্ষা দিয়া মানে গোটেই পৰিয়ালটোকে শিক্ষা দিয়া। নাৰী সবলীকৰণ মানে ভাৰত মাতৃৰ সবলীকৰণ" (If you educate a man you educate an individual, however. If you educate a woman you educate a whole family. Women empowerment means mother India empowered)

শিক্ষাৰ সহায়ত নাৰীসকলে নিজৰ জীৱন বিকশাই তোলাৰ সঠিক গতিপথৰ সন্ধান পায়। শিক্ষাই তেওঁলোকক স্বাধীন জীৱনৰ মূল্য উপলব্ধিত সহায় কৰে। এখন গণতান্ত্রিক সমাজত থকা সকলোধৰণৰ সা-সুবিধা লাভৰ ক্ষেত্ৰতো নাৰীসকলক শিক্ষাই সহায় কৰে। শিক্ষাৰদ্বাৰা নাৰীসকলৰ সুপ্ত সম্ভাৱনীয়তা বিকাশ কৰিব পাৰে, ব্যক্তিসত্ত্বাৰ বিকাশ কৰিব পাৰি আৰু আত্ম স্বীকৃতিৰে নাৰীসকলক উন্নতিব শিখৰলৈ আগুৱাই নিব পাৰি। নাৰীৰ সামাজিক-সাংস্কৃতিক মর্যাদা বৃদ্ধিতো শিক্ষাই ভূমিকা গ্রহণ কৰে। মানৱ সমাজত সভ্যভাবে জীয়াই থাকিবৰ বাবে বিভিন্ন আইনী ব্যৱস্থাৰ প্রয়োজন। নাৰীসকলক এই বিষয়েও জ্ঞান প্রদান কৰিব পাৰি কেৱল শিক্ষা ব্যৱস্থাৰদ্বাৰাহে। অর্থাৎ নাৰীৰ সবলীকৰণত শিক্ষা হ'ল এক আৱশ্যকীয় আহিলা।




 
 মূল সাৰাংশ (Chapter Summary) Click to See...

এই পাঠতিত (Class 12 Education Book) শিক্ষা পাঠ্যপুথিৰ অধ্য়ায় ৩ ৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ সমূহৰ কৰা হৈছে। এই সমূহ প্ৰশ্ন উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰিব পাৰিব ।

সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...

প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম। 

প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।

সামৰণি (Conclusion) Click to See...

আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!




Written By Bhaskar Jyoti Nath




Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey. Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষা গাইড উপলব্ধ। আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰে।)

Post a Comment

और नया पुराने