Introduction- (2026) Class 12 Anthropology Book Chapter 2 Solutions Available| Anthropology Book Class 12 Chapter 2 Solutions Assamese Medium| আনুবংশিক বিজ্ঞান|
Chapter- 2 Textual Question Answers
আনুবংশিক বিজ্ঞান
অনুশীলনী
১। আনুবংশিক বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়?
Ans: আনুবংশিক বিজ্ঞানৰ পিতৃ বুলি গ্ৰেগৰ জোহান মেণ্ডেলক জনা
যায়।
২। বংশগতি কি?
Ans: যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ
বংশানুক্ৰমে পিতৃ-মাতৃৰ পৰা সন্তান-সন্ততিলৈ সঞ্চালিত হয়, তাকে
বংশগতি (Heredity) বোলে।
৩। মেণ্ডেলে তেওঁৰ বংশগতিৰ গৱেষণা কেতিয়াৰ পৰা কেতিয়ালৈ
চলাইছিল?
Ans: মেণ্ডেলে তেওঁৰ বংশগতিৰ গৱেষণা ১৮৫৭ পৰা ১৮৬৫ চলাইছিল।
৪। মেণ্ডেলে তেওঁৰ গৱেষণাৰ জ্ঞান ক'ত প্রকাশ
কৰিছিল?
Ans: মেণ্ডেলে তেওঁৰ গৱেষণাৰ জ্ঞান ‘বনে’ৰ নেচাৰেল হিষ্ট’ৰী ছোচাইটি’ৰ (Natural
History Society of Brunn) আলোচনীত প্রকাশ কৰিছিল।
৫। মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ পুনৰ কোনে কোনে আৱিষ্কাৰ
কৰিছিল?
Ans: হলেণ্ডৰ হিউগো ডা ভাইজ (Hugo De Vries), অষ্ট্ৰিয়াৰ ভ'ন চেৰমাক (Von Tschermak) আৰু জার্মানিৰ কার্ল ক'ৰেনছে (Karl Correns)- মেণ্ডেলৰ বংশগতিৰ সূত্ৰবোৰ পুনৰ আবিষ্কাৰ কৰিছিল।
৬। মেণ্ডেলৰ একসংকৰ অনুপাতটো কি?
Ans: মেণ্ডেলৰ একসংকৰ অনুপাতটো হল- ১:২:১ বা ৩:১ ।
৭। জিন কি?
Ans: ক্র'ম'জমত থকা
বংশগতি নিয়ন্ত্ৰণ কৰা ক্ষুদ্র পদার্থক জিন বোলে। ইয়েই হ'ল
বংশগতিৰ বাহক।
৮। মেণ্ডেলৰ দ্বিসংকৰ অনুপাতটো কি?
Ans: মেণ্ডেলৰ দ্বিসংকৰ অনুপাতটো হ’ল- 9:3:3:1 |
৯। সু-প্রজনন
বিজ্ঞান কাক বোলে?
Ans: সু-প্ৰজনন বিজ্ঞান হল বিজ্ঞানৰ এনে এটা শাখা যত আনুবংশিক
সিদ্ধান্তৰ সহায়েৰে মানুহৰ ভৱিষ্য়ত বংশধৰসকলৰ বংশগতিৰ লক্ষণসমূহ নিয়ন্ত্ৰিত কৰি
আৰু শুধৰণি কৰি মানৱ জাতিৰ কল্য়াণ সাধন কৰিব পাৰি।
১০। সু-প্রজনন বিজ্ঞান কোনে আৰম্ভ কৰিছিল?
Ans: সু-প্রজনন বিজ্ঞান চাৰ ফ্ৰান্সিচ গেল্টনে আৰম্ভ কৰিছিল।
১১। সু-প্রজনন বিজ্ঞান কেইপ্ৰকাৰৰ আৰু কি কি?
Ans: সু-প্ৰজনন বিজ্ঞান দুই প্ৰকাৰৰ হল-
i) ঋনাত্মক সু-প্ৰজনন বিজ্ঞান।
ii) ধনাত্মক সু-প্ৰজনন বিজ্ঞান।
১২। ডাউনছ চিন্ড্ৰমৰ আন এটা নাম কি?
Ans: ডাউনছ চিন্ড্ৰমৰ আন এটা নাম হ’ল ২১ নং ক্ৰ’ম’জ’মৰ
ট্ৰাইছ’মী (Trisomy 21) বা মঙ্গোলিজম।
১৩। টার্নাৰছ চিন্ড্ৰম মহিলাৰ শৰীৰত থকা ক্ৰ'মজ'মৰ সংখ্যা কিমান?
Ans: টাৰ্নাৰছ চিন্ড্ৰম থকা মহিলাৰ শৰীৰত ক্ৰ'মজ'মৰ সংখ্যা ৪৫ টা (44+XO)।
১৪। ক্লাইনফেল্টাৰ চিন্ড্রম কিহৰ বাবে হয়?
Ans: ক্লাইনফেল্টাৰ চিন্ড্রম মানুহৰ লিংগ ক্ৰ’ম’জমৰ অবিসন্ধিৰ ফলত হয়।
১৫। ক্লাইনফেল্টাৰ চিন্ড্রম প্রথমে কোনে উদ্ভাৱন কৰিছিল?
Ans: ক্লাইনফেল্টাৰ চিন্ড্রম প্রথমে হেৰি ফিটছ ক্লাইনিফেল্টাৰে
উদ্ভাৱন কৰিছিল
১৬। ডাউনছ চিন্ড্রমৰ বিষয়ে এটি টোকা লিখা?
Ans: ডাউনছ চিন্ড্রমৰ ভয়ানক ৰোগ হয় 21 নং ক্ৰ'ম'জমৰ ত্ৰিসমসূত্ৰতাৰ বাবে। এই ৰোগ মহিলা বা পুৰুষ
সকলোৰে হ'ব পাৰে। এই ৰোগত আক্রান্ত ৰোগীসকলৰ প্ৰজনন ক্ষমতা
নাথাকে আৰু শৰীৰৰ বৃদ্ধি বা বিকাশ সকলোতে বাধাগ্রস্ত হয়। হাতৰ তলুৱাৰ আৰু
আঙুলিমূৰৰ ৰেখাসমূহ স্বাভাবিক নহয়। চকুৰ আকাৰো বেলেগ হ'ব
পাৰে অৰ্থাৎ চকুৰওপৰৰ পল্লৱ ওলমি থকা হয়। মানসিক বাধাগ্রস্ততা থকা দেখা যায়।
এইসমূহ ব্যক্তিৰ লিউকেমিয়া ৰোগৰ প্রবণতা অধিক। এই ব্যক্তি সকলৰ উচ্চতাও কম হোৱা
দেখা যায়। এনে ব্যক্তিৰ মুখৰ অৱয়ব একে হ'ব পাৰে। ১৮৬৬ চনত
বৃটিছ চিকিৎসকে প্রথমতে এই ৰোগ উদ্ভাৱন কৰিছিল আৰু তেওঁৰ নাম আছিল জন লনডম ডাউন (John
Longdom Down)। তেওঁৰ নাম অনুসৰিয়েই ইয়াক ইংৰাজীত ডাউনৰ ৰোগ বোলা হৈছিল। এই
ত্ৰিসমসূত্রতা সাধাৰণতে কোষ বিভাজনৰ সময়ত অবিসন্ধি বা Non
disjunction পৰিঘটনাৰ ফলত সৃষ্টি হয়।
১৭। চমুটোকা লিখা
ক। টানাৰছ চিন্ড্রম
Ans: টানাৰছ চিন্ড্রম মহিলাসকলৰ হোৱা দেখা যায়। ইয়াত ক্র'ম'জমত
এডাল X ক্র'ম'জম কম হোৱা দেখা যায়। ই XO ধৰণৰ হয়। এই
ৰোগত আক্ৰান্ত মহিলাসকল দেখাত চাপৰ হয়। সাধাৰণতে বন্ধ্যা হয়। ই এক প্ৰকাৰৰ চেক্স
ক্ৰ'ম'জমৰ অবিসন্ধিৰ ফলত সৃষ্টি হোৱা ব্যাধি। এনে স্ত্রী দেখিবলৈ
পুৰুষৰ দৰে হয়। এনে মহিলাৰ স্তন গঠন নহয়। কান্ধবোৰ পুৰুষৰ দৰে বহল আৰু নিতম্ব ঠেক
হয়। গাত বহুত নোম থাকে।
খ। ক্লাইনফেল্টাৰ চিন্ড্রম
Ans: এইবিধ ব্যাধি মানুহৰ লিংগ ক্ৰ'ম'জমৰ অবিসন্ধিৰ (Nondisjunction) ৰ ফলত হয়। ই পুৰুষৰ ক্ষেত্ৰত দেখা যায়। এই ব্যাধি হোৱা পুৰুষ কিছু মহিলা
লক্ষণৰ অধিকাৰী হয় আৰু এই ব্যাধি আক্রান্ত পুৰুষসমূহ বন্ধ্যা হয়। ক্ৰ'ম'জমৰ সংখ্যা এনে ক্ষেত্রত XXY বা XXXY হয়। এনে ব্যক্তিৰ শুক্রকীট নাথাকে। হাড়বোৰ
থুনুকা হয়। মুখমণ্ডল আৰু শৰীৰৰ চুলি কম হয়। প্রথমতে ১৯৪২ চনত হেৰি ফিটছ
ক্লাইনিফেল্টাৰে (Harry Fitch Klinefelter) এই ৰোগ উদ্ভাৱন
কৰিছিল।
গ। সু-প্রজনন বিজ্ঞান
Ans: সুপ্রজনন বিজ্ঞান আনুবংশিক ব্যৱহাৰিক বিজ্ঞানৰ এটা শাখা
যাৰ অন্তৰ্গত আনুবংশিক সিদ্ধান্তৰ সহায়েৰে মানুহৰ ভৱিষ্যৎ বংশধৰসকলৰ বংশগতিৰ
লক্ষণসমূহ নিয়ন্ত্রিত কৰি আৰু শুধৰণি কৰি মানৱ জাতিৰ কল্যাণ সাধন কৰিব পাৰি।
সুপ্রজনন বিজ্ঞান ১৮৮৩ চনত চাৰ ফ্রান্সিচ গেল্টন (Sir Francis
Galton) এ আৰম্ভ কৰিছিল। কুৰি শতিকাৰ ১৯৩০ আৰু ১৯৪০ দশকত ই এক
বিজ্ঞানৰ ৰূপত বিফল হৈছিল যেতিয়া জার্মানীত 'সামাজিক ৰূপত
হীন' বুলি গণ্য কৰি 'নাজি' সকলক মাৰি পেলোৱা হৈছিল আৰু ইউজেনিকচৰ ভুল প্রয়োগ হৈছিল। প্রথম
বিশ্বযুদ্ধৰ সময়ত বহুতো বৈজ্ঞানিক আৰু ৰাজনীতিকে এই সুপ্রজনন বিজ্ঞানৰ সমর্থন
কৰিছিল।
সুপ্রজনন বিজ্ঞানৰ অৱধাৰণা দুই প্ৰকাৰৰ হ'ব পাৰে- ঋণাত্মক আৰু ধনাত্মক। ধনাত্মক সুপ্রজনন বিজ্ঞানৰ মুখ্য উদ্দেশ্য
ভাল ভাল গুণসমূহৰে বংশগতি আগবঢ়াই নিয়া আৰু ঋণাত্মক সুপ্রজনন বিজ্ঞানৰ মুখ্য
উদ্দেশ্য হ'ল শাৰীৰিক, মানসিক
বিকাৰগ্ৰস্ততা লক্ষণ সমূহ নাইকিয়া কৰি সুপ্ৰজনন কৰা। তাৰ বাবে বন্ধ্যাকৰণ আৰু
পৃথকিকৰণ ব্যৱস্থাৰো প্ৰয়োগ কৰা হয়।
১৮ মেণ্ডেলৰ একসংকৰ অনুপাতটো চিত্ৰৰ সহায়ত বর্ণনা কৰা।
Ans:
১৯। মেণ্ডেলৰ দ্বি-সংকৰ অনুপাতটো বৰ্ণনা কৰা।
Ans: একসংকৰ পৰীক্ষাত মেণ্ডেলে মাত্ৰ এটা লক্ষণৰ ওপৰত ভিত্তি কৰিছিল। পিছত তেওঁ দুই বা ততোধিক প্ৰকাৰৰ লক্ষণ একেলগে লৈ পৰীক্ষা কৰি দেখিলে যে বেলেগ বেলেগ লক্ষণৰ বাবে বেলেগ বেলেগ গোট আছে। প্রতিটো গোটেই স্বতন্ত্ৰভাৱে এটা পুৰুষৰ পৰা আনটো পুৰুষলৈ গতি কৰে। তাৰদ্বাৰা তেওঁ আন এটা সিদ্ধান্তত উপনীত হয় যাক স্বতন্ত্র বিবিধকৰণ সূত্র বোলে। এই সূত্র দ্বি-সংকৰ অনুপাত নামেৰেও জনা যায়।
মেণ্ডেলে পৰীক্ষাৰ বাবে বিশুদ্ধ ঘূৰণীয়া গুটিৰ বিশুদ্ধ ওখ গছ আৰু বিশুদ্ধ শোটোৰা গুটিৰ বিশুদ্ধ চাপৰ গছ বাছি লৈছিল। দুই প্ৰকাৰ চৰিত্ৰৰ চাৰিটা লক্ষণ পোৱা গ'ল। ইয়াৰ পৰা দ্বি-সংকৰ অনুপাত পোৱা গ'ল। দুজোপা গছৰ মাজত নিষেচন হ'বলৈ দিয়াত প্রথম পিৰিৰ গছবোৰ ৯:৩:৩: ১ অনুপাতত পোৱা গ'ল অর্থাৎ ৯ ঘূৰণীয়া ওখ: ৩ শোটোৰা ওখঃ ৩ ঘূৰণীয়া চাপৰঃ ১ শোটোৰা চাপৰ। মেণ্ডেলৰ দ্বি-সংকৰ অনুপাতৰ পৰীক্ষা এনে ধৰণে ব্যাখ্যা কৰিব পাৰি। প্ৰভাৱী ঘূৰণীয়াক R আৰু অপ্ৰভাৱী শোটোৰাক 1, প্রভাৱী ওখক T আৰু তাৰ বিপৰীতে অপ্ৰভাৱী চাপৰক। আখৰেৰে নামকৰণ কৰিলে। বিশুদ্ধ ঘূৰণীয়া গুটিৰ গছ হ'ল RRTT আৰু বিশুদ্ধ শোটোৰা গুটিৰ চাপৰ গছ হ'ব ritt। প্রথমবিধ RT আৰু দ্বিতীয় বিধ rt জননকোষৰ সৃষ্টি কৰিব। গতিকে প্রথম পিৰিৰ গছবোৰ হ'ব Rt Tr। এই সংকৰ গছৰ পৰা চাৰি প্ৰকাৰৰ জনন কোষ পোৱা যায়। এই চাৰি প্ৰকাৰৰ জননকোষ হৈছে- RT, Rt, rT, rt.
1, 2, 3, 4, 5, 7, 9, 10, 13 নম্বৰৰ গছবোৰ
ঘূৰণীয়া ওখ=9 11, 12, 15 নম্বৰৰ গছবোৰ
শোটোৰা ওখ= 3 6, 8, 14 নম্বৰৰ গছবোৰ
ঘূৰণীয়া চাপৰ=3 16 নম্বৰৰ গছজোপা শোটোৰা চাপৰ=1 অর্থাৎ মেণ্ডেলৰ দ্বি-সংকৰ অনুপাত
হ'ব= 9:3:3:1
২০। চমুটোকা লিখা।
ক। জিন আৰু এলিলি
Ans: ক্রম'জমত থকা বংশগতি নিয়ন্ত্ৰণ কৰা ক্ষুদ্র
পদাৰ্থক জিন বোলে। ইয়েই হ'ল বংশগতিৰ বাইক। জীৱদেহৰ জিনবোৰ
যোৰা পাতি থাকে। একেস্থানত থকা জিনক এলিলি বা এলিঅ'মর্ফ (Alleomorhp)
বোলে। মেণ্ডেলৰ পৰীক্ষাত পোৱা বিশুদ্ধ ওখ গছৰ কাৰণে TT দুটা জিন থাকে। এই TT জিনৰ এটাক আনটোৰ এলিলি বোলে।
সেইদৰে tt জিনৰ এটা আনটোৰ এলিলি। মানৱদেহৰ ক্ৰ'ম'জমৰ সংখ্যা ৪৬ ডাল।
খ। জিনটাইপ আৰু ফিনটাইপ
Ans: কোনো জীৱৰ জিনৰ সমষ্টিয়েই হৈছে জিন 'টাইপ। গছৰ ওপৰত কৰা মেণ্ডেলৰ একসংকৰ পৰীক্ষাৰ ফলস্বৰূপে পোৱা ১:২: ১ অনুপাতটো জিন 'টাইপৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TT, Tt, tt এইকেইটা হ'ল জিন'টাইপ। অর্থাৎ জিনৰ উপস্থিতি অনুসৰি যি প্ৰকাৰ বিভাগ কৰা হয় তাক জিন'টাইপ বোলে।
জিন'টাইপ আৰু পৰিবেশৰ প্ৰভাৱত সংঘটিত জীৱৰ
বহিঃআকৃতি হ'ল ফিন'টাইপ। ৩: ১ অনুপাতটো
ফিন টাইপ অনুসৰি কৰা হৈছে। TT আৰু Tt জিন
টাইপ বেলেগ, কিন্তু ফিন 'টাইপ একে।
কাৰণ দুয়োবিধ গছেই ওখ বাহ্যিকরূপ বা লক্ষণ বা উচ্চতা চাই দুয়োটাৰে পার্থক্য বিচাৰি
উলিওৱা টান। গতিকে জিন'টাইপ আৰু বাহ্যিক প্রতিক্ৰিয়াৰ ফলত যি
বাহ্যিক রূপ দেখা যায় সেয়ে ফিন টাইপ।
গ। সমযুগ্মনজী আৰু বিষমযুগ্মজনী
Ans: এযোৰ এলিলিৰ দুয়োটা জিন যদি একে হয় তেতিয়া সমযুগ্ননজী বা (Homozygous) বোলা হয়। আৰু যদি দুয়োটা জিন বেলেগ হয় তাক বিষমযুগ্মনজী (Heterozygous)
বোলা হয়। উদাহৰণস্বৰূপে TT আৰু tt দুয়ো প্ৰকাৰেই সমযুগ্মনজী বা হ'মযাইগাছ। TT দুয়োটা জিন ওখ আৰু tt দুয়োটা জিন চাপৰ লক্ষণৰ বাবে T:
এই দুয়োটা জিন বিষমযুগ্মনজী বা হেটাৰ'যাইগাছ।
কাৰণ ইয়াৰ এটা জিন T ওখ লক্ষণৰ বাবে আৰু। জিনটো চাপৰ লক্ষণৰ
বাবে। গতিকে ই হেটাৰ'যাইগছ।
মূল সাৰাংশ (Chapter Summary) Click to See...
ইয়াত দ্বাদশ শ্ৰেণীৰ (Class 12 Anthropology Book) শিক্ষা পাঠ্যপুথিৰ আনুবংশিক বিজ্ঞান দ্বিতীয় অধ্যায়ৰ (Chapter 2) অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।
সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...
প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।
প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম।
প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।
সামৰণি (Conclusion) Click to See...
আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!
মূল সাৰাংশ (Chapter Summary) Click to See...
ইয়াত দ্বাদশ শ্ৰেণীৰ (Class 12 Anthropology Book) শিক্ষা পাঠ্যপুথিৰ আনুবংশিক বিজ্ঞান দ্বিতীয় অধ্যায়ৰ (Chapter 2) অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এই প্ৰশ্ন সমূহৰ উত্তৰ পাঠ্য়পুথি আধাৰত কৰা হৈছে। ইয়াৰ পৰা পৰীক্ষাৰ বাবে অধ্য়য়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব বুলিব আশাবাদী।
সঘনাই সোধা প্ৰশ্ন (FAQ) Click to See...
প্ৰশ্ন ১: এই নোটবোৰ ২০২৭ বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে উপযুক্ত নে?
উত্তৰ: হয়, এই সকলোবোৰ উত্তৰ শেহতীয়া AHSEC দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম অনুযায়ী প্ৰস্তুত কৰা হৈছে।
প্ৰশ্ন ২: মই এই পাঠটোৰ PDF ডাউনলোড কৰিব পাৰিমনে?
উত্তৰ: আমি অতি সোনকালে আমাৰ ৱেবছাইটত PDF ডাউনলোডৰ সুবিধা উপলব্ধ কৰাম।
প্ৰশ্ন ৩: আন বিষয়ৰ নোটবোৰ ক'ত পাম?
উত্তৰ: আপুনি আমাৰ ৱেবছাইট EduAxom.com-ৰ 'Class 12' বা 'Class 10' মেনুত গৈ সকলো বিষয়ৰ নোট পাব পাৰে।
সামৰণি (Conclusion) Click to See...
আশা কৰোঁ এই নোটখিনিয়ে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কিবা সুধিবলগীয়া থাকে, তেন্তে কমেণ্ট বক্সত জনাব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ সৈতেও এই পোষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ!
Written By Bhaskar Jyoti Nath
Welcome to EduAxom, a learning website for Class I–XII Assamese medium students. We provide simple, clear, and helpful study materials like notes, important questions, and exam guides to support your academic journey.
Thank you for being a part of our learning community. If you find any mistakes, please let us know through comments or contact us—your feedback helps us improve.(EduAxom হৈছে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক শিক্ষামূলক ৱেবছাইট। ইয়াত সহজ আৰু স্পষ্ট অধ্যয়ন সামগ্ৰী যেনে টোকা, গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষা গাইড উপলব্ধ।
আমাৰ ৱেবছাইটটো চোৱাৰ বাবে ধন্যবাদ। কিবা ভুল দেখা পালে মন্তব্য বা যোগাযোগৰ জৰিয়তে আমাক জনাব—আপোনাৰ মতামতে আমাক উন্নতি কৰাত সহায় কৰে।)

एक टिप्पणी भेजें